এডমাণ্ড বাৰ্ক ( ইংৰাজী : Edmund Burke; ১২ জানুৱাৰী, ১৭২৯ - ৯ জূলাই, ১৭৯৭)[1] ডাবলিনত জন্মগ্ৰহণ কৰা বাৰ্কে ১৭৬৬ চনৰ পৰা ১৭৯৪ চনৰ ভিতৰত হুইগ পাৰ্টিৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ হাউছ অৱ কমনছত সংসদৰ সদস্য (এম পি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]

Edmund Barke
<centre>এডমাণ্ড বাৰ্ক</centre>
Rector of the University of Glasgow
কাৰ্যকালঃ ১৭৮৩ – ১৭৮৫
পূৰ্ববৰ্তী হেনৰী ডানদাস ( Henry Dundas )
পৰৱৰ্তী ৰবাৰ্ট বেনটেন (Robert Bontine)
সৈন্যবাহিনীৰ বিত্তসচিব (Paymaster of the Forces)
কাৰ্যকালঃ ১৬ এপ্ৰিল, ১৭৮৩ – ৮ জানুৱাৰী ১৭৮৪
প্ৰধানমন্ত্ৰী * পৰ্টলেণ্ডৰ ডিউক (The Duke of Portland) * কনিষ্ঠ উইলিয়াম পিট (William Pitt the Younger)
পূৰ্বৱৰ্তী আইজাক বাৰী (Isaac Barré)
পৰৱৰ্তী উইলিয়াম গ্ৰেনভাইল (William Grenville)
কাৰ্যকালঃ ১০ এপ্ৰিল, ১৭৮২ – ১ আগষ্ট, ১৭৮২
প্ৰধানমন্ত্ৰী ৰকিংহামৰ মাৰ্কেছ (The Marquess of Rockingham)
পূৰ্বৱৰ্তী ৰিচাৰ্ড ৰিগবাই (Richard Rigby)
পৰৱৰ্তী আইজাক বাৰী (Isaac Barré)
মাল্টনৰ বাবে সংসদৰ সদস্য
কাৰ্যকালঃ ১৮ অক্টোবৰ, ১৭৮০ – ২০ জুন, ১৭৯৪ সহযোগী আছিলঃ * উইলিয়াম ৱেদেল, থমাৰ গেছকাইন, জৰ্জ দামাৰ
পূৰ্বৱৰ্তী চেভাইল ফিন্স
পৰৱৰ্তী ৰিকাৰ্ড বাৰ্ক (কনিষ্ঠ)
ব্ৰিষ্টলৰ বাবে সংসদৰ সদস্য
কাৰ্যকালঃ ৪ নৱেম্বৰ, ১৭৭৪ - ৬ চেপ্তেম্বৰ, ১৭৮০সহযোগী আছিল হেনৰী গাৰ্গ
পূৰ্বৱৰ্তী মেথিউ ব্ৰিকদাল
পৰৱৰ্তী হেনৰী লিপিকট
ৱেণ্ডেভাৰৰ সাংসদ সদস্য
কাৰ্যকালঃ ডিচেম্বৰ, ১৭৬৫ - ৫ অক্টোবৰ, ১৭৭৪সহযোগী আছিল * ৰিচাৰ্ড চান্দলাৰ-কেভেনডাইজ * ৰবাৰ্ট দাৰ্লিং * জোচেফ বুলেট
পূৰ্বৱৰ্তী ভেনৰী লভেট
পৰৱৰ্তী জন এডামচ্
ব্যক্তিগত তথ্য
জন্ম ১২ জানুৱাৰী, ১৭২৯Dublin, Ireland
মৃত্যু ৯ জানুৱাৰী, ১৭৯৭ (বয়স ৬৮)Beaconsfield, England
ৰাজনৈতিক দল উইঘ (Rockinghamite)
পত্নী জেনী মেৰি নুগনেট(m. ১৭৫৭)
সন্তান ৰিচাৰ্দ বাৰ্ক (কনিষ্ঠ)
শিক্ষা ট্ৰিনিটি কলেজ, দাবলিন
বৃত্তি লেখক, ৰাজনীতিক, সাংবাদিক, দাৰ্শনিক

দাৰ্শনিক কৰ্ম
উল্লেখযোগ্য কৰ্ম * A Vindication of Natural Society (১৭৫৬) * On the Sublime and Beautiful (১৭৫৭) * On American Taxation (১৭৭৪) * Reflections on the Revolution in France (১৭৯০) * An Appeal from the New to the Old Whigs (১৭৯১)
কাল নৱন্যাস যুগ
পৰিসৰ পাচাত্য দৰ্শন * ব্ৰিটিছ দৰ্শন
বিদ্যালয়

বাৰ্ক সমাজত আচাৰ-ব্যৱহাৰৰ সৈতে গুণৰ আধাৰ আৰু ৰাষ্ট্ৰৰ নৈতিক স্থিতিশীলতা আৰু মংগলৰ বাবে ধৰ্মীয় প্ৰতিষ্ঠানৰ গুৰুত্বৰ সমৰ্থক আছিল।[3] এই মতামত তেওঁৰ ‘এ ভিণ্ডিকেচন অৱ নেচাৰেল ছ’চাইটি’ (১৭৫৬)ত প্ৰকাশ পাইছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ কৰ নীতিকে ধৰি আমেৰিকাৰ উপনিবেশসমূহৰ প্ৰতি কৰা কাৰ্যক সমালোচনা কৰে। বাৰ্কে উপনিবেশিকসকলৰ মহানগৰ কৰ্তৃত্বক প্ৰতিহত কৰাৰ অধিকাৰকো সমৰ্থন কৰিছিল যদিও তেওঁ স্বাধীনতা লাভৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল। কেথলিক মুক্তিৰ সমৰ্থন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ৱাৰেন হেষ্টিংছক অভিযোগনামা দাখিল কৰা, ফৰাচী বিপ্লৱৰ কঠোৰ বিৰোধিতাৰ বাবে তেওঁক স্মৰণ কৰা হয়।

বাৰ্কে তেওঁৰ ৰিফ্লেকচনছ অন দ্য ৰিভল্যুচন ইন ফ্ৰান্স (১৭৯০)ত এই বিপ্লৱে "ভাল" সমাজৰ তন্ত্ৰ আৰু ৰাষ্ট্ৰ আৰু সমাজৰ পৰম্পৰাগত প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি আছে বুলি দৃঢ়তাৰে কৈছিল আৰু ইয়াৰ ফলত কেথলিক গীৰ্জাৰ ওপৰত হোৱা নিৰ্যাতনক তেওঁ গৰিহণা দিছিল। ইয়াৰ ফলত তেওঁ হুইগ পাৰ্টিৰ ৰক্ষণশীল ফৈদৰ ভিতৰত আগশাৰীৰ ব্যক্তি হিচাপে পৰিগণিত হয় যাক তেওঁ চাৰ্লছ জেমছ ফক্সৰ নেতৃত্বত ফৰাচী বিপ্লৱ সমৰ্থক নিউ হুইগসকলৰ বিপৰীতে পুৰণি হুইগ বুলি অভিহিত কৰে।[4]

১৯ শতিকাত বাৰ্কক ৰক্ষণশীল আৰু উদাৰবাদী উভয়েই প্ৰশংসা কৰিছিল। [5] তাৰ পিছত ২০ শতিকাত তেওঁক বিশেষকৈ আমেৰিকা আৰু যুক্তৰাজ্যত ৰক্ষণশীলতাৰ দাৰ্শনিক প্ৰতিষ্ঠাপক হিচাপে বহুলভাৱে গণ্য কৰা হয়,[6][7] তেওঁৰ অতি ৰজাবাদী আৰু অতি পৰ্বতীয় সমকক্ষ জোচেফ ডি মাইষ্ট্ৰেৰ সৈতে।[8][9]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. The exact year of his birth is the subject of a great deal of controversy; 1728, 1729, and 1730 have been proposed. The month and day of his birth also are subject to question, a problem compounded by the Julian–Gregorian changeover in 1752, during his lifetime. For a fuller treatment of the question, see F. P. Lock, Edmund Burke. Volume I: 1730–1784 (Clarendon Press, 1999), pp. 16–17. Conor Cruise O'Brien (2008; p. 14) questions Burke's birthplace as having been in Dublin, arguing in favour of Shanballymore, Co. Cork (in the house of his uncle, James Nagle).
  2. Edmund Burke - Wikipedia
  3. Richard Bourke, Empire and Revolution: The Political Life of Edmund Burke (Princeton University Press, 2015), pp. 220–221, passim.
  4. Burke lived before the terms "conservative" and "liberal" were used to describe political ideologies, cf. J. C. D. Clark, English Society, 1660–1832 (Cambridge University Press, 2000), pp. 5, 301.
  5. O'Keeffe, Dennis (2009). Meadowcroft, John (ed.). Edmund Burke. Continuum. p. 93. ISBN 978-0826429780.
  6. Andrew Heywood, Political Ideologies: An Introduction. Third Edition. (Palgrave Macmillan, 2003), p. 74.
  7. F. P. Lock, Edmund Burke. Volume II: 1784–1797 (Clarendon Press, 2006), p. 585.
  8. DeMarco, Carl (1 January 2023). "A Historical and Philosophical Comparison: Joseph de Maistre & Edmund Burke". The Gettysburg Historical Journal. 22 (1). ISSN 2327-3917.
  9. ^ Clark 2001, p. 26.