শিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেদি পাৰহৈ যোৱা ডিমৌৰ মাজমজিয়া হৈছে ডিমৌ চাৰিআলি।[1] সমীপৰ ঠাই চৰগুৱাত আহোমসকলে ৰাজধানী পাতিছিল। চৰগুৱাৰ দক্ষিণে যোৱা পথটো, হাৰি লোকৰ এগৰাকী ৰূপ-লাৱণ্যময়ী দীপলিপ কন্যাক স্বৰ্গদেউ গোপীনাথ সিংহই বিয়া কৰাই আনিছিল বাবেই সেই পথটোৰ নাম হাৰি পৰা আলি নামে জনাজাত। যিটোৰে বৰ্তমান ডিমৌ চাৰিআলিৰ পৰা আঠাবাৰী, কৃষ্ণবিহাৰী, গড়গাঁৱলৈ যাব পাৰি। শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যোৱাৰ পথতে ডিমৌৰ মাজেৰে অতিক্ৰম কৰি গৈছে আলুন বৰবৰুৱা পথ। সেই আলুন বৰবৰুৱা পথ বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰূপান্তৰিত কৰা হৈছে। আলুন বৰবৰুৱা আৰু হাৰিপৰা আলিৰ সংযোগস্থলেই ডিমৌ চাৰিআলি[2]৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে চুই যোৱা ঠাইখিনি ইয়াৰ চৌপাশৰ গাঁও আৰু চাহ বাগানসমূহৰ ব্যৱসায়-বাণিজ্য, শিক্ষা-দীক্ষা,খেলা-ধূলা,কাৰ্যালয়, চিকিৎসা,আদি বহু ক্ষেত্ৰত কেন্দ্ৰস্থল।[1]

ডিমৌ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ
কালি
 • ভূমি ৪০৯.৫৫ km2 (158.13 sq mi)
জনসংখ্যা
 • মুঠ ১৪০০০০

ডিমৌ নামৰ উৎপত্তি

সম্পাদনা কৰক

ডিমৌ নামৰ উৎপত্তি সম্পৰ্কে কেবাটাও মত আছে। ডিমৌ বড়ো আৰু টাই আহোম ভাষাৰ মিশ্ৰিত এটা যৌগিক শব্দ। বড়োমূলীয়া 'ডি' শব্দ‌ই পানী বা নৈ বুজায়। 'মৌ'ৰ আহোমৰ অৰ্থ হৈছে মাটিৰ চৰু বা পাত্ৰ। ডিমৌ শব্দৰ অৰ্থ হৈছে মাটিৰ পাত্ৰ তৈয়াৰৰ বাবে ভাল মাটি থকা নৈৰ গৰা। মঙ্গোলিয় প্ৰজাতিৰ জনগোষ্ঠীসকলে নদীৰ পাৰত বাস কৰি ভাল পাইছিল। সেয়ে শিৱসাগৰ জিলাৰ দিচাং নদীৰ উত্তৰ পাৰে দিহিঙলৈ মৰাণসকলে আৰু দক্ষিণ-পশ্চিমে বৰাহী আৰু কছাৰী বড়োসকলে বসতি কৰিছিল। তেওঁলোকে নিজে বাস কৰা অঞ্চলবোৰক নিজস্ব বৈশিষ্ট্যৰে নামকৰণ কৰাটো বৈশিষ্ট্য আছিল। সেই দিশৰ পৰা চালে দেখা যায় যে 'ডিমৌ' নামৰ জান বা সুঁতিৰ পৰাই এই নামটো দিয়া হৈছে।[2]

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক
  • ডিমৌ ৰাজহ চক্ৰৰ মুঠ মাটিকালি ৪০৯.৫৫ বৰ্গ কিঃমিঃ।[1]
  • মুঠ জনসংখ্যা ১,৪০,০০০(প্ৰায়)[1]
  • চাৰিসীমাঃ
    • ডিমৌ চাৰিআলিৰ পূবে চেপন,নাহৰণি আৰু দিখাৰী, পশ্চিমে ৰজাবাৰী,থাওৰা,ৰাজমাই আৰু লগুৱাবাৰী, উত্তৰে নিতাই পুখুৰী,কমলদৈপুল আৰু শুকান পুখুৰী, দক্ষিণে খৰাহাট,আঠাবাৰী আৰু কলিয়াপানী।[2]
  • ডিমৌ ৰাজহ চক্ৰৰ অঞ্চলসমূহ হৈছে
    • কুশল পথ,জনতা পথ,আলুন নগৰ, শান্তিপুৰ,মধুপুৰ, লাচিত নগৰ,ছ্যূকাফা নগৰ, শ্ৰীমন্ত নগৰ,মিলন নগৰ,ৰাইচাইৰ একাংশ,ইকৰাণীৰ একাংশ আৰু কোঁৱৰ দিহিঙ্গীয়া, কলিয়াপানী আৰু দিহাজান গ্ৰাণ্টৰ একাংশ।[2]
  • ডিমৌ নৈ
    • ডিমৌ চাৰিআলিৰ উত্তৰ দিশেৰে বৈ গৈছে ডিমৌ নৈ।[2]

অৰ্থনৈতিক গুৰুত্ব

সম্পাদনা কৰক

জন গাঁথনি

সম্পাদনা কৰক

ডিমৌ চাৰিআলিৰ জনগাঁথনিৰ ফালৰ পৰা এখন ক্ষুদ্ৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বস-বাস কৰি আহিছে। আহোম,কোঁচ, কলিতা, মাৰোৱাৰী, বঙালী, বিহাৰী, মুছলমান,দেউৰী, মিচিং,চাহ জনগোষ্ঠী,হৰিজন,কৈবৰ্ত, ব্ৰাহ্মণ আদি সকলো সম্প্ৰদায়ৰ লোক আছে।[2]

প্ৰশাসনিক গাঁথনি

সম্পাদনা কৰক

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক লম্বভাৱে ছেদ কৰি যোৱা নিতাইপুখুৰী আৰু আঠাবাৰী ৰাস্তাই ঠাইখনক চাৰিটা চুকত বিভক্ত কৰিছে।

  1. নিতাই,
  2. পানীদিহিং,
  3. থাওৰা আৰু
  4. বকতা,

এই চাৰিটা মৌজাৰে ডিমৌ এটা বৃহৎ ৰাজহ চক্ৰ। ডিমৌ ৰাজহ চক্ৰত বিশখন পঞ্চায়ত আছে।

উল্লেখযোগ্য শিক্ষানুষ্ঠান

সম্পাদনা কৰক

সমগ্ৰ ডিমৌ অঞ্চলত অনেক শিক্ষানুষ্ঠান আছে।[1][2]

  1. ৬৭৩ নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়
  2. ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  3. ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়
  4. ডিমৌ টাউন মধ্য অসমীয়া বিদ্যালয়
  5. ডিমৌ মহাবিদ্যালয়
  6. ডিমৌ বাণিজ্য মহাবিদ্যালয়
  7. ডিমৌ কনিষ্ঠ মহাবিদ্যালয়
  8. ডিমৌ আদৰ্শ জাতীয় বিদ্যালয়
  9. ডিমৌ জাতীয় বিদ্যালয়
  10. লম্বোদৰ বৰগোহাঁই শংকৰদেৱ শিশু/বিদ্যা নিকেতন
  11. হেমচন্দ্ৰ বৰগোহাঁই মডেল ইংলিছ স্কুল
  12. চেণ্ট জনছ স্কুল
  13. চেণ্ট মেৰিজ স্কুল

ইত্যাদি।

উল্লেখযোগ্য অন্যান্য দিশ

সম্পাদনা কৰক
  • সংবাদ ক্ষেত্ৰতঃ প্ৰয়াত মোহন ৰাম শ‌ইকীয়া ডিমৌ অঞ্চলৰ সংবাদ জগতৰ বাটকটীয়া।[2]
  • সাংস্কৃতিক দিশতঃ[2]
    • একটিং একাডেমীঃ ডিমৌ
    • আখৰা ঘৰ
    • ডিমৌ সংগীত বিদ্যালয়
    • ডিমৌ ৰাজহুৱা ভৱন
      • ১৯৬০ চনত স্থাপিত
  • ক্ৰীড়া ক্ষেত্ৰতঃ[2]
    • ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গন
      • এছিয়াৰ সৰ্ববৃহৎ গ্ৰাম্য ক্ৰীড়াঙ্গন
    • ডিমৌ হেণ্ডবল ক্লাব
    • ডিমৌ ক্ৰীড়া সন্থা
    • অসম এথলেটিক্স একাডেমী

অন্যান্য

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 ঘনকান্ত গগৈ (২০০৯). "বিহঙ্গম দৃষ্টিত ডিমৌ আৰু সোণালী জয়ন্তী গৰকা ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়". ডালিমা. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 অৰুণ শৰ্মা (২০০৯). "পুৰণি নাম, নতুন চিনাকি, 'ডিমৌ চাৰিআলি'". ডালিমা.