অৰ্জুন ইৰিগাইচি

ভাৰতীয় দবা খেলুৱৈ

অৰ্জুন ইৰিগাইচি (ইংৰাজী: Arjun Erigaisi; জন্ম: ৩ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত খেলুৱৈ।[1] দবাৰ বিস্ময় বালক হিচাপে ১৪ বছৰ ১১ মাহ ১৩ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰৰ উপাধি লাভ কৰি গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰা তেওঁ বৰ্তমানলৈকে ৩২ নং কনিষ্ঠতম কম ব্যক্তি হিচাপে পৰিগণিত হয়। তেওঁ ভাৰতৰ ৫৪ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ। ২০২২ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ জয়লাভ কৰিছিল।[2]

অৰ্জুন ইৰিগাইচি

২০২৪ চনত অৰ্জুন ইৰিগাইচি
দেশ ভাৰত
জন্ম ০৩ ছেপ্টেম্বৰ, ২০০৩ (২১ বছৰ)
ৱাৰংগল, তেলেংগানা, ভাৰত
খিতাপ গ্ৰেণ্ড মাষ্টাৰ, ২০১৮
ফিডে ৰেটিং 2778 (ছেপ্টেম্বৰ 2024)
শীৰ্ষ ৰেটিং ২৭৯৭.২ (ছেপ্টেম্বৰ ২০২৪)
ৰেংকিং No. 4 (ছেপ্টেম্বৰ 2024)
শীৰ্ষ ৰেংকিং তৃতীয় (ছেপ্টেম্বৰ ২০২৪)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

২০০৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে তেলেংগানাৰ ৱাৰংগলৰ এক তেলুগু পৰিয়ালত অৰ্জুন ইৰিগাইচিৰ জন্ম হৈছিল।[3] তেওঁৰ পিতৃ এজন স্নায়ুশৈল চিকিৎসক আৰু মাতৃ এগৰাকী গৃহিণী।[4] তেওঁ হানামকোণ্ডাৰ বি এছ দবা একাডেমীত দবা অধ্যয়ন কৰিছিল।[4]

খেলুৱৈ জীৱন

সম্পাদনা কৰক

২০১৫ চনত অৰ্জুনে ২০১৫ চনত কোৰিয়াত অনুষ্ঠিত এছিয়ান যুৱ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল।[5] ২০২১ চনত অৰ্জুন ইৰিগাইছিয়ে চেম্পিয়নছ চেছ ট্যুৰ ২০২১ৰ গোল্ডমানি এছিয়ান ৰেপিডলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।[6] তেওঁ এই প্ৰতিযোগিতাত লেভন আৰোনিয়ানৰ হাতত টাই ব্ৰেকত পৰাস্ত হয়।[7]

২০২১ চনৰ অক্টোবৰ মাহত বুলগেৰিয়াত অনুষ্ঠিত জুনিয়ৰ ২১ বছৰ অনুৰ্ধৰ ৰাউণ্ড টেবল মুকলি দবা চেম্পিয়নশ্বিপ (ক্লাছিকেল)ত অৰ্জুনে ২য় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ আলেক্সী চাৰানাৰ সৈতে ৭/৯ স্ক'ৰ কৰে।[8]

২০২১ চনৰ নৱেম্বৰ মাহত ৰিগাত অনুষ্ঠিত লিণ্ড'ৰেছ এবে ব্লিটজ টুৰ্ণামেণ্টত অৰ্জুনে মেক্সিম ভাচিয়াৰ-লাগ্ৰেভ, লেভন এৰ'নিয়ান, ডেভিদ নাভাৰা, ডেনিল ডুব'ভ, পিটাৰ স্ভিডলাৰ আৰু বহুতো খেলুৱৈক চেৰ পেলাই ৩য়/৮২ স্থান লাভ কৰে।[9] সেই মাহৰ শেষৰ ফালে অৰ্জুনে টাটা ষ্টীল ইণ্ডিয়া চেছ টুৰ্ণামেণ্ট (ৰেপিড আৰু ব্লিটজ)ৰ ৰেপিড শাখাত জয়লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৬.৫/৯ স্ক'ৰ কৰিছিল।[10] তেওঁ লেভন এৰ'নিয়ানক পৰাজয়ৰ অৱস্থাত ড্ৰ' ৰাখি জয়লাভ কৰে।[11]

২০২২ চনৰ জানুৱাৰী মাহত অৰ্জুনে টাটা ষ্টীল চেছ ২০২২ চেলেঞ্জাৰছত জয়লাভ কৰে আৰু[12] পৰৱৰ্তী টাটা ষ্টীল দবা প্ৰতিযোগিতাত মাষ্টাৰছ শাখাত খেলিবলৈ যোগ্যতা অৰ্জন কৰে। ইয়াত তেওঁৰ চূড়ান্ত স্ক'ৰ ১০.৫/১৩ আছিল। প্ৰতিযোগিতাখনত তেওঁৰ টিপিআৰ আছিল ২৮০০+ আৰু ইয়াৰ ফলত তেওঁৰ ফিডে ৰেটিং ২৬৫৯.৫ লৈ বৃদ্ধি হয়। ইয়াৰ ফলত ক্লাছিকেল ফৰ্মেটত তেওঁ শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰিছিল।

২০২২ চনৰ ৫৮ সংখ্যক এম পি এল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৮.৫/১১ স্ক’ৰেৰে ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয়ী হয়। তদুপৰি মাৰ্চ মাহত অৰ্জুনে ১৯ সংখ্যক দিল্লী অ'পেনত গুকেশ ডি আৰু হৰ্ষ ভাৰতকোটিক টাই ব্ৰেকত আউট কৰি জয়লাভ কৰে।[13]

২০২২ চনৰ আগষ্ট মাহত অৰ্জুনে ২৮ সংখ্যক আবু ধাবি আন্তঃৰাষ্ট্ৰীয় দবা মহোৎসৱত ৭.৫/৯ স্কৰৰ সৈতে ২৮৯৩ ৰ প্ৰদৰ্শন ৰেটিং লাভ কৰে।[14] ২০২২ চনৰ ডিচেম্বৰ মাহত অৰ্জুনে ১২.৫/১৮ স্কৰৰ সৈতে টাটা ষ্টীল চেছ ইণ্ডিয়া ২০২২ ব্লিটজত জয়লাভ কৰে।[15]

২০২৪ চনৰ এপ্ৰিল মাহত অৰ্জুনে ৭.৫/৯ স্ক'ৰেৰে আন ২ জনৰ সৈতে টাই হোৱাৰ পিছত উচ্চমানৰ টাই-ব্ৰেক স্ক'ৰত মেনোৰ্কা অ'পেন এ জয় কৰে।[16]

২০২৪ চনৰ জুন মাহত অৰ্জুনে ষ্টেপান অৱজ্ঞান মেম'ৰিয়েল ২০২৪ প্ৰতিযোগিতা খনত এটা ৰাউণ্ড বাকী থকা অৱস্থাত জয়লাভ কৰে।[17]

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অৰ্জুনে ভাৰতীয় দলৰ অংশ হিচাপে বুডাপেষ্টত অনুষ্ঠিত হোৱা দবা অলিম্পিয়াডত অংশ লৈছিল। তেওঁ প্ৰথম ছয় ৰাউণ্ডত একেৰাহে জয়লাভ কৰা অ'পেন শাখাৰ একমাত্ৰ খেলুৱৈ আছিল।[18] তেওঁ ১১টা ৰাউণ্ডত ১০ পইণ্ট লাভ কৰি ইভেণ্টখন সমাপ্ত কৰে। তেওঁৰ প্ৰদৰ্শন ৰেটিং ২৯৬৮ পইণ্টৰ বাবে ব্যক্তিগতভাৱে বোৰ্ড ৩ত সোণৰ পদক লাভ কৰে আৰু ভাৰতক অলিম্পিয়াডত প্ৰথমবাৰৰ বাবে দলীয় সোণৰ পদক লাভ কৰাত সহায় কৰে।[19]

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  • স্প'ৰ্টষ্টাৰ ইমাৰ্জিং হিৰো বঁটা: ২০২৩[20]
  • বৰ্ষশ্ৰেষ্ঠ দবা খেলুৱৈ: ২০২১[21]
  1. "Erigaisi Arjun". Chess-DB.com. Archived from the original on 6 August 2016. https://web.archive.org/web/20160806102636/http://chess-db.com/public/pinfo.jsp?id=35009192। আহৰণ কৰা হৈছে: 20 October 2018. 
  2. "Arjun Erigaisi wins Indian National Championship". www.en.chessbase.com. 6 March 2022. https://en.chessbase.com/post/arjun-erigaisi-wins-indian-national-championship-2022। আহৰণ কৰা হৈছে: 29 April 2024. 
  3. "Arjun Erigaisi's fast-track to GM title". telanganatoday.com. https://telanganatoday.com/arjun-erigaisis-fast-track-gm-title। আহৰণ কৰা হৈছে: 20 October 2018. 
  4. 4.0 4.1 "Hanamkonda boy set to create ripples in chess world" (en-IN ভাষাত). The Hindu. 2016-08-01. ISSN 0971-751X. https://www.thehindu.com/news/cities/Hyderabad/Hanamkonda-boy-set-to-create-ripples-in-chess-world/article14546841.ece. 
  5. Subrahmanyam, V. V. (2 August 2016). "Hanamkonda boy set to create ripples in chess world". The Hindu. https://www.thehindu.com/news/cities/Hyderabad/Hanamkonda-boy-set-to-create-ripples-in-chess-world/article14546841.ece. "Erigaisi Arjun, a Class VIII student, qualifies for World Youth Chess championship, and the Asian championship" 
  6. "Goldmoney Asian Rapid Chess: Arjun makes history, first Indian in quarterfinals". 28 June 2021. https://sportstar.thehindu.com/chess/goldmoney-asian-rapid-chess-arjun-erigaisi-in-quarterfinals-d-gukesh-vidit-gujrathi/article35026471.ece। আহৰণ কৰা হৈছে: 27 October 2021. "Arjun Erigaisi, the lowest-rated player who now plays league topper Levon Aronian, came up with a display on the final day of the preliminaries" 
  7. Rao, Rakesh (30 June 2021). "Arjun falls to Aronian in tiebreaker". The Hindu. https://www.thehindu.com/sport/other-sports/arjun-falls-to-aronian-in-tiebreaker/article35065939.ece. "Arjun Erigiasi’s gallant show against Levon Aronian ended in the blitz tiebreaker" 
  8. "Chess-Results Server Chess-results.com - Junior U21 Round Table Open Chess Championship". chess-results.com. https://chess-results.com/tnr571844.aspx?lan=1&art=4&flag=30। আহৰণ কৰা হৈছে: 2021-11-20. 
  9. Doggers (PeterDoggers), Peter (8 November 2021). "Kirill Shevchenko Surprise Winner at Lindores Abbey Blitz" (en-US ভাষাত). Chess.com. https://www.chess.com/news/view/kirill-shevchenko-wins-lindores-abbey-blitz। আহৰণ কৰা হৈছে: 2021-11-19. 
  10. "Chess-Results Server Chess-results.com - TATA STEEL CHESS INDIA RAPID 2021". chess-results.com. https://chess-results.com/tnr591702.aspx?lan=1। আহৰণ কৰা হৈছে: 2021-11-19. 
  11. (en ভাষাত) Arjun Erigaisi on winning the Tata Steel Chess India Rapid and training with Kasimdzhanov, 19 November 2021, https://www.youtube.com/watch?v=RYDY8Caikbc, আহৰণ কৰা হৈছে: 2021-11-20 
  12. "Tata Steel Chess 2022: Indian GM Arjun Erigaisi wins Challengers event with a round to spare". www.firstpost.com. 30 January 2022. https://www.firstpost.com/sports/tata-steel-chess-2022-indian-gm-arjun-erigaisi-wins-challengers-event-with-a-round-to-spare-10332951.html। আহৰণ কৰা হৈছে: 31 January 2022. 
  13. "The Week in Chess 1430". theweekinchess.com. https://theweekinchess.com/html/twic1430.html#13। আহৰণ কৰা হৈছে: 2022-04-14. 
  14. "Chess-Results Server Chess-results.com - 28th Abu Dhabi International Chess Festival - Masters". chess-results.com. https://chess-results.com/tnr644717.aspx?lan=1&art=1&rd=9&turdet=YES&flag=30। আহৰণ কৰা হৈছে: 25 August 2022. 
  15. "Arjun Erigaisi wins Tata Steel Chess India 2022 Blitz with a round to spare, now World no.10 TATA STEEL CHESS INDIA, RAPID & BLITZ, 2022". tatasteelchess.in. https://tatasteelchess.in/arjun-erigaisi-wins-tata-steel-chess-india-2022-blitz-round-spare-now-world-no10। আহৰণ কৰা হৈছে: 10 December 2022. 
  16. "Arjun Erigaisi Briefly World #5 As Menorca Open Winner". www.chess.com. 8 April 2024. https://www.chess.com/news/view/arjun-erigaisi-wins-2024-menorca-open। আহৰণ কৰা হৈছে: 29 April 2024. 
  17. "Arjun Erigaisi wins Stepan Avagyan Memorial 2024 with a round to spare; Achieves 2779.9 live rating". sportstar.thehindu.com. 17 June 2024. https://sportstar.thehindu.com/chess/arjun-erigaisi-wins-stepan-avagyan-memrial-2024-chess-tournament-aremenia-result-report-fide-live-rating-list-news/article68301458.ece। আহৰণ কৰা হৈছে: 17 June 2024. 
  18. "Chess Olympiad Arjun Erigaisi scores his sixth straight win Indian women beat Armenia". The Week (Indian magazine). https://www.theweek.in/wire-updates/sports/2024/09/16/spf28-spo-chess-ld-olympiad.html। আহৰণ কৰা হৈছে: 17 September 2024. 
  19. "Chess Olympiad 2024 Round 11 Live Updates: Arjun and Gukesh win as India clinch historic Open GOLD; Divya gives India crucial lead against AZE". 2024-09-22. https://indianexpress.com/article/sports/chess/45th-fide-chess-olympiad-2024-round-11-live-updates-open-section-gukesh-praggnanandhaa-vidit-gujrathi-closing-ceremony-9578514/। আহৰণ কৰা হৈছে: 2024-09-22. 
  20. "Arjun Erigaisi wins Sportstar Emerging Hero award at Focus Telangana". Sportstar. https://sportstar.thehindu.com/sportstar-conclave/arjun-erigaisi-wins-sportstar-emerging-hero-award-focus-telangana-2023/article67254429.ece. 
  21. "TOISA 2021: Arjun Erigaisi wins Chess Player of the Year Award". The Times of India. https://timesofindia.indiatimes.com/featured/toisa-2021-arjun-erigaisi-wins-chess-player-of-the-year-award/articleshow/94838474.cms. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক