অসমীয়া ৱিকিউৎস
অসমীয়া ৱিকিউৎস (ইংৰাজী: Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। এই প্ৰকল্পত বৰ্তমান ১০০০ৰো অধিক লিখনি আছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎস | |
---|---|
ইউ আৰ এল | www.as.wikisource.org |
শ্লোগান | উন্মুক্ত পাঠশালা |
বাণিজ্যক | নহয় |
প্ৰকাৰ | সংকলন |
পঞ্জীয়ন | ঐচ্ছিক |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
সৃষ্টিকৰ্তা | ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত |
ইতিহাস
সম্পাদনা কৰকঅসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www
- ল'গ'
অসমীয়া ভাষাৰ ৱিকিউৎস মুকলি কৰাৰ সময়তে ইংৰাজী ৱিকিছ'ৰ্ছৰ ভিত্তিত দুটা ল'গ' প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হৈছিল। অৱশেষত ৮জন সদস্যৰ মতামতক সন্মান জনাই বৰ্তমানৰ প্ৰতীকটোকেই গৃহীত কৰা হৈছিল।
ৱিকিউৎসৰ সমল
সম্পাদনা কৰকৱিকিউৎস ৱেবছাইটত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপত প্ৰকাশ কৰা হয়। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। ভাৰতীয় কপিৰাইটৰ নীতি মতে, যিবোৰ লিখনিৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে তেওঁৰ লেখাবোৰ পাব্লিলিক ড’মেইনৰ ভিতৰত পৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও ইয়াত অসমীয়া অনুবাদ ইয়াত যোগ দিব পাৰি।
সাম্প্ৰতিক অৱস্থা
সম্পাদনা কৰকলিখন সঁজুলি অনুকলন
সম্পাদনা কৰকঅসমীয়া ৱিকিউৎসত বৰ্তমান লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইন্স্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। তদুপৰি "লোহিত অসমীয়া" ফ'ণ্ট অসমীয়া ৱিকিপিডিয়াৰ ডিফল্ট ৱেব ফ'ণ্ট হিচাপে সংযোগ কৰা হয়।