চাপাটি বা ৰোটি, ৰুটি, ৰোটলি, ৰোটা, সফাতি, ফুলকা (মাৰাঠী), চাপো (পূব আফ্ৰিকাত), সাদা ৰোটী (কেৰিবিয়ানত), পলি, আৰু ৰোছি (মালদ্বীপত),[1] বোলা হয় আৰু ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা এই চেপেটা সমান ৰুটী ভাৰতৰ উপৰি নেপাল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, আৰব উপদ্বীপ, পূব আফ্ৰিকাত আৰু কেৰিবিয়ান দেশৰ প্ৰধান খাদ্য।[2] চাপাটি আটা নামেৰে জনাজাত গোটা ঘেঁহুৰ গুড়িৰে তৈয়াৰ কৰা হয়, পানী, তেল (ঐচ্ছিক) আৰু নিমখ (ঐচ্ছিক)ৰ সৈতে মিহলাই পাৰট নামৰ মিশ্ৰণ বাচনত মিহলাই টাৱা(ফ্লেট স্কাইলেট)ত সেকা হয়।[3][4]

চাপাটি

অন্যান্য ব্যঞ্জনৰ সৈতে চাপাটি
অন্য নাম ৰোটি, ৰোছী, চাপাটি, ছাবাটি, ফুলকা, লাৱাচ
প্ৰকাৰ পিঠা
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল ভাৰত, মধ্য এছিয়া, দক্ষিণপূব এছিয়া৷ পূব আফ্ৰিকা, ইউনাইটেড কিংডম, আৰ্মেনিয়া, কেৰিবিয়ান পেনিনচুলা
মুখ্য উপাদান আটা, পানী

ভাৰত উপমহাদেশৰ লগতে সমগ্ৰ বিশ্বতে ভাৰতীয় উপমহাদেশৰ পৰা অহা প্ৰবাসীসকলৰ মাজতো ই এক সাধাৰণ খাদ্য। ভাৰত উপমহাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলেও চাপাটিক বিশ্বৰ অন্যান্য অঞ্চলত চিনাকি কৰি দিছিল, বিশেষকৈ মধ্য এছিয়া, দক্ষিণ-পূব এছিয়া, পূব আফ্ৰিকা আৰু কেৰিবিয়ানলৈ অহা ভাৰতীয় ব্যৱসায়ীসকলে এই কাম কৰিছিল।[5]

শব্দৰ উৎপত্তি

সম্পাদনা কৰক

চাপাটি শব্দটো সংস্কৃত চৰপতী[6](charpaṭī) শব্দৰ পৰা উদ্ভৱ হৈছে। এই শব্দটো সংস্কৃতৰ আন এটা শব্দ চৰ্পাৰ পৰা ব্যুৎপত্তি হোৱা, যাৰ অৰ্থ “সমান’’[6]

চাপাটি ৰুটী বা ৰোট্টা (ৰুটি)ৰ এক প্ৰকাৰ। শব্দবোৰ প্ৰায়ে বিনিময়ত ব্যৱহাৰ কৰা হয়। চাপাট (মাৰাঠী: चापत) শব্দৰ অৰ্থ হৈছে "চৰ" বা "চাপৰ," ইয়াৰ দ্বাৰা হাতৰ তিতা তলুৱাৰ মাজত আটা গুড়িৰ লডাটো চপৰিয়াই পাতল আটাগুড়িৰ ঘূৰণীয়া টুকুৰা তৈয়াৰ কৰাৰ পৰম্পৰাগত পদ্ধতিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো চাপৰ মৰাৰ লগতে আটাগুড়িৰ লডাটো ঘূৰি থাকে।

মোগল সম্ৰাট আকবৰৰ ৱজিৰ আবুল-ফজল ইবনে মুবাৰকৰ ১৬ শতিকাৰ আইন-ই-আকবাৰী নামৰ নথিখনত ​​চাপাটি শব্দটোৰ উল্লেখ কৰা হৈছে।[2]

ভাৰত উপমহাদেশৰ প্ৰধান খাদ্য ঘেঁহুৰ ৰুটিৰ অন্যতম প্ৰকাৰ চাপাটি। মহেঞ্জো-দাৰোত খননত আৱিষ্কাৰ হোৱা কাৰ্বনাইজড ঘেঁহুৰ দানাবোৰ ভাৰতত এতিয়াও পোৱা স্থানীয় ঘেঁহুৰ প্ৰজাতিৰ সৈতে একে ধৰণৰ। সিন্ধু উপত্যকাত ঘেঁহুৰ খেতি কৰা অন্যতম আদি ভূমি বুলি জনা যায়।

ৰোটিৰ সৈতে চাপাটি ভাৰত উপমহাদেশৰ পৰা যোৱা প্ৰব্ৰজনকাৰীসকলে বিশেষকৈ দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ান দ্বীপসমূহত বসতি স্থাপন কৰা ভাৰতীয় ব্যৱসায়ীসকলে বিশ্বৰ অন্যান্য অঞ্চললৈ প্ৰৱৰ্তন কৰিছিল।[5]

প্ৰস্তুতি বিধি

সম্পাদনা কৰক

ঘেঁহুৰ আটা আৰু পানীৰে তৈয়াৰ কৰা কোমল লডা ব্যৱহাৰ কৰি চাপাটি তৈয়াৰ কৰা হয়।[7] পশ্চিমীয়া শৈলীৰ বেছিভাগ গোটা ঘেঁহুৰ আটাতকৈ ইয়াক অধিক মিহিকৈ পিহি লোৱা হয়।

চাপাটিৰ পিঠা লডাটো সাধাৰণতে আটা আৰু পানীৰে প্ৰস্তুত কৰি হাতৰে মুঠিয়াই লৈ লডা কৰি কমেও ১০ বা ১৫ মিনিটৰ পৰা এঘণ্টা সময় তেনেকৈ থৈ দিয়া হয় যাতে লডাটোত থকা আটা কণাখিনি কোমল হয়। প্ৰুফিং কৰাৰ পিছত লডাটো কোমল আৰু নমনীয় হৈ পৰে। আটা গুড়িৰ লডাটো সৰু সৰু অংশত চিঙি ঘূৰণীয়া বল গঠন কৰা হয় যিবোৰ দুখন হাতৰ তলুৱাৰ মাজত হেঁচা মাৰি ধৰি থালৰ দৰে তৈয়াৰ কৰা হয়৷ তাৰ পিছত শুকান আটাত লেটিয়াই বৃত্তাকাৰ বেলনা এখনত বেলনা মাৰিৰে বহলাই দিয়া হয়৷ বেলনা বা বেলান এখন সমতল ডিস্ক জাতীয় উপাদান।[8] ইয়াৰ উপৰিও আজিকালি স্বয়ংক্ৰিয় ৰোটি নিৰ্মাতাও ওলাইছে, যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটো স্বয়ংক্ৰিয় কৰি তোলে।[9]

তাৰ পিছত বেলি লোৱা পিঠাখন আগতে গৰম কৰি লোৱা শুকান টাৱা ৰ ওপৰত পেলাই দুয়োফালে সিজোৱা হয়। ভাৰত উপমহাদেশৰ কিছুমান অঞ্চলত চাপাটি আংশিকভাৱেহে স্কাইলেটত সেকা হয় আৰু তাৰ পিছত পোনে পোনে জুইৰ শিখাত সিজোৱা হয়, যাৰ ফলত ই ফুলি উঠে। গৰম ভাপে ভিতৰৰ পৰা চাপাটি দ্ৰুতগতিত সিদ্ধ কৰে। উত্তৰ ভাৰত আৰু পূব পাকিস্তানৰ কিছুমান অঞ্চলত ইয়াক ফুলকা বুলি কোৱা হয়। ভাৰতৰ দক্ষিণ অংশত ইয়াক পুলকা বুলি কোৱা হয়। টাৱাৰ ওপৰত পোনে পোনে ৰোটি ফুলি উঠাও সম্ভৱ।[10]সেকা হ’লে, চাপাটিৰ ওপৰত মাখন বা ঘী দি খাব লাগে।[11]

চাপাটিৰ ব্যাস আৰু ডাঠ অঞ্চলভেদে বেলেগ বেলেগ। ঘৰুৱা পাকঘৰত তৈয়াৰী চাপাটি সাধাৰণতে ১৫ চেণ্টিমিটাৰ (৬ ইঞ্চি)ৰ পৰা ১৮ চেণ্টিমিটাৰ (৭ ইঞ্চি)তকৈ ডাঙৰ নহয় কাৰণ ইয়াক তৈয়াৰ কৰা টাৱা ঘৰুৱা ষ্ট’ভত আৰামদায়কভাৱে ফিট হোৱা আকাৰত আহে। পৰম্পৰাগতভাৱে টাৱাবোৰ গ্লেজবিহীন মাটিৰ পাত্ৰৰে তৈয়াৰ কৰা হৈছিল যদিও এতিয়া সাধাৰণতে ধাতুৰে তৈয়াৰ কৰা হয়। ৰোলিং পিনৰ আকৃতিও অঞ্চলভেদে বেলেগ বেলেগ হয়। কিছুমান পৰিয়ালে কেৱল পাকঘৰৰ কাম কৰা চেল্ফ এখন পেষ্ট্ৰি বৰ্ড হিচাপে ব্যৱহাৰ কৰে, কিন্তু কাঠ, শিল বা ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত ঘূৰণীয়া সমতল টপযুক্ত "বৰ্ড" বিশেষভাৱে চাপাটি বেলিবলৈ উপলব্ধ।[5]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Oliver, Jamie. "Roshi ( maldivian roti)". Jamie Oliver. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107000241/https://www.jamieoliver.com/recipes/member-recipes/recipe-detail/266/%20। আহৰণ কৰা হৈছে: 18 February 2017.  (recipe)
  2. 2.0 2.1 Of Bread Archived 11 December 2008 at the Wayback Machine Ain-i-Akbari, by Abu'l-Fazl ibn Mubarak. English tr. by Heinrich Blochmann and Colonel Henry Sullivan Jarrett, 1873–1907. The Asiatic Society of Bengal, Calcutta, Volume I, Chap. 26, page 61.
  3. Nandita Godbole, 2016, Roti: Easy Indian Breads & Sides Archived 8 April 2023 at the Wayback Machine.
  4. Chitra Agrawal, 2017, Vibrant India: Fresh Vegetarian Recipes from Bangalore to Brooklyn Archived 8 April 2023 at the Wayback Machine, page 35.
  5. 5.0 5.1 5.2 Kraig, Bruce; Sen, Colleen Taylor (2013). Street Food Around the World: An Encyclopedia of Food and Culture. ABC-CLIO. পৃষ্ঠা. 124. ISBN 978-1-59884-954-7. 
  6. Narendra, Dr (1996) (sa ভাষাত). Functional Sanskrit, its communicative aspect. Saṃskr̥takāryālayaḥ, Śrīaravindāśramaḥ. ISBN 978-81-7058-448-3. https://books.google.com/books?id=wz9jAAAAMAAJ&q=%E0%A4%9A%E0%A4%AA%E0%A4%BE%E0%A4%A4%E0%A5%80+%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%AA%E0%A4%9F%E0%A5%80. 
  7. "India Curry.com About Wheat". Archived from the original on 24 September 2015. https://web.archive.org/web/20150924034307/http://www.indiacurry.com/bread/br001aboutwheat.htm। আহৰণ কৰা হৈছে: 20 July 2015. 
  8. Caballero, Benjamin; Finglas, Paul M.; Toldra, Fidel, eds (2015). Encyclopedia of Food and Health. 1. Elsevier. পৃষ্ঠা. 731. ISBN 978-0-12-803511-5. 
  9. "Roti-makers for quick and efficient preparation of rotis & pooris - Times of India". The Times of India. https://timesofindia.indiatimes.com/most-searched-products/kitchen-and-dining/small-appliances/roti-makers-for-quick-and-efficient-preparation-of-rotis-and-pooris/articleshow/77606920.cms। আহৰণ কৰা হৈছে: 23 August 2020. 
  10. Archived at Ghostarchive and the Wayback Machine: "Soft Roti/Fulka/Chapati Recipe With And Without Gas Flame | Puff Roti in a skillet/tawa CookingShooking". YouTube. https://www.youtube.com/watch?v=acU_m5P68CM%20chapati. 
  11. Achaya, K. T. (1994). Indian Food: A Historical Companion. Oxford University Press. পৃষ্ঠা. 28. ISBN 978-0-19-562845-6.