জছনাৰ ঝিটাছ (ইংৰাজী: Josnar Jhitas) হৈছে অসমীয়া সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনত চাহ জনগোষ্ঠীয় মহিলা দুৰ্গী ভূমিজৰ সংগ্ৰাময় জীৱনটোক দাঙি ধৰিছে। 'জছনাৰ ঝিটাছ' দুৰ্গী ভূমিজৰ জীৱন বিষয়ক দ্বিতীয়খন অসমীয়া উপন্যাস। ব্ৰিটিছ ঔপনিৱেশিক কালছোৱাত অসমত প্ৰতিষ্ঠা কৰা চাহ বাগিছাসমূহত কাম কৰিবৰ বাবে যথেষ্ট মানুহৰ প্ৰয়োজন হৈছিল। এই প্ৰয়োজনীয়তা পূৰণৰ বাবে বিভিন্ন প্ৰান্তত থকা আদিবাসী লোকসকলক নানান প্ৰলোভন দেখাই তথা জোৰ-জবৰদস্তি অসমৰ চাহ বাগিছাত বনুৱা হিচাপে কাম কৰিবলৈ লৈ অনা হয়। দুৰ্গী ভূমিজ হৈছে এইদৰে প্ৰব্ৰজন হৈ অহা লোকসকলৰ মাজৰে এগৰাকী মহিলা। যাক পৰৱৰ্তী সময়ত ব্ৰিটিছ চাহাব এজনে নিজৰ ৰক্ষিতা হিচাপে ৰাখিছিল আৰু তিনিটা দুভছীয়া সন্তানৰ তাই মাতৃ হ'ব লগা হয়। পাছত দুৰ্গীয়ে স্বাধীনতা আন্দোলনৰ কৰ্মী হিচাপে কাম কৰি ব্ৰিটিছৰ গুলিত মৃত্যুবৰণ কৰে। উপন্যাসখনত এই গোটেই দিশবোৰক ঔপন্যাসিকগৰাকীয়ে সুচাৰুৰূপে উপস্থাপন কৰিছে। উপন্যাসখনত দুৰ্গীৰ জীৱনৰ সমান্তৰালকৈ সহজ-সৰল চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰব্ৰজনৰ লগত জড়িত কৰুণ ইতিহাস আৰু তেওঁলোকৰ ওপৰত চলা অকথ্য নিৰ্যাতনৰ চিত্ৰখনো প্ৰকাশ পাইছে

লেখিকাৰ পৰিচয়==

সম্পাদনা কৰক

একাধাৰে ঔপন্যাসিক, গল্পকাৰ হিচাপে পৰিচিত অৰূপা পটঙ্গীয়া কলিতাৰ সাহিত্যৰাজিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে নাৰী কেন্দ্ৰিক চিন্তা চেতনাৰ প্ৰকাশ। তেওঁৰ বেছিসংখ্যক ৰচনাতে নাৰী জীৱনৰ সংগ্ৰাম, সংঘৰ্ষ, দুখ-দুৰ্দশা তথা নাৰীবাদী ভাৱধাৰা দেখিবলৈ পোৱা যায়।