গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য,ক ছাছান গীৰ' বুলি জনা যায়।

গীৰ ৰাষ্ট্ৰীয় উদ্যান
এছিয়াটিক সিংহৰ বাসস্থান, গীৰ ৰাষ্ট্ৰীয় উদ্যান
এছিয়াটিক সিংহৰ বাসস্থান, গীৰ ৰাষ্ট্ৰীয় উদ্যান
অৱস্থান জুনাগড় জিলা, গীৰ সোমনাথ জিলা আৰু আমৰেলি জিলা, গুজৰাট, ভাৰত
নিকটতম চহৰ তালালা (গিৰ), ভেৰাভাল।
স্থানাংক 21°08′08″N 70°47′48″E / 21.13556°N 70.79667°E / 21.13556; 70.79667স্থানাংক: 21°08′08″N 70°47′48″E / 21.13556°N 70.79667°E / 21.13556; 70.79667
মাটিকালি 1,410.30 বৰ্গ কি.মি. (544.52 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৬৫
পৰ্যটক ৬০,১৪৮ (২০০৪ চনত)
কৰ্তৃপক্ষ বন আৰু পৰিৱেশ বিভাগ

অৱস্থিতি

সম্পাদনা কৰক

ভাৰতৰ গুজৰাট ৰাজ্যৰ তালালা(গীৰ) নামৰ ঠাইখনত গীৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন সোমনাথ মন্দিৰৰ পৰা ৪৩ কিঃমিঃ উত্তৰ-পূৰ্বত, জুনাগড়ৰ পৰা ৬৫ কিঃমিঃ দক্ষিণ-পূবত আৰু আমৰেলিৰ পৰা ৬০ কিঃমিঃ দক্ষিণ-পশ্চিমে অৱস্থিত। ১৯৬৫ চনত পূৰ্বৰ জুনগৰৰ নবাবৰ ব্যক্তিগত চিকাৰ এলেকাত ইয়াৰ মুঠ আয়তন ১৪১০.৩০ বৰ্গ কিঃমিঃ ইয়াৰে ২৫৮.৭১ কিঃমিঃ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সম্পূৰ্ণৰূপে সুৰক্ষিত অঞ্চল হিচাপে সংৰক্ষণ কৰা হৈছে।[1]উদ্যানখন খাথিয়াৰ-গীৰ শুকান পৰ্ণপাতী অৰণ্য পৰিৱেশ অঞ্চলৰ অংশ।[2][3]

২০১৫ চনৰ মে’ মাহত ১৪ সংখ্যক এছিয়াটিক লায়ন লোকপিয়ল অনুষ্ঠিত হৈছিল। ২০১৫ চনত ইয়াৰ জনসংখ্যা ৫২৩ আছিল (২০১০ চনৰ পূৰ্বৰ লোকপিয়লৰ তুলনাত ২৭% বৃদ্ধি)। ২০১০ চনত ৪১১জন আৰু ২০০৫ চনত ৩৫৯জন সিংহৰ জনসংখ্যা আছিল। জুনাগড় জিলাত সিংহৰ জনসংখ্যা ২৬৮জন আছিল, গীৰ সোমনাথ জিলাত ৪৪ জন, আমৰেলি জিলাত ১৭৪ জন, আৰু ভৱনগৰ জিলাত ৩৭ জন। ইয়াৰে ১০৯টা মতা, ২০১টা মাইকী আৰু ২১৩টা পোৱালি আছে। [4]গীৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰে ১৬ জুনৰ পৰা ১৫ অক্টোবৰলৈকে সমগ্ৰ বাৰিষা কালছোৱা বন্ধ থাকে। [5]

১৯ শতিকাত ভাৰতীয় ৰাজকীয় শাসকসকল আৰু ব্ৰিটিছ সাম্ৰাজ্য উপনিবেশিকসকলক চিকাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে ভাৰতত মাত্ৰ প্ৰায় এক ডজন এছিয়াটিক লায়ন জীয়াই আছিল আৰু তাৰে সকলোবোৰ গীৰ অৰণ্যত আছিল। ৰাষ্ট্ৰীয় উদ্যানখন জুনগড়ৰ নবাবৰ ব্যক্তিগত চিকাৰস্থলীৰ এটা অংশ আছিল। ব্ৰিটিছ ভাইচৰয়সকলে গীৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ জনসংখ্যা ভয়াৱহ হ্ৰাসৰ কথা জুনগড়ৰ নবাবৰ দৃষ্টিগোচৰ কৰি অভয়াৰণ্যখন স্থাপন কৰিছিল। আজি এইখন এছিয়াৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান য'ত এছিয়াটিক সিংহ দেখা পোৱা যায়। এই ৰাষ্ট্ৰীয় উদ্যানখনক জৈৱ বৈচিত্ৰ্যৰ বাবে এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত অঞ্চল হিচাপে গণ্য কৰা হয়। চৰকাৰী বন বিভাগ, বন্যপ্ৰাণী কৰ্মী আৰু বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাৰ ফলত বৈচিত্ৰ্যময় উদ্ভিদ আৰু প্ৰাণী থকা গীৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে পৰিৱেশ তন্ত্ৰ অন্যতম সুৰক্ষিত এলেকা। বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানটোক গুজৰাট পৰিৱেশ সম্পদৰ মণি হিচাপে গণ্য কৰা হয়।[6]

 
গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু গীৰ বন্যপ্ৰাণী অভয়াৰণ্য

পানীৰ মজুত

সম্পাদনা কৰক

বন্যপ্ৰাণী

সম্পাদনা কৰক

এছিয়াটিক সিংহ

সম্পাদনা কৰক

সিংহ সংৰক্ষণ

সম্পাদনা কৰক
বৰ্ষ সংখ্যা মতা:মাইকী:পোৱালি
১৯৬৮ ১৭৭ -
১৯৭৪ ১৮০ -
১৯৭৯ ২৬১ ৭৬:১০০:১০০
১৯৮৪ ২৫২ ৮৮:১০০:৬৪
১৯৯০ ২৪৯ ৮২:১০০:৬৭
১৯৯৫ ৬৫ ৯৪:১০০:৭১
২০০০ ৩২৭ ৯৯:১১৫:৭৬
২০০৫ ৩৫৯ -
২০১০ ৪১১ ৯৭:১৬২:১৫২
২০১৫ ৫২৩ ১০৯:২০১:২১৩
২০২০ ৬৭৪ ২৭৭:২৬০:১৩৭

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Gir National Park & Wildlife Sanctuary". Government of Gujarat. Forests and Environment Department. http://gujenvfor.gswan.gov.in/wildlife/national-park/wildlife-gir-nat-park.htm। আহৰণ কৰা হৈছে: 16 April 2013. 
  2. "Khathiar-Gir dry deciduous forests". Terrestrial Ecoregions. World Wildlife Fund. https://www.worldwildlife.org/ecoregions/im0206। আহৰণ কৰা হৈছে: 29 January 2017. 
  3. Status of the Tigers, Co-predators, and Prey in India. TR 08/001. National Tiger Conservation Authority, Govt. of India, New Delhi; Wildlife Institute of India, Dehradun. 2008. http://projecttiger.nic.in/whtsnew/status_of_tigers_in_india_2008.pdf. 
  4. "Asiatic Lion population up from 411 to 523 in five years". Deshgujarat. 10 May 2015. http://deshgujarat.com/2015/05/10/asiatic-lion-population-up-from-411-to-523-in-five-years/। আহৰণ কৰা হৈছে: 22 March 2018. 
  5. Gaikwad, R. (2014). "Gir forest to be shut down till October 15". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/Gir-forest-to-be-shut-down-till-October-15/article11637690.ece. 
  6. "National Parks and Sanctuaries: Gir National Park & Wildlife Sanctuary". Wildvistas.com. http://wildvistas.com/nationalparks/gir/gir.html। আহৰণ কৰা হৈছে: 20 May 2017.