এলেক্সি একিম'ভ

ৰাছিয়ান পদাৰ্থবিজ্ঞানী আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী

এলেক্সি একিম'ভ (ইংৰাজী: Alexey Ekimov, ৰুছ: Алексей Екимов; জন্ম: ১৯৪৫) এগৰাকী ৰাছিয়ান কঠিন অৱস্থা পদাৰ্থবিজ্ঞানী আৰু নেন'পদাৰ্থ গৱেষণাৰ অগ্ৰণী বিজ্ঞানী।[1] ১৯৮১ চনত তেওঁ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটত গৱেষণা কৰি থকাৰ সময়তে কোৱাণ্টাম ডট নামেৰে জনাজাত অৰ্ধপৰিবাহী নেন'স্ফটিক আৱিষ্কাৰ কৰে।[2][3][4] ২০২৩ চনত তেওঁ এই আৱিষ্কাৰৰ বাবে মুঞ্জী বাৱেণ্ডি আৰু লুই ই. ব্ৰুচৰ সৈতে যুটীয়াভাৱে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

এলেক্সি একিম'ভ

২০২৩ চনত এলেক্সি একিম'ভ
জন্ম ১৯৪৫ (বয়স ৭৮–৭৯)
লেনিনগাৰ্ড, ছোভিয়েট সংঘ
ক্ষেত্ৰ ৰাসায়নিক পদাৰ্থবিজ্ঞান
নেন'পদাৰ্থ
কৰ্মস্থান আইঅ'ফে ইনষ্টিটিউট
ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউট
জনা যায় কোৱাণ্টাম ডটৰ আৱদ্ধ শক্তি
উল্লেখনীয় বঁটা ইউএছএছআৰ ষ্টেট প্ৰাইজ (১৯৭৬)
আৰ. ডব্লিউ. উড প্ৰাইজ (২০০৬)
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০২৩)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৪৫ চনত ছোভিয়েট সংঘ লেনিনগ্ৰাডত এলেক্সি একিম'ভে জন্মগ্ৰহণ কৰিছিল।[5] ১৯৬৭ চনত তেওঁ লেনিনগ্ৰাড ষ্টেট ইউনিভাৰ্চিটিৰ পদাৰ্থ বিজ্ঞান অনুষদৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৭৪ চনত ৰাছিয়ান একাডেমী অৱ চাইন্সেছৰ ইঅ’ফে ইনষ্টিটিউটত পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত একিম'ভে গৱেষণা কৰিবলৈ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটলৈ যায়। তেওঁ শ্বট কাঁচ নামেৰে জনাজাত অৰ্ধপৰিবাহী সক্ৰিয় কাঁচ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ৰঙৰ ব্যাখ্যাৰ বাবে তত্ত্ব বিকশিত কৰে।[6] এই কাঁচ গৰম কৰি পিছত ঠাণ্ডা কৰিলে কপাৰ ক্লৰাইড স্ফটিক গঠন হয়। এক্স-ৰে'ৰ সহায়ত এই তথ্য উদ্ঘাটন কৰা হৈছিল। কপাৰ ক্লৰাইডৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ নীলা হয়। সৰু স্ফটিকবোৰে নীলা কাঁচ উৎপন্ন কৰিছিল।[7]

১৯৮১ চনত একিম’ভে আলেক্সেই এ অনুচেংকোৰ সৈতে কাঁচত থকা তামৰ ক্লৰাইড নেন’স্ফটিকত কোৱাণ্টাম আকাৰৰ প্ৰভাৱৰ আৱিষ্কাৰৰ প্ৰতিবেদন দাখিল কৰে।[8][9][10][11] এই পৰিঘটনাক বৰ্তমান সময়ত কোৱাণ্টাম ডট নামেৰে জনাজাত। প্ৰতিষ্ঠানটোত থকা সময়ছোৱাত তেওঁ এই ব্যৱস্থাসমূহৰ বিষয়ে অধিক অনুসন্ধান কৰে আৰু আলেকজেণ্ডাৰ এফ্ৰছৰ সৈতে কোৱাণ্টাম আৱদ্ধতাৰ তত্ত্ব বিকশিত কৰিছিল।[12][13][14]

১৯৯৯ চনৰ পৰা একিম'ভে আমেৰিকাত বাস কৰি আহিছে আৰু নিউয়ৰ্ক ৰাজ্যৰ নেন'ক্ৰিষ্টালছ টেকন'লজি নামৰ কোম্পানীটোৰ বিজ্ঞানী হিচাপে কাম কৰি আহিছে।[15][16]

বঁটা আৰু সন্মান

সম্পাদনা কৰক

অৰ্ধপৰিবাহীত ইলেক্ট্ৰন স্পিন অভিমুখীকৰণৰ গৱেষণাৰ বাবে একিম'ভক ১৯৭৫ চনত বিজ্ঞান আৰু অভিযান্ত্ৰিকীত ইউএছএছআৰ ষ্টেট বঁটা প্ৰদান কৰা হয়। তেওঁ ২০০৬ চনত আলেকজেণ্ডাৰ এফ্ৰ'ছ আৰু লুই ই. ব্ৰুচৰ সৈতে "নেন'স্ফটিক কোৱাণ্টাম ডটৰ আৱিষ্কাৰ আৰু ইয়াৰ ইলেক্ট্ৰনিক আৰু অপটিকেল ধৰ্মৰ অগ্ৰণী অধ্যয়ন"ৰ বাবে অপটিকেল ছ'চাইটি অৱ আমেৰিকাৰ আৰ ডব্লিউ উড বঁটাৰ সহ-প্ৰাপক হয়।[17]

তেওঁ মুঞ্জী বাৱেণ্ডি আৰু লুই ই. ব্ৰুচৰ সৈতে "কোৱাণ্টাম ডট আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে" ২০২৩ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[5]

নিৰ্বাচিত প্ৰকাশন

সম্পাদনা কৰক
  1. Edwards, Christian; Hunt, Katie; Upright, Ed (4 October 2023). "Nobel Prize awarded for discovery of quantum dots that changed everything from TV displays to cancer imaging". CNN. https://edition.cnn.com/2023/10/04/europe/nobel-prize-chemistry-quantum-dots-bawendi-brus-ekimov-intl-scn/index.html. 
  2. Екимов А.И., Онущенко А.А. (1981). "Квантовый размерный эффект в трехмерных микрокристаллах полупроводников". Письма в ЖЭТФ খণ্ড 34: 363–366. http://www.jetpletters.ac.ru/ps/1030/article_15644.pdf। আহৰণ কৰা হৈছে: 26 March 2015. 
  3. "Russian-Born Quantum Dot Pioneer Ekimov Wins Nobel Prize in Chemistry" (en ভাষাত). The Moscow Times. 2023-10-04. https://www.themoscowtimes.com/2023/10/04/russian-born-quantum-dot-pioneer-ekimov-wins-nobel-prize-in-chemistry-a82660। আহৰণ কৰা হৈছে: 2023-10-06. 
  4. "Alexei Ekimov | Biography, Nobel Prize, Quantum Dots, & Facts | Britannica" (en ভাষাত). www.britannica.com. 2023-10-09. https://www.britannica.com/biography/Alexei-Ekimov। আহৰণ কৰা হৈছে: 2023-10-11. 
  5. 5.0 5.1 "They planted an important seed for nanotechnology" (Press release). The Nobel Prize. 4 October 2023. https://www.nobelprize.org/prizes/chemistry/2023/press-release/. 
  6. Robinson2023-10-11T17:50:00+01:00, Julia. "The quantum dot story" (en ভাষাত). Chemistry World. https://www.chemistryworld.com/features/the-quantum-dot-story/4018219.article। আহৰণ কৰা হৈছে: 2023-10-20. 
  7. Bubola, Emma; Miller, Katrina (Oct 4, 2023). "Nobel Prize in Chemistry Awarded to 3 Scientists for Exploring the Nanoworld". The New York Times. https://www.nytimes.com/2023/10/04/science/nobel-prize-chemistry.html. 
  8. Sanderson, Katharine; Castelvecchi, Davide (4 October 2023). "Tiny 'quantum dot' particles win chemistry Nobel" (en ভাষাত). Nature খণ্ড 622 (7982): 227–228. doi:10.1038/d41586-023-03048-9. PMID 37794149. https://www.nature.com/articles/d41586-023-03048-9. 
  9. Gramling, Carolyn (4 October 2023). "The development of quantum dots wins the 2023 Nobel prize in chemistry". Science News. https://www.sciencenews.org/article/quantum-dots-nanoparticles-bawendi-brus-ekimov. 
  10. Clery, Daniel; Kean, Sam (4 Oct 2023). "Creators of quantum dots, used in TV displays and cell studies, win chemistry Nobel". Science. https://www.science.org/content/article/creators-of-quantum-dots-used-in-tv-displays-and-cell-studies-win-chemistry-nobel. 
  11. Ekimov, A. I.; Onushchenko, A. A. (1981-09-01). "Quantum size effect in three-dimensional microscopic semiconductor crystals". Soviet Journal of Experimental and Theoretical Physics Letters খণ্ড 34: 345. ISSN 0021-3640. https://ui.adsabs.harvard.edu/abs/1981JETPL..34..345E. 
  12. Efros, Alexander L.; Brus, Louis E. (27 April 2021). "Nanocrystal Quantum Dots: From Discovery to Modern Development" (en ভাষাত). ACS Nano খণ্ড 15 (4): 6192–6210. doi:10.1021/acsnano.1c01399. ISSN 1936-0851. PMID 33830732. https://pubs.acs.org/doi/full/10.1021/acsnano.1c01399. 
  13. Ekimov, A. I.; Onushchenko, A. A.; Plyukhin, A. G.; Efros, Al. L. (1985-04-01). "Size quantization of excitons and determination of the parameters of their energy spectrum in CuCl". Soviet Journal of Experimental and Theoretical Physics খণ্ড 61 (4): 891. ISSN 1063-7761. https://ui.adsabs.harvard.edu/abs/1985JETP...61..891E. 
  14. Efros, Al. L.; Rosen, M. (2000). "The Electronic Structure of Semiconductor Nanocrystals" (en ভাষাত). Annual Review of Materials Science খণ্ড 30 (1): 475–521. doi:10.1146/annurev.matsci.30.1.475. ISSN 0084-6600. https://www.annualreviews.org/doi/10.1146/annurev.matsci.30.1.475. 
  15. Devlin, Hannah (2023-10-04). "Scientists share Nobel prize in chemistry for quantum dots discovery" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/science/2023/oct/04/nobel-prize-in-chemistry-winners-2023. 
  16. Bubola, Emma; Miller, Katrina (4 October 2023). "Nobel Prize in Chemistry Awarded to 3 Scientists for Work With Quantum Dots". The New York Times. https://www.nytimes.com/2023/10/04/science/nobel-prize-chemistry.html. 
  17. "Twenty attain 2006 top honors from the OSA". Laser Focus World. 30 August 2006. https://www.laserfocusworld.com/test-measurement/research/article/16567206/twenty-attain-2006-top-honors-from-the-osa.