চেঁচোৰ

ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷

চেঁচোৰ (ইংৰাজী: Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়[1]

চেঁচোৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Poales
পৰিয়াল: Cyperaceae
গণ: Eleocharis
প্ৰজাতি: E. dulcis
বৈজ্ঞানিক নাম
Eleocharis dulcis
(Burm.f.) Trin. ex Hensch.
Corm of Eleocharis dulcis photographed in Wuxi (无锡), China
Waterchestnuts, chinese, (matai), raw
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 406 কিলোজুল (97 কিলোকেলৰি)
শৰ্কৰাসমূহ 23.94 g
- চেনি 4.8 g
- খাদ্য আঁহ 3 g
চৰ্বী 0.1 g
প্ৰ’টিন 1.4 g
থায়েমিন (ভিটামিন বি) 0.14 mg (12%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.2 mg (17%)
নিয়াচিন (ভিটামিন বি) 1 mg (7%)
পেণ্টথেনিক এচিড (বি) 0.479 mg (10%)
ভিটামিন বি 0.328 mg (25%)
ফলেট (ভিটামিন বি) 16 μg (4%)
ভিটামিন চি 4 mg (5%)
ভিটামিন ই 1.2 mg (8%)
মেগনেছিয়াম 22 mg (6%)
মেংগানিজ 0.331 mg (16%)
ফছফ’ৰাছ 63 mg (9%)
পটাছিয়াম 584 mg (12%)
জিংক 0.5 mg (5%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ
 
এটা কুমলীয়া চেঁচোৰৰ পুলি

চেঁচোৰৰ পাতবোৰ পিঁয়াজৰ পাতৰ দৰে চুঙাৰ লেখীয়াকৈ দীঘলীয়া হয়৷ চুঙা সদৃশ পাতবোৰৰ ভিতৰখন ফোপোলা হয় আৰু ইয়াৰ উপৰিভাগে সেউজীয়া বৰণ লয়৷

চেঁচোৰ বনৰ গুৰিত চুলি সদৃশ শিপাই বিকাশ লাভ কৰে৷ শিপাৰ আগভাগত বুটমাহৰ দৰে গোটা আকাৰৰ আলু ধৰে৷ এই আলুকে চেঁচোৰ বুলি কোৱা হয়৷ এই চেঁচোৰৰ সোৱাদ বাদামৰ দৰে৷[1]

বিস্তৃতি

সম্পাদনা কৰক

চেঁচোৰ বন ভাৰতৰ প্ৰায় সকলো ঠাইতে বহুলভাৱে বিস্তৃত হৈ আছে৷ এই বন সাগৰ পৃষ্ঠৰ পৰা ৭০০ মিটাৰ উচ্চতা পৰ্য্যন্ত দেখা পোৱা যায়৷[2]

চেঁচোৰৰ বহুতো ঔষধি গুণ থকাৰ তথ্য পোৱা গৈছে৷ এই বনৰ আলু বহুমূত্ৰ, বদহজমী, বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগৰ উপসমৰ বাবে ব্যৱহাৰ কৰা হয়৷ [2]

চিত্ৰভঁৰাল

সম্পাদনা কৰক
 
শিপা আৰু ফুলেৰে কেইজোপামান চেঁচোৰ
শিপা আৰু ফুলেৰে কেইজোপামান চেঁচোৰ  
 
ধাননি পথাৰত গজা চেঁচোৰ
ধাননি পথাৰত গজা চেঁচোৰ  
 
চেঁচোৰৰ ফুল
চেঁচোৰৰ ফুল  

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. 2.0 2.1 https://link.springer.com/referenceworkentry/10.1007%2F978-0-387-70638-2_1463