গীতাঞ্জলি ৰাও (বিজ্ঞানী)
গীতাঞ্জলী ৰাও (ইংৰাজী: Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী। তেওঁৰ উদ্ভাৱনৰ বাবে তেওঁ 'ফৰবেছ' 30 U 30 হিচাপে স্বীকৃতি লাভ কৰিছে।[1] তেওঁ সমগ্ৰ দেশত পৰিচয় কৰোৱা তেওঁৰ উদ্ভাৱন আৰু "উদ্ভাৱন কৰ্মশালা"ৰ বাবে ২০২০ চনৰ 'টাইম টপ যুৱ উদ্ভাৱক' বুলি নামকৰণ কৰা হৈছে।[2] ২০২০ চনৰ ৪ ডিচেম্বৰৰ টাইম আলোচনীৰ বেটুপাতত তেওঁৰ ফটো "কিড্ অফ দ্য ইয়েৰ" হিচাপে প্ৰকাশ কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকগীতঞ্জলী কালাৰাডোৰ ল'ন ট্ৰিত বাস কৰে। তেওঁ ষ্টেম(STEM) স্কুল হাইলেণ্ডচ ৰানচ্ ত অংশগ্ৰহণ কৰি বিজয়ী হয়।[3] তেওঁ মাচাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজীত বংশগতি বিজ্ঞান আৰু বহুব্যাপক ৰোগ বিজ্ঞান বিভাগত অধ্যয়ন কৰিব বিচাৰে।[4][5][6] তেওঁ লিঙ্গ ব্যৱধানৰ বিষয়েও নিজৰ মত ব্যক্ত কৰিছে।
পেচা আৰু লাভ কৰা স্বীকৃতি
সম্পাদনা কৰকগীতাঞ্জলিয়ে ফ্লিণ্ট পানীৰ সংকটৰ কথা বাতৰি শুনি থাকোঁতে গম পাইছিল।[7][8][9] ইয়াৰ পিছতেই তেওঁৰ বিষয়টোৰ প্ৰতি আগ্ৰহ জন্মে আৰু তেওঁ সেই পানীত থকা লিডৰ মাত্ৰা জুখিবৰ বাবে পৰৱৰ্তী সময়ত কাৰ্বন নেনোটিউবৰ ওপৰত আধাৰিত এটা যন্ত্ৰ তৈয়াৰ কৰে। টেথিছ নামৰ এই যন্ত্ৰবিধে ব্লুটুথৰ মাধ্যমেৰে তথ্য প্ৰেৰণ কৰিব পাৰে।[10] তেওঁ 3M ত এগৰাকী গৱেষক বিজ্ঞানীৰ সৈতে কাম কৰিছিল।[11] ২০১৭ চনত তেওঁ ডিছক'ভাৰী এড্যুকেচন থ্ৰী এম য়ং চাইনটিষ্ট চেলেঞ্জত তেওঁৰ টেথিছ নামৰ ব্লুটুথ ডিভাইচটোৰ বাবে বিজয়ী ঘোষিত হয় আৰু $২৫,০০০ পুৰস্কাৰ লাভ কৰে।[4][12][13] টেথিছত এটা ন ভল্টৰ বৈদ্যুতিক কোষ, এটা লীড সংবেদনশীল একক, এটা ব্লুটুথ সম্প্ৰসাৰক আৰু এটা প্ৰচেচৰ থাকে।[4] ই কাৰ্বন নেনোটিউব ব্যৱহাৰ কৰে, লীডৰ উপস্থিতিত ইয়াৰ প্ৰতিৰোধ ক্ষমতা সলনি হয়। [3][14] তেওঁ মাচাচুচেটছ ইনষ্টিটিউৰ ৱেবচাইটৰ পৰা কাৰ্বন নেনোটিউবৰ বিষয়ে শিকে।[15] তেওঁ বৈজ্ঞানিক আৰু চিকিৎসা কৰ্মী সকলৰ সৈতে "টেথিছ"ৰ ব্যৱহাৰ্যতাৰ সম্ভাৱনা সম্পৰ্কে কাম কৰিবলৈ পৰিকল্পনা কৰে।[16] তেওঁ তেওঁৰ বিচাৰধাৰা ২০১৮ৰ মেকাৰ্ছ কনফাৰেন্সত উপস্থাপন কৰে আৰু ইয়াৰ জৰিয়তেও তেওঁ $২৫,০০০ লাভ কৰে।[17]
২০১৯ চনৰ পৰা গীতাঞ্জলিয়ে ডেনভাৰ পানীৰ সুবিধা সম্পৰ্কে কাম কৰি আছে আৰু অহা দুবছৰৰ ভিতৰত তেওঁ এই সম্পৰ্কে কাম কৰিব পৰাকৈ এটা নতুন ডিভাইচৰ আৰ্হি পাব বুলি আশাবাদী। [18]
অপিয়ইড আসক্তিৰ প্ৰাথমিক চিনাক্তকৰণৰ বাবে জেনেটিক ইঞ্জিনীয়াৰিংৰ অগ্ৰগতিৰ ভিত্তিত ৰোগ-নিদানৰ সঁজুলি বিকাশৰ বাবে ২০১৯ চনৰ মে' মাহত গীতাঞ্জলিক টপ "হেলথ" পিলাৰ প্ৰাইজ ফৰ টিচিএচ ইগনাইট ইন'ভেশ্যন ষ্টুডেণ্ট চেলেঞ্জৰ বঁটা প্ৰদান কৰা হয়।[19]
তেওঁ বৰ্তমানলৈকে তিনিবাৰকৈ TEDx মেডিয়াত তেওঁৰ বক্তব্য আগবঢ়াইছে।[20] ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাওক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা সংস্থাই পৰিৱেশ যুৱ বঁটা আগবঢ়াই।[21]
তেওঁ এজন দক্ষ পিয়ানো বাদক। তেওঁৰ মাতৃৰ মতে, গীতাঞ্জলিয়ে যেতিয়া তিনি বছৰ বয়সত অসুস্থ হৈ থকা কাৰোবাক সহায় কৰিবলৈ তেওঁ কি কৰিব পাৰে বুলি সুধিছিল; মাকে তেতিয়া সংগীত বজোৱাৰ পৰামৰ্শ দিছিল।[22]
তেওঁ বৰ্তমান স্কাউটৰ সদস্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কাউটিং 'ষ্টেম' কাৰ্য্যসূচী (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত)ৰ এজন সদস্য।[23]
ৰাও হৈছে টাইম আলোচনীৰ 'কিড অফ দ্য য়েৰ' খিতাপ লাভ কৰা প্ৰথম ব্যক্তি।[24]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Gitanjali Rao" (en ভাষাত). Forbes. https://www.forbes.com/profile/gitanjali-rao/?sh=49c6051a4ffe.
- ↑ "Seven Young Inventors Who See a Better Way" (en-us ভাষাত). Time. https://time.com/collection/davos-2020/5765632/young-inventors-changing-the-world/.
- ↑ 3.0 3.1 Prisco, Jacopo (February 15, 2018). "Gitanjali Rao wants to make polluted water safer with lead detection system". CNN. https://edition.cnn.com/2017/11/28/health/gitanjali-rao-young-scientist-winner/index.html.
- ↑ 4.0 4.1 4.2 "Lone Tree girl named America's Top Young Scientist after inventing lead-detecting sensor to help residents of Flint, Mich." (en-US ভাষাত). The Denver Post. 2017-11-23. https://www.denverpost.com/2017/11/22/americas-top-young-scientist-lone-tree-gitanjali-rao-lead-flint-michigan/.
- ↑ "What teachers can learn from America's top young scientist, 12-year-old Gitanjali Rao" (en-GB ভাষাত). https://uk.news.yahoo.com/teachers-can-learn-americas-top-young-scientist-12-year-old-gitanjali-rao-224050370.html.
- ↑ "Indian American Gitanjali Rao is the winner of 2017 Discovery Education 3M Young Scientist Challenge" (en-US ভাষাত). The American Bazaar. 2017-10-19. https://www.americanbazaaronline.com/2017/10/19/indian-american-girl-gitanjali-rao-is-the-winner-of-2017-discovery-education-3m-young-scientist-challenge-429746/.
- ↑ "Finding Solutions to Real Problems: An Interview With Gitanjali Rao - Rookie" (en-US ভাষাত). Rookie. 2018-01-11. https://www.rookiemag.com/2018/01/finding-solutions-real-problems-interview-gitanjali-rao/.
- ↑ Ryan, Lisa. "11-Year-Old Creates Lead-Detection Device to Help With Flint Water Crisis" (en ভাষাত). The Cut. https://www.thecut.com/2017/10/gitanjali-rao-lead-detection-flint-crisis.html.
- ↑ "Testing the Waters". sn56.scholastic.com. Archived from the original on 2020-12-07. https://web.archive.org/web/20201207122857/https://sn56.scholastic.com/issues/2017-18/020518/testing-the-waters.html। আহৰণ কৰা হৈছে: 2018-10-23.
- ↑ The Discovery Education 3M Young Scientist Challenge (2017-07-18), 2017 National Finalist: Gitanjali Rao, https://www.youtube.com/watch?v=m4WM3arrBgo, আহৰণ কৰা হৈছে: 2018-10-23
- ↑ "Dr. Kathleen Shafer | Young Scientist Lab" (en ভাষাত). www.youngscientistlab.com. https://www.youngscientistlab.com/node/4436। আহৰণ কৰা হৈছে: 2018-10-23.
- ↑ "The 12 year old inventor protecting your drinking water" (en-GB ভাষাত). BBC. https://www.bbc.co.uk/programmes/p0610bhj। আহৰণ কৰা হৈছে: 2018-10-23.
- ↑ News, ABC. "Video: Meet the 11-year-old who developed a new method of testing for lead in water" (en ভাষাত). ABC News. https://abcnews.go.com/GMA/video/meet-11-year-developed-method-testing-lead-water-50651198। আহৰণ কৰা হৈছে: 2018-10-23.
- ↑ Great Big Story (2018-03-08), This 12-Year-Old Scientist is Taking On Flint's Water Crisis, https://www.youtube.com/watch?v=LuvEJi0t5nY, আহৰণ কৰা হৈছে: 2018-10-23
- ↑ "This 11-Year-Old Invented A Cheap Test Kit For Lead In Drinking Water" (en-US ভাষাত). Fast Company. 2017-07-13. https://www.fastcompany.com/40439492/this-11-year-old-invented-a-cheap-test-kit-for-lead-in-drinking-water.
- ↑ Thorpe, JR. "This 11-Year-Old Girl Just Made An Amazing Innovation In How We Test For Lead, & Proved How Much Girls Rule In The Process" (en ভাষাত). Bustle. https://www.bustle.com/p/who-is-gitanjali-rao-the-11-year-old-just-won-the-2017-discovery-education-3m-young-scientist-challenge-for-this-amazing-innovation-2957968.
- ↑ "Gitanjali Rao, America's Top Young Scientist of 2017, Nabs Another $25,000 For Lead-Detection Invention" (en-US ভাষাত). Archived from the original on 2018-10-24. https://web.archive.org/web/20181024073607/http://socialgoodrevolution.co/2018/02/22/gitanjali-rao-americas-top-young-scientist-of-2017-nabs-another-25000-for-lead-detection-invention/.
- ↑ "13-Year-Old Gitanjali Rao's Lead Detecting Invention Lands Her On Forbes' '30 Under 30'". CPR. https://www.cpr.org/2019/01/28/13-year-old-gitanjali-raos-lead-detecting-invention-lands-her-on-forbes-30-under-30/। আহৰণ কৰা হৈছে: 2 February 2020.
- ↑ "STEM School student receives another national award for an invention" (en ভাষাত). FOX31 Denver. 2019-07-23. Archived from the original on 2019-08-11. https://web.archive.org/web/20190811172532/https://kdvr.com/2019/07/22/stem-school-student-receives-another-national-award-for-an-invention/। আহৰণ কৰা হৈছে: 2019-08-11.
- ↑ TEDx Talks (2018-06-07), A 12-year-old inventor's device for detecting lead in water | Gitanjali Rao | TEDxNashville, https://www.youtube.com/watch?v=gVgaJN3GI6U, আহৰণ কৰা হৈছে: 2018-10-23https://www.youtube.com/watch?v=dn4SNdXqYBw https://www.youtube.com/watch?v=GBEPYDLD3vg
- ↑ "Girl Genius: This 12-year-old just invented device to detect lead in water". h2oradio.org. Archived from the original on 2020-12-04. https://web.archive.org/web/20201204002740/http://h2oradio.org/GirlGenius.html। আহৰণ কৰা হৈছে: 2018-10-23.
- ↑ ""To Dine for With Kate Sullivan: Gitanjali Rao, Inventor" (en ভাষাত). KCET.org. https://www.kcet.org/shows/to-dine-for-with-kate-sullivan/episodes/gitanjali-rao-inventor। আহৰণ কৰা হৈছে: 2020-06-21.
- ↑ "Living the Scout Life - STEM Scout Named Time’s First-Ever Kid of the Year". www.scoutshop.org. https://www.scoutshop.org/blog/stem-scout-named-times-first-ever-kid-of-the-year-.html। আহৰণ কৰা হৈছে: 2020-12-04.
- ↑ "Meet TIME's First-Ever Kid of the Year". Time. https://www.theguardian.com/science/2020/dec/04/time-magazine-names-teenage-inventor-its-first-kid-of-the-year-gitanjali-rao.