ঠেঙাল ভৱন
অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন
ঠেঙাল ভৱন (ইংৰাজী: Thengal Bhawan) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ইয়াৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ পাইছিল।[1] তেতিয়া কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন। 'বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
ঠেঙাল ভৱন Thengal Bhawan | |
---|---|
সাধাৰণ তথ্য | |
প্ৰকাৰ | ভৱন |
অৱস্থিতি | জালুকনিবাৰী, তিতাবৰ, যোৰহাট জিলা |
নিৰ্মাণ আৰম্ভ | ১৮৮০ দশক |
নক্সা আৰু নিৰ্মাণ | |
Governing body | ব্যক্তিগত |
ইতিহাস
সম্পাদনা কৰকৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই ১৮৮০ দশকত ঠেঙাল ভৱনটো নিৰ্মাণ কৰিছিল।[2][3] ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।[4] এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।[1][3] এই বাতৰি কাকতখনৰ সম্পাদক আছিল নীলমণি ফুকন।
সাম্প্ৰতিক কালৰ ঠেঙাল ভৱন
সম্পাদনা কৰকবৰ্তমান ঠেঙাল ভৱনটো এটা অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।[1]
চিত্ৰ ভঁৰাল
সম্পাদনা কৰক-
ঠেঙাল ভৱনৰ সন্মুখ
-
ঠেঙাল ভৱনৰ ভিতৰত থকা এটা পুৰণি ঘড়ী
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "Heritage North-East". Contadgreen. Heritage North East Pvt. Ltd.. http://www.heritagetourismindia.com/। আহৰণ কৰা হৈছে: January 06, 2013.
- ↑ "Thengal Bhawan". District Administration, Jorhat.. http://jorhat.nic.in/thengal-bhawan-in-jorhat.html। আহৰণ কৰা হৈছে: 13 ফেব্ৰুৱাৰী 2014.
- ↑ 3.0 3.1 "About Thengal Bhavan". holidayiq.com. Archived from the original on March 26, 2013. https://web.archive.org/web/20130326070625/http://www.holidayiq.com/Thengal-Bhavan-Jorhat-Sightseeing-808-15077.html। আহৰণ কৰা হৈছে: January 06, 2013.
- ↑ "Thengal Bhawan". www.tourism.co.in. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305010143/http://tourism.co.in/mainpage.php?action=place&id=855। আহৰণ কৰা হৈছে: January 06, 2013.
বাহ্যিক সংযোগ
সম্পাদনা কৰক