ক'লা আকুহী বগ[2] (ইংৰাজী: Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷

ক'লা আকুহী বগ (Red-naped Ibis)
Red-naped Ibis, Gujarat, India
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Threskiornithidae
গণ: Pseudibis
প্ৰজাতি: P. papillosa
বৈজ্ঞানিক নাম
Pseudibis papillosa
(Temminck, 1824)

ক'লা আকুহী বগ মধ্যমীয়া আকাৰৰ জলচৰ চৰাই৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৬৮ ছে:মি:, ডেউকাৰ দৈৰ্ঘ্য ৩৮ ছে;মি: আৰু নেজ ১৬-১৯ ছে:মি দীঘল হয়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷ পূৰ্ণবয়স্ক ক'লা আকুহী বগৰ ঠোঁট দীঘল, মোকোটা খোৱা আৰু ক'লা বৰণৰ হয়৷ মূৰ অংশ ক'লা আৰু তাতে ৰঙচুৱা দাগ থাকে৷ ইয়াৰ ডেউকাৰ পাখিত কিছু বগা দাগ থাকে আৰু উৰন্ত অৱস্থাত ই স্পষ্ট হৈ উঠে৷ ইয়াৰ নেজ ক'লা বৰণৰ ৷ ক'লা আকুহী বগৰ চকু কমলা বা ৰঙা হোৱা দেখা যায়৷

পোৱালি ক'লা আকুহী বগৰ দেহটো গাঢ় মটীয়া বৰণৰ হোৱা দেখা যায়৷

 
অন্ধ্ৰপ্ৰদেশ ত এটা ক'লা আকুহী বগ

ক'লা আকুহী বগ সমগ্ৰ ভাৰত উপমহাদেশতে বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ তথা চীনত দেখা পোৱা যায়৷ খেতি-পথাৰৰ পৰা হানিকাৰক পোক-পতংগ বাচি খাই বাবে ইয়াক 'খেতিয়কৰ বন্ধু' বুলিও অভিহিত কৰা হয়৷

বাসস্থান

সম্পাদনা কৰক

ক'লা আকুহী বগে সাধাৰণতে হ্ৰদ, নৈৰ কাষৰীয়া অঞ্চল, পানী-পূৰ্ণ খেতি-পথাৰ আদিত চৰে৷ ই জাকপাতি চৰিবলৈ পছন্দ কৰে৷

ক'লা আকুহী বগ সাধাৰণতে খাদ্যৰ সন্ধান কৰোঁতে নীৰৱে থাকে৷ কিন্তু গধূলি জিৰণি লোৱাৰ পৰত ই যথেষ্ট হুলস্থুলীয়া হৈ পৰে৷ ইয়াৰ মাত ডাঙৰ৷

ই প্ৰধানকৈ উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে৷ প্ৰাণীৰ ভিতৰত পোক-পতংগ, ফৰিং , মকৰা আদিয়ে প্ৰধান৷ ঋতু অনুযায়ী ইয়াৰ খাদ্য বেলেগ বেলেগ হয়৷

ক'লা আকুহী বগে উত্তৰ ভাৰত মাৰ্চৰ পৰা অক্টোবৰ পৰ্যন্ত প্ৰজনন কৰে৷ ই নগৰ বা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছৰ ডালত বাহ সাজে৷

আলোকচিত্ৰৰ ভঁৰাল

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. BirdLife International (2012). "Pseudibis papillosa". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003798। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384