অলিম্যান ঋষিৰ বংশধৰক অলিম্যান গোত্ৰ বুলি কোৱা হয়। অলিম্যান গোত্ৰক বহুতে আলম্যান গোত্ৰ, আলিম্মান গোত্ৰ, আলম্বায়ন গোত্ৰ বুলিও কোৱা পৰিলক্ষিত হয়। এই গোত্ৰ অনুসৰণ কৰা সকলক কায়স্থ বোলা হয়।[1]

বুৎপত্তি

সম্পাদনা কৰক

আলম্বায়ন শব্দৰ অন্যতম প্ৰাচীন উল্লেখ বৃহদাৰণ্যক উপনিষদত পোৱা যায়। বৃহদাৰণ্যকোপনিষদ (৬/৫/১-৪)ত যজুৰ্বেদৰ দুটা শিষ্য পৰম্পৰাৰ বৰ্ণনা কৰা হৈছে। আদিত্য (শুকল যজুৰ্বেদ) পৰম্পৰাত ৫২জন ঋষিৰ নাম আৰু ব্ৰহ্ম পৰম্পৰাত ৪৭জন ঋষিৰ নাম উল্লেখ আছে। ইয়াৰ ভিতৰত ২য় শ্ৰুতি বাক্যত অলম্বীপুত্ৰ, আলম্বায়নীপুত্ৰ আদি শব্দ পোৱা যায়।[2]

বায়ু পুৰাণৰ ৮-১০ পদৰ ৬১ নং অধ্যায় অনুসৰি,

বৈশম্পায়নেৰ শিষ্যপৰম্পৰায় কৃষ্ণযজুৰ্বেদেৰ প্ৰাচ্যদেশীয় শাখা আলম্বি আলম্বিৰাদিঃ প্ৰাচ্যানাং॥[3]

ব্ৰহ্মাণ্ডপুৰাণৰ পূৰ্বভাগত (১.৩৩.৬) অলিম্যান (আলম্বি)ক শ্ৰুতৰ্ষি বুলি কোৱা হৈছে।

... আলম্বিঃ... তেষাং শিষ্যাঃ প্ৰশিষ্যাশ্চ ষড়শীতি শ্ৰুতৰ্ষয়ঃ[4]

আলিমান জনগোষ্ঠীয়ে নিজকে আৰ্য বুলি পৰিচয় দিছিল। এই জনগোষ্ঠীৰ উৎপত্তি বৰ্তমানৰ ইৰাণৰ আলিমান অঞ্চলৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়। গ্ৰীক পৌৰাণিক কাহিনীসমূহত এই জনগোষ্ঠীৰ বিষয়ে বিতং তথ্য পোৱা যায়। ইন্দো-ইউৰোপিয়েন মাইগ্ৰেশন গ্ৰন্থ মতে এই জনগোষ্ঠীটো প্ৰথমে যাযাবৰী জনগোষ্ঠী আছিল আৰু ইউৰোপৰ বিভিন্ন দেশত বাস কৰিছিল আৰু তেওঁলোকে ভাৰতলৈ আহি ক্ৰমান্বয়ে স্থায়ী বসতি স্থাপন কৰিছিল।[1]

আলম্বায়ন সম্ভৱতঃ কাশ্যপৰ পিছত বাঙালীসকলৰ ভিতৰত দ্বিতীয় বৃহত্তম গোত্ৰ।[2]