তথ্যচিত্ৰ (ইংৰাজী: Documentary Film) হৈছে "বাস্তৱক নথিভুক্ত কৰা, প্ৰধানকৈ নিৰ্দেশনা, শিক্ষা বা ঐতিহাসিক অভিলেখ বৰ্তাই ৰখা"ৰ উদ্দেশ্যে নিৰ্মিত অকাহিনীমূলক বা অ-কাল্পনিক চলচ্চিত্ৰ।[1] বিল নিকোলছৰ মতে "তথ্যচিত্ৰ হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ এটা প্ৰথা, চিনেমাৰ এক পৰম্পৰা আৰু দৰ্শকৰ গ্ৰহণৰ ধৰণ [যিটো স্পষ্ট সীমাহীন প্ৰথা হৈয়েই আছে]"৷[2]

চলচ্চিত্ৰ বিদ্যালয়ত ব্যৱহৃত হোৱা জনপ্ৰিয় ১৬ মিলিমিটাৰ বলেক্স কেমেৰা

আদিম তথ্যচিত্ৰক প্ৰথমতে "একচুৱেলিটি ফিল্ম" বুলি কোৱা হৈছিল৷ সেইবোৰ এক মিনিট বা তাতোকৈ কম সময়ৰ বাবে চলিছিল। সময়ৰ লগে লগে তথ্যচিত্ৰবোৰ দীঘলীয়া হোৱাৰ লগতে অধিক শিতান অন্তৰ্ভুক্ত হ'বলৈ ধৰিছে। কিছুমান উদাহৰণ হ’ল শিক্ষামূলক, পৰ্যবেক্ষণমূলক আৰু নথিপত্ৰ। তথ্যচিত্ৰ অতি তথ্যসমৃদ্ধ, আৰু প্ৰায়ে বিদ্যালয়ৰ ভিতৰত বিভিন্ন নীতি শিকোৱাৰ সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়৷ বিষয় একোটাক ভুলকৈ উপস্থাপন নকৰি নিজৰ দৃষ্টিভংগীৰ প্ৰতি সত্যতা প্ৰকাশ কৰাটোৱেই তথ্যচিত্ৰৰ নিৰ্মাতাসকলৰ উদ্দেশ্য হোৱা উচিত৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে (যেনে- ইউটিউব) তথ্যচিত্ৰ ধাৰাটোৰ বিকাশৰ বাবে এক পথ প্ৰদান কৰিছে। এই প্লেটফৰ্মসমূহে বিতৰণৰ ক্ষেত্ৰতো সহজলভ্যতা বৃদ্ধি কৰিছে।

প্ৰাক্ ১৯০০

সম্পাদনা কৰক
 
১৮৯৯ চনত ঘেঅৰ্গে মেৰিনেস্কুয়ে নিৰ্মাণ কৰা বিজ্ঞানধৰ্মী ছবিৰ এটা ফ্ৰেম বা সজ্জা

প্ৰাৰম্ভিক ছবিসমূহত (১৯০০ চনৰ পূৰ্বৰ) কোনো এটা পৰিঘটনা দেখুওৱাৰ ধাৰণাটোৱে আধিপত্য বিস্তাৰ কৰিছিল। একক শ্বটৰ মুহূৰ্তবোৰ ফিল্মত বন্দী কৰা হৈছিল। তাৰ ভিতৰত যৰেল ষ্টেচনত প্ৰৱেশ কৰা, নাও ডকিং কৰা বা কাৰখানাৰ শ্ৰমিকসকলে কাম এৰি যোৱা দৃশ্যৰ কথা ক'ব পাৰি। এই চুটি ছবিবোৰক "একচুৱেলিটি" ছবি বুলি কোৱা হৈছিল। ১৯২৬ চনলৈকে "তথ্যচিত্ৰ" শব্দটোৰ উদ্ভাৱন হোৱা নাছিল। প্ৰযুক্তিগত সীমাবদ্ধতাৰ বাবে অগাষ্ট আৰু লুই লুমিয়েৰে প্ৰথমাৱস্থাত নিৰ্মাণ কৰা বহু ছবিৰ দৈৰ্ঘ্য এক মিনিট বা তাতোকৈ কম আছিল।

১৮৯৬ চনৰ মে’ মাহত বলেছলাভ মাটুচেভস্কিয়ে ৱাৰ্ছ আৰু চেণ্ট পিটাৰ্ছবাৰ্গ চিকিৎসালয়ত কৰা কেইটামান অস্ত্ৰোপচাৰ ছবিত ৰেকৰ্ডিং কৰে। ১৮৯৮ চনত ফৰাচী অস্ত্ৰোপচাৰ বিশেষজ্ঞ ইউজেন-লুই ডয়েনে মাটুচেভস্কি আৰু ক্লেমেণ্ট মৰিছক তেওঁৰ অস্ত্ৰোপচাৰৰ অস্ত্ৰোপচাৰ লিপিবদ্ধ কৰিবলৈ আমন্ত্ৰণ জনায়। ১৮৯৮ চনৰ জুলাই মাহৰ কোনোবা এটা সময়ত তেওঁলোকে পেৰিছত অস্ত্ৰোপচাৰৰ ধাৰাবাহিক ছবি আৰম্ভ কৰিছিল।[3] ১৯০৬ চনলৈকে ডয়েনে ৬০টাতকৈও অধিক অপাৰেচন ৰেকৰ্ড কৰিছিল। ডয়েনে কয় যে তেওঁ প্ৰথমাৱস্থাত অজানিতে কৰা বা অজ্ঞাতে কৰা পেছাদাৰী ভুলবোৰ পাছলৈ শুধৰাবলৈ শিকিছিল। বৈজ্ঞানিক উদ্দেশ্যত ১৯০৬ চনৰ পিছত ডয়েনে তেওঁৰ ১৫খন ছবিক একত্ৰিত কৰি তিনিটা সংকলন প্ৰস্তুত কৰে। ইয়াৰে দুখন এতিয়াও আছে। ছয়খন ছবিৰ ধাৰাবাহিক Extirpation des tumeurs encapsulées (১৯০৬), আৰু চাৰিখন ছবিৰ Les Opérations sur la cavité crânienne (১৯১১)। ডয়েনৰ আন পাঁচখন ছবিও জীয়াই আছে।[4]

১৮৯৮ চনৰ জুলাইৰ পৰা ১৯০১ চনৰ ভিতৰত ৰোমানিয়াৰ অধ্যাপক ঘেঅৰ্গে মেৰিনেস্কুৱে বুখাৰেষ্টত থকা তেওঁৰ স্নায়ুবিজ্ঞান ক্লিনিকত কেইবাখনো বিজ্ঞানৰ ছবি নিৰ্মাণ কৰে: [5] ৱাকিং ট্ৰাবলছ অৱ অৰ্গেনিক হেমিপ্লেজি (১৮৯৮), দ্য ৱাকিং ট্ৰাবলছ অৱ অৰ্গেনিক পেৰাপ্লেজিছ (১৮৯৯), এ কেছ অৱ হিষ্টেৰিক হেমিপ্লেজি হিল্ড থ্ৰু হিপ্নোছিছ (১৮৯৯), দ্য ৱাকিং ট্ৰাবলছ অৱ প্ৰগ্ৰেছিভ ল'ক'ম'চন এটাক্সি (১৯০০), আৰু ইলিনেছ অৱ দ্য মাছলছ (১৯০১)। এই সকলোবোৰ চুটি ছবি সংৰক্ষিত হৈ আছে। অধ্যাপকগৰাকীয়ে তেওঁৰ ৰচনাসমূহক "চিনেমাট'গ্ৰাফৰ সহায়ত অধ্যয়ন" বুলি অভিহিত কৰে আৰু ইয়াৰ ফলাফলসমূহ একেৰাহে কেইবাটাও ফ্ৰেমৰ সৈতে পেৰিছৰ পৰা অহা লা চেমেইন মেডিকেল আলোচনীৰ সংখ্যাত ১৮৯৯ চনৰ পৰা ১৯০২ চনৰ ভিতৰত প্ৰকাশ কৰে।[6]

১৯০০-১৯২০

সম্পাদনা কৰক

২০ শতিকাৰ আৰম্ভণিতে ট্ৰেভেলগ চিনেমা অতি জনপ্ৰিয় আছিল। বিতৰকসকলে ইয়াক প্ৰায়ে "চিনিক" বুলি কয়। সেই সময়ত দৃশ্যপট আটাইতকৈ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত অন্যতম আছিল।[7]দৃশ্যপটৰ ধাৰণাটোৰ বাহিৰলৈ যোৱা এখন গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক ছবি আছিল ইন দ্য লেণ্ড অৱ দ্য হেড হাণ্টাৰছ (১৯১৪)।

ৰোমাণ্টিকতাবাদ

সম্পাদনা কৰক

১৯২২ চনত ৰবাৰ্ট জে ফ্লেহাৰ্টিৰ নানুক অৱ দ্য নৰ্থৰ সৈতে তথ্যচিত্ৰই ৰোমাণ্টিকতাক আকোৱালি লৈছিল। এই সময়ছোৱাত ফ্লেহাৰ্টিয়ে কেইবাখনো ৰোমাণ্টিক তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণ কৰিছিল। তেওঁ প্ৰায়ে দেখুৱাইছিল যে তেওঁৰ প্ৰজাসকলে ১০০ বছৰৰ আগতে কেনেকৈ জীয়াই থাকিলহেঁতেন আৰু তেতিয়া তেওঁলোকে কেনেকৈ জীয়াই আছে। উদাহৰণস্বৰূপে, উত্তৰৰ নানুকত ফ্লেহাৰ্টিয়ে তেওঁৰ প্ৰজাসকলক ওচৰৰ শ্বটগানেৰে ৱালৰাছ গুলিয়াবলৈ নিদিলে, বৰঞ্চ তেওঁলোকক ইয়াৰ পৰিৱৰ্তে হাৰ্পুন ব্যৱহাৰ কৰিবলৈ দিলে। ফ্লেহাৰ্টিৰ কিছুমান মঞ্চায়ন, যেনে- ইণ্টেৰিয়ৰ শ্বটৰ বাবে ছাদবিহীন ইগলু নিৰ্মাণ কৰা, সেই সময়ৰ চিত্ৰগ্ৰহণ প্ৰযুক্তিৰ লগত খাপ খুৱাই ল'বলৈ প্ৰয়াস কৰিছিল।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Oxford English Dictionary". oed.com. http://www.oed.com/;jsessionid=D17BEB75B4625B02AC28B5B9C051D98D?authRejection=true&url=%2Fview%2FEntry%2F56332। আহৰণ কৰা হৈছে: 25 April 2018. 
  2. Nichols, Bill (1998). "Foreword to the new and expanded edition". In Grant, Barry Keith; Sloniowski, Jeannette. Documenting the Documentary: Close Readings of Documentary Film and Video. Contemporary approaches to film and media series. প্ৰকাশক Detroit: Wayne State University Press. 2013. পৃষ্ঠা. xiv. ISBN 9780814339725. https://books.google.com/books?id=ixLCAgAAQBAJ। আহৰণ কৰা হৈছে: 6 July 2020. "Even after the word 'documentary' began to designate something that looked like a filmmaking practice, a cinematic tradition, and mode of audience reception, it remains, to this day, a practice without clear boundaries." 
  3. Charles Ford, Robert Hammond: Polish Film: A Twentieth Century History. McFarland, 2005. আই.এচ.বি.এন. 9781476608037, p.10.
  4. Baptista, Tiago (November 2005). ""Il faut voir le maître": A Recent Restoration of Surgical Films by E.-L. Doyen, 1859–1916". Journal of Film Preservation (70). 
  5. Mircea Dumitrescu, O privire critică asupra filmului românesc, Brașov, 2005, আই.এচ.বি.এন. 978-973-9153-93-5
  6. Rîpeanu, Bujor T. Filmul documentar 1897–1948, Bucharest, 2008, আই.এচ.বি.এন. 978-973-7839-40-4
  7. Miriam Hansen, Babel and Babylon: Spectatorship in American Silent Film, 2005.