ৰাজখোৱা হত্যাকাণ্ড

১৯৭০ চনত ধুবুৰীত সংঘটিত হত্যাকাণ্ড
(উপেন ৰাজখোৱাৰ ফাঁচীৰ পৰা পুনঃনিৰ্দেশিত)

ৰাজখোৱা হত্যাকাণ্ডই ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডক সূচায়। গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাই তেওঁৰ চৰকাৰী বাসভৱনত ১৯৭০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ পত্নী আৰু বৰজীয়ৰীক হত্যা কৰি গাঁতত পুতি থয়। আকৌ গুৱাহাটীত পঢ়ি থকা মাজু আৰু সৰু জীয়ৰীকো মাতি আনি সেই মাহৰে ২৫ তাৰিখে তেওঁলোককো হত্যা কৰে আৰু আগৰ বাৰৰ দৰেই গাঁতত পুতি থয়। ৰাজখোৱাই সংঘটিত কৰা এই হত্যাকাণ্ডত সহযোগিতা কৰে তেওঁৰ অৰ্ডালী উমেশ বৈশ্যই।[1] এই জঘন্য অপৰাধৰ শাস্তি স্বৰূপে ১৯৭৬ চনত ৰাজখোৱাক যোৰহাট কাৰাগাৰত ফাঁচী দিয়া হয়।[2]

ৰাজখোৱা হত্যাকাণ্ড

হত্যাকাণ্ড সংঘটিত হোৱা চৰকাৰী বাসভৱনটো। ২০১৫ চনত এই ভৱনটো ভাঙি নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়।
স্থান ধুবুৰী, পূৰ্বৰ গোৱালপাৰা জিলা, অসম
তাৰিখ ১০ ফেব্ৰুৱাৰী ১৯৭০ (1970-02-10)
২৫ ফেব্ৰুৱাৰী ১৯৭০ (1970-02-25)
আক্ৰমণৰ প্ৰকাৰ হত্যা
নিহত পুতুলী ৰাজখোৱা
নিৰ্মালী ৰাজখোৱা
জোনালী ৰাজখোৱা
ৰূপালী ৰাজখোৱা
(৪ জন)
ঘাতক ২ জন

হত্যাকাণ্ড

সম্পাদনা কৰক
 
অসম বাণী কাকতত প্ৰকাশ পোৱা এখন গ্ৰুপ ফটো, য’ত উপেন ৰাজখোৱা, তেওঁৰ পত্নী আৰু তিনি জীয়ৰীক দেখা গৈছে।

১৯৬৯-ত উপেন ৰাজখোৱাই ধুবুৰীত জিলা আৰু সত্ৰ ন্যায়ধীশ ৰূপে যোগদান কৰে। প্ৰথমে তেওঁ কেইদিনমান অকলে চাৰ্কিট হাউচত আছিল আৰু তাৰপিছত তেওঁ চৰকাৰী বাসভৱনলৈ স্থানান্তৰিত হয়। ১৯৬৯ চনৰ পূজাৰ বন্ধত গুৱাহাটীৰ ভাৰাঘৰৰ পৰা পত্নী পুতুলী ৰাজখোৱা, বৰজীয়ৰী নিৰ্মালী (লিনু), মাজু জীয়ৰী জোনালী (লুনা) আৰু সৰু জীয়ৰী ৰূপালী (ৰূপলেখা ওৰফে ভণ্টু) ধুবুৰীলৈ আহে। বন্ধ খোলাৰ পিছত সন্দিকৈ কলেজত পঢ়ি থকা মাজু জীয়ৰী জোনালী আৰু সৰু জীয়ৰী ৰূপালী পুনৰ গুৱাহাটীলৈ উভতি যায়।[1]

১৯৭০ চনৰ মাঘৰ বিহুৰ পূৰ্বে জিলা ন্যায়াধীশৰ আদালতৰ তিনিজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে ৰাজখোৱাৰ বাসভৱনৰ ওচৰত থকা গছৰ মূঢ়া এটা উভালে। মূঢ়াটো উভালোঁতে সৃষ্টি হোৱা গাঁতটো কিন্তু ফুলৰ পুলি ৰোৱাৰ অজুহাতত পুতিবলৈ কৰ্মচাৰীকেইজনক বাৰণ কৰিলে। কেইদিনমান পিছত বাসভৱনৰ চৌহদতে অলপ আঁতৰত কৰ্মচাৰী এজনৰ হতুৱাই আন এটা গাঁত খন্দায়।[1]

১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত ৰাজখোৱাই অৱসৰ গ্ৰহণ কৰে। পিছদিনা তেওঁ শালপতি, আৰক্ষী বিষয়া বৰদা শৰ্মাক গুৱাহাটীত থকা তেওঁলোকৰ ভাৰাঘৰটো ফোন কৰি খালী কৰাবলৈ জনায়। ১০ ফেব্ৰুৱাৰীৰ দিনা আছিল সৰস্বতী পূজা। ৰাজখোৱাই কৰ্মচাৰীখিনিত পূজা চাবলৈ পঠিয়ায়। তেওঁ পৰিয়ালসহ লৈ বজাৰলৈ যায় আৰু নিশা ৮বজাত উভতি আহে। তাৰপিছত নিশাৰ আহাৰ গ্ৰহণ কৰি জুই পুৱাই থকা ৰাজখোৱাই পত্নী আৰু জীয়ৰী নিৰ্মালীৰ সৈতে জুই পুৱাই থকা কৰ্মচাৰীকেইজনে প্ৰত্যক্ষ কৰে।[1]

পিছদিনা ৰাজখোৱাই তেওঁৰ কৰ্মচাৰীকেইজনক জনায় যে শ্ৰীমতী ৰাজখোৱা আৰু জীয়ৰী নিৰ্মালী পুৱাতে গুৱাহাটীলৈ গুছি গ’ল। তেওঁলোকক একো এটা নোকোৱাকৈ এনেকৈ মেমচাহাবহঁত এনেকৈ গুছি যোৱা বুলি শুনি তেওঁলোক আচৰিত হয়। আন এক আশ্চৰ্যজনক কথা বিজন নামৰ পিয়নজনে মন কৰে যে ৰাজখোৱাই নিজে গাধোৱা ঘৰত কাপোৰ ধুই আছে। অথচ এনে ধৰণৰ কাম কৰিবলৈ ঘৰখনত একাধিক কৰ্মচাৰী আছে। পিয়নজনে লগতে মন কৰে যে বাথৰুমৰ পৰা ৰঙাৰঙা পানী বৈ আহিছে। ধোৱা হোৱা পিছত কাপোৰবোৰ ৰাজখোৱাই নিজেই ৰ’দত শুকাবলৈ মেলি দিয়ে।[1]

১৪ ফেব্ৰুৱাৰীত ৰাজখোৱাই গুৱাহাটীত থকা মাজু জীয়েক জোনালী আৰু সৰু জীয়েক ৰূপালীক ধুবুৰীলৈ মাতি পঠিয়ায়। ইতিমধ্যে তেওঁ মাজু আৰু সৰু জীয়েকৰ লগতে আৰু কাৰোবাক কাৰোবাক জনায় যে পত্নী আৰু বৰজীয়ৰী গুৱাহাটীৰ সলনি ৰুগীয়া আত্মীয় এজনৰ খবৰ কৰিবলৈ কোকৰাঝাৰলৈ গৈছে। ধুবুৰীলৈ অহাৰ পিছত ৰাজখোৱাই জীয়েক দুজনীৰ লগত হাঁহি-মাতি কথা পাতি থাকে; একেলগে বেডমিণ্টন খেলে আৰু একেলগতে চিনেমাহললৈ গৈ চিনেমাও চায়। ২৫ ফেব্ৰুৱাৰী দিনৰ দহ বজালৈকে পিয়ন বিজনে জোনালী আৰু ৰূপালীক জীৱন্তে দেখা পায়। আবেলি পিয়নজন বাংলোলৈ আহে; কিন্তু জোনালী আৰু ৰূপালীক দেখা নাপায়। ৰাজখোৱাই তেওঁক কয় যে জীয়েক দুজনীৰ পৰীক্ষা ওচৰচপা বাবে বন্ধু এজনৰ গাড়ীতে আকৌ গুৱাহাটীলৈ পঠিয়াই দিলে। ২৬ ফেব্ৰুৱাৰীৰ দিনা পুৱা দ্বিতীয় গাঁতটো অৰ্ডালী উমেশৰ হতুৱাই পোতাই পেলোৱা দেখা যায়।[1]

অপৰাধী কৰায়ত্ব

সম্পাদনা কৰক

এপ্ৰিল মাহৰ ১৪ তাৰিখলৈ ৰাজখোৱা ধুবুৰীতে থাকিল। ১৫ তাৰিখে তেওঁ পশ্চিম বংগৰ শিলিগুৰিলৈ গুছি গ’ল। ইফালে পৰিয়ালটোৰ লগত কোনো যোগাযোগ নোহোৱাত নামনি অসমৰ আৰক্ষীৰ পশ্চিম অসমৰ উপ মহাপৰিদৰ্শন ৰূপে কৰ্মৰত ৰাজখোৱাৰ আত্মীয় বৰদা শৰ্মাৰ সন্দেহ উপজিল। অৱশেষত ২৫ জুলাই তাৰিখে ধুবুৰীৰ থানাৰ উপ পৰিদৰ্শক এজন, পুতুলী ৰাজখোৱাৰ ভাতৃ অপূৰ্ব বৰুৱাক লৈ বৰদা শৰ্মা ৰাজখোৱাই আত্মগোপন কৰি থকা শিলিগুৰিৰ চেভয় হোটেল ওলালগৈ। বৰকৈ জোৰ কৰাত ৰাজখোৱাই কাগজ এখনত লিখি দিয়ে, ‘পুতুলী, লিনা, লিনু আৰু ভণ্টু আৰু এই পৃথিৱীত নাই।’ তাৰপিছত ৰাজখোৱাই এক কাল্পনিক কাহিনী শুনায়। তেওঁ কয় যে বাৰা্ন্দাত পিছল পতুলীৰ মৃত্যু হয় আৰু মাকৰ মৃত্যু হোৱাত মনৰ বেজাৰত ডাঙৰ জীয়েক নিৰ্মালীয়ে শ্লিপিং টেবলেট খাই আত্মহত্যা কৰে। মৃতদেহকেইটা ৰাজখোৱাই বিহাৰী বনুৱা লগাই ব্ৰহ্মপুত্ৰত পেলাই দিয়ে। পিছত মাজু আৰু সৰু জীয়েকেও মাক আৰু বায়েকৰ মৃত্যুৰ কথা শুনি ব্ৰহ্মুপুত্ৰত জপিয়াই আত্মহত্যা কৰে।[3]

মৃতদেহকেইটা ক’ত পেলাইছে, দেখুৱাই দিবলৈ আৰু তেওঁৰ এই ভাষ্য দন্দাধীশৰ ওচৰত লিপিবদ্ধ কৰাবলৈ তেওঁক লৈ আহিব বিচৰাত পেটত চুৰিকাঘাত কৰি আত্মহত্যাৰ প্ৰচেষ্টা চলায়। ততাতৈয়াকৈ তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। অলপ সুস্থ হোৱাৰ পিছত তেওঁৰ ওপৰত পুনৰ জেৰা চলোৱা হয়। অৱশেষত ৯ আগষ্টত তেওঁ সঁচা কথা প্ৰকাশ কৰে। আৰক্ষীৰ আগত তেওঁ জনায় যে তেওঁৰ অৰ্ডালী উমেশ বৈশ্যৰ সহযোগত তেওঁ পত্নী আৰু তিনিওজনী জীয়েকক হত্যা কৰি তেওঁৰ বাসভৱনৰ চৌহদতে পুতি থৈছে। গুৱাহাটীৰ পৰা উমেশক গ্ৰেপ্তাৰ কৰা হ’ল। তেওঁ দেখুৱাই দিয়া স্থানতে দুটাকৈ গাঁতত মৃতদেহ চাৰিটা উদ্ধাৰ হয়।[3]

বিচাৰ আৰু শাস্তি

সম্পাদনা কৰক

ৰাজখোৱাক গ্ৰেপ্তাৰ কৰি ধুবুৰী কাৰাগাৰত ৰখা হয়। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ দ্বিতীয় বাৰৰ বাবে আত্মহত্যাৰ প্ৰচেষ্টা চলায়। আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ হোৱা এটা টোকাত ৰাজখোৱাই লিখিছিল, …মোৰ পত্নী পুতুলী আৰু জীয়ৰী লিনু, লুনা আৰু ভণ্টুৰ ইতিমধ্যে মৃত্যু হৈছে।গতিকে সিহঁতৰ অবিহনে মোৰো জীয়াই থকাৰ কোনো কাৰণ নাই। ইয়াৰ পৰা গম পোৱা গৈছিল যে তেওঁ প্ৰচণ্ড আত্মগ্লানিত ভূগিছিল। বিচাৰ চলি থকা অৱস্থাত তেওঁ আৰক্ষীৰ ওচৰত বিশেষ মুখ নুখুলিলে। তেওঁৰ সন্দেহজনক নিৰৱতাৰ বাবে গোৱালপাৰা জিলাৰ চিভিল চাৰ্জনে তেওঁৰ মাজত দেখা অস্বাভাৱিতকা কিছুমানৰ পৰীক্ষণৰ বাবে তেজপুৰ মানসিক চিকিৎসালয়লৈ পঠোৱাৰ পোষকতা কৰিছিল। কিন্তু ৰাজখোৱাই আদালতৰ কাঠগঢ়াত ঠিয় হৈ বিচাৰকক কৈছিল যে তেওঁ শাৰিৰীক আৰু মানসিকভাবে সম্পূৰ্ণ সুস্থ। তেওঁৰ দৰে মানুহ এজনক মানসিক চিকিৎসালয়লৈ পঠিওৱাটো হ’ব পাৰে এক অমানৱীয় অত্যাচাৰ।[1]

ধুবুৰীৰ নিম্ন আদালতে ৰাজখোৱাক ফাঁচীৰ হুকুম দিয়ে। সেই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আপীল কৰা হয়। ৬ আগষ্ট, ১৯৭৪-ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সংক্ৰান্তত ৰায়দান দিয়ে। উচ্চ ন্যায়ালয়ৰ এই ৰায়ত ভাৰতীয় দণ্ড বিধিৰ ৩০২, ৩০২/৩৪, ২০১, ২০১/৩৪ ধাৰাত হত্যাকাণ্ড আৰু প্ৰমাণ লুকুওৱাৰ অভিযোগত উপেন ৰাজখোৱাক ফাঁচীৰ (hang until death) আৰু একে ধাৰাৰ অধীনত উমেশ বৈশ্যক যাৱজ্জীৱন কাৰাবাসৰ হুকুম শুনোৱা হয়। উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো আপীল কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ হুকুমকে বাহাল ৰাখে। ৰাজখোৱাই ভাৰতৰ ৰাষ্ট্ৰপতিলৈও ক্ষমাপ্ৰাৰ্থনা বিচাৰি আবেদন কৰিছিল যদিও আবেদন বাতিল হয়।[1]

১৪ ফেব্ৰুৱাৰী ১৯৭৬-ত যোৰহাট কাৰাগাৰত উপেন ৰাজখোৱাক ফাঁচী দিয়া হয়।[2]

জনপ্ৰিয় সংস্কৃতিত

সম্পাদনা কৰক
  • এই হত্যাকাণ্ডৰ ঘটনাই সেই সময়ত অসমত যথেষ্ঠ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অসমবাণী কাকতত যুব সাংবাদিক নিৰোদ চৌধুৰীয়ে হত্যাকাণ্ডৰ ঘটনাক লৈ এলানি প্ৰতিবেদন লিখিছিল; যিবোৰ পাঠকৰ মাজত অতিশয় জনপ্ৰিয় হৈছিল। চাৰি দশক পিছত এই প্ৰতিবেদনসমূহ একত্ৰে সংকলিত কৰি সাহিত্য প্ৰকাশে ধুবুৰীৰ হত্যাকাণ্ড আৰু ৰাজখোৱাৰ বিচাৰ শিৰোনামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰে।[4]
  • ১৯৭৭ চনত ৰাজখোৱা হত্যাকাণ্ডক শিথিল আধাৰ (loosely base) হিচাপে লৈ নিৰ্মিত, আনোৱাৰ হুছেইন পৰিচালিত পাপ আৰু প্ৰায়শ্চিত্ত নামৰ এখন অসমীয়া চলচ্চিত্ৰ মুক্তি লাভ কৰে।[5]
  • ২০২২-২৩ বৰ্ষত বৰদৈচিলা থিয়েটাৰত উপেন ৰাজখোৱাৰ কাহিনীৰ আধাৰত অভিজিত ভট্টাচাৰ্য ৰচিত ফাঁচিকাঠত ৰাজখোৱা শীৰ্ষক নাটখন মঞ্চস্থ কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক