টি. এছ. কৃষ্ণমূৰ্তি
তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (ইংৰাজী: T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)।[1] চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা। ইয়াৰ পূৰ্বে তেওঁ ২০০০ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2][3]
টি. এছ. কৃষ্ণমূৰ্তি | |
---|---|
ত্ৰয়োদশ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত | |
কাৰ্যকাল ফেব্ৰুৱাৰী ২০০৪ – মে’ ২০০৫ | |
ৰাষ্ট্ৰপতি | এ. পি. জে. আব্দুল কালাম |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপেয়ী মনমোহন সিং |
পূৰ্বসূৰী | জেমছ মাইকেল লিংডো |
উত্তৰসূৰী | বি. বি. টেণ্ডন |
ব্যক্তিগত তথ্য | |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অসামৰিক সেৱা |
কৰ্মজীৱন
সম্পাদনা কৰককৃষ্ণমূৰ্তিয়ে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কোম্পানী পৰিক্ৰমা বিভাগৰ সম্পাদক হিচাপেকে ধৰি বিভিন্ন পৰ্যায়ত চৰকাৰৰ সেৱা আগবঢ়াইছিল। ভাৰত চৰকাৰৰ সচিব হোৱাৰ লগতে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ প্ৰথমজন বিষয়া আছিল। কোম্পানী পৰিক্ৰমা বিভাগৰ সচিব হিচাপে তেওঁক কোম্পানীসমূহৰ দাবীহীন লভ্যাংশৰ পৰা স্থাপন কৰা বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি স্থাপন কৰাৰ কৃতিত্ব দিয়া হয়।
কৃষ্ণমূৰ্তিয়ে ১৯ বছৰ বয়সতে বেংক অৱ ইণ্ডিয়াত (ৰাষ্ট্ৰীয়কৰণৰ পূৰ্বে) পৰীক্ষামূলক বিষয়া হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৬৩ চনৰ বেচত তেওঁ ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰে, তাৰ পিছত তেওঁক মাদ্ৰাজত আয়কৰ বিষয়া হিচাপে নিযুক্তি দিয়া হয়। জাহাজ আৰু বিত্তকে ধৰি নতুন দিল্লীৰ কেইবাটাও মন্ত্ৰালয়ত কাৰ্যনিৰ্বাহ কৰি তেওঁ বিশাখাপট্টনমৰ হিন্দুস্তান শিপয়াৰ্ড লিমিটেডৰ উপ-সাধাৰণ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে।তেওঁ চম্ভালি লোৱা এটা মূল কাম আছিল বম্বেৰ আয়কৰৰ মুখ্য আয়ুক্ত।
ইথিওপিয়া আৰু জৰ্জিয়াত আই এম এফৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে তেওঁ জিম্বাবুৱেৰ নিৰ্বাচন আৰু ২০০৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰ্যবেক্ষক আছিল। বি চি চি আইৰ ভিতৰৰ বিভিন্ন ফৈদৰ মাজত মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ উদ্দেশ্যে ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (B.C.C.I)ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কৃষ্ণমূৰ্তিক নিযুক্তি দিয়ে।
ব্যক্তিগত জীৱন
সম্পাদনা কৰককৃষ্ণমূৰ্তি তিৰুনেলভেলী জিলাৰ তৰুভাই গাঁৱৰ। তিৰুচিৰাপল্লীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ বৰোদাত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ বাংগালুৰুৰ ছেইণ্ট জোচেফ কলেজত অধ্যয়ন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] কৃষ্ণমূৰ্তিয়ে মহীশূৰ বিশ্ববিদ্যালয়ৰ ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ইউ.কে.ৰ বাথ বিশ্ববিদ্যালয়ৰ পৰা বিত্তীয় অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
অৱসৰৰ পিছত তেওঁ বিভিন্ন কোম্পানী আৰু এন জি অ’ৰ ব’ৰ্ডৰ সদস্য। তেওঁ চেন্নাই কেন্দ্ৰৰ ভাৰতীয় বিদ্যা ভৱনৰ অধ্যক্ষ আছিল। ২০০৮ চনত প্ৰকাশিত মিৰাকলছ অৱ ডেম’ক্ৰেচি নামৰ গ্ৰন্থখনৰ লেখক। কৃষ্ণমূৰ্তি চেন্নাইৰ বীনা শিল্পী গীতা কৃষ্ণমূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
বাহ্যিক সংযোগ
সম্পাদনা কৰক- "T S Krishnamurthy to be new CEC" - Times of India article dated 19 January 2004.
- "Krishnamurthy new chief election commissioner" - rediff.com article dated 19 January 2004.
- "T.S. KRISHNAMURTHY TAKES OVER AS CHIEF ELECTION COMMISSIONER" Press release by Press Information Bureau, Government of India dated 8 February 2004.
লগতে চাওক
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "Previous Chief Election Commissioners". Election Commission of India. Archived from the original on 21 November 2008. https://web.archive.org/web/20081121060346/http://www.eci.gov.in/Audio_VideoClips/previous-ces.asp.
- ↑ "I see no end to EVM bashing: Ex-CEC T S Krishnamurthy - The Economic Times". The Economic Times. https://economictimes.indiatimes.com/news/elections/lok-sabha/india/i-see-no-end-to-evm-bashing-ex-cec-t-s-krishnamurthy/articleshow/69024203.cms.
- ↑ "Former CEC calls for setting up of national election fund - The Hindu". The Hindu. 26 March 2021. https://www.thehindu.com/news/national/tamil-nadu/former-cec-calls-for-setting-up-of-national-election-fund/article34164323.ece.