এ কে গাৰ্নি

(এ.কে.গাৰ্নিৰ পৰা পুনঃনিৰ্দেশিত)

এ.কে.গাৰ্নি (২৯ মে ১৮৫৪ - ১৯১০) আমেৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী খৃষ্টান পাদুৰী। এখেতে ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহণ কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ 'মিছন প্ৰেছ'ৰ দায়িত্ব গ্ৰহন কৰে।[1] ১৮৮৩ চনত স্বদেশলৈ উভতি গৈ ২ বছৰ পাছত পুনৰাই অসমলৈ আহে। ১৯০৭ চনত অসমৰপৰা উভতি যায়। মূল হিব্ৰু ভাষাৰপৰা বাইবেলৰ 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া ভাঙনিৰ কাম শেষ কৰে। ১৯০০ চনৰ শেষৰ ফালে এই ভাঙনিৰ কাম শেষ হয়। ১৯০৩ চনত ৮০৩ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ 'পুৰনি নিয়ম--Old Testament in Assamese' গ্ৰন্থ ছপা হৈ ওলায়। ইয়াৰ আগতে ১৮৮৬ চনত 'যিহুছুৱা আৰু বিচাৰ কৰ্তাৰ পুথি' আৰু 'ৰুথৰ বিৱৰণ' নাম দি কিছু অংশ প্ৰকাশ কৰিছিল।[2] ১৮৭৭ চনত 'এলোকেশী বেশ্যাৰ কাহিনী' নামৰ এম.ই. লেছ্‌লীৰ সৰু বাংলা উপন্যাস অসমীয়ালৈ ভাঙি প্ৰকাশ কৰে। উপন্যাস জাতীয় গ্ৰন্থ 'কামিনীকান্তৰ চৰিত্ৰ' প্ৰকাশ কৰে একেটা চনতে। ১৮৭৬-৭৯-চনলৈ সম্ভৱত: 'অৰুণোদই'ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰপৰা 'দীপ্তি' নামেৰে এখন ধৰ্মালোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল ১৯০৫ চনৰপৰা ১৯০৭ চনলৈ।[3]

সাহিত্যৰাজি

সম্পাদনা কৰক
  • 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া অনুবাদ ‘প্ৰাচীন নিয়ম’[2]
  • এলাকেশী বেশ্যাৰ কথা (১৮৭৭)
  • কামিনীকান্তৰ চৰিত্ৰ (১৮৭৭)
  • কানি বেহেৰুৱাৰ কথা (১৮৭৮)
  • ৰুথ আৰু যোছেফৰ কাহিনী (১৮৮১)
  • ফুলমণি আৰু কৰুণাৰ কাহিনী
  1. শান্তনু কৌশিক বৰুৱা (২০২১). এ কে গাৰ্নি. প্ৰকাশক গুৱাহাটী: সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ২৮২. 
  2. 2.0 2.1 সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ২৫৪. 
  3. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী