চন্দন কুমাৰ সৰকাৰ

ভাৰতীয় ৰাজনীতিবিদ

চন্দন কুমাৰ সৰকাৰ [1]এজন ভাৰতীয় তথা অসম ৰাজ্যৰ ৰাজনীতিবিদ আছিল। তেওঁ ২০১৫ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈৰ তৃতীয়কালৰ মন্ত্ৰালয়ত জলসিঞ্চন আৰু মাটি সংৰক্ষণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2][3][4][5] সৰকাৰদেৱে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০১ চনৰ পৰা ২০০৬ চনলৈ আৰু পুনৰ ২০১১ চনৰ পৰা ২০১৬ চনলৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য আছিল। পৰৱৰ্তী সময়ত ২০২১ চনত তেওঁৰ পুত্ৰ প্ৰদীপ সৰকাৰে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ পৰা প্ৰতদ্বন্দ্বিতা আগবঢ়াই আৰু বিধায়ক হিচাপে নিৰ্বাচিত হয়।

চন্দন কুমাৰ সৰকাৰ
কেবিনেট মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
২৬ জানুৱাৰী ২০১৫ – ২৪ মে ২০১৬
মুখ্যমন্ত্ৰী তৰুণ গগৈ
Portfolios * জলসিঞ্চন
  • মাটি সংৰক্ষণ
পূৰ্বসূৰী নীলমণি সেন ডেকা
উত্তৰসূৰী ৰঞ্জিত ডেকা (জলসিঞ্চন)
প্ৰমীলা ৰাণী ব্ৰহ্ম (মাটি সংৰক্ষণ)
বিধায়ক, অভয়াপুৰী দক্ষিণ, অসম বিধানসভা
কাৰ্যকাল
১৯৯১ – ১৯৯৬
পূৰ্বসূৰী ৰত্নেস্বৰ সৰকাৰ
উত্তৰসূৰী ৰবিন বানিক্য
কাৰ্যকাল
২০০১ – ২০০৬
পূৰ্বসূৰী ৰবিন বানিক্য
উত্তৰসূৰী ৰবিন বানিক্য
কাৰ্যকাল
২০১১ – ২০১৬
পূৰ্বসূৰী ৰবিন বানিক্য
উত্তৰসূৰী অনন্ত কুমাৰ মালো
ব্যক্তিগত তথ্য
মৃত্যু ১৯ নৱেম্বৰ ২০১৮(৬৫ বছৰ)[1]
লোৱাৰ আসাম হস্পিটাল, বঙাইগাঁও
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী স্বপ্না ৰাণী সৰকাৰ
সন্তান ৩জন
পেচা ৰাজনীতিবিদ আৰু ব্যৱসায়ী

প্ৰাথমিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

সৰকাৰ আছিল প্ৰয়াত বিজয় চন্দ্ৰ সৰকাৰৰ পুত্ৰ। তেওঁ ১৯৭৪ চনত চকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে।

ৰাজনৈতিক কেৰিয়াৰ

সম্পাদনা কৰক

তেওঁ ১৯৯১ চনৰ অসম বিধানসভা নিৰ্বাচন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আৰু ২২৩১১টা ভোট(৩২.৫৮%) লাভ কৰিছিল।[3]১৯৯৬ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰকাৰে মুঠ ভোটৰ ১৬৯৭৭(২২.২৪%)টা ভোট লাভ কৰি অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰবীন বানিক্যৰ হাতত ২৬৫৭২ ভোটত পৰাস্ত হয়।[3]২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত মুঠ ৪৫৩১৮(৫০.০২%)টা ভোট লাভ কৰি পুনৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰপৰা বিধায়ক হয়। তেওঁ ৰবীন বানিক্যক ৩৬৩৩টা ভোটত পৰাস্ত কৰে।[3]২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ২৬৬৩৮টা ভোট লাভ কৰি পুনৰ ৰবীন বানিক্যৰ হাতত ৪০৩৪টা ভোটত পৰাস্ত হয়।[3]২০১১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিকটতম প্ৰতিদ্বন্দ্বীক ১৫৮৯৯টা ভোটত পৰাস্ত কৰে।[3] ২৩ জানুৱাৰী, ২০১৫ চনত তৰুণ গগৈ মন্ত্ৰীসভাৰ তৃতীয় মন্ত্ৰালয়ৰ সালসলনিত সৰকাৰে জলসিঞ্চন আৰু মাটি সংৰক্ষণৰ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অনন্ত কুমাৰ মালোৰ হাতত ১৯১টা ভোটত পৰাস্ত হয়। নিৰ্বাচনত পৰাস্ত হোৱা ১০জন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।[6]

ব্যক্তিগত জীৱন আৰু মৃত্যু

সম্পাদনা কৰক

তেওঁৰ ২জন পুত্ৰ আৰু ১ গৰাকী কন্যা সন্তান আছিল। ২০২১ চনত অসম বিধানসভা নিৰ্বাচনত অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা পুত্ৰ প্ৰদীপ সৰকাৰে বিধায়ক হিচাপে নিৰ্বাচিত হয়। ২০১৮ চনৰ ১৯ নৱেম্বৰত সৰকাৰৰ কাৰ্ডিয়াক এৰেষ্ট হোৱাত লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত মৃত্যু হয়।[1][7] [2]তেওঁৰ মৃত্যুত কেইবাজনো ৰাজনীতিবিদে শ্ৰদ্ধাঞ্জলি জনায় যেনে ৰিপুন বৰা, হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইত্যাদি। সোণোৱালদেৱে কয় যে “পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হিচাপে সৰকাৰে মূল্যৱান সেৱা আগবঢ়াইছিল, যিটো ৰাইজে সদায় মনত ৰাখিব আৰু তেওঁৰ মৃত্যু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।”[7]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "Former Assam minister Chandan Kumar Sarkar passes away" (en ভাষাত). The Indian Express. 2018-11-19. https://indianexpress.com/article/north-east-india/assam/former-assam-minister-chandan-kumar-sarkar-passes-away-5454133/। আহৰণ কৰা হৈছে: 2022-03-13. 
  2. 2.0 2.1 "Pradip Sarkar(Indian National Congress(INC)):Constituency- ABHAYAPURI SOUTH (SC)(NORTH SALMARA) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=931। আহৰণ কৰা হৈছে: 2022-03-13. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "Abhayapuri South Assembly Constituency Election Result - Legislative Assembly Constituency". resultuniversity.com. https://resultuniversity.com/election/abhayapurisouth-assam-assembly-constituency#1985। আহৰণ কৰা হৈছে: 2022-03-13. 
  4. "Gogoi allocates portfolios to new Assam ministers" (en ভাষাত). Firstpost. 2015-01-26. https://www.firstpost.com/politics/gogoi-allocates-portfolios-to-new-assam-ministers-2065151.html। আহৰণ কৰা হৈছে: 2022-03-13. 
  5. "Tarun Gogoi reshuffles Assam ministry, 11 cabinet ministers join" (en ভাষাত). Firstpost. 2015-01-23. https://www.firstpost.com/politics/tarun-gogoi-reshuffles-assam-ministry-11-cabinet-ministers-join-2061027.html। আহৰণ কৰা হৈছে: 2022-03-13. 
  6. "10 Gogoi cabinet ministers bite the dust". www.telegraphindia.com. https://www.telegraphindia.com/north-east/10-gogoi-cabinet-ministers-bite-the-dust/cid/1411566। আহৰণ কৰা হৈছে: 2022-03-14. 
  7. 7.0 7.1 Service, Tribune News. "Former Assam minister Chandan Kumar Sarkar passes away" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/archive/nation/former-assam-minister-chandan-kumar-sarkar-passes-away-685698। আহৰণ কৰা হৈছে: 2022-03-13.