অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (ইংৰাজী: Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী।[1][2] তেওঁলোকে অসমৰ জনসংখ্যাৰ সৰ্ববৃহৎ অংশক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰবল প্ৰভাৱ পেলাইছে।[অ-প্ৰাথমিক উৎসৰ প্ৰয়োজন]

জনগোষ্ঠী সমূহৰ নাম

সম্পাদনা কৰক

মান-তিব্বতীয়

সম্পাদনা কৰক

অসমলৈ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীৰ কেইবাটাও ঢৌ আহিছিল।

প্ৰাগঐতিহাসিক

সম্পাদনা কৰক

চীনা-তিব্বতীয়সকলৰ পূৰ্বপুৰুষসকলে প্ৰায় ১০,০০০ - ৫,০০০ খ্ৰীষ্টপূৰ্বত চীনৰ হালধীয়া নদীৰ ওপৰৰ মধ্যম অৱবাহিকাত বাস কৰিছিল আৰু চীনৰ আদিম নৱপ্ৰস্তৰ যুগৰ অন্যতম সংস্কৃতি গঢ়ি তুলিছিল।[4] উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ উপত্যকালৈ সম্প্ৰসাৰণ হোৱা কছাৰী (বড়ো-কছাৰী) লোকৰ ৮৫% আৰু ৰাভা লোকৰ ৭৬.৫% উচ্চ কম্পাঙ্কত পিতৃবংশৰ ফালৰ O-M134 জিন পোৱা যায়।[5][6]

মধ্যযুগীয়

সম্পাদনা কৰক

দ্বিতীয় ঢৌ আছিল টাই-আহোম যি দাই-চীনা জনগোষ্ঠীৰ। তেওঁৰ দলটোক বৰ্তমানৰ দক্ষিণ চীনৰ পৰা পাটকাইৰ পাংছাউ পাছৰ মাজেৰে অসমলৈ নেতৃত্ব দিছিল।[7] আহোমসকলৰ পিছত বৌদ্ধ ধৰ্মাৱলম্বী আন টাই জনগোষ্ঠী: খামটি, খাময়াং, আইতন, ফাকে আৰু তুৰুং যিসকলে উজনি অসম আৰু অৰুণাচল প্ৰদেশত বসতি স্থাপন কৰিছিল।[7]

ৰাজ্য গঠন

সম্পাদনা কৰক

ম্লেছ বংশ হৈছে চীনা-তিব্বতীয় বংশ যিয়ে ৬৫৫–৯০০ চনলৈকে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিছিল।সুনীত কুমাৰ চেটাৰ্জীৰ মতে এই বৰ্মন বংশ আৰু ম্লেছ বংশ চীনা-তিব্বতীয়।[8] হিউ বি. আৰ্বানে (২০১১)ও অনুমান কৰিছে যে বৰ্মনসকল অনাৰ্য জনগোষ্ঠীৰ পৰাই আহিছে।[8] মধ্যযুগীয় যুগত অধিকাংশ ৰাজ্য এই চীনা-তিব্বতীয়সকলে নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আহোম, চুতীয়া, কছাৰী ৰাজ্য আৰু কোচ বংশ উল্লেখযোগ্য।[8]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. The second group to have come to Assam from the north-east and east are the people speaking Tibeto-Burman languages, especially eastern Himalayan, north Assam, Bodo and Naga groups of languages (Taher 1993:202-203)
  2. (Gogoi 2002:25)
  3. Benedict, Paul K. (1972), Matisoff, J. A. (ed.), Sino-Tibetan: A conspectus, Cambridge: Cambridge University Press, ISBN 978-0-521-08175-7.
  4. (Su et al. 2000:582–590)
  5. (Su et al. 2000)
  6. (BM Reddy 2007)
  7. 7.0 7.1 Terwiel, B.J. (1996). "Recreating the Past: Revivalism in Northeastern India.". Bijdragen Tot de Taal-, Land- en Volkenkunde খণ্ড 152 (2): 275–92. doi:10.1163/22134379-90003014.
  8. 8.0 8.1 8.2 Urban, Hugh B. (2011). "The Womb of Tantra: Goddesses, Tribals, and Kings in Assam". The Journal of Hindu Studies. 4 (3): 231–247. doi:10.1093/jhs/hir034

উৎস প্ৰসংগ

সম্পাদনা কৰক