ড'ৰা বিল বা ডৰা বিল হৈছে ৰামপুৰ নং ২ত অৱস্থিত এটা জলাশয় আৰু হ্ৰদ। পলাশবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত ২ খন গাঁও আৰু অসমৰ কামৰূপ জিলাৰ ৰাজাপুখুৰী, নাহিৰা, ভক্তপাৰা, তেজপুৰ, ৰামপুৰ, মাজপাৰা, কুলডুং, ধনতোলা, বৰটাৰী আৰু খিদিৰপুখুৰী আদি গাঁওৰে আগুৰি আছে।

ড'ৰা বিল
Fishing nets and boats on the Dora Beel
ড’ৰা বিলত মাছ ধৰা জাল আৰু নাও
স্থান ৰামপুৰ নং ২, কামৰূপ জিলা, অসম, ভাৰত

ভাৰতীয় জৰীপৰ তথ্য অনুসৰি ১৯৭১ চনত বিলৰ মুঠ মাটিকালি আছিল ৩০০.৯৬ একৰ। কিন্তু ২০০৫ চনত লেণ্ডছেটৰ চিত্ৰ অনুসৰি ই ২৭৮.৪১ একৰলৈ হ্ৰাস পাইছিল।

পানীৰ উৎস

সম্পাদনা কৰক

ড’ৰা বিল কুলশী নদীৰ পৰা পানী লাভ কৰে আৰু কুলশী নদীৰ মূল প্ৰৱেশ আৰু নিৰ্গমন পথ হিচাপেও কাম কৰে।

একুৱাফৌনা

সম্পাদনা কৰক

ড’ৰা বিল হৈছে দক্ষিণ এছিয়াৰ বিলুপ্তপ্ৰায় ডলফিন (Platanista gangetica)ৰ বাসস্থান। এই বিলুপ্তপ্ৰায় ডলফিন (অসমীয়া ভাষাত শিহু নামেৰে জনাজাত) সমগ্ৰ ব্ৰহ্মপুত্ৰ বদ্বীপত কেৱল সোৱণশিৰি নদী আৰু কুলশী নদীতহে প্ৰজনন কৰে।[1] [2]

ড’ৰা বিল উৎসৱ হৈছে ড’ৰা বিলৰ পাৰত থলুৱা মাছ প্ৰজাতিৰ উৎপাদনৰ বিষয়ে আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ আৰু এই উৎসৱটো মূলতঃ প্ৰকৃতিৰ সৈতে জড়িত আৰু প্ৰকৃতিৰ ৰক্ষা আৰু সন্মানৰ চিৰন্তন বাৰ্তা প্ৰদান কৰে।

অসমৰ বিলসমূহৰ তালিকা

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Save Dora Beel – Save River Dolphin" (en ভাষাত). Northeast Now. https://nenow.in/environment/save-dora-beel-save-river-dolphin.html। আহৰণ কৰা হৈছে: 12 November 2020. 
  2. "Summary of Dolphin habitat zone of river Kulsi" (en ভাষাত). Sodh Ganga –a reservoir of Indian theses. https://shodhganga.inflibnet.ac.in/bitstream/10603/184796/17/17_summary.pdf। আহৰণ কৰা হৈছে: 12 November 2020.