জাল খোৱা
“বৈহাগৰ জাল, তেহে থাক্পো দেহা ভাল৷’’(প্ৰচলিত প্ৰবাদ)[1] নামনি অসমৰ ব’হাগ বিহুৰ লগত এক ওতপ্ৰোত সম্বন্ধ থকা অসমীয়া সংস্কৃতিৰ আন এক প্ৰথা হ’ল, “জাল খোৱা’’৷ সকলোবিধ জ্বলাগুণ থকা সামগ্ৰী লগ লগাই তৈয়াৰ কৰা ব্যঞ্জনকে “জাল আঞ্জা’’ আৰু ইয়াক খোৱাক “জালখোৱা’’ বোলে৷ ঠাই বিশেষে ব’হাগ বিহুৰ সাতদিনৰ ভিতৰত এই ’জাল খোৱা’ পতা হয় যদিও বৰপেটা সত্ৰ আৰু ইয়াৰ আশে-পাশে এক ব’হাগৰ দিনা ৰাতিৰ আহাৰত এই ’জাল আঞ্জা’ ৰন্ধা হয়৷
অসমৰ বিভিন্ন ঠাইত সন্তান জন্মৰ তিনি দিনৰ দিনা কচুশাক জালুকেৰে ৰান্ধি খাবলৈ দিয়া হয়, ইয়াক ’তিনিদিনীয়া জাল’ বোলে; আনহাতে নামনি অসমৰ কোনো কোনো ঠাইত পাঁচদিন বা এঘাৰ দিনৰ দিনা জলাবটা(জলকীয়া, জালুক, আদা, জিৰা, ধনীয়া, গোন্ধচানা বটি নিমখ-মিঠাতেলেৰে মিহলোৱা) বিলোৱা হয়৷[2]
উপকৰণ
সম্পাদনা কৰকজাল আঞ্জা ৰান্ধিবলৈ জলকীয়া, জালুক, জিৰা, মিঠি, বাখৰ, কালজিৰা, ধনীয়া, আদা, পিঁয়াজ, নহৰু, আফুগুটি, গৰম মছলা, জাইফল, আজোৱান, তেজপাত, তিল, মাটিমাহ, আৰৈ চাউল, দূবৰিৰ কোমল আগ, মানিমুনি, লাইজাবৰি, গোন্ধচানা, পিপেলি জাবৰাং, পচতীয়াৰ পাত, নৰসিংহ পাত, ভেদাইলতাৰ পাত আদি৷[1]
ৰন্ধন পদ্ধতি
সম্পাদনা কৰকমাটিমাহ তিয়াই থৈ কোমল হ’লে চাউল আৰু তিল লগ কৰি বটি ল’ব লাগে৷ তাৰপিছত বাকী মছলাখিনি বেলেগে বেলেগে বটি ল’ব লাগে৷ কেৰাহী গৰম কৰি তেল দি পাঁচফোৰণ, তেজপাত আৰু শুকান জলকীয়া দি ডেই যোৱাকৈ ভাজি পিছত বাকী মছলাবোৰ একাদিক্ৰমে দি লৰাই লৰাই ৰঙচুৱাকৈ ভাজিব লাগে৷ ভজা হ’লে, তিল, মাহ, আৰৈ চাউলৰ বটাখিনি দি অলপ লৰাই দুবৰি অৰু বাকী পাতৰ মিহি বটা বা ৰস দিব লাগে৷ লৰাই লৰাই থপথপীয়া হ’লে গৰম মছলা দি ঢাকোন মাৰি থৈ খোৱাৰ সময়ত পৰিৱেশন কৰা হয়৷ বহুতে সিজোৱা আলু বা কণী ভাজি থৈ জাল আঞ্জাত দি খায়৷[3]
জনবিশ্বাস
সম্পাদনা কৰকজালখোৱাৰ লগত প্ৰচলিত জনবিশ্বাস হ’ল, ব’হাগ মাহৰ পিছতে গৰম পৰে৷ ব’হাগত জাল খালে পাকস্থলী মজবুত হয়৷ সেয়ে, জহকালি জ্বলা-মছলা দিয়া আঞ্জা খালে অপকাৰ নকৰে৷ লগতে, ঔষধিযুক্ত পাতবোৰৰ দ্বাৰা মছলাই কোনো ক্ষতি নকৰে আৰু পুৰণি ৰোগো নিৰাময় কৰে৷