চুত্যিণ্‌ফাৰ মৃত্যুৰ পাছত ১৬৪৮ চনত তেখেতৰ পুত্ৰ চাওফা চ্যু-তাম-লাক বা চুতাম্লা ৰজা পতা হয়। হিন্দু প্ৰথমতে তেখেতে জয়ধ্বজ সিংহ নাম লয়। ১৬৬২ চনৰ মোগলৰ একাদশতম আক্ৰমণত মোগলে আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিল বাবে তেখেতক ভগনীয়া ৰজা বোলা হয়। ১৬৬৩ চনত আহোম আৰু মোগলৰ মাজত তিপামৰ ঘিলাধাৰী ঠাইত সন্ধি হয়। এই সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৱে অসমৰ সকলো ত্যাগ কৰি সুদূৰ দিল্লীলৈ যাব লগা হৈছিল।

চুতাম্লা
চাওফা

অসমৰ ৰজা
১৬৪৮ - ১৬৬৩ খ্ৰীষ্টাব্দ
চুত্যিণ্‌ফা
উত্তৰাধিকাৰী চুপংমুং
সম্পূৰ্ণ নাম
চাওফা চ্যু-তাম-লা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

নগা আৰু মিৰিৰ বিৰুদ্ধে অভিযান

সম্পাদনা কৰক

১৬৫০ চনত লক্‌মা নগাৰ উৎপাত ৰোধ কৰিবলৈ এটা সৈন্যদল পঠিওৱা হয়। নগাৰ গাঁও আদি ধ্বংস কৰা হ'লেও নগাসকলে পুনৰ লুটপাত আৰম্ভ কৰে। গতিকে চাৰিবছৰৰ পাছত আকৌ এটা দল পঠিওৱা হয়। নগাই যাঠী-জোঙেৰে আক্ৰমণ কৰাত আহোম সেনাৰ লগত যোৱা ডফলা সেনাসকলে প্ৰতিৰোধ কৰে। পাছত নগাসকলে শান্তিৰ প্ৰস্তাৱ দিয়ে। কিন্তু আলোচনা কৰিবলৈ যোৱা দলটোক তেওঁলোকে হত্যা কৰে। আহোম সেনাই ডাঙৰ দল লৈ তেওঁলোকক আক্ৰমণ কৰি গাঁও, ভঁৰাল ধ্বংস কৰাত নগাসকলে শান্তিৰ প্ৰস্তাৱ লৈ বছৰি কৰ দিবলৈ মান্তি হয়।

১৬৫৫ চনত মিৰিসকলে আক্ৰমণ চলাই দুজন আহোম লোকক হত্যা কৰে। প্ৰত্যুত্তৰত আহোম সেনাই প্ৰায় তিনিশজন মিৰি লোকক প্ৰাণ নাশ কৰে আৰু বাৰখন গাঁও জ্বলাই দিয়ে। মিৰিসকলে তেতিয়া তল পৰি ৰজাক বছৰি কৰ দিবলৈ ৰাজী হয়।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Gait, E. A (1906). A History of Assam. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 147.