আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭[টোকা 1]) আছিল এগৰাকী ইংৰাজ বহু বিশাৰদ ( polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে। তেখেতৰ জীৱদ্দশাত তেওঁক প্ৰকৃতি দাৰ্শনিক (natural philosopher) বুলি অভিহিত কৰা হৈছিল।[8] নিউটন আছিল বৈজ্ঞানিক বিপ্লৱ (Scientific Revolution) আৰু আলোকিত যুগৰ (Age of Enlightenment) এক অন্যতম হোতা।[9] নিউটনৰদ্বাৰা ৰচিত ‘প্ৰিন্সিপিয়া’ ( Philosophiæ Naturalis Principia Mathematica (Mathematical Principles of Natural Philosophy)), ১৬৮৭ চনত প্ৰথম প্ৰকাশিত, নামৰ গ্ৰন্থখনিয়ে পদাৰ্থবিজ্ঞান প্ৰথম একীকৰণ সমাধা কৰিছিল, (মহাকৰ্ষণ আৰু জ্যোতিৰ্বিজ্ঞানৰ একীকৰণ, যাক পদাৰ্থবিজ্ঞানৰ প্ৰথম মহৎ একীকৰণ (first great unification in physics) বোলা হয়), লগতে ধ্ৰূপদী বলবিদ্যা-ৰ প্ৰতিষ্ঠা কৰিছিল।[10][11] নিউটনে আলোকবিজ্ঞান-লৈ মহত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে জাৰ্মান গণিতজ্ঞ [[গটফ্ৰিড উইলহেল্ম লেইবনিজ্| লেইবনিজ্)-ৰ সৈতে কলন গণিত-ৰ প্ৰতিষ্ঠাপনা কৰিছিল। অৱশ্যে নিউটনে কলন গণিতৰ প্ৰয়োগ লেইবনিজ্-তকৈ কেইবা বছৰৰ আগতেই কৰিছিল।[12][13] নিউটনে বৈজ্ঞানিক পদ্ধতি (scientific method)-লৈ গুৰত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে ইয়াৰ সংস্কাৰ সাধন কৰিছিল। আধুনিক বিজ্ঞানৰ অগ্ৰগতিত নিউটনৰ ভূমিকা সৰ্বোতপ্ৰভাৱী বুলি ধৰা হয়।[14][15][16][17][18]
ছাৰ আইজাক নিউটন | |
---|---|
গডফ্ৰে নেলাৰএ ১৬৮৯ চনত অঁকা আইজাক নিউটনৰ প্ৰতিকৃতি (৪৬ বছৰ বয়স) | |
জন্ম | ৪ জানুৱাৰী, ১৬৪৩ [পুৰণা পদ্ধতি: ২৫ ডিচেম্বৰ ১৬৪২][টোকা 1] লিংকনশ্বিয়াৰ (Lincolnshire), ইংলেণ্ড |
মৃত্যু | ৩১ মাৰ্চ, ১৭২৭ (৮৪ বছৰ) [পুৰণা পদ্ধতি: ১৭ মাৰ্চ ১৭২৭][টোকা 1] কেনচিংষ্টন, মিডলচেক্স, ইংলেণ্ড |
বাসস্থান | ইংলেণ্ড |
জাতীয়তা | ইংলিছ |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, গণিত, জ্যোৰ্তি বিজ্ঞান, natural philosophy, alchemy, Christian theology |
কৰ্মস্থান | কেমব্ৰিজ বিশ্ববিদ্যালয় ৰয়েল ছছায়টি ৰয়েল মিণ্ট |
শিক্ষানুষ্ঠান | ট্ৰিনিটি কলেজ, কেমব্ৰিজ |
শৈক্ষিক পৰামৰ্শদাতা | আইজাক বেৰ' (ইংৰাজী: Isaac Barrow)[3] বেঞ্জামিন পুলেইন (ইংৰাজী: Benjamin Pulleyn)[4][5] |
উল্লেখযোগ্য বিদ্যাৰ্থী | ৰ'জাৰ ক'টছ (ইংৰাজী: Roger Cotes) ৱিলিয়াম হুইষ্টন (ইংৰাজী: William Whiston) |
জনা যায় | নিউটনিয়ান মেকানিকছ (ইংৰাজী: Newtonian mechanics) মহাকৰ্ষণীয় বিশ্বজনীন (ইংৰাজী: Universal gravitation) Infinitesimal calculus Optics Binomial series Newton's method Philosophiæ Naturalis Principia Mathematica |
প্ৰভাৱ | হেনৰি ম'ৰে (ইংৰাজী: Henry More)[6] প'লিছ ব্ৰেথৰেন (ইংৰাজী: Polish Brethren)[7] |
প্ৰভাৱান্বিত কৰিছে | জন কেইল (ইংৰাজী: John Keill) নিক'লাছ ফাটিঅ' ডি ডুইলাৰ (ইংৰাজী: Nicolas Fatio de Duillier) |
স্বাক্ষৰ | |
টোকা তেওঁৰ মাতৃৰ নাম আছিল হান্নাহ অ'চকফ্ (Hannah Ayscough)। |
প্ৰিন্সিপিয়া গ্ৰন্থত নিউটনে গতি-ৰ সূত্ৰ আৰু মহাকৰ্ষণ-ৰ সূত্ৰৰ প্ৰণয়ন কৰে। আপেক্ষিকতাবাদৰ সূত্ৰ-ৰ প্ৰণয়নৰ আগলৈ প্ৰায় চাৰিটা শতিকা জুৰি নিউটনৰ গতি আৰু মহাকৰ্ষণ-ৰ সূত্ৰসমূহ আছিল আটাইতকৈ প্ৰভাৱী বৈজ্ঞানিক দৃষ্টিকোণ। নিউটনে মহাকৰ্ষণৰ গাণিতীক বিশ্লেষণৰদ্বাৰা কেপলাৰৰ গ্ৰহ-ৰ গতিৰ সূত্ৰ, জোৱাৰ-ভাটা, ধূমকেতুৰ গতিপথ, সঠিক বিষুৱ সময় (equinox) গণনা কৰি উলিওৱাৰ লগতে সৌৰজগতৰ সূৰ্য্যকেন্দ্ৰিক ধাৰণাৰ প্ৰতি থকা সন্দেহ নস্যাৎ কৰে।[19] নিউটনে ‘দুই কায়াৰ সমস্যা’ (two body problem) সমাধান কৰে, আনহাতে ‘তিনি কায়াৰ সমস্যা’ (three body problem) প্ৰৱৰ্তন কৰে। [20] নিউটনেই দেখূৱায় যে ভূ-ভাগৰ গতি আৰু গ্ৰহ-নক্ষত্ৰৰ গতি একেই সূত্ৰৰে বন্ধা। পৃথিৱীৰ গোলকৰ স্বৰূপ সুমথিৰা-ৰ দৰে (মাজখিনি ওফোন্দা, oblate spheroid) বুলি নিউটনেই প্ৰথমে ধাৰণা কৰিছিল। ম’পেৰটিয়াছ, লা কণ্ডামিন আৰু অন্যান্য্ই ভূ-গোলকৰ জোখমাখৰ জৰিয়তে নিউটনৰ পৃথিৱীৰ আকাৰ-ৰ ধাৰণাক সঁচা প্ৰমাণিত কৰে, আৰু ইয়াৰদ্বাৰাই ইউৰোপৰ বিজ্ঞানীমহলত প্ৰচলিত ধাৰণাসমূহতকৈ নিউটনৰ বলবিদ্যাৰ শ্ৰেষ্ঠতা নিশ্চিত হয়।
নিউটনেই প্ৰথম প্ৰতিফলন দূৰবীক্ষণ (Newtonian telescope) সাজি উলিয়ায়, লগতে এক পৰিশীলিত বৰ্ণ তত্ব-ৰ (Color theory) ধাৰণাৰ প্ৰৱৰ্তন কৰে। নিউটনৰ বৰ্ণ তত্বৰ ধাৰণাৰ বিকাশ হৈছিল প্ৰিজম-ৰ মাজেৰে বগা ৰং সমূহ দৃশ্যমান বৰ্ণালী-লৈ (visible spectrum) পৃথক হোৱাৰ পৰিঘটনাৰ পৰ্যবেক্ষণৰদ্বাৰা। আলোক সম্বন্ধীয় কৰ্মসমূহ নিউটনে তেখেতৰ সুদূৰ-প্ৰভাৱী অপ্টিক্চ (Opticks) শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰিছিল। এই গ্ৰন্থৰ প্ৰকাশকাল ১৭০৪ চন। নিউটনে শীতলীকৰণৰ সূত্ৰ (Newton’s law of cooling) উদ্ভাৱন কৰে। এই্ সূত্ৰ তাপ পৰিবহন-ৰ প্ৰথম সূত্ৰ, আৰু তাপ পৰিচলন-ৰ (convective heat transfer) প্ৰথম বিধিসন্মত বুনিয়াদী সূত্ৰ।[21] নিউটনেই প্ৰথমে শব্দৰ গতি-ৰ (speed of sound) তাত্বিক গণনা কৰি উলিয়ায়, আৰু নিউটনীয় তৰল (Newtonian fluid) আৰু কৃষ্ণ বস্তু-ৰ (black body) ধাৰণাৰ প্ৰণয়ন কৰে। তেখেতে বিদ্যুৎ শক্তি (electricity) সম্বন্ধীয় কিছু প্ৰাৰম্ভিক অনুসন্ধানো সম্পন্ন কৰিছিল।[22][23] বিদ্যুৎ শক্তি সম্বন্ধীয় অনুসন্ধান-ৰ বাবে নিউটনে তেখেতৰ ‘অপ্টিক্চ’ গ্ৰন্থত থকা কিছুমান ধাৰণাৰ প্ৰয়োগ কৰিছিল, যাক ধ্ৰূপদী ক্ষেত্ৰ তত্ব-ৰ প্ৰথম উল্লেখ বুলি অভিহিত কৰিব পাৰি।[24] গণিতজ্ঞ হিচাপে কলন গণিতৰ আৱিষ্কাৰৰ উপৰিও নিউটনে দ্বিপদ প্ৰমেয়-ক সমূহ বাস্তৱ সংখ্যা-লৈ সাধাৰণীকৰণ, শক্তি শ্ৰেণী-ৰ (power series) বিকাশ সাধন, ফলনৰ মূল অনুমানৰ (approximating the roots of a function) নিউটনীয় পদ্ধতি, ত্ৰিঘাতীয় বক্ৰতল-ৰ (cubic plane curve) মুঠ ৭৮-টা শ্ৰেণীৰ ভিতৰত ৭২-টাৰ আৱিষ্কাৰ কৰাৰ লগতে সাংখ্যিক অৱকলন-ৰ (numerical integration) বাবে নিউটন-কোট্ছ সূত্ৰ-ৰ (Newton-Cotes Formulas) অৱতাৰণা কৰিছিল।[25] ইয়াৰ উপৰিও নিউটনে ৰিগ্ৰেছন বিশ্লেষণ-ৰ প্ৰাৰম্ভিক পদ্ধতি কিছুমানো বিকাশ কৰিছিল। [26]
ছাৰ আইজাক নিউটন ট্ৰিনিটী কলেজ, কেমব্ৰিজ-ৰ ফেল’-শিক্ষক আছিল, আৰু ২৬ বছৰ বয়সত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ দ্বিতীয় লুকাছীয় অধ্যাপক (Lucasian Professor) নিৰ্বাচিত হৈছিল। নিউটন এগৰাকী নিষ্ঠাৱান খ্ৰীষ্ট ধৰ্মী আছিল যদিও ৰক্ষণশীল নাছিল, আৰু ব্যক্তিগতভাৱে ত্ৰি-তাত্বিক ঈশ্বৰ-ৰ (Trinity) ধাৰণাক মানি লোৱা নাছিল। সেই কালত কেমব্ৰিজ-ৰ অধ্যাপকসকলে ল’বলগীয়া ‘চাৰ্চ অফ ইংলেণ্ড’-ৰ ‘পৱিত্ৰ আদেশ’ (holy order) ল’বলৈ অস্বীকাৰ কৰিছিল। গাণিতীক বিজ্ঞান-ৰ বাহিৰেও নিউটনে ‘অপৰসায়ন’-ৰ (alchemy) গৱেষণা আৰু ‘বাইবেলৰ সময়-সূচী’ (chronology of the Bible) নিৰ্ধাৰণৰ কামত যথেষ্ট সময় খৰচ কৰিছিল। অপৰসায়ন আৰু বাইবেল-ৰ ওপৰত নিউটনৰ গৱেষণা আৰু লিখনী তেখেতৰ মৃত্যুৰ প্ৰায় তিনিশ বছৰ পাছতহে পোহৰলৈ আহে। ৰাজনৈতিকভাৱে নিউটন ব্ৰিটেইনৰ হুইগ পাৰ্টি-ৰ সৈতে জড়িত আছিল। ১৬৮৯-১৬৯০ আৰু ১৭০১-১৭০২ চনত চমুকৈ মুঠ দুটা বছৰৰ বাবে নিউটন ব্ৰিটেইন-ৰ সাংসদ আছিল। অৱশ্যে তেখেত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ সদস্য হিচাপে সাংসদ হৈছিল। ১৭০৫ চনত নিউটনক ‘ছাৰ’ উপাধি প্ৰদান কৰা হয়। জীৱনৰ শেহৰ তিনিটা দশক নিউটনে লণ্ডন-ত কটাইছিল, আৰু ব্ৰিটেইনৰ ৰাজকীয় টাঁকশাল-ৰ ‘ৱাৰ্ডেন’ (Warden) (১৬৯৬-১৬৯৯) আৰু ‘মাষ্টাৰ’ (Master) (১৬৯৯-১৭২৭) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। এই পদবীত তেখেতে ব্ৰিটিছ মুদ্ৰাৰ বিশুদ্ধতা আৰু নিৰাপত্তা উন্নত কৰিছিল।[27][28] ১৭০৩ চনৰ পৰা ১৭২৭ চনলৈ তেওঁ ‘ৰয়েল ছ’চাইটি’-ৰ সভাপতি হিচাপেও কৰ্মৰত আছিল।
আদি জীৱন
সম্পাদনা কৰকআইজাক নিউটনৰ জন্ম হৈছিল খ্ৰীষ্টমাছ-ৰ দিনটোত, ২৫ ডিচেম্বৰ ১৬৪২ (পুৰণি শৈলী অনুসৰি, নতুন শৈলী মতে ৪ জানুৱাৰী, ১৬৪৩ চন) (কেলেণ্ডাৰৰ পুৰণি আৰু নতুন শৈলীৰ বিষয়ে জানিবলৈ প্ৰথম পেৰেগ্ৰাফত থকা টোকা চাওক)। তেখেতৰ জন্ম স্থান আছিল ইংলেণ্ডৰ লিংকনছায়াৰ কাউণ্টিৰ কলষ্টাৰৱৰ্থৰ নাতিকাষৰীয়া উল্ছ্থৰ্প নামৰ সৰু এখন গাঁওৰ উল্ছ্থৰ্প ভৱনত।[29] তেখেতৰ পিতৃৰ নামো আছিল আইজাক নিউটন। আইজাক নিউটনৰ জন্মৰ তিনি মাহ আগতে তেখেতৰ পিতৃৰ মৃত্যু হৈছিল। নিউটন আছিল সময়তকৈ আগতে জন্ম হোৱা কেঁচুৱা, সেয়ে তেখেত অকণমানি আছিল, আৰু মাকে উল্লেখ কৰিছিল যে জন্মৰ সময়ত নিউটন ইমানেই অকণমানি আছিল যে এটা ২৫০ মিলি কাপত সুমুৱাই থ’ব পৰা আছিল।[30] নিউটনৰ মাকৰ নাম আছিল হান্না আইছ্কফ (Hanna Ayscough)। নিউটনৰ তিনি বছৰ বয়সত মাকে দ্বিতীয় বিবাহত বহে, আৰু গিৰিয়েক ৰেভাৰেণ্ড বাৰ্নাবেছ স্মিথ-ৰ লগত বেলেগ ঘৰত সংসাৰ আৰম্ভ কৰে। নিউটনক মাকে আইতাক মাৰ্জেৰি আইছ্কফ-ৰ (Margery Ayscough (née Blythe)) সতে ৰাখে। নিউটনে সৎ-দেউতাকক ভাল নেপাইছিল, আৰু তেখেতৰ লগত বিয়াত বহাৰ বাবে মাককো শত্ৰুৰ চকুৰে চাইছিল। এই্ কথাৰ প্ৰমাণস্বৰূপে নিউটনে তেখেতৰ লিখনীত উল্লেখ কৰি গৈছে – ১৯ বছৰ বয়সলৈকে তেখেত কৰা পাপসমূহৰ তালিকাত, মাক আৰু দেউতাকৰ লগতে তেওঁ।ওকে বাস কৰা ঘৰটোও জ্বলাই দিয়াৰ ভাবুকি দিছিল।[31] দ্বিতীয় বিবাহৰ পৰা নিউটনত মাতৃৰ তিনিটা সন্তান আছিল, মেৰী, বেঞ্জামিন আৰু হান্না।[32]
কিংছ স্কুল (The King’s School)
সম্পাদনা কৰকবাৰ বছৰৰপৰা সোতৰ বছৰলৈ নিউটনে গ্ৰেন্থাম-ৰ কিংছ স্কুল নামৰ বিদ্যালয়ত শিক্ষা গ্ৰহন কৰিছিল। ইয়াতেই নিউটনে লাটিন আৰু পুৰণি গ্ৰীক ভাষা শিকাৰ উপৰিও গণিত-ৰ বুনিয়াদী শীক্ষা ভালদৰে আয়ত্ত্ব কৰিছিল। [33] ১৬৫৯ চনৰ অক্টোবৰ মাহত মাকে নিউটনক এই বিদ্যালয়ৰপৰা উলিয়াই উল্ছ্থৰ্প গা!ৱলৈ নিয়ে। ইতিমধ্যে দ্বিতীয়বাৰ স্বামীহাৰা হৈ পৰা মাকে নিউটনক খেতিৰ কামত লগাব বিচাৰিছিল, কিন্তু নিউটনে কৃষিকৰ্মক মনে-প্ৰাণে ঘৃণা কৰিছিল।[34] কিংছ স্কুলৰ প্ৰধান শিক্ষক হৈন্ৰি ষ্টোকছে মাকৰ সৈমান কৰাই আকৌ বিদ্যালয়লৈ ওভোতাই আনে। বিদ্যালয়ৰ কিছুমান উৎপতীয়া ল’ৰাক শিক্ষা দিবলৈ নিউটনে পঢ়াত মনোযোগ দিয়ে, আৰু শীৰ্ষস্থানীয় ছাত্ৰ হিচাপে পৰিগণিত হয়।[35] নিউটনে সৌৰ-ঘড়ী আৰু বায়ুকল-ৰ (windmill) আৰ্হি সঁজাত বিশেষ ব্যুৎপত্তি দেখুৱাইছিল।[36]
কেমব্ৰিজ বিশ্ববিদ্যালয়
সম্পাদনা কৰক১৬৬১ চনৰ জুন মাহত নিউটন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজ-ত ভৰ্তি হয়। তেখেতৰ মোমায়েক ৰেভাৰেণ্ড উইলিয়াম আইছকফ আছিল কেমব্ৰিজৰ প্ৰাক্তন ছাত্ৰ, আৰু তেখেতেই নিউটনৰ বাবে উপযুক্ততাৰ প্ৰমাণ পত্ৰ লিখিছিল। কেমব্ৰিজ-ত নিউটন প্ৰথমে ‘ছাবছেইজাৰ’ ছাত্ৰ হিচাপে ভৰ্তি হৈছিল। এনে ছাত্ৰক বিশ্ববিদ্যালয়ৰপৰা খোৱা-লোৱা, ৰেহাই মাচুল আৰু অন্য ধৰণৰ সুবিধা কিছুমান দিয়া হৈছিল আৰু বিনিময়ত এনে ছাত্ৰই কিছু কাম কৰি দিব লাগিছিল। নিউটনে ‘ব্যক্তিগত পৰিচাৰক’ (valet) হিচাপে কাম কৰি দিছিল। অৱশ্যে ১৬৬৪ চনত নিউটনে এক জলপানি লাভ কৰে, আৰু ইয়াৰদ্বাৰাই আৰু চাৰিটা বছৰৰ পঢ়া শেষ কৰি ‘মাষ্টাৰ অৱ্ আৰ্টছ্’ লাভ কৰে।[37] সেইকালত কেমব্ৰিজৰ শিক্ষা ঘাইকৈ এৰিষ্টট’ল-ৰ ধাৰণাৰ আধাৰত দিয়া হৈছিল। নিউটনে সেয়া অধ্যয়ন কৰাৰ লগতে আধুনিক দাৰ্শনিক ৰেনে ডেকাৰ্ট, জ্যোতিৰ্বিজ্ঞানী গেলিলিও গেলিলেই, থমাছ ষ্ট্ৰীট-ৰ বিষয়েও অধ্যয়ন কৰিছিল। নিজৰ টোকা-বহীত সেইকালৰ ‘বলবিদ্যা দৰ্শন’-ৰ (mechanical philosophy) ওপৰত এলানি প্ৰশ্নৰ এখন তালিকা প্ৰস্তুত কৰিছিল। ১৬৬৫ চনত তেওঁ ‘দ্বিপদ প্ৰমেয়’-ৰ সাধাৰণীকৰণৰ পদ্ধতি আৱিষ্কাৰ কৰে, আৰু গণিতৰ কিছু বুনিয়াদী ধাৰণাৰো উন্মেষণ আৰম্ভ কৰে, যি পাছলৈ ‘কলন গণিত’-ৰ ৰূপ পায়। ১৬৬৫ চনত নিউটনে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে লণ্ডনৰ প্লেগ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাৱধানতাৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয় সাময়িকভাৱে বন্ধ ৰখা হয়।[38]
কেমব্ৰিজত পঢ়াকালত নিউটন লেখত ল’বলগীয়া ছাত্ৰ হিচাপে পৰিগণিত হোৱা নাছিল যদিও, সেই সময়ৰ তেখেতৰ ব্যক্তিগত অধ্যয়ন আৰু তাৰ ঠিক পাছৰ কেইটামান বছৰৰ কৰ্মৰাজীক "এজন বিজ্ঞানীৰ বাবে আটাইতকৈ ঐশ্চৰ্য্যশালী আৰু উৎপাদনশীল অভিজ্ঞতা” বুলি অভিহিত কৰা হৈছে।[39] পাছৰ দুটা বছৰতে উল্ছ্থৰ্পৰ ঘৰত নিউটনে কলন গণিত, [40] আলোকবিজ্ঞান , আৰু মহাকৰ্ষণ-ৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল।[41]
১৬৬৭ চনৰ এপ্ৰিল মাহত নিউটন কেমব্ৰিজলৈ উভতি আহে আৰু একে বছৰৰে অক্টোবৰ মাহত ট্ৰিনিটি কলেজৰ ‘ফেল’’ নিৰ্বাচিত হয়। ‘ফেল’’ (fellow) কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক উচ্চস্তৰীয় শিক্ষকৰ পদবী। [42][43] ফেল’ শিক্ষকে ‘পৱিত্ৰ আদেশ’ (holy order) মানি ল’ব লাগে, লগতে তেওঁলোকক ‘এংলিকান পুৰোহিত’ (Aglican priest) হিচাপেও দীক্ষা দিয়া হয়। যদিও সেই সময়ত ‘পুনৰোদ্ধাৰ কাল’ (Stuart restoration) চলি থকাৰ বাবে বাধ্যতামূলক কৰা হোৱা নাছিল, আৰু ‘চাৰ্চ অৱ ইংলেণ্ড’-ৰ প্ৰতি আনুগাত্য থকাৰ প্ৰতিশ্ৰুতি দিলেই যথেষ্ট বুলি ধৰা হৈছিল। নিউটনে অংগীকাৰ পত্ৰত লিখিছিল, ‘ধৰ্মতত্বক অধ্যয়ন মই এক উদ্দেশ্য হিচাপে চলাই ৰাখিম আৰু বিধিমতে ৭ বছৰৰ পাছত মই ‘পৱিত্ৰ আদেশ’ মানি ল’ম, অন্যথা মই পদত্যাগ কৰিম।’[44] এই সময়লৈ নিউটনে ধৰ্মৰ বিষয়ে কোনো গভীৰ চৰ্চা কৰা নাছিল, কাৰণ ইয়াৰ আগেয়ে দুবাৰকৈ তেওঁ ’ঊনচল্লিছ অধ্যায়’ (Thirty-nine Articles) চুক্তিপত্ৰত চহী কৰিছিল। ’ঊনচল্লিছ অধ্যায়’ চুক্তিপত্ৰ ৰচিত হৈছিল ‘চাৰ্চ অৱ ইংলেণ্ড’-ৰ ধৰ্মীয় মতবাদৰ আধাৰত। ১৬৭৫ চনৰ পাছত আৰু বিলম্বিত কৰাৰ উপায় নাছিল, আৰু তেতিয়ালৈ নিউটনৰ অগতানুগতিক দৃষ্টিভংগীয়ে ইয়াক মানি ল’বলৈও দিয়া নাছিল।[45]
নিউটনৰ বি্দ্যায়তনিক কৰ্মই সেই সময়ৰ ‘লুকাছিয়ান অধ্যাপক’ আইজাক বেৰ’-ক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। আইজাক বেৰ’-য়ে নিজৰ ধাৰ্মিক আৰু প্ৰশাসনীয় গুৰুত্ব বঢ়াবলৈও যত্নপৰ আছিল, আৰু দুই বছৰৰ পাছত বেৰ’ ট্ৰিনিটি কলেজৰ ‘মাষ্টাৰ’ (অধ্যক্ষ-ৰ সমানুপাতিক) নিৰ্বাচিত হৈছিল। স্নাতকোত্তৰ শিক্ষা সাং কৰাৰ এটা বছৰৰ পাছতে ১৬৬৯ চনত নিউটন বেৰ’-ৰ স্থানত ‘মাষ্টাৰ’ হিচাপে নিৰ্বাচিত হয়। নিউটনে যুক্তি দিছিল যে এই পদবীৰ বাবে তেখেতক ‘পৱিত্ৰ আদেশ’ গ্ৰহন কৰাৰপৰা অব্যাহতি দিব লাগে, আৰু ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে তেখেতৰ যুক্তি মানি লৈছিল। এইদৰে নিউটন আৰু ‘ৰক্ষণশীল এংলিকান’-ৰ মাজত সংঘাত এৰাই চলাটো সম্ভৱপৰ হৈছিল।[46] ‘মাষ্টাৰ’ হিচাপে নিযুক্তি লাভৰ সময়ত নিউটনৰ বয়স আছিল ২৬ বছৰ।[47]
কেমব্ৰিজৰ গণিতৰ লুকাছিয়ান অধ্যাপকে ভূগোলৰ শিক্ষাও দিব লাগিছিল।[48] ১৬৭২ আৰু ১৬৮১ চনত নিউটনে ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ (Geographia Generalis) নামক গ্ৰন্থৰ দুটা পৰিশীলিত সংস্কৰণ প্ৰকাশ কৰিছিল। ১৬৫০ চনত ভূগোল-ৰ এই পাঠ্য পুথি প্ৰথম প্ৰকাশ কৰিছিল বাৰ্নহাৰ্ডাছ ভেৰেনিয়াছ-এ (Bernhardus Varenius)।[49] এইখন গ্ৰন্থত ভেৰেনিয়াছে ভূগোলৰ ধ্ৰুপদী ধাৰণাসমূহক বৈজ্ঞানিক সূত্ৰমতে বন্ধাৰ তাত্বিক ভিত্তি গঢ়াৰ প্ৰয়াস কৰিছিল। ভেৰেনিয়াছে ভূগোলক বিজ্ঞান আৰু বিশুদ্ধ গণিতৰ সংমিশ্ৰণৰে পৃথিৱীৰ বৈশিষ্টক সাংখ্যিক আকাৰে প্ৰকাশ কৰাৰ চেষ্টা বুলি গণ্য কৰিছিল।[48][50] নিউটনে ভূগোলৰ শিক্ষা দিয়াৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও, ১৭৩৩ চনত প্ৰকাশিত ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ গ্ৰন্থৰ ইংৰাজী অনুবাদত এই কিতাপ নিউটনৰ বক্তৃতাৰ সময়ত ছাত্ৰক পঢ়িবলৈ দিয়া হৈছিল বুলি উল্লেখ আছে।[48] ‘জিঅ’গ্ৰাফিয়া জেনেৰেলিছ’ গ্ৰন্থখনি ভূগোল অধ্যয়নৰ প্ৰাচীন আৰু আধুনিক পৰম্পৰাৰ মাজৰ বিভাজন ৰেখা বুলি ধৰা হয়, আৰু নিউটনৰ সংযোজন এই বিভাজনৰ এটা বৃহৎ অংশ বুলি ভবা হৈছে।[51]
১৬৭২ চনত নিউটন ‘ফেল’ অৱ ৰয়েল ছ’চাইটি’ (Fellow of the Royal Society (FRS)) নিৰ্বাচিত হয়। ৰয়েল ছ’চাইটি (সম্পূৰ্ণ নাম: Royal Society of London for Improving Natural Knowledge) ১৬৬০ চনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছ-ৰ দ্বাৰা স্থাপিত এক সন্মানীয় বিদ্যায়তনিক সংস্থা।[52]
মধ্য জীৱন
সম্পাদনা কৰককলন গণিত
সম্পাদনা কৰককোৱা হয় যে নিউটনৰ কৰ্মৰাজীয়ে “সেই কালৰ গণিতৰ সকলো শাখাৰে নিৰ্দিষ্ট অগ্ৰগতি আনি দিছিল।” [53] গণিত বিষয়ক নিউটনৰ কৰ্মৰাজী, যাক সাধাৰণভাৱে ‘কলন গণিত’ (fluxions or calculas) বুলি জনা যায়, ১৬৬ চনৰ অক্টোবৰ মাহত প্ৰকাশিত এক লিখনীত প্ৰথমে দেখা যায়। এই লিখনী এতিয়া নিউটনৰ গণিত বিষয়ক লিখনীৰ এক অংশ হিচাপে ৰখা হৈছে।[54] তেখেতৰ আন এক গণিত বিষয়ক লেখা De analysi per aequationes numero terminorum infinitas আইজাক বেৰ’য়ে ১৬৬৯ চনৰ জুন মাহত গণিতজ্ঞ জন কলিন্সলৈ প্ৰেৰণ কৰিছিল আৰু উল্লেখ কৰিছিল এই কৰ্মৰাজী ‘এক অসাধাৰণ জিনিয়াছ আৰু এই বিষয়ত বিশেষ ব্যুৎপত্তিৰ পৰিচায়ক।’[55] পাছলৈ কলন গণিতৰ আৱিষ্কাৰৰ শ্ৰেয়-লৈ নিউটন জাৰ্মান গণিতজ্ঞ গট্ফ্ৰিড উইলহেল্ম লেইৱনিজ-ৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এতিয়া দুয়োগৰাকীয়ে স্বাধীনভাৱে কলন গণিতৰ আৱিষ্কাৰ কৰিছিল বুলি মানি লোৱা হৈছে। দুয়োগৰাকীয়ে ব্যৱহাৰ কৰা ‘গাণিতিক সংকেত’ (mathematical notation) আছিল সম্পূৰ্ণ পৃথক। অৱশ্যে এতিয়া নিশ্চিত হৈছে যে নিউটনে লেইৱনিজ-তকৈ কেই বছৰমান আগতেই কলন গণিত আৱিষ্কাৰ কৰিছিল।[56][57] লেইৱনিজ-ৰ সংকেত বেছি সুচল বুলি কোৱা হয়, আৰু ইউৰোপৰ গণিতজ্ঞসকলে এই সংকেত গ্ৰহন কৰি লৈছিল। ইংৰাজ গণিতজ্ঞসকলে ১৮২০ চনৰ পৰাহে লেইৱনিজ-ৰ সংকেত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।[58]
বিজ্ঞানৰ ইতিহাসকাৰ এ. ৰূপাৰ্ট হল-ৰ মতে কলন গণিতৰ আৱিষ্কাৰক হিচাপে লেইৱনিজে কৃতিত্ব পোৱা উচিত। কিন্তু সন্দেহাতীত ভাৱে নিউটনেই প্ৰথমে কলন গণিতৰ প্ৰয়োগ কৰিছিল। তেখেতৰ মতে, [59]
মূল সত্যতকৈ আন কথাবোৰৰ গুৰুত্ব বেছি নাই, আৰু মূল সত্যটো হ’ল নিউটনে কলন গণিত যাৱতীয় পদ্ধতিৰ প্ৰয়োগত ১৬৬৬ চনৰ শেষৰফাললৈ পাকৈত হৈ পৰিছিল, লেইৱনিজ্-তকৈ ন বছৰ আগতেই। এই সত্য এতিয়া সকলোৱে মানিও লৈছে … নিউটনে দাবী কৰিছিল যে নতুন আণুবীক্ষণিক কলন (infinitesimal calculus) লেইৱনিজ-ৰ বহু আগতেই তেখেতে প্ৰয়োগ কৰিছিল – বা কৰিবলৈ আৰম্ভ কৰিছিল – ১৬৭১ চনত প্ৰকাশিত এক লিখনীত ইয়াৰ প্ৰকাশ দেখা যায় লগতে অন্যান্য প্ৰমাণো পোৱা যায়। লেইৱনিজ আৰু তেখেতৰ কিছু সংগীয়ে এই বিষয়ত নিউটনক লঘূ কৰিবলৈ চেষ্টা কৰিলেও, যোৱা ২৫০টা বছৰে সত্য লুকাই থকা নাই।
হলে আৰু উল্লেখ কৰিছে যে ‘প্ৰন্সিপিয়া’ গ্ৰন্থতে নিউটনে “কিছুমান প্ৰমাণৰ বাবে অৱকলনীয় সমীকৰণৰ জৰিয়তে সমাকলন সমাধা কৰাৰ পদ্ধতি প্ৰয়োগ কৰিছিল” আৰু “এই গ্ৰন্থতে নিউটনে এনে কিছুমান পৰিমাণৰ অনুমান কৰিছিল, যাক পাছৰ কলন গণিতজ্ঞসকলে নিজৰ ন সফলতা বুলি অভিহিত কৰিব খোজে।” [60]
লেইৱনিজ-ৰ কলন গণিতত ব্যৱহৃত গাণিতীক সংকেত সুচল, আনহাতে নিউটনে ব্যৱহাৰ কৰা সংকেত কিছু জটিল হ’লেও বহুচলকীয় পদ্ধতিৰ বাবে অধিক উপযুক্ত। নিউটন ব্যৱহাৰ কৰা বিন্দু সংকেত পদাৰ্থবিজ্ঞান-ত ঘাইকৈ ব্যৱহৃত হয়। ৰজাৰ পেনৰ’জ-ৰ দৰে কিছুমান বিজ্ঞানীৰ মতে ‘নিউটনৰ জ্যামিতিক পদ্ধতি চুটি আৰু শোভামণ্ডিত। এই পদ্ধতিয়ে কলন গণিতৰ গভীৰতম দিশবিলাক বুজিবলৈ সুচল কৰি তোলে।’ গণিতজ্ঞ ভ্লাডিমিৰ আৰ্নল্ড-ৰ মতে ‘নিউটনৰ মূল লিখনী আৰু পাছত কৰা অনুবাদ তুলনা কৰিলে দেখি আচৰিত হ’বলগীয়া হয় যে নিউটনৰ মূল উপস্থাপন আছিল বেছি আধুনিক, সহজে বুজিব পৰা আৰু বহু ধাৰণা সমৃদ্ধ। নিউটনৰ জ্যামিতিক পৰিবেশনৰপৰা আতৰি লেইৱনিজ-ৰ ৰীতিসন্মত ৰূপত প্ৰকাশ কৰাত সেই প্ৰাঞ্জল উপস্থাপন নোহোৱা হৈ পৰে।’[61]
নিউটনৰ কলন গণিত-ত ক্ৰমে সৰু হৈ অহা অনুপাতৰ সীমিত মানৰ (limiting values of the ratios of vanishingly small quantities) ওপৰত ভিত্তি কৰি জ্যামিতিক পদ্ধতিৰ প্ৰয়োগ হৈছে। প্ৰিন্সিপিয়া গ্ৰন্থত নিউটনে এই পদ্ধতি-ৰ নাম দিছিল ‘প্ৰথম আৰু শেষ অনুপাতৰ পদ্ধতি’ (the method of first and last ratios)।[62] আৰু কিয় এই প্ৰদৰ্শন কৰিবলগীয়া হ’ল তাৰ বাখ্যা দাঙি ধৰিছিল আৰু একেটা কামকে অবিভাজ্য-ৰ পদ্ধতিৰেও কৰি দেখুৱাইছিল। [63][64] এনে কাৰণতে আজিকালি ‘প্ৰিন্সিপিয়া’-ত অসীম কলন-ৰ (infinitesimal calculus) তত্ব আৰু প্ৰয়োগ ভীৰ কৰি থকা বুলি কোৱা হয়। [65] আনহাতে নিউটনৰ সময়ত সমগ্ৰ গ্ৰন্থখনেই মূলত: কলন গণিতৰ বুলি অভিহিত কৰা হৈছিল। [66] ‘অসীমলৈ ক্ৰমে ক্ষুদ্ৰ হৈ অহা এটা বা ততোধিক অনুক্ৰম’ (one more orders of the infinitesimally small) পদ্ধতি ১৬৮৪ চনত প্ৰকাশিত নিউটনৰ ৰচনা De motu corporum in gyrum-ত,[67] আৰু তাৰ আগৰ দুটা দশকৰ প্ৰকাশিত কৰ্মৰাজীতো দেখা যায়। [68]
মতবিৰোধ আৰু সমালোচনাৰ আশংকাত নিউটনে কলন গণিত-ৰ বিষয়ে প্ৰকাশ কৰিব বিচৰা নাছিল। [69] ছুইজাৰলেণ্ড-ৰ গণিতজ্ঞ নিক’লাছ ফাটিঅ’ দি ডুইলিয়াৰ (Nicolas Fatio de Duillier) আছিল নিউটনৰ বন্ধু আৰু ডুইলিয়াৰে ১৬৯১ চনত ‘প্ৰিন্সিপিয়া’ গ্ৰন্থৰ এটা নতুন সংস্কৰণ লিখিবলৈ আৰম্ভ কৰিছিল, আৰু লেইবনিজ-ৰ লগত যোগাযোগ কৰিছিল। [70] কিন্তু, ১৬৯৩ চনত নিউটন আৰু ডুইলিয়াৰ-ৰ মাজত আৰম্ভ হোৱা মতানৈক্যৰ বাবে প্ৰিন্সিপিয়া-ৰ নতুন সংস্কৰণ ৰচনাৰ কাম আধৰুৱা হৈ ৰয়। [71] ডুইলিয়াৰেই ১৬৯৯ চনত লেইবনিজ-ৰ বিৰূদ্ধে কুম্ভীলক বৃত্তি-ৰ অভিযোগ আনে। [72] ১৭০৮ চনত আন এগৰাকী গণিতজ্ঞ জন কীল-য়েও ৰয়েল ছ’চাইটি-ৰ জাৰ্নেল-ত লেইৱনিজৰ বিৰূদ্ধে একে অভিযোগ উত্থাপন কৰে, আৰু পৰিস্থিতি অধিক বেয়ালৈ গমন কৰে। [73] এই বিবাদ ১৭১১ চনত বাৰুকৈয়ে বিয়পি পৰে যেতিয়া ৰয়েল ছ’চাইটি-য়ে দাবী কৰে যে নিউটন-হে কলন গণিতৰ প্ৰকৃত আৱিস্কাৰক, আৰু লেইৱনিজ-ক এক ভণ্ড বুলি অভিহিত কৰে। পাছত জনা যায় যে সামৰণিত লেইৱনিজ-ৰ বিষয়ে থকা এই মন্তব্যৰ খচৰা নিউটনে নিজেই লিখিছিল। ১৭১৬ চনত লেইৱনিজ-ৰ মৃত্যু হোৱালৈ এই তিক্ত বিবাদে দুয়ো গৰাকী ব্যক্তিকে ঘেৰি ৰাখিছিল।[74]
যিকোনো ঘাতলৈ ‘সাধাৰণ দ্বিপদ প্ৰমেয়’ (generalised binomial theorem) সমাধা কৰাৰ কৃতিত্ব নিউটনক দিয়া হয়। তেওঁ ‘নিউটন-ৰ অভেদ’ (Newton's identities), ‘নিউটন-ৰ পদ্ধতি’ (Newton's method) আৱিষ্কাৰ কৰিছিল, ত্ৰিঘাতীয় বক্ৰতল (দুটা চলকত তিনি মাত্ৰাৰ বহুপদলৈ)-ৰ (cubic plane curves (polynomials of degree three in two variables)) শ্ৰেণী বিভাজন কৰিছিল, সসীম প্ৰভেদ-ৰ (finite differences) তত্বলৈ কেবাটাও সূত্ৰ-ৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, যিটো নিউটনে নিজেই ‘সসীম প্ৰভেদৰ প্ৰসাৰ’-ত(finite difference interpolation) একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান বুলি অভিহিত কৰিছিল।[75] নিউটন আছিল ‘বিজ’উ উপপাদ্য’-ৰ (Bézout's theorem) প্ৰথম প্ৰণেতা, তেৱেই প্ৰথমে ‘ভগ্নাংশ সূচক’ ব্যৱহাৰ কৰিছিল আৰু ‘স্থানাংক জ্যামিতি’ৰ প্ৰয়োগেৰে ‘ডায়’ফেন্টাইন সমীকৰণ’-ৰ (Diophantine equations) সমাধান কৰিছিল। নিউটনে ঘাতাংকৰ প্ৰয়োগেৰে ‘হৰাত্মক শ্ৰেণীৰ আংশিক যোগফল’-ৰ (partial sums of the harmonic series by logarithms) অনুমান সম্ভৱ কৰিছিল, যি আছিল ‘অয়লাৰ-ৰ যোগ সূত্ৰ’-ৰ (Euler's summation formula) পূৰ্বসূৰী। তেৱেই প্ৰথমে নিশ্চয়তাৰে ‘শক্তি শ্ৰেণী’ (power series) প্ৰয়োগ কৰাৰ লগতে শক্তি শ্ৰেণীৰ বিপ্ৰতীপ ৰূপ আৱিষ্কাৰ কৰিছিল। ‘অসীম শ্ৰেণী’-ৰ ক্ষেত্ৰত নিউটনৰ কৰ্ম-ৰাজী ছাইম’ন ষ্টেভিন-ৰ দশমিক-ৰ (ষ্টেভিনৰ দশমিক) ধাৰণাৰ দ্বাৰা প্ৰেৰিত আছিল।[76]
আলোক বিজ্ঞান
সম্পাদনা কৰক
১৬৬৬ চনত পোহৰ আৰু প্ৰিজম-ৰে কৰা পৰীক্ষা-ত নিউটনে লক্ষ্য কৰে যে বগা ৰঙৰ ৰশ্মি প্ৰিজমৰ মাজেৰে পাৰ হ’লে আনটো ফালে ভিন্নৰঙী এক বৰ্ণালীলৈ ৰূপান্তৰিত হয়। তেওঁ আৰু মন কৰিছিল বগা ৰঙৰ পোহৰ অতি সূক্ষ্ম এটা বিন্দু সদৃশ ৰশ্মি হিচাপেও প্ৰিজম মাজেৰে পাৰ কৰিলে তাৰ পৰা দিঘলীয়া আকাৰৰ ভিন্নৰঙী পোহৰৰ বৰ্ণালী দেখা যায়। অৰ্থাৎ প্ৰিজম এটাই বেলেগ বেলেগ ৰঙক বেলেগ বেলেগ মাপৰ কোণেৰে প্ৰতিসৰণ ঘটায়।[78][79] ইয়াৰপৰা তেওঁ সিদ্ধান্ত লৈছিল যে ৰঙ পোহৰৰ এক অন্তৰ্নিহিত ধৰ্ম। এই সিদ্ধান্ত সেই সময়লৈ বিবাদমান বিষয় হৈ আছিল।
১৬৭০ চনৰপৰা ১৬৭২ চনলৈ নিউটনে আলোক বিজ্ঞান বিষয়ক বক্তৃতা প্ৰদান কৰিছিল। [80] এই্ সময়চোৱাতে তেওঁ পোহৰৰ প্ৰতিসৰণ-ৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা কৰিছিল, আৰু দেখুৱাইছিল যে প্ৰিজমৰ মাজেৰে সৃষ্টি হোৱা বৰ্ণালী-ক (ইংৰাজী spectrum শব্দটো নিউটনেই দিছিল) এখন লেন্স আৰু দ্বিতীয় এটা প্ৰিজমৰ মাজেৰে পাৰ কৰাই পুনৰাই বগা পোহৰলৈ ৰূপান্তৰ কৰিব পাৰি।[81] পাছৰ আলোচকসকলে আঙুলিয়াইছে যে বগা পোহৰৰ পুনৰ সংশ্লেষণ আৰু ইয়াৰ বাবে নিউটনে দিয়া বাখ্যা অপৰসায়নৰ কণিকা তত্ব-ৰ (corpuscular alchemy) প্ৰতি ঋণী।<ৰেফ> প্ৰাচীন কালত প্ৰতিটো পদাৰ্থই অতি ক্ষুদ্ৰ কণা-ৰে (particle), যাক ‘কণিকা’ (corpuscle) বোলা হৈছিল, গঠিত বুলি। অপৰসায়ন-ত এই কণিকাসমূহৰ নিজা ধৰ্ম থকা বুলি ধৰা হৈছিল, আৰু ভিন্ন ধৰ্মী কণিকাৰে কোনো এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাটৌ সম্ভৱপৰ বুলি ভবা হৈছিল।[82]
এখন গোলকীয় আৰু এখন তল-ৰ মাজভাগত পোহৰৰ প্ৰতিফলনৰ ফলত সমাৰোপন-ৰ (interference) দ্বাৰা এক পৰিৱৰ্তী বিন্যাস-ৰ (alternating pattern) সৃষ্ট হয়। তলদুখন এটা বিন্দুত সংযোগ হৈ থাকিলে এই বিন্যাস সমকেন্দ্ৰিক, পৰ্যায়ক্ৰমে উজ্জ্বল আৰু ক’লা আঙঠিৰ শৃংখলা হিচাপে দেখা দিয়ে, ইয়াকেই ‘নিউটন-ৰ আঙঠি’ (Newton’s Rings) বোলা হয়। এই্ পৰিঘটনা-ৰ প্ৰথম বৰ্ণনা দিছিল বিজ্ঞানী ৰবাৰ্ট হুক-এ, তেখেতৰ ১৬৬৫ চনৰ প্ৰকাশিত ‘মাইক্ৰ’গ্ৰাফিয়া’ (Micrographia) শীৰ্ষক গ্ৰন্ধত। কিন্তু ১৬৬৬ চনত নিউটনে এই পৰিঘটনাৰ ওপৰত চৰ্চা আৰম্ভ কৰে, আৰু ‘ৰঙৰ বিষয়ে’ (Of Colours) নামৰ এক ৰচনাত উল্লেখ কৰে। ইয়াৰ বিষয়েও নিউটন আৰু হুক-ৰ মাজত মতানৈক্য হৈছিল। ১৬৭১ চনত একে পৰিঘটনাৰ ওপৰত চৰ্চা কৰোঁতে নিউটনে এক সম্পূৰ্ণ নতুন পদ্ধতি ব্যৱহাৰ কৰিছিল। নিউটনে ‘সমূহ পাৰ্থক্য-ৰ গড় (average) উলিয়াই, সেই গড়মান-ৰপৰা প্ৰথমটো আঙঠিৰ পাৰ্থক্য গণনা কৰি উলিয়াইছিল।‘ এই পদ্ধতিৰে নিউটনে জোখ-মাখৰ ক্ষেত্ৰত থকা অনাকাংখিত ভুল-ৰ (noise in measurement) পৰিমান কমাবলৈ সক্ষম হৈছিল। এই পদ্ধতিক বৰ্তমান এক আদৰ্শ পদ্ধতি বুলি গ্ৰহন কৰা হৈছে।[83] ১৭০০ চনত আসোঁৱাহ আঁতৰোৱাৰ এই পদ্ধতি-কে বিস্তাৰ কৰি তেওঁ ‘বিষুৱ দিন’-ৰ (equinoxes) অধ্যয়নতো ব্যৱহাৰ কৰে। ইও আছিল এক সম্পূৰ্ণ নতুন পদ্ধতি, আৰু ইয়াৰ ব্যৱহাৰৰদ্বাৰা নিউটনে গণনাৰ বাবে স্ব সংশোধিত মান পাবলৈ সক্ষম হৈছিল।[26] নিউটনে পৰিসংখ্যা বিজ্ঞান-ত ব্যৱহৃত ‘ৰিগ্ৰেছন বিশ্লেষণ’-ৰো এক আদি ৰূপ উদ্ভাৱন কৰিছিল। ট’বিয়াছ মেয়াৰ-তকৈ ৫০ বছৰ আগতেই নিউটনে এক ‘তথ্য-গোট’-ৰ (set of data) গড় উলিয়াইছিল, আৰু অৱশেষ-ৰ যোগফলক শূন্যলৈ যোগ কৰি, ৰেগৰেছন ৰেখা-ক গড়মানৰ মাজেৰে নিবলৈ সক্ষম হৈছিল। নিউটনে “দুটা সমমাত্ৰিক তথ্য-গোটৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ সক্ষম হৈছিল, আৰু পক্ষপাত-ৰ (bias) দৃষ্টিৰে এটা অনুকূল সমাধান উলিওৱাৰ কথা ভাবিছিল।”[84]
বৰ্ণালী-ৰ মাজৰপৰা এটা ৰঙৰ পোহৰ নিলগাই বিভিন্ন বস্তৰ ওপৰত পেলাই নিউটনে দেখুৱাইছিল যে ৰঙীন পোহৰ-ৰ ধৰ্ম সলনি নহয়। আৰু প্ৰতিফলন, প্ৰতিসৰণ বা পৰিবহন একোৰেই মূল ৰঙক সলনি কৰিব নোৱাৰি। তেওঁ লিখিছিল যে বস্ত এটাৰ ৰং বস্তটো আৰু ইতিমধ্যে ৰঙীন পোহৰ-ৰ মাজৰ আন্তক্ৰিয়াহে, বস্তুটোৱে ৰঙৰ সৃষ্টি নকৰে। ইয়াক ‘নিউটনৰ বৰ্ণ তত্ব’ (Newton’s theory of colour) বোলা হয়।[85]
নিউটনে বুজিছিল যে ‘প্ৰতিসৰণ দূৰবীক্ষণ’-ত লেন্স ব্যৱহাৰ হোৱা বাবে এনে দূৰবীনত বগা পোহৰ বিক্ষিপ্ত হৈ আন ৰঙলৈ পৰিৱৰ্তিত হ’ব। এই পৰিঘটনাক ‘ৰঙীন বিচ্যুতি’ (chromatic aberration) বোলা হয়। এই আসোঁৱাহ দূৰ কৰিবলৈ তেওঁ লেন্সৰ সলনি ‘প্ৰতিফলক দাপোন’ (reflective mirror) ব্যৱহাৰ কৰি এক দূৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰিছিল। এনে দূৰবীক্ষণ-ক ‘নিউটনৰ দূৰবীক্ষণ’ বুলি জনা যায়। কিন্তু ইয়াৰ নিৰ্মাণৰ বাবে উপযুক্ত সামগ্ৰী আৰু নিৰ্মাণ কৌশল সহজে উপলভ্য নাছিল।[86] নিউটনে নিজেই ‘স্পেকুলাম ধাতু’-ৰ এক বিশেষ অনুপাত (speculum metal: দুই ভাগ তাম আৰু এক ভাগ টিন-ৰ মিশ্ৰ ধাতু) পিহি দাপোন সাজি লৈছিল, আৰু ইয়াৰ গুণমান নিৰূপনৰ বাবে ‘নিউটনৰ আঙঠি’ প্ৰয়োগ কৰিছিল। ১৬৬৮ চনত তেওঁ প্ৰথমটৌ প্ৰতিফলক দূৰবীক্ষণ সাজি উলিয়াছিল।[87] এই যন্ত্ৰটো প্ৰায় আঠ ইঞ্চি দীঘল আছিল, আৰু ডাঙৰ, পৰিষ্কাৰ ছবি দেখুৱাব পাৰিছিল। ১৬৭১ চনত ‘ৰয়েল ছ’চাইটি’-য়ে এই দূৰবীক্ষণ-ৰ প্ৰদৰ্শনৰ বাবে নিউটন-ক নিমন্ত্ৰণ কৰিছিল।[88] ‘ৰয়েল ছ’চাইটি’ৰ আগ্ৰহত নিউটনে ‘ৰঙৰ বিষয়ে’ (Of Colours)[89] শীৰ্ষক ৰচনাখন প্ৰণয়ন কৰে। এই ৰচনায়েই পাছলৈ পৰিবৰ্ধিত কৰি নিউটনে ‘অপ্টিক্ছ’ (Opticks) নামেৰে প্ৰকাশ কৰে। নিউটনৰ কিছূমান ধাৰণা ৰবাৰ্ট হুকে সমালোচনা কৰাৰ বাবে বিৰক্ত হৈ নিউটনে ৰাজহুৱা বাদানুবাদৰপৰা আঁতৰি আহে। ‘ৰয়েল ছ’চাইটি’ৰ চিঠি-পত্ৰ-ৰ দায়িত্বত থকাৰ সময়ত ৰবাৰ্ট হুকে নিউটনৰ লগত চমুকৈ বাৰ্তা বিনিময় কৰিছিল। এই বিনিময়ৰ বিষয় আছিল ‘ৰয়েল ছ’চাইটি’-লৈ নিউটনৰ অৱদান সম্পৰ্কে।[90] এই বিনিময়ৰ সময়তে উদ্বুদ্ধ হৈ নিউটনে ‘অভিকেন্দ্ৰিক বল’ ব্যসাৰ্দ্ধ ভেক্টৰৰ বৰ্গৰ ব্যস্তানুপাতিক হোৱাৰ ফল স্বৰূপে গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ হোৱাৰ এক প্ৰমাণ দাঙি ধৰে। এই্ দুই মহান বিজ্ঞানীৰ মাজৰ সম্পৰ্ক হুকৰ মৃত্যুৰ দিনলৈ মধুৰ হোৱা নাছিল।[91]
নিউটনৰ মতে পোহৰ আছিল কণা (particle) বা কণিকা-ৰে (corpuscle) গঠিত, আৰু ঘন মাধ্যমত এই কণাৰ গতি বৃদ্ধি পায় বাবে প্ৰতিসৰণ হোৱা দেখা যায়। পাতল ফিল্মৰ ওপৰত পোহৰে শব্দসদৃশ তৰংগৰ ৰূপত গতি কৰে বাবে প্ৰতিফলন আৰু প্ৰতিসৰণ ঘটে বুলি তেওঁ ক’ব খুজিছিল। (Opticks Bk. II, Props. 12), কিন্তু একে সময়তে কণিকা তত্বও এৰি দিয়া নাছিল, আৰু ক্ষণ (fits) হিচাপে পোহৰ কণিকাৰ প্ৰতিফলন আৰু প্ৰতিসৰণ হয় বুলি কৈছিল। (Props.13)। পাছৰ পদাৰ্থবিদ সকলে পোহৰ বিশুদ্ধৰূপে তৰংগ ধৰ্মী বুলি মানি লৈছিল, আৰু ইয়াৰদ্বাৰা সমাৰোপন আৰু অপৱৰ্তন পৰিঘটনা বাখ্যা কৰিব পৰা গৈছিল। পোহৰৰ কণিকা তত্বক শুদ্ধ বুলি বিবেচনা কৰিলেও্ নিউটনে ‘অপ্টিক্চ’ গ্ৰন্থত পোহৰৰ কণিকা-সদৃশ আৰু তৰংগ-সদৃশ দুয়োটা ধৰ্মই আছে বুলি উল্লখ কৰিছিল, আৰু দুয়োটাৰে মিলন ঘটোৱাৰ প্ৰথম প্ৰয়াস কৰিছিল। এয়া পোহৰৰ আধুনিক ধাৰণা ‘তৰংগ-কণা দ্বৈততা’-ৰ (wave-particle duality) প্ৰথম উন্মেষ বুলি ঠাৱৰ কৰা হয়।[92]
১৬৭৫ চনত ৰচিত ‘পোহৰৰ প্ৰকল্প’-ত (Hypothesis of Light) নিউটনে পোহৰ কণাৰ মাজত শক্তিৰ আদান-প্ৰদানৰ বাবে ইথাৰ-ৰ উপস্থিতি উল্লেখ কৰিছিল। কেমব্ৰিজৰ প্লেট’ মতাৱলম্বী দাৰ্শনিকহেনৰি মূৰ-ৰ সান্নিধ্যলৈ আহি ‘অপৰসায়ন’-ৰ (alchemy) প্ৰতি নিউটনৰ আগ্ৰহ আকৌ বৃদ্ধি পায়।[6] অপৰসায়ন-ৰ মতানুসৰি তেওঁ ইথাৰ-ৰ ধাৰণা ত্যাগ কৰি হাৰমেটিক ধাৰণা-ৰপৰা অহা কণিকাৰ মাজৰ আকৰ্ষণ আৰু বিকৰ্ষণ-ৰ গুপ্ত বল-ক ইথাৰৰ জেগাত স্থাপন কৰে। বিজ্ঞানৰ প্ৰতি থকা নিউটনৰ অৱদানক তেখেতৰ অপৰসায়নৰ প্ৰতি থকা আগ্ৰহৰ পৰা নিলগাই ৰাখিব নোৱাৰি।[6] অৱশ্যে এয়া এনেকুৱা এটা সময় আছিল য’ত অপৰসায়ন আৰু বিজ্ঞানৰ মাজত কোনো স্পষ্ট বিভাজনো নাছিল। [93][94]
১৭০৪ চনত নিউটনে ‘অপ্টিক্চ’ গ্ৰন্ধখনি প্ৰকাশ কৰি উলিয়ায়। ইয়াতে্ই নিউটনে তেখেতৰ পোহৰৰ কণিকাৰ ধাৰণা বিতংকৈ দাঙি ধৰিছিল, আৰু গ্ৰন্থখনিৰ শেহত তেওঁ এলানি প্ৰশ্নৰ অৱতাৰণা কৰিছিল। পোহৰৰ কণিকা তত্বৰ আঁত ধৰি নিউটনে ভাবিছিল যে সাধাৰণ পদাৰ্থও পোহৰৰ কণিকাৰ দৰেই কিন্তু তাতকৈ স্থূল কণিকাৰে গঠিত। অপৰসায়নিক মৌলান্তৰকৰণ-ৰ (alchemical transmutation) দ্বাৰা স্থূল পদাৰ্থক পোহৰলৈ আৰু পোহৰক স্থূল পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পৰা যাব। পোহৰৰ কণিকা বস্তু এটাৰ গঠনত সোমাই পৰিলে পদাৰ্থটোৰ কাৰ্য-কলাপ (activity) বাঢ়ি নাযাবনে বুলিও তেওঁ মত পোষণ কৰিছিল।[95] কাঁচৰ গোলক এটাৰে নিউটনে এটা ক্ৰুৰ পৰ্যায়ৰ ‘ঘৰ্ষণীয় স্থিতি বিদ্যুৎ জেনেৰেটৰ’ (frictional electrostatic generator) সাজি উলিয়াইছিল। [96]
‘অপ্টিক্চ’ গ্ৰন্ধতে প্ৰথমবাৰলৈ নিউটনে প্ৰিজম এটা কেনেকৈ ‘ৰশ্মি প্ৰসাৰক’ (beam expander) হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ চিত্ৰ দিছিল, আৰু ‘বহু-প্ৰিজম সাজোন’-ৰ (multi-prism array) ব্যৱহাৰৰ বিষয়েও উল্লেখ কৰিছিল। [97] নিউটনে উল্লেখ কৰি যোৱাৰ ২৭৮ বছৰৰ পাছত ‘সম্পূৰ্ণ ৰেখা-প্ৰস্থৰ টিউনেব্ল লেজাৰ’ (narrow-linewidth tunable lasers) নিৰ্মাণৰ বাবে ‘বহু-প্ৰিজম ৰশ্মি প্ৰসাৰক’ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহৃত হৈছে। বহু-প্ৰিজম প্ৰসাৰক ব্যৱহাৰৰ বাবেই ‘বহু-প্ৰিজম বিক্ষেপন তত্ব’-ৰ (multiple-prism dispersion theory) বিকাশ ঘটিছে।[97]
নিউটনৰ পাছত বহুতো সংশোধন আৰু সাল-সলনি ঘটিছে। যেনে, থমাছ ইয়ং (Thomas Young) আৰু অগষ্টিন-জঁ ফ্ৰেছনেল-এ নিউটনৰ কণিকা তত্ব পৰিহাৰ কৰি ‘হাইজেন-ৰ তৰংগ তত্ব’-ৰে দেখুৱাবলৈ সক্ষম হয় যে ৰঙ হৈছে পোহৰৰ দৃশ্যমান তৰংগদৈৰ্ঘ মাত্ৰ। ‘ৰঙৰ বোধ’ (perception of colour) আৰু গাণিতীক আলোক বিজ্ঞানৰ পাৰ্থক্যও বিজ্ঞানে লাহে লাহে বুজি আহিছে। জাৰ্মান কবি আৰু বিজ্ঞানী গ্যেটে-ই নিউটনৰ মূল বুনিয়াদ লৰাব নোৱাৰিলেও, এটা সৰু ফাঁট বিচাৰি পাইছিল--নিউটনে মানিছিল যে ৰঙ অবিহনে প্ৰতিসৰণ হ’ব নোৱাৰে, সেয়ে লেন্স-যুক্ত দূৰবীক্ষণ কেতিয়াও নিঁখুট হ’ব নোৱাৰিব, যিহেতু ‘ৰঙীন বিচ্যুতিহীনতা’ (achromatism) আৰু ‘প্ৰতিসৰণ’ একেলগে সম্ভৱেই নহয়। নিউটনৰ এই অনুমান বিজ্ঞানী জন ড’লেণ্ড-এ ভুল বুলি প্ৰমাণ কৰিছিল।[98]
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Thony, Christie (2015). "Calendrical confusion or just when did Newton die?". The Renaissance Mathematicus. https://thonyc.wordpress.com/2015/03/20/calendrical-confusion-or-just-when-did-newton-die/। আহৰণ কৰা হৈছে: 20 March 2015.
- ↑ "UPI Almanac for Friday, Jan. 4, 2019". United Press International. January 4, 2019. Archived from the original on January 5, 2019. https://web.archive.org/web/20190105012355/http://www.upi.com/Top_News/2019/01/04/UPI-Almanac-for-Friday-Jan-4-2019/5471546221584/। আহৰণ কৰা হৈছে: September 4, 2019. "mathematician/astronomer/physicist Isaac Newton in 1643"
- ↑ Mordechai Feingold, Barrow, Isaac (1630–1677), Oxford Dictionary of National Biography, Oxford University Press, September 2004; online edn, May 2007; accessed 24 February 2009; explained further in Mordechai Feingold " Newton, Leibniz, and Barrow Too: An Attempt at a Reinterpretation"; Isis, Vol. 84, No. 2 (June, 1993), pp. 310–338
- ↑ Dictionary of Scientific Biography, Newton, Isaac, n.4
- ↑ Gjersten, Derek (1986). The Newton Handbook. প্ৰকাশক London: Routledge & Kegan Paul.
- ↑ 6.0 6.1 6.2 Westfall, Richard S. (1983) [1980]. Never at Rest: A Biography of Isaac Newton. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 530–1. ISBN 978-0-521-27435-7.
- ↑ [পৃষ্ঠা নং প্ৰয়োজন]Snobelen, Stephen D. (1999). "Isaac Newton, heretic: the strategies of a Nicodemite" (PDF). British Journal for the History of Science খণ্ড 32 (4): 381–419. doi:10.1017/S0007087499003751. ISSN 0007-0874. Archived from the original on 2013-10-07. https://web.archive.org/web/20131007005450/http://isaac-newton.org/heretic.pdf। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ Alex, Berezow (4 February 2022). "Who was the smartest person in the world?". Big Think. https://bigthink.com/the-past/smartest-person-world-isaac-newton/। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ Matthews, Michael R. (2000) (en ভাষাত). Time for Science Education: How Teaching the History and Philosophy of Pendulum Motion Can Contribute to Science Literacy. প্ৰকাশক New York: Springer Science+Business Media, LLC. পৃষ্ঠা. 181. ISBN 978-0-306-45880-4. https://books.google.com/books?id=JrcqBgAAQBAJ&pg=PA181.
- ↑ Rynasiewicz, Robert A. (22 August 2011), "Newton's Views on Space, Time, and Motion", Stanford Encyclopedia of Philosophy (Stanford University), https://plato.stanford.edu/entries/newton-stm/, আহৰণ কৰা হৈছে: 15 November 2024
- ↑ Klaus Mainzer (2 December 2013). Symmetries of Nature: A Handbook for Philosophy of Nature and Science. Walter de Gruyter. পৃষ্ঠা. 8. ISBN 978-3-11-088693-1. https://books.google.com/books?id=QekhAAAAQBAJ&pg=PA8.
- ↑ Boyer, Carl B. (1970). "The History of the Calculus". The Two-Year College Mathematics Journal খণ্ড 1 (1): 60–86. doi:10.2307/3027118. https://www.jstor.org/stable/3027118.
- ↑ Hall 1980, পৃষ্ঠা. 7, 13, 15.
- ↑ Westfall, Richard S. (1981). "The Career of Isaac Newton: A Scientific Life in the Seventeenth Century". The American Scholar খণ্ড 50 (3): 341–353. ISSN 0003-0937. https://www.jstor.org/stable/41210741.
- ↑ Tyson, Peter (15 November 2005). "Newton's Legacy". www.pbs.org. https://www.pbs.org/wgbh/nova/article/newton-legacy/। আহৰণ কৰা হৈছে: 14 November 2024.
- ↑ Carpi, Anthony; Egger, Anne E. (2011). The Process of Science (Revised সম্পাদনা). Visionlearning. পৃষ্ঠা. 91–92. ISBN 978-1-257-96132-0. https://archive.org/details/processofscience0000carp/page/n2/mode/1up.
- ↑ Iliffe & Smith 2016, পৃষ্ঠা. 1, 4, 12–16.
- ↑ Snobelen, Stephen D. (24 February 2021), "Isaac Newton", Renaissance and Reformation (Oxford University Press), doi:10.1093/obo/9780195399301-0462, ISBN 978-0-19-539930-1, https://oxfordbibliographies.com/view/document/obo-9780195399301/obo-9780195399301-0462.xml, আহৰণ কৰা হৈছে: 15 November 2024
- ↑ More, Louis Trenchard (1934). Isaac Newton, a Biography. Dover Publications. পৃষ্ঠা. 327. https://archive.org/details/isaacnewtonbiogr0000loui/mode/1up.
- ↑ Musielak, Zdzislaw; Quarles, Billy (2017) (en ভাষাত). Three Body Dynamics and Its Applications to Exoplanets. Springer International Publishing. পৃষ্ঠা. 3. doi:10.1007/978-3-319-58226-9. ISBN 978-3-319-58225-2. https://books.google.com/books?id=D90tDwAAQBAJ&pg=PA3.
- ↑ Cheng, K. C.; Fujii, T. (1998). "Isaac Newton and Heat Transfer". Heat Transfer Engineering খণ্ড 19 (4): 9–21. doi:10.1080/01457639808939932. ISSN 0145-7632. http://www.tandfonline.com/doi/abs/10.1080/01457639808939932.
- ↑ The Encyclopaedia Britannica: Or, Dictionary of Arts, Sciences, and General Literature. VIII. Adam and Charles Black. 1855. পৃষ্ঠা. 524. https://books.google.com/books?id=dmNVAAAAcAAJ&pg=PA524.
- ↑ Sanford, Fernando (1921). "Some Early Theories Regarding Electrical Forces – The Electric Emanation Theory". The Scientific Monthly খণ্ড 12 (6): 544–550. ISSN 0096-3771. https://www.jstor.org/stable/6312.
- ↑ Rowlands, Peter (2017). Newton – Innovation And Controversy. World Scientific Publishing. পৃষ্ঠা. 109. ISBN 9781786344045. https://books.google.com/books?id=u0NBDwAAQBAJ&pg=PA109.
- ↑ Iliffe & Smith 2016, পৃষ্ঠা. 382–394, 411.
- ↑ 26.0 26.1 Buchwald, Jed Z.; Feingold, Mordechai (2013). Newton and the Origin of Civilization. Princeton University Press. পৃষ্ঠা. 90–93, 101–103. ISBN 978-0-691-15478-7.
- ↑ Belenkiy, Ari (1 February 2013). "The Master of the Royal Mint: How Much Money did Isaac Newton Save Britain?". Journal of the Royal Statistical Society Series A: Statistics in Society খণ্ড 176 (2): 481–498. doi:10.1111/j.1467-985X.2012.01037.x. ISSN 0964-1998. https://academic.oup.com/jrsssa/article/176/2/481/7077810.
- ↑ Marples, Alice (20 September 2022). "The science of money: Isaac Newton's mastering of the Mint". Notes and Records: The Royal Society Journal of the History of Science খণ্ড 76 (3): 507–525. doi:10.1098/rsnr.2021.0033. ISSN 0035-9149. https://royalsocietypublishing.org/doi/10.1098/rsnr.2021.0033.
- ↑ Hatch, Robert A. (1988). "Sir Isaac Newton". http://users.clas.ufl.edu//ufhatch/pages/01-courses/current-courses/08sr-newton.htm। আহৰণ কৰা হৈছে: 13 June 2023.
- ↑ Storr, Anthony (December 1985). "Isaac Newton". British Medical Journal (Clinical Research Edition) খণ্ড 291 (6511): 1779–84. doi:10.1136/bmj.291.6511.1779. PMID 3936583.
- ↑ Keynes, Milo (20 September 2008). "Balancing Newton's Mind: His Singular Behaviour and His Madness of 1692–93". Notes and Records of the Royal Society of London খণ্ড 62 (3): 289–300. doi:10.1098/rsnr.2007.0025. PMID 19244857.
- ↑ Westfall 1980, পৃষ্ঠা. 55.
- ↑ "Newton the Mathematician" Z. Bechler, ed., Contemporary Newtonian Research(Dordrecht 1982) pp. 110–111
- ↑ Westfall 1994, পৃষ্ঠা. 16–19.
- ↑ White 1997, পৃষ্ঠা. 22.
- ↑ Westfall 1980, পৃষ্ঠা. 60–62.
- ↑ Westfall 1980, পৃষ্ঠা. 71, 103.
- ↑ Taylor, Henry Martyn (1911). "Newton, Sir Isaac". In Chisholm, Hugh. Encyclopædia Britannica. 19 (11th ed.). Cambridge University Press. p. 583.
- ↑ Connor, Elizabeth (1942-01-01). "Sir Isaac Newton, the Pioneer of Astrophysics". Leaflet of the Astronomical Society of the Pacific খণ্ড 4: 55. ISSN 0004-6272. https://ui.adsabs.harvard.edu/abs/1942ASPL....4...55C/abstract.
- ↑ Newton, Isaac. "Waste Book". Cambridge University Digital Library. http://cudl.lib.cam.ac.uk/view/MS-ADD-04004। আহৰণ কৰা হৈছে: 10 January 2012.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;:4
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ সাঁচ:Acad
- ↑ Westfall 1980, পৃষ্ঠা. 178.
- ↑ Westfall 1980, পৃষ্ঠা. 179.
- ↑ Westfall 1980, পৃষ্ঠা. 330–331.
- ↑ White 1997, পৃষ্ঠা. 151.
- ↑ Ackroyd, Peter (2007) (en ভাষাত). Isaac Newton. Brief Lives. প্ৰকাশক London: Vintage Books. পৃষ্ঠা. 39–40. ISBN 978-0-09-928738-4. https://archive.org/details/isaacnewton0000ackr/page/39.
- ↑ 48.0 48.1 48.2 48.3 Warntz, William (1989). "Newton, the Newtonians, and the Geographia Generalis Varenii". Annals of the Association of American Geographers খণ্ড 79 (2): 165–191. doi:10.2307/621272. https://www.jstor.org/stable/2563251। আহৰণ কৰা হৈছে: 9 June 2024.
- ↑ Baker, J. N. L. (1955). "The Geography of Bernhard Varenius". Transactions and Papers (Institute of British Geographers) খণ্ড 21 (21): 51–60. doi:10.2307/621272.
- ↑ Schuchard, Margret (2008). "Notes On Geographia Generalis And Its Introduction To England And North America". In Schuchard, Margret. Bernhard Varenius (1622–1650). Brill. পৃষ্ঠা. 227–237. ISBN 978-90-04-16363-8. https://brill.com/display/book/edcoll/9789047432197/Bej.9789004163638.i-351_013.xml। আহৰণ কৰা হৈছে: 9 June 2024.
- ↑ Mayhew, Robert J. (2011). "Geography’s Genealogies". In Agnew, John A.; Livingstone, David N.. The SAGE Handbook of Geographical Knowledge. SAGE Publications Inc.. ISBN 978-1-4129-1081-1.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;frs
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Ball 1908, পৃষ্ঠা. 319.
- ↑ Newton, Isaac (1967). "The October 1666 tract on fluxions". In Whiteside, Derek Thomas. The Mathematical Papers of Isaac Newton Volume 1 from 1664 to 1666. Cambridge University Press. পৃষ্ঠা. 400. ISBN 978-0-521-05817-9. https://archive.org/details/MathematicsIsaacNewtonVol1_1664-66Whiteside1967/MathematicsIsaacNewtonVol1_1664-66Whiteside1967_144x75/page/400/mode/1up.
- ↑ Gjertsen 1986, পৃষ্ঠা. 149.
- ↑ Newman, James Roy (1956). The World of Mathematics: A Small Library of the Literature of Mathematics from Aʻh-mosé the Scribe to Albert Einstein. Simon and Schuster. পৃষ্ঠা. 58. https://archive.org/details/world1ofmathemati00newm/page/58.
- ↑ Hall 1980, পৃষ্ঠা. 1, 7, 13, 15.
- ↑ H. Jerome Keisler (2013). Elementary Calculus: An Infinitesimal Approach (3rd সম্পাদনা). Courier Corporation. পৃষ্ঠা. 903. ISBN 978-0-486-31046-6. https://books.google.com/books?id=8NTCAgAAQBAJ. Extract of page 903
- ↑ Hall 1980, পৃষ্ঠা. 15, 21.
- ↑ Hall 1980, পৃষ্ঠা. 30.
- ↑ Rowlands, Peter (2017). Newton – Innovation And Controversy. World Scientific Publishing. পৃষ্ঠা. 48–49. ISBN 9781786344045. https://books.google.com/books?id=u0NBDwAAQBAJ&pg=PA48.
- ↑ Newton, Principia, 1729 English translation, p. 41 Archived 3 October 2015 at the Wayback Machine.
- ↑ Newton, Principia, 1729 English translation, p. 54 Archived 3 May 2016 at the Wayback Machine.
- ↑ Newton, Sir Isaac (1850). Newton's Principia: The Mathematical Principles of Natural Philosophy. Geo. P. Putnam. https://books.google.com/books?id=N-hHAQAAMAAJ&pg=PA102। আহৰণ কৰা হৈছে: 9 March 2019.
- ↑ Clifford Truesdell, Essays in the History of Mechanics (1968), p. 99.
- ↑ In the preface to the Marquis de L'Hospital's Analyse des Infiniment Petits (Paris, 1696).
- ↑ Starting with De motu corporum in gyrum, see also (Latin) Theorem 1 Archived 12 May 2016 at the Wayback Machine.
- ↑ Whiteside, D.T., ed. (1970). "The Mathematical principles underlying Newton's Principia Mathematica". Journal for the History of Astronomy. 1. Cambridge University Press. pp. 116–138.
- ↑ Stewart 2009, পৃষ্ঠা. 107.
- ↑ Westfall 1980, পৃষ্ঠা. 538–539.
- ↑ Westfall 1994, পৃষ্ঠা. 108.
- ↑ Palomo, Miguel (2 January 2021). "New insight into the origins of the calculus war". Annals of Science খণ্ড 78 (1): 22–40. doi:10.1080/00033790.2020.1794038. ISSN 0003-3790. PMID 32684104. https://www.tandfonline.com/doi/full/10.1080/00033790.2020.1794038.
- ↑ Iliffe & Smith 2016, পৃষ্ঠা. 414.
- ↑ Ball 1908, পৃষ্ঠা. 356.
- ↑ Roy, Ranjan (2021). Series and Products in the Development of Mathematics. I (2nd সম্পাদনা). প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 190–191. ISBN 978-1-108-70945-3. https://books.google.com/books?id=KyYhEAAAQBAJ&pg=PA190.
- ↑ Błaszczyk, P. et al. (March 2013). "Ten misconceptions from the history of analysis and their debunking". Foundations of Science খণ্ড 18 (1): 43–74. doi:10.1007/s10699-012-9285-8.
- ↑ King, Henry C. (1955). The History of the Telescope. Courier Corporation. পৃষ্ঠা. 74. ISBN 978-0-486-43265-6. https://books.google.com/books?id=KAWwzHlDVksC&q=history+of+the+telescope। আহৰণ কৰা হৈছে: 1 August 2013.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Whittaker
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Darrigol, Olivier (2012). A History of Optics from Greek Antiquity to the Nineteenth Century. Oxford University Press. পৃষ্ঠা. 81. ISBN 978-0-19-964437-7. https://books.google.com/books?id=Ye_1AAAAQBAJ&pg=PAPA81। আহৰণ কৰা হৈছে: 1 December 2018.
- ↑ Newton, Isaac. "Hydrostatics, Optics, Sound and Heat". Cambridge University Digital Library. http://cudl.lib.cam.ac.uk/view/MS-ADD-03970/। আহৰণ কৰা হৈছে: 10 January 2012.
- ↑ Ball 1908, পৃষ্ঠা. 324.
- ↑ William R. Newman, "Newton's Early Optical Theory and its Debt to Chymistry", in Danielle Jacquart and Michel Hochmann, eds., Lumière et vision dans les sciences et dans les arts (Geneva: Droz, 2010), pp. 283–307. A free access online version of this article can be found at the Chymistry of Isaac Newton project Archived 28 May 2016 at the Wayback Machine (PDF)
- ↑ Drum, Kevin (2013-05-10). "The Groundbreaking Isaac Newton Invention You’ve Never Heard Of" (en-US ভাষাত). Mother Jones. https://www.motherjones.com/kevin-drum/2013/05/groundbreaking-isaac-newton-invention-youve-never-heard/। আহৰণ কৰা হৈছে: 2024-12-21.
- ↑ Belenkiy, Ari; Echague, Eduardo Vila (2008). "Groping Toward Linear Regression Analysis: Newton's Analysis of Hipparchus' Equinox Observations". arXiv:0810.4948 [physics.hist-ph].
- ↑ Ball 1908, পৃষ্ঠা. 325.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;White 1997, p170
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;books.google.com
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ White 1997, পৃষ্ঠা. 168.
- ↑ Newton, Isaac. "Of Colours". The Newton Project. http://www.newtonproject.sussex.ac.uk/view/texts/normalized/NATP00004। আহৰণ কৰা হৈছে: 6 October 2014.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;hooke1679nov24
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Iliffe, Robert (2007) Newton. A very short introduction, Oxford University Press 2007
- ↑ Bacciagaluppi, Guido; Valentini, Antony (2009). Quantum Theory at the Crossroads: Reconsidering the 1927 Solvay Conference. Cambridge University Press. পৃষ্ঠা. 31–32. ISBN 978-0-521-81421-8. OCLC 227191829. https://books.google.com/books?id=EAPX3JfQAgIC&pg=PA31.
- ↑ Allison B. Kaufman; James C. Kaufman (2019). Pseudoscience: The Conspiracy Against Science (illustrated সম্পাদনা). MIT Press. পৃষ্ঠা. 9. ISBN 978-0-262-53704-9. https://books.google.com/books?id=ZLT4DwAAQBAJ. Extract of page 9
- ↑ Márcia Lemos (2017). Exchanges between Literature and Science from the 1800s to the 2000s: Converging Realms (reprinted সম্পাদনা). Cambridge Scholars Publishing. পৃষ্ঠা. 83. ISBN 978-1-4438-7605-6. https://books.google.com/books?id=6xNUDgAAQBAJ. Extract of page 83
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;Newton's Alchemy and His Theory of Matter
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Opticks, 2nd Ed 1706. Query 8.
- ↑ 97.0 97.1 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;OPN1
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Tyndall, John. (1880). Popular Science Monthly Volume 17, July. s:Popular Science Monthly/Volume 17/July 1880/Goethe's Farbenlehre: Theory of Colors II
- টোকা
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আইজাক নিউটন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Newton's Scholar Google profile
- ScienceWorld biography by Eric Weisstein
- Dictionary of Scientific Biography
- "The Newton Project"
- "The Newton Project – Canada"
- "Rebuttal of Newton's astrology" (via archive.org)
- "Newton's Religious Views Reconsidered" Archived 2007-09-27 at the Wayback Machine
- "Newton's Royal Mint Reports"
- "Newton's Dark Secrets" - NOVA TV programme
- from The Stanford Encyclopedia of Philosophy:
- "Isaac Newton", by George Smith
- "Newton's Philosophiae Naturalis Principia Mathematica", by George Smith
- "Newton's Philosophy", by Andrew Janiak
- "Newton's views on space, time, and motion", by Robert Rynasiewicz
- "Newton's Castle" - educational material
- "The Chymistry of Isaac Newton", research on his alchemical writings
- "FMA Live!" Archived 2016-04-02 at the Wayback Machine - program for teaching Newton's laws to kids
- Newton's religious position Archived 2009-08-22 at the Wayback Machine
- The "General Scholium" to Newton's Principia Archived 2003-05-13 at Archive.today
- Kandaswamy, Anand M. "The Newton/Leibniz Conflict in Context"
- Newton's First ODE Archived 2007-07-05 at the Wayback Machine – A study by on how Newton approximated the solutions of a first-order ODE using infinite series
- অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "আইজাক নিউটন", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Newton.html.
- আইজাক নিউটন সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- "The Mind of Isaac Newton" Archived 2006-12-13 at the Wayback Machine - images, audio, animations and interactive segments
- Enlightening Science Videos on Newton's biography, optics, physics, reception, and on his views on science and religion
- Newton biography (University of St Andrews)
- Chisholm, Hugh, ed. (1911). "Newton, Sir Isaac". Encyclopædia Britannica (11th ed.). Cambridge University Press.
- and see at s:Author:Isaac Newton for the following works about him:
- "Newton, Sir Isaac" in A Short Biographical Dictionary of English Literature by John William Cousin, London: J. M. Dent & Sons, 1910.
- "Newton, Isaac," in Dictionary of National Biography, London: Smith, Elder, & Co., (1885–1900)
- Memoirs of Sir Isaac Newton's life by William Stukeley, 1752
- নিউটনৰ লিখনি
- Newton's works – full texts, at the Newton Project
- The Newton Manuscripts at the National Library of Israel - the collection of all his religious writings
- Isaac Newton-ৰ সাহিত্যকৰ্ম আৰু ৰচনাৱলী - গুটেনবাৰ্গ প্ৰকল্প
- "Newton's Principia" Archived 2009-08-10 at the Wayback Machine – read and search
- Descartes, Space, and Body and A New Theory of Light and Colour, modernised readable versions by Jonathan Bennett
- Opticks, or a Treatise of the Reflections, Refractions, Inflexions and Colours of Light, full text on archive.org
- "Newton Papers" - Cambridge Digital Library
- See Wikisource at s:Author:Isaac Newton for the following works by him:
- Philosophiae Naturalis Principia Mathematica
- Opticks: or, a Treatise of the Reflections, Refractions, Inflections and Colours of Light
- Observations upon the Prophecies of Daniel and the Apocalypse of St. John
- New Theory About Light and Colour
- An Historical Account of Two Notable Corruptions of Scripture
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল