আব্দুল মতলিব মজুমদাৰ (ইংৰাজী: Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১ তাৰিখে, হাইলাকন্দি জিলাৰ বৰজুৰাই গাঁৱত৷[1][2]

হাইলাকান্দিৰ ভিক্টোৰিয়া মেম’ৰিয়েল হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি “আৰ্ল মেডেল’’ লাভ কৰে আৰু ঢাকালৈ গৈ বি,এ আৰু ইংৰাজীত এম,এ উপাধি লৈ তিনিবছৰ পাছত আইনৰো স্নাতক ডিগ্ৰী লাভ কৰে৷[1][2]

কৰ্মজীৱন

সম্পাদনা কৰক

শিক্ষা সাং কৰি তেওঁ শ্বিলঙৰ অসম সচিবালয়ত কিছুকাল চাকৰি কৰাৰ পাছত হাইলাকান্দিত ওকালতি কৰিবলৈ লয়, আৰু তেতিয়াই তেওঁ খিলাফৎ আন্দোলনত যোগ দিয়ে৷[1][2]

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

১৯২৫ চনৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে আৰু স্বাধীনতা যুঁজত অংশ গ্ৰহণ কৰে৷ ১৯৩৭ চনত তেওঁ হাইলাকান্দি জিলা কংগ্ৰেছ কমিটি গঠন কৰে আৰু তেওঁ তাৰ সভাপতিৰ পদ গ্ৰহণ কৰে৷ ১৯৪৫ চনত তেওঁ হাইলাকান্দি লোকেল বোৰ্ডৰ সভাপতি হয়৷ লোকেল বোৰ্ডৰ তেৱেঁই আছিল প্ৰথম ভাৰতীয় সভাপতি৷ ১৯৪৬ চনত মুছলিম লীগৰ প্ৰাৰ্থীক হৰুৱাই বিধান সভালৈ নিৰ্বাচিত হয় আৰু গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্যপদ লাভ কৰে৷[3] তেওঁ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাতো মন্ত্ৰীপদ লাছ কৰিছিল৷ ১৯৬২ চনত তেওঁ নিৰ্বাচনত পৰাজিত হয় কিন্তু বিমলাপ্ৰসাদ চলিহাৰ অনুৰোধত পুনৰ ১৯৬৭ চনত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয় আৰু চলিহা মন্ত্ৰীসভাৰ সদস্য[3] হৈ কিছুকাল থাকি তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰে৷ স্বাধীনতা লাভৰ সময়ত তেওঁ কাছাৰ জিলাক চিলেটৰ লগত সংযুক্ত কৰাৰ বিৰোধীতা কৰিছিল৷[1][2]

১৯৮০ চনৰ ২০ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়৷[1][2]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৮. ISBN 978-81-7339-428-7. 
  2. 2.0 2.1 2.2 2.3 2.4 ৰহমান, আবদুৰ (২০০৮). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৮৩. 
  3. 3.0 3.1 কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০৭, ১৪৩.