অৰৱল জিলা
অৰৱল জিলা ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।
অৰৱল জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | বিহাৰ |
সংমণ্ডল | মাগধ |
সদৰ | অৰৱল |
চৰকাৰ | |
• লোকসভা সমষ্টিসমূহ | জেহানাবাদ |
• বিধানসভা সমষ্টিসমূহ | অৰৱল আৰু কুৰথা |
কালি | |
• মুঠ |
638 km2 (246 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ |
7,00,843 |
• ঘনত্ব | 1,100/km2 (2,800/sq mi) |
• নগৰ | 51,849 |
ভূগোল
সম্পাদনা কৰকঅৰৱল জিলাৰ মাটিকালি ৬৩৮ বৰ্গ কিলোমিটাৰ (২৪৬ বৰ্গ মাইল)। ইয়াৰ ভৌগোলিক স্থানাংক হৈছে 25°14′24″N 84°40′12″E / 25.24°N 84.67°E।
জনসংখ্যা
সম্পাদনা কৰকঅৰৱল জিলাৰ জনসংখ্যা।[1]
মুঠ | গ্ৰামাঞ্চল | চহৰাঞ্চল | |
---|---|---|---|
ব্যক্তি | 700,843 | 700,843 | 0 |
পুৰুষ | 363,497 | 363,497 | 0 |
মহিলা | 337,346 | 337,346 | 0 |
ভাষা
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ 86.53% মাগধী, 8.11% হিন্দী আৰু 4.96% উৰ্দুভাষী লোক। ইয়াৰ অধিকাংশ লোকে মাগধী ভাষা কয়।[2]
অৰ্থনীতি
সম্পাদনা কৰকঅৰৱল জিলাৰ অৰ্থনীতি কৃষি-ভিত্তিক। ধান, ঘেঁহু আৰু দাইল ইয়াৰ প্ৰধান শস্য।
সংমণ্ডল আৰু মহকুমা
সম্পাদনা কৰকঅৰৱল জিলা মাগধ সংমণ্ডলৰ অন্তৰ্গত। ২০০১ চনৰ ২০ আগষ্ট মাহত এই জিলা গঠন কৰা হয় আৰু ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল।
এই জিলাখনত কেৱল এটাই মহকুমা আছে আৰু সেইটো হ'ল অৰৱল। এই মহকুমাটোক ছটা ব্লকত পুনৰ্বিভাজন কৰা হৈছে: অৰৱল, কাৰপি, কালেৰ, কুৰথা, সূৰ্যপুৰ আৰু বংশী।[3]
যাতায়ত
সম্পাদনা কৰকআটাইতকৈ নিকটৱৰ্তী বিমান বন্দৰ পাটনাত আৰু ৰে'ল ষ্টেশ্যন জেহানাবাদ (JHD) আৰু অনুগড় নাৰায়ণ ৰোড (AUBR)ত অৱস্থিত। এই জিলাখন জেহানাবাদ, পাটনা আৰু ঔৰংগাবাদৰ সৈতে পথেৰে সংযুক্ত হৈ আছে।
জনগাঁথনি
সম্পাদনা কৰক২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৱল জিলাৰ জনসংখ্যা ৭০০,৮৪৩জন।[4] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ১,০৯৯জন (২,৮৫০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯২৭ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৬৯.৫৪%।[5][6]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Archived copy". Archived from the original on 2016-11-16. https://web.archive.org/web/20161116162750/http://arwal.bih.nic.in/dpopulation.htm। আহৰণ কৰা হৈছে: 2016-10-13.
- ↑ "Archived copy". Archived from the original on 2016-03-31. https://web.archive.org/web/20160331234203/http://arwal.bih.nic.in/about_district.htm। আহৰণ কৰা হৈছে: 2016-10-13.
- ↑ "Bihar districts:Arwal". Official website of Bihar. Archived from the original on 23 September 2008. https://web.archive.org/web/20080923091541/http://gov.bih.nic.in/profile/Districts/Arwal.htm। আহৰণ কৰা হৈছে: 2008-09-12.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.