উইলিয়াম ৱাৰ্ড (? -- ১ আগষ্ট ১৮৭৩) অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম। ১৮৪৩ চনত খৃষ্টান ধৰ্মত দীক্ষা লৈ আমেৰিকাৰপৰা ১৮৫০ চনত আহি গুৱাহাটীত উপস্থিত হয় আৰু 'বেপ্টিষ্ট মিছন'ত যোগ দিয়ে। ১৮৫৭ চনৰপৰা ১৮৬০ চনলৈ স্বাস্থ্যোদ্ধাৰৰ বাবে আমেৰিকালৈ যায়। উভতি আহি শিৱসাগৰ বেপ্টিষ্ট মিছনত যোগ দিয়ে। ১৮৬১ চনৰপৰা শিৱসাগৰ এৰালৈ (১৮৬৮/১৮৬৯) 'অৰুণোদই' কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল।[1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী