ইনফোচিচ লিমিটেড
ইনফোচিছ লিমিটেড (ইংৰাজী: Infosys Limited) হৈছে এক ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী যি ব্যৱসায়িক পৰামৰ্শ, তথ্য প্ৰযুক্তি, আৰু আউটচৰ্চিং সেৱা আগবঢ়ায়। [1]পুনেত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত। ২০২১ চনৰ ২৪ আগষ্টত ইনফোচিছ ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ বজাৰ মূলধন প্ৰাপ্ত কৰা চতুৰ্থ ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হয়।[2][3] ২০২৪ চনলৈকে ৰাজহ আৰু বজাৰ মূলধনৰ ক্ষেত্ৰত ইনফোচিছ হৈছে দ্বিতীয় সৰ্ববৃহৎ ভাৰতীয় ডাঙৰ প্ৰযুক্তিৰ কোম্পানী।[1]
ইতিহাস
সম্পাদনা কৰকইনফোচিছ ১৯৮১ চনৰ ২ জুলাইত পুনেত এন আৰ নাৰায়ণ মূৰ্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁৰ সৈতে আন ছয়জন আছিল: নন্দন নিলেকানি, এন এছ ৰাঘৱন, ক্ৰিছ গোপালকৃষ্ণন, এছ ডি শিবুলাল, কে. দিনেশ আৰু অশোক অৰোৰা। আনুষ্ঠানিকভাৱে ৰাঘৱনৰ সৈতে কোম্পানীটোৰ প্ৰথম কৰ্মচাৰী। মূৰ্তিয়ে তেওঁৰ পত্নী সুধা মূৰ্তিৰ পৰা ১০,০০০ টকাৰে কোম্পানীটো আৰম্ভ কৰিছিল। যাৰ প্ৰাৰম্ভিক মূলধন আছিল $২৫০। [4] ১৯৮১ চনৰ ২ জুলাইত ইয়াক ইনফোচিছ কনছাল্টেণ্ট প্ৰাইভেট লিমিটেড হিচাপে পঞ্জীয়ন কৰা হৈছিল।[5] ১৯৮৩ চনত ই কৰ্ণাটকৰ বেংগালুৰুলৈ স্থানান্তৰিত হয়।
কোম্পানীটোৱে ১৯৯২ চনৰ এপ্ৰিলত ইয়াৰ নাম সলনি কৰি ইনফোচিছ টেকন'লজিছ প্ৰাইভেট লিমিটেড ৰাখিছিল আৰু ১৯৯২ চনৰ জুন মাহত ৰাজহুৱা সীমিত কোম্পানী হোৱাৰ সময়ত ইনফোচিছ টেকন'লজিছ লিমিটেড হৈ পৰিছিল।[6] ২০১১ চনৰ জুন মাহত কোম্পানীটোৰ নাম সলনি কৰি ইনফোচিছ লিমিটেড ৰখা হয়।[7]
কামসমূহ
সম্পাদনা কৰকভৌগোলিক অৱস্থিতি
সম্পাদনা কৰক২০২৪ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে ইনফোচিছে বিশ্বব্যাপী ৯৪টা বিক্ৰী আৰু বিপণন কাৰ্যালয় আৰু ১৩৯টা উন্নয়ন কেন্দ্ৰ পৰিচালনা কৰি আহিছে। কোম্পানীটোৰ কাৰ্যকলাপ ভাৰত, আমেৰিকা যুক্তৰাজ্য, কানাডা, চীন, অষ্ট্ৰেলিয়া, জাপান, মধ্য প্ৰাচ্য আৰু ইউৰোপকে ধৰি মুখ্য অঞ্চলবোৰত বিয়পি আছে।[8] ২০২৩-২০২৪ বিত্তীয় বৰ্ষত, ইনফোচিছে ইয়াৰ ৰাজহৰ প্ৰায় ৬১%, উত্তৰ আমেৰিকাৰ পৰা ২৫%, ইউৰোপৰ পৰা ৩%, ভাৰতৰ পৰা ৩% আৰু মধ্য প্ৰাচ্য, অষ্ট্ৰেলিয়া আৰু জাপানকে ধৰি অন্যান্য অঞ্চলৰ পৰা ১১% ৰাজহ উপাৰ্জন কৰিছিল।[9]
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনআক্ৰমণৰ পিছত ইনফোচিছে পৰীক্ষাৰ সন্মুখীন হৈছিল। কোম্পানীটোৱে স্পষ্ট কৰিছিল যে ৰাছিয়ান প্ৰতিষ্ঠানসমূহৰ সৈতে ইয়াৰ কোনো সক্ৰিয় সম্পৰ্ক নাই।[10][11]
কৰ্মচাৰী
সম্পাদনা কৰক২০২৪ চনৰ ৩১ মাৰ্চ তাৰিখলৈকে ইনফোচিছে মুঠ ৩৪৩,২৩৪জন লোকক নিযুক্তি দিছিল। কৰ্মচাৰী সকলক সাধাৰণতে "ইনফোস্কিয়ন" বুলি কোৱা হয়। ইয়াৰ ভিতৰত ৪০.১% মহিলা আছিল। [12]এই কৰ্মচাৰীসকলৰ ভিতৰত ৩০২,৮৫০জন ছফটৱেৰ পেছাদাৰী, আনহাতে বাকী ৪০,৩৮৪জন বিক্ৰী আৰু সমৰ্থন ভূমিকাত নিয়োজিত।[12]
মহীশূৰত থকা প্ৰশিক্ষণ কেন্দ্ৰ
সম্পাদনা কৰকবিশ্বৰ সৰ্ববৃহৎ কৰ্পোৰেট বিশ্ববিদ্যালয় হিচাপে ৩৩৭ [13]একৰ চৌহদত অৱস্থিত ইনফোচিছ গ্লোবেল এডুকেশ্বন চেণ্টাৰত ৪০০জন প্ৰশিক্ষক আৰু ২০০ ৰো অধিক শ্ৰেণীকোঠা আছে। [14]এই প্ৰশিক্ষণ কেন্দ্ৰই আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰে। ২০০২ চনত স্থাপিত আৰু ২০১৫ চনৰ জুনৰ ভিতৰত প্ৰায় ১২৫,০০০ অভিযান্ত্ৰিক স্নাতকক প্ৰশিক্ষণ দিয়া হৈছিল।[14] কেন্দ্ৰটোৱে বিভিন্ন প্ৰযুক্তিৰ যিকোনো সময়তে ১৪,০০০ কৰ্মচাৰীক আসন আৰু প্ৰশিক্ষণ দিব পাৰে।[15]
মুখ্য কাৰ্যবাহী বিষয়া
সম্পাদনা কৰক১৯৮১ চনত ইনফোচিছ প্ৰতিষ্ঠা হোৱাৰ পৰা ২০১৪ চনলৈকে ইনফোচিছৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল ইয়াৰ প্ৰতিষ্ঠাপক প্ৰাৰম্ভিক ২১ বছৰৰ বাবে এন. আৰ. নাৰায়ণ মূৰ্তি। এইখিনি সময়ত তেওঁ কোম্পানীটোৰ নেতৃত্ব দিছিল। ড. বিশাল চিক্কা আছিল প্ৰথম বাহ্যিক মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ প্ৰায় তিনি বছৰ সেৱা আগবঢ়াইছিল। [16]
বিতৰ্ক
সম্পাদনা কৰকআমেৰিকা যুক্তৰাষ্ট্ৰত কৰ জালিয়াতীৰ নিষ্পত্তি
২০১৯ চনৰ ডিচেম্বৰত কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল জেভিয়াৰ বেকাৰে ইনফোচিছ আৰু ইয়াৰ বিপিএম (ব্যৱসায় প্ৰক্ৰিয়া ব্যৱস্থাপনা) সহায়ক কোম্পানীৰ সৈতে জড়িত ৮০০,০০০ ডলাৰৰ নিষ্পত্তি ঘোষণা কৰিছিল। কেলিফৰ্ণিয়া ৰাজ্যৰ ৱেবছাইটত এক চৰকাৰী বিবৃতি অনুসৰি, ২০০৬ আৰু ২০১৭ চনৰ ভিতৰত প্ৰায় ৫০০ ইনফোচিছ কৰ্মচাৰীয়ে প্ৰয়োজনীয় এইচ-1বি ভিছাৰ পৰিৱৰ্তে ইনফোচিছ-পৃষ্ঠপোষকতাত বি-1 ভিছাত ৰাজ্যখনত কাম কৰি থকা দেখা গৈছিল।[17][18]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Infosys Overview". Infosys. https://www.infosys.com/about.html। আহৰণ কৰা হৈছে: 17 August 2024.
- ↑ "Infosys becomes 4th Indian company to touch $100 bn market cap". The Times of India. https://timesofindia.indiatimes.com/business/india-business/infosys-becomes-fourth-indian-firm-to-touch-100-billion-market-cap/articleshow/85612033.cms.
- ↑ Salil, K. (2021-08-24). "Infosys becomes fourth Indian company to reach market cap of $100 billion". The Federal. https://thefederal.com/business/infosys-becomes-fourth-indian-company-to-reach-market-cap-of-100-billion/। আহৰণ কৰা হৈছে: 2021-08-31.
- ↑ "Major events in the history of Infosys". Rediff.com Business. http://www.rediff.com/business/slide-show/slide-show-1-tech-major-events-in-the-history-of-infosys/20130602.htm#1। আহৰণ কৰা হৈছে: 17 August 2024.
- ↑ "Company History of Infosys". Moneycontrol.com. http://www.moneycontrol.com/company-facts/infosys/history/IT#IT। আহৰণ কৰা হৈছে: 7 October 2017.
- ↑ "Not Just Narayana Murthy, Here's The Untold Story Of Infosys' Six Other Co-Founders". IndiaTimes. 2023-10-12. https://www.indiatimes.com/worth/news/untold-story-of-infosys-co-founders-617481.html। আহৰণ কৰা হৈছে: 17 August 2024.
- ↑ "About Infosys". Infosys. http://www.infosys.com/about/Pages/history.aspx। আহৰণ কৰা হৈছে: 17 August 2024.
- ↑ About Us, Infosys.com, https://www.infosys.com/about.html, আহৰণ কৰা হৈছে: 17 August 2024
- ↑ Infosys Annual Report 2023-24, Infosys.com, https://www.infosys.com/investors/reports-filings/annual-report/annual/documents/infosys-annual-report-2023.pdf, আহৰণ কৰা হৈছে: 16 August 2024[সংযোগবিহীন উৎস]
- ↑ "Rishi Sunak faces questions over wife Akshata Murty's non-dom tax status". BBC News. 2022-03-25. https://www.bbc.com/news/uk-politics-61017993। আহৰণ কৰা হৈছে: 2022-04-07.
- ↑ "Infosys has team of less than 100 in Russia, transitioning them outside: CEO Parekh". Business Today. 2022-06-26. https://www.businesstoday.in/latest/corporate/story/infosys-has-team-of-less-than-100-in-russia-transitioning-them-outside-ceo-parekh-339217-2022-06-26। আহৰণ কৰা হৈছে: 2022-12-13.
- ↑ 12.0 12.1 Ltd., Infosys (April 2024). "Infosys Annual Report FY23-24". infosys.comInfosys. https://www.infosys.com/investors/reports-filings/annual-report/annual/documents/infosys-ar-24.pdf। আহৰণ কৰা হৈছে: 2024-08-17.
- ↑ "Infosys campus reflects commitment to a greener world". Infosys. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927071333/http://www.infosys.com/sustainability/green-innovation/Pages/mysore-campus.aspx। আহৰণ কৰা হৈছে: 9 September 2013.
- ↑ 14.0 14.1 "Infosys has trained 100,000 graduates at Mysore campus". Mathrubhumi. 1 June 2012. Archived from the original on 28 September 2013. https://web.archive.org/web/20130928180432/http://www.mathrubhumi.com/english/story.php?id=124351.
- ↑ "Infosys builds world's biggest training centre in Mysore". Mysore Samachar. 9 September 2013. http://www.mysoresamachar.com/info_trg_cent.htm। আহৰণ কৰা হৈছে: 2024-08-17.
- ↑ "Infosys Names Vishal Sikka First External CEO; Chairman Murthy to Step Down". NDTV Gadgets. 12 June 2014. http://gadgets.ndtv.com/others/news/infosys-names-vishal-sikka-as-first-external-ceo-540106?pfrom=home-rightnow। আহৰণ কৰা হৈছে: 2024-08-17.
- ↑ "Attorney General Becerra Announces $800,000 Settlement Against Infosys for Misclassification of Foreign Workers and Tax Fraud". State of California – Department of Justice – Office of the Attorney General. 17 December 2019. https://oag.ca.gov/news/press-releases/attorney-general-becerra-announces-800000-settlement-against-infosys। আহৰণ কৰা হৈছে: 23 October 2020.
- ↑ "Infosys to Settle Visa Violation Case in California for $800,000". The Hindu. 18 December 2019. ISSN 0971-751X. https://www.thehindu.com/news/international/infosys-to-settle-visa-violation-case-in-california-for-800000/article30335612.ece.