উৎপাদকৰ আচৰণৰ তত্ত্ব

(উৎপাদক আচৰণ তত্ত্বৰ পৰা পুনঃনিৰ্দেশিত)

উৎপাদকৰ আচৰণৰ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধাৰণতে, উৎপাদকে সেই পন্থা অৱলম্বন কৰে, যি পন্থাই তেওঁৰ জ্ঞানৰ আধাৰত, সৰ্বাধিক লাভ প্ৰদান কৰিব।

সেয়ে উৎপাদকৰ বাছনি সমস্যাক এনেদৰে প্ৰকাশ কৰিব পৰা যায়- অৰ্থাৎ, উৎপাদকে তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিসমূহৰ সদিশ ক মান্য গ্ৰহণ কৰি, সেই উপাদানৰ সদিশ চয়ন কৰে যাতে লাভ বৃহদায়িত হয়। ইয়াত লাভক উপাদান আৰু অন্যান্য প্ৰাচলৰ ফলন গণ্য কৰা হয়।

উৎপাদনৰ উপাদান

সম্পাদনা কৰক

উৎপাদনৰ উপাদানৰ মাধ্যমেৰে উৎপন্ন বস্তু উৎপাদন কৰা হয়। সাধাৰণতে চাৰি উপাদানক অধ্যয়ন কৰা হয়- ভূমি, শ্ৰম, মূলধন আৰু সংগঠন[1]। সকলো উপাদানৰ গৰাকী হ'ল পৰিয়াল খণ্ড। পৰিয়াল খণ্ডৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে উপাদান ক্ৰয় কৰে। ভূমিৰ বাবে ভাড়া, শ্ৰমৰ বাবে বেতন, মূলধনৰ বাবে সুদ আৰু সংগঠনৰ বাবে লাভ।

অনেক অৰ্থনৈতিক আৰ্হিত পিচে, কেৱল দুই প্ৰকাৰৰ উপাদান গণ্য কৰা হয়- মূলধন আৰু শ্ৰম। কোনো কোনো আৰ্হিত শ্ৰম বা মূলধনৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰে প্ৰযুক্তি আদিয়ে। উদাহৰণ স্বৰূপে, চলৌ-স্বান আৰ্হিৰ কোনো কোনো ৰূপত উৎপাদন ফলন এনে ধৰণৰ ব্যৱহাৰ কৰা হয়-  , য'ত   আৰু   ক্ৰমে মূলধন, প্ৰযুক্তিৰ (তথা অন্যান্য উৎপাদিকা শক্তি বৃদ্ধি কৰা বস্তুৰ) স্তৰ আৰু শ্ৰম। এনেদৰে শ্ৰমৰ শক্তি বৃদ্ধি কৰা প্ৰযুক্তিক হেৰড-নিৰপেক্ষ বোলা হয়। শ্ৰম আৰ মূলধনৰ উৎপন্ন বস্তুৰ পৰিমাণ বৃদ্ধি কৰা প্ৰযুক্তিক হিক্স-নিৰপেক্ষ বোলা হয়[2]

উৎপাদন ফলন

সম্পাদনা কৰক

উৎপাদন ফলনে ভৌতিক উপাদান আৰু উৎপন্ন বস্তুৰ সম্বন্ধ নিৰ্ণয় কৰে, য'ত অন্যান্য প্ৰাচলৰ মূল্য দিয়া আছে।  , য'ত   হ'ল   উপাদানৰ পৰিমাণ আৰু   প্ৰাচলৰ সদিশ। উৎপাদন ফলন ভিন্ন স্থানত, ভিন্ন সময়ত আৰু ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে পৃথক হ'ব পাৰে। পিচে সাধাৰণতে যিকোনো উৎপাদন ফলনে কিছু বৈশিষ্ট্য প্ৰদৰ্শন কৰে।

উপাদানৰ প্ৰান্তিক আৰু গড় উৎপাদন

সম্পাদনা কৰক
 
এটি উৎপাদন ফলন

সাধাৰণতে উৎপাদন ফলনৰ এক বিশেষ আকাৰ মানি লোৱা হয়। যদি আন সকলো উপাদানৰ পৰিমাণ স্থায়ী, তেন্তে কোনো এক উপাদানৰ পৰিমাণ বৃদ্ধি কৰিলে, সাধাৰণতে প্ৰথমে মুঠ উৎপাদন বাঢ়ি যোৱা হাৰত বৃদ্ধি পাব, তাৰ পৰৱৰ্তী অৱস্থাত স্থায়ী হাৰত বৃদ্ধি পাব আৰু শেষ অৱস্থাত, উপাদানটোৰ পৰিমাণ বৃদ্ধি কৰিলে উৎপন্ন বস্তুৰ পৰিমাণ হ্ৰসমান হাৰত বৃদ্ধি পাব[3]। অৰ্থাৎ, এনে   আছে, যাতে,         ক উপাদান  ৰ প্ৰান্তিক উৎপাদন বোলা হয়। প্ৰথমাৱস্থাত, যেতিয়া প্ৰান্তিক উৎপাদন বৃদ্ধি পায়, গড় উৎপাদন প্ৰান্তিক উৎপাদনতকৈ অধিক হয়। যেতিয়া প্ৰান্তিক উৎপাদন স্থায়ী হয়, গড় উৎপাদন প্ৰান্তিক উৎপাদনৰ সমান হয়। অৱশেষত, যেতিয়া প্ৰান্তিক উপাদান হ্ৰাস পায়, গড় উৎপাদন প্ৰান্তিক উৎপাদনতকৈ কম হয়। প্ৰান্তিক উৎপাদনৰ দৰেই গড় উৎপাদনো প্ৰথমে বৃদ্ধি হয় আৰু তাৰ পাছত হ্ৰাস হয়।

যদি কেৱল এটি উপাদানৰ পাৰিমাণ বৃদ্ধি কৰাৰ সলনি প্ৰত্যেক উপাদান সলনি কৰা হয়, তেতিয়াও উৎপন্ন বস্তুৰ পৰিমাণ সলনি হ'ব। যদিও হ্ৰস্বকালত সকলো উপাদান সলনি কৰিব পৰা নাযায়, দীৰ্ঘকালত তেনে কৰা সম্ভৱ। সাধাৰণতে যুক্তি প্ৰদান কৰা হয় যে হ্ৰস্বকালত শ্ৰমৰ পৰিমাণ সলাব পৰা যায় কিন্তু মূলধনৰ পৰিমাণ সলাব পৰা নাযায়। ধৰি লওক, যদি প্ৰত্যেক প্ৰত্যেক উপাদানৰ পৰিমাণ   গুণ কৰা হ'ল, আৰু ফলস্বৰূপে উৎপন্ন বস্তুৰ পৰিমাণ   গুণ হ'ল। যদি  , তেন্তে কোৱা হয়,Decreasing Returns to Scale প্ৰযোজ্য, যদি  , Constant Returns to Scale প্ৰযোজ্য আৰু যদি  , তেন্তে Decreasing Returns to Scale প্ৰযোজ্য[4]

উৎপাদন সম্ভাৱনীয় সীমাৰেখা

সম্পাদনা কৰক

ধৰি লওক কোনো উৎপাদকে  টা পণ্য উৎপাদন কৰে।   হ'ল এনে এক বাণ্ডল য'ত পণ্য ১ৰ  , পণ্য ২ৰ  , ...., পণ্য nৰ   একক আছে। উৎপাদন সম্ভাৱনীয় সীমাৰেখা (Production Possibility Frontier বা Production Possibility Curve) হৈছে এনে বাণ্ডলসমূহৰ সংহতি য'ত কোনো উৎপাদকে (বৰ্তমানে উপলব্ধ প্ৰযুক্তিৰে) যিকোনো এটা পণ্য অধিক উৎপাদন কৰিবলৈ আন কোনো পণ্যৰ উৎপাদন হ্ৰাস কৰিব লাগিব।[5] এনে কৰিবলগীয়া হয় এই কাৰণে যে বৰ্তমানে কোনো উৎপাদনৰ আহিলে অব্যৱহৃত বা দক্ষতাবিহীনভাৱে ব্যৱহাৰ কৰা হোৱা নাই। সেয়ে, বৰ্তমানে উপলব্ধ আহিলা আৰু প্ৰযুক্তিৰে, আন কোনো পণ্যৰ উৎপাদন হ্ৰাস নকৰাকৈ, কোনো পণ্যৰ উৎপাদন বৃদ্ধি কৰা অসম্ভৱ। এটি সাম্ভাৱ্য সংজ্ঞা হ'ল:  । আনহাতে, উৎপাদন সম্ভাৱনীয়তা সংহতিক (Production Possibility Set) এনেদৰে সংজ্ঞায়িত কৰিব পৰা যায়:  । এই সংহতি এনে সকলো বাণ্ডলৰ সংহতি যি উৎপাদন কৰাৰ ক্ষমতা উৎপাদকৰ আছে। এই সংহতিৰ বাহিৰৰ কোনো বাণ্ডল উৎপাদকে বৰ্তমানৰ আহিলা আৰু প্ৰযুক্তিৰে উৎপাদন কৰিব নোৱাৰে।[6]

সাধাৰণতে, উৎপাদন সম্ভাৱনীয়তা সংহতি এক উত্তল সংহতি।[5] ইয়াৰ কাৰণ অনেক হ'ব পাৰে। যেনে, ধৰি লওক প্ৰত্যেক উপলব্ধ আহিলা প্ৰত্যেক পণ্য উৎপাদন কৰিবলৈ সমানে উপযোগী নহয়। এনে ক্ষেত্ৰত, কোনো তৰ্কসংগত উৎপাদকে, প্ৰথমে সেই আহিলা সেই পণ্যৰ উৎপাদনত প্ৰয়োগ কৰিব যি পণ্যৰ উৎপাদনত আহিলাটো আতাইতকৈ উপযোগী। কোনো পণ্যৰ উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থাকিবলৈ সেয়ে, অনুপযোগীতকৈ অনুপযোগী আহিলা ব্যৱহাৰ কৰিবলগিয়া হ'ব (যিহেতু অধিক উপযোগী আহিলা প্ৰথমেই ব্যৱহাৰ কৰা হ'ল)। এনে কৰাৰ বাবে, আন পণ্যৰ ত্যাগ অধিকতকৈ অধিক কৰিবলগীয়া হ'ব, কাৰণ প্ৰত্যেক অতিৰিক্ত একক উৎপাদন কৰিবলৈ ব্যয় বৃদ্ধি পাব। পণ্য i অধিক উৎপাদন কৰিবলৈ পণ্য jক যি দৰত ত্যাগ কৰিব লাগিব, সেই দৰক Marginal Rate of Technical Substitution বোলা হয়।   যাতে   PPFৰ সদস্য।

উৎপাদনৰ ব্যয়

সম্পাদনা কৰক

উৎপাদকৰ ব্যৱহাৰৰ অধ্যয়নৰ বাবে উৎপাদন ফলনৰ লগত/ সলনি উৎপাদনৰ ব্যয়েৰেও বিশ্লেষণ কৰিব পৰা যায়। যদি উৎপাদন ফলনৰ ওপৰত দিয়াৰ দৰে আকাৰ তেন্তে উৎপাদনৰ ব্যয়ৰো এক বিশেষ আকাৰ দেখা দিয়ে।

উৎপাদনৰ প্ৰান্তিক আৰু গড় ব্যয়

সম্পাদনা কৰক

ধৰি লওক পণ্যৰ q একক উৎপাদন কৰিবলৈ উৎপাদকে অন্ততঃ   ব্যয় কৰিব লাগিব। তেন্তে এই   ফলন, যিকোনো তৰ্ক-সংগত উৎপাদকৰ বাবে হ্ৰস্ব-কালীনভাৱে কম উৎপাদন কৰিলে অৱতল আৰু অধিক উৎপাদন কৰিলে উত্তল। হ্ৰস্ব-কালৰ সংজ্ঞা এয়াই যে উৎপাদকে কেৱল এটি উৎপাদনৰ উপাদানৰ পৰিমাণ সলনি কৰিব পাৰে। আন শব্দত, সাধাৰণতে মানি লোৱা হয় যে   ফলনে Law of Variable Proportions মানি চলে- অৰ্থাৎ,   (প্ৰান্তিক ব্যয়) প্ৰথমে হ্ৰাস পায় আৰু তাৰ পাছত বৃদ্ধি পায়।[7]   যাতে,  ,   আৰু  

এই কথা প্ৰমাণ কৰিব পৰা যায় যে প্ৰান্তিক ব্যয়ৰ দৰেই গড় ব্যয়ো প্ৰথমে হ্ৰাস পায় আৰু তাৰ পাছত বৃদ্ধি পায়। তদুপৰি, গড় ব্যয়ৰ নূন্যতম মূল্য যিমান উৎপাদন কৰিলে পোৱা যায়, সিমান উৎপাদন কৰিলে প্ৰান্তিক ব্যয় আৰু গড় ব্যয় সমান হয়, অৰ্থাৎ,  

লাভ বৃহদায়ন

সম্পাদনা কৰক

উৎপাদকৰ চয়ন সমস্যা হ'ল লাভ বৃহদায়নৰ সমস্যা।[8]

যদি   পণ্যৰ মূল্য আৰু   পণ্যৰ পৰিমাণ, তেন্তে   হ'ল ৰাজহ।   হ'ল লাভ।

এই সমস্যা হ্ৰস্ব-কালত আৰু দীৰ্ঘ-কালত ভিন্ন-ৰূপেৰে সমাধান কৰিব পৰা যায়। হ্ৰস্ব-কালত উৎপাদকে কেৱল এটি উপাদানৰ পৰিমাণ সলনি কৰিব পাৰে (যেনে শ্ৰম কম বা অধিক ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু কম সময়ত যন্ত্ৰ-পাতিৰ দৰে মূলধনৰ পৰিমাণ সলনি কৰা সাধাৰণতে সম্ভৱ নহয়)।[9] ধৰি লওক   য'ত   উপাদান iৰ পৰিমাণ আৰু nটা উপাদানেৰে পণ্য উৎপাদন কৰা হয়। হ্ৰস্বকালত কোনো এটা উপাদান বাদ দি, আন সকলো উপাদানৰ পৰিমাণ ধ্ৰুৱক। ধৰি লওক,  । এনে ক্ষেত্ৰত, এক সাম্ভাৱ্য চয়ন সমস্যা হ'ল,   বৃহদায়িত কৰা   চয়ন কৰি, যাতে,  

দীৰ্ঘ-কালত উৎপাদকে সকলো উপাদানৰ পৰিমাণেই সলনি কৰিব পাৰে। এনে ক্ষেত্ৰত, এটি সাম্ভাৱ্য চয়ন সমস্যা হ'ব,   বৃহদায়িত কৰা,   চয়ন কৰি, যাতে উৎপাদন PPFত হয়। পিচে ভিন ভিন বজাৰত এই সমস্যা ভিন ভিন হ'ব পাৰে, যেনে প্ৰতিযোগিতামূলক বজাৰ, একাধিকাৰ বজাৰ, একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ আদি।

যেতিয়া উৎপাদক লাভ বৃহদায়নত সফল হয়, উৎপাদকে ভাৰসাম্য বা সাম্যাৱস্থা লাভ কৰা বুলি কোৱা হয়। সাধাৰণতে, এই অৱস্থা লাভ কৰা হয় যেতিয়া প্ৰান্তিক ৰাজহ আৰু প্ৰান্তিক ব্যয় সমান হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. https://www.investopedia.com/terms/f/factors-production.asp
  2. ডেভিড ৰমাৰ। এডভাঞ্চ্ড‌ মেক্ৰইকনমিক্স।
  3. https://sites.google.com/site/economicsbasics/returns-to-factors
  4. Returns to Scale. এঞ্চাইক্ল'পিডিয়া ব্ৰিটেনিকা।
  5. 5.0 5.1 Production Possibility Curve. Investopedia.https://www.investopedia.com/terms/p/productionpossibilityfrontier.asp
  6. Production possibility set. Oxford Reference. Retrieved 14 May. 2021, from https://www.oxfordreference.com/view/10.1093/oi/authority.20110803100348928.
  7. Law of Diminishing Marginal Returns. Investopedia. https://www.investopedia.com/terms/l/lawofdiminishingmarginalreturn.asp
  8. https://www.economicshelp.org/blog/3201/economics/profit-maximisation/
  9. Britannica. Maximising Short Run Profits. https://www.britannica.com/topic/theory-of-production/Maximization-of-short-run-profits

লগতে চাওক

সম্পাদনা কৰক