গীৰাট জে ভাৰমেইজ
গীৰাট জে ভাৰমেইজ (ইংৰাজী: Geerat J. Vermeij ) ২৮ ছেপ্টেম্বৰ ১৯৪৬ চনত ডাচত জন্মগ্ৰহণ কৰা। তেওঁ ডেভিছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৃথিৱী আৰু গ্ৰহ বিজ্ঞান বিভাগৰ এজন পুৰাপৰিৱেশবিজ্ঞানী আৰু বিৱৰ্তনশীল জীৱবিজ্ঞানী। তেওঁ সাগৰীয় কোমলদেহী প্ৰাণীৰ জীৱাশ্ম আৰু জীৱিত জীৱ হিচাপে দুয়োটাৰ ওপৰত অধ্যয়ন কৰাৰ লগতে উদ্ভিদ, কেঁকোৰা, বিলুপ্তপ্ৰায় জৈৱিক আক্ৰমণ আৰু জৈৱ-ভূগোলৰ ওপৰত কাম কৰাৰ সমান্তৰালভাৱে জীৱই ইজনে সিজনৰ বিৱৰ্তনৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় তাৰ বিষয়েও অধ্যয়ন কৰে। ১৯৯২ চনত তেওঁ মেকআৰ্থাৰ ফেল'শ্বিপ লাভ কৰে আৰু ২০০০ চনত নেচনেল একাডেমী অৱ চাইন্সৰ পৰা ডেনিয়েল জিৰ'ড ইলিয়ট পদক লাভ কৰে। ১৯৯২ চনত কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছৰ ফেলোও আছিল আৰু ২০১৭ চনত কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছৰ পৰা ফেল'ছ মেডেল লাভ কৰে।
জীৱন আৰু শিক্ষা
সম্পাদনা কৰকভাৰমেইজৰ নেদাৰলেণ্ডৰ ছাপেমিৰত জন্মগ্ৰহণ কৰিছিল। তিনি বছৰ বয়সৰ পৰাই অন্ধ হৈ পৰা ভাৰমেইজে হুইছ টেৰ হাইডৰ প্ৰিন্স আলেকজেণ্ডাৰ ষ্টিচটিং বৰ্ডিং স্কুলত ব্ৰেইল (Braille) অধ্যয়ন কৰিছিল। ১০ বছৰ বয়সত নেদাৰলেণ্ডৰ পৰা নিউ জাৰ্ছিৰ নাটলিলৈ গুচি যায় আৰু ১৯৬৫ চনত নাটলি হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১০ বছৰ বয়সৰ পৰাই ভাৰমেইজে “শংখবিজ্ঞানী’’ হ’ব বিচাৰিছিল। ভাৰমেইজৰ এজন স্কুলৰ শিক্ষক আছিল যিয়ে এসময়ত ফ্ল’ৰিডাৰ পৰা খোলা (Shells) আনিছিল। সেই খোলাবোৰৰ বৈশিষ্ট্য আৰু নেদাৰলেণ্ডত তেওঁ অনুভৱ কৰা খোলাবোৰৰ মাজত যথেষ্ট পাৰ্থক্য দেখা গৈছিল, যাৰ বাবে তেওঁ আগ্ৰহী হৈ পৰিছিল।[1]
ভাৰমেইজৰ এগৰাকী পত্নী এডিথ জিপচাৰ আৰু এগৰাকী কন্যা হাৰ্মাইন আছে। তেওঁৰ দৃষ্টিশক্তি হেৰুৱাই তেওঁক লেহেমীয়া কৰা নাছিল। তেওঁ গৱেষক সহায়কৰ সৈতে বিশ্ব ভ্ৰমণ কৰি খোলা উদ্ধাৰ কৰিছিল। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ বৰ্ষত যেতিয়া তেওঁ কোষ্টা ৰিকা আৰু হাৱাই ভ্ৰমণ কৰিছিল তেতিয়াৰ পৰা খোলাৰ বৈশিষ্ট্য তুলনা কৰাৰ প্ৰতি তেওঁৰ আগ্ৰহ হৈছিল। মোলাস্কবোৰৰ মাজত এক চোকা বৈপৰীত্য আছিল আৰু যিয়ে তেওঁক আকৰ্ষিত কৰিছিল। ভাৰমেইজে ১৯৬৮ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭১ চনত ইয়েল বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞান আৰু ভূতত্ত্বত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
সম্পাদনা কৰকভাৰমেইজে সাগৰীয় কোমলদেহী প্ৰাণীৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিকাৰী আৰু চিকাৰ জীৱৰ মাজৰ সহ-বিৱৰ্তনশীল সম্পৰ্ক অধ্যয়ন কৰে।[2] তেওঁৰ গৱেষণাৰ মতে এটা গুৰুত্বপূৰ্ণ বিৱৰ্তনৰ ব্যৱস্থা হ’ল বৃদ্ধিৰ প্ৰক্ৰিয়া, যিটো ঘটে যেতিয়া প্ৰজাতিবোৰে নিজৰ প্ৰতিযোগী, শিকাৰু আৰু পৰজীৱীৰ সৈতে খাপ খায় বা ইয়াৰ দ্বাৰা সীমিত হয়। [3]
ভাৰমেইজে দৃষ্টিশক্তিৰ পৰিৱৰ্তে নিজৰ স্পৰ্শৰ দ্বাৰাই কোমলদেহী প্ৰাণীৰ আকৃতি ভালদৰে বুজি পায়।[4] তেওঁ গোটেই জীৱনটোত এই ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে যে অন্ধতাৰ দৰে বিশেষভাৱে সক্ষম লোকে বৈজ্ঞানিক গৱেষণা কৰিব নোৱাৰে।
পেছাদাৰী কৰ্মজীৱনৰ অংশ হিচাপে তেওঁ আমেৰিকান এছ’চিয়েশ্যন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স, ছ’চাইটি ফৰ দ্য ষ্টাডি অৱ ইভলিউচন, পেলিঅ’ণ্ট’লজিকেল ছ’চাইটি, আমেৰিকান ছ’চাইটি অৱ নেচাৰেলিষ্ট, ইনষ্টিটিউট অৱ মেলাক’লজী, নেডাৰলেণ্ডছ মালাক’লজিচে ভেৰেনিজিংক আৰু ৱেৰ্কগ্ৰ'প ভ'ৰ টেৰ্টিয়েৰ এন কোৱাৰ্টিয়েৰ জিঅ'লজিকে ধৰি একাধিক পেছাদাৰী সমিতিৰ অংশ হিচাপে কাম কৰি আহিছে। ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য আছিল।
ভাৰমেইজৰ ১৯৭৮ চনত প্ৰকাশিত প্ৰথমখন গ্ৰন্থ বায়’জিঅ’গ্ৰাফী এণ্ড এডাপ্টেচন [5]কে ধৰি ৩০০ৰো অধিক প্ৰকাশন আৰু ৫খন প্ৰকাশিত গ্ৰন্থ আছে। ইয়াৰ উপৰিও তেওঁ ইভলিউচন এণ্ড এস্কেলেচন: এণ ইক’লজিকেল হিষ্ট্ৰী অৱ লাইফ, এ নেচাৰেল হিষ্ট্ৰী অৱ শ্বেলছ, প্ৰিভিলেজড হেণ্ডছ: এ চাইন্টিফিক লাইফ [6] আৰু নেচাৰ: এণ ইকনমিক হিষ্ট্ৰী আদি প্ৰকাশ কৰিছে, য’ত অৰ্থনীতি আৰু বিৱৰ্তনৰ মূল্যায়ন কৰা হৈছে।[7]
সন্মান
সম্পাদনা কৰকবঁটা আৰু সদস্যপদ
সম্পাদনা কৰক- ১৯৬৮: ফাই বিটা কাপ্পা: প্ৰিন্সটন বিশ্ববিদ্যালয়।[8]
- ১৯৭৫-১৯৭৬: ফেল'শ্বিপ: জন চাইমন গুগেনহাইম মেম'ৰিয়েল ফাউণ্ডেচন।[9]
- ১৯৮১: ফেলো: আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স ।
- ১৯৮৩: গৱেষণাত উৎকৃষ্টতাৰ বাবে বঁটা, কৃষি আৰু জীৱন বিজ্ঞান বিভাগ, মেৰিলেণ্ড বিশ্ববিদ্যালয়।[10]
- ১৯৮৪: মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সাধাৰণ গৱেষণা ব'ৰ্ডৰ কিতাপ ৰাজসাহায্য বঁটা।[11]
- ১৯৯২: ফেল'শ্বিপ: জন ডি আৰু কেথাৰিন টি মেকআৰ্থাৰ ফাউণ্ডেশ্যন।
- ১৯৯২: ফেলো: কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছ।
- ১৯৯৭: আমেৰিকান একাডেমী অৱ এচিভমেণ্ট, গোল্ডেন প্লেট বঁটা।
- ১৯৯৭: জন বাৰ'ছ ছ'চাইটি, প্ৰাকৃতিক ইতিহাসৰ শ্ৰেষ্ঠ ৰচনা।
- ২০০১: ডেনিয়েল জিৰ'ড ইলিয়ট পদক, নেচনেল একাডেমী অৱ চাইন্সেছ
- ২০০৪: ফেকাল্টী ৰিচাৰ্চ লেকচাৰশ্বিপ, ইউ চি ডেভিছ।
- ২০০৬: পুৰাজীৱবিজ্ঞান সমাজৰ পদক।
- ২০০৮: চাৰ্কল অৱ ডিস্কভাৰী, ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড।
- ২০১৬: এডিচন ইমেৰী ভেৰিলৰ পদক।
- ২০১৭: ফেলোছ মেডেল, কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সেছ।
- ২০২১: আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ নিৰ্বাচিত সদস্য।[12]
- ২০২২: ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ নিৰ্বাচন । [13]
তেওঁৰ সন্মানত গেষ্ট্ৰ'পড প্ৰজাতিক ভাৰমেইজিয়াছ নামকৰণ কৰা হৈছে।[14]
গ্ৰন্থৰ তালিকা
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ https://en.wiki.x.io/wiki/Geerat_J._Vermeij#cite_ref-:1_6-2
- ↑ Fong, Janice (2018-05-01). "Geerat J. Vermeij". UC Davis Earth and Planetary Sciences. Retrieved 2022-10-24.
- ↑ Vermeij, Geerat J. (1987). Evolution and escalation : an ecological history of life. Princeton Univ. Press. ISBN 0-691-08446-7. OCLC 230867068
- ↑ "Vermeij | NCBYS". blindscience.org. Retrieved 2022-10-24.
- ↑ Vermeij, Geerat J. (1978-01-01). Biogeography and Adaptation: Patterns of Marine Life. Cambridge, MA: Harvard University Press. ISBN 978-0-674-07376-0.
- ↑ Geerat Vermeij, Evolutionary Biologist | Shape of Life". www.shapeoflife.org. Retrieved 2023-05-24.
- ↑ "Geerat J. Vermeij". UC Davis Earth and Planetary Sciences. 2018-05-01. Retrieved 2023-05-24.
- ↑ "Honors & Awards". UC Davis Earth and Planetary Sciences. 2018-05-11. Retrieved 2023-05-24.
- ↑ Geerat J. Vermeij". John Simon Guggenheim Memorial Foundation... Retrieved 2023-05-24.
- ↑ "Honors & Awards". UC Davis Earth and Planetary Sciences. 2018-05-11. Retrieved 2023-05-24.
- ↑ "Honors & Awards". UC Davis Earth and Planetary Sciences. 2018-05-11. Retrieved 2023-05-24.
- ↑ "California Academy of Sciences welcomes new Fellows, bestows annual awards". California Academy of Sciences. Retrieved 2023-05-24.
- ↑ "Geerat Vermeij Elected to the National Academy of Sciences". UC Davis College of Letters and Science. 2022-05-04. Retrieved 2023-05-24.
- ↑ Kantor, Yuri I.; Fedosov, Alexander E.; Snyder, Martin Avery; Bouchet, Philippe (2018-05-07). "Pseudolatirus Bellardi, 1884 revisited, with the description of two new genera and five new species (Neogastropoda: Fasciolariidae)". European Journal of Taxonomy (433). doi:10.5852/ejt.2018.433. ISSN 2118-9773
- ↑ Vermeij, Geerat J. (28 September 2021). A natural history of shells. ISBN 978-0-691-22924-9. OCLC 1240575354. http://worldcat.org/oclc/1240575354.
- ↑ Vermeij, Geerat J. (2013). Privileged hands : a scientific life. Henry Holt and Company. ISBN 978-1-4668-1392-2. OCLC 872609113. http://worldcat.org/oclc/872609113.
- ↑ Vermeij, Geerat J. (10 September 2006). Nature An Economic History. ISBN 978-0-691-12793-4. OCLC 956884588. http://worldcat.org/oclc/956884588.
- ↑ Vermeij, Geerat J. (2013). The evolutionary world : how adaptation explains everything from seashells to civilization. St. Martin's Press. ISBN 978-1-4299-2577-8. OCLC 865095038. http://worldcat.org/oclc/865095038.