চিহ্ন-যাত্ৰা

অংকীয়া নাট

চিহ্ন-যাত্ৰা গুৰু-চৰিত কথামতে জ্ঞাত শংকৰদেৱৰ দ্বাৰা ৰচিত এখনি নাট৷ নাটখনি অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই৷ তুলাপাতত সপ্ত বৈকুণ্ঠৰ চিত্ৰ আঁকি দেখুওৱাৰ পিছত ভক্ত-ৰাইজৰ আগ্ৰহত তেওঁ সেই চিত্ৰৰ কাহিনী অভিনয় কৰি দেখুৱাইছিল৷ চিহ্নমতে অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্নযাত্ৰা৷

চিহ্ন-যাত্ৰাৰ সূত্ৰপাত

সম্পাদনা কৰক

শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা অহাৰ পাছত ভাগৱতৰ দশম স্কন্ধ পাঠ কৰোঁতে বাৰ-ভূঞা সমন্বিতে শ্ৰোতা-ভকতে প্ৰাৰ্থনা কৰিলে, “গোপ গুপি জে কৃষ্ণ দেখালে আমাৰো কৃষ্ণ তুমি [চাবৰ] ইচা গৈচে দেখোৱা জক’’৷[1] অৰ্থাৎ ভাগৱতৰ কাহিনী মুখেৰে বৰ্ণনা কৰা শংকৰদেৱক তেওঁলোকে বৈকুণ্ঠৰ কাহিনী অভিনয় কৰি দেখুৱালৈ খাটনি ধৰিছিল৷ গুৰু-চৰিত মতে এনেকৈয়ে চিহ্ন-যাত্ৰা নাটৰ সূত্ৰপাত ঘটে৷ চিহ্নৰ অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্ন-যাত্ৰা৷[2] নাটখনিত কৃষ্ণৰ জন্মৰ সময়ৰ পৰা বৈকুণ্ঠ-প্ৰয়াণলৈকে সকলো কথা বৰ্ণা কৰা হৈছিল৷ নাটখনি সংলাপবিহীন আছিল আৰু সাতদিন-সাতৰাতি ইয়াৰ অভিনয় চলিছিল৷[3]

প্ৰস্তুতি

সম্পাদনা কৰক

শংকৰদেৱে ভকতসকলক দেখুৱাবলৈ তুলাপাতত সপ্ত বৈকুণ্ঠৰ ছবি আঁকি শেষ কৰোঁতে, কল্পতৰু বৃক্ষজোপা নেদেখি চন্দৰী আই আগবাঢ়ি আহি বৃক্ষজোপা দিবলগীয়া ঠাইডোখৰ দেখুৱাই দিছিল৷ “ডেকাগিৰি, সেইখিনিতে নিদিয়া কিয়, শ্ৰীমন্দিৰ কাখে সপ্তম দ্বাৰ আগকৈ’’৷[1]

ভাৱৰীয়াসকল

সম্পাদনা কৰক

বৈকুণ্ঠৰ চিহ্ন চাই শংকৰদেৱে এখনি সৰু নাটিকা লিখিলে৷ “নটুৱা শিখায়া মুখা বন্ধ কৰি চৌ নিৰ্ম্মিলা।” ৰামৰাম গুৰু সূত্ৰধাৰ হল, সৰ্ব্বজয় আতৈয়ে গৰুড়ৰ মুখা পিন্ধি ভাও দিলে, শঙ্কৰে নিজে নটা খোল একেলগে বজাই কৌতুক কৰিলে৷[4]

গীত-ৰাগ-বাদ্য

সম্পাদনা কৰক

শংকৰদেৱে বায়ু মণ্ডলীৰ ৰাগ দি নাট আৰম্ভ কৰি নাট ধেমালি, ছোট ধেমালি, বৰ ধেমালিৰ বাজনা বজাই সকলোকে আনন্দ দিলে। তাৰ পাচত শঙ্কৰদেৱে চিত্ৰ-বিচিত্ৰ কাচোনেৰে সাজি-কাচি নানা অঙ্গী-ভঙ্গী কৰি নৃত্য কৰিবলৈ ধৰিলে। তেওঁৰ লগত আন আন নটুৱা-বিলাকেও নৃত্য কৰিছিল।[4]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 নেওগ, ড° মহেশ্বৰ (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩১. 
  2. দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (২০০৫). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৫০. ISBN 81-7331-103-X. 
  3. "শ্ৰীমন্ত শংকৰ হৰি ভকতৰ". https://www.asomiyapratidin.in/homepage/sankardev-janmutsav-spcl-writng। আহৰণ কৰা হৈছে: 18 September 2024. 
  4. 4.0 4.1 "চিহ্ন যাত্ৰা নাট". https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4_%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1.pdf/%E0%A7%A7%E0%A7%A8। আহৰণ কৰা হৈছে: 13 September 2024.