থৌবাল জিলা

ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা

থৌবাল জিলা (Thoubal district, Pron:/ˈθɑʊbɑːl orˈθɑʊbəl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত। থৌবাল জিলাৰ মুঠ মাটিকালি ৫১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৪,২০,৫১৭ জন।[1] জিলাখনৰ সদৰ ঠাই থৌবাল টাউন। এই জিলাৰ উল্লেখযোগ্য ঠাই হৈছে খঞ্জম (Khongjom), য’ত ১৮৯১ চনৰ এপ্ৰিল মাহত ব্ৰিটিছৰ সৈতে মণিপুৰৰ স্বাধীনতাৰ বাবে অন্তিম যুদ্ধখন সংঘটিত হৈছিল।

থৌবাল জিলা
ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛ
মণিপুৰত থৌবালৰ অৱস্থান
মণিপুৰত থৌবালৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ থৌবাল
মহকুমা থৌবাল, লিলং
চৰকাৰ
 • লোকসভা সমষ্টি ইনাৰ মণিপুৰ
কালি
 • মুঠ 514 km2 (198 sq mi)
উচ্চতা
790 m (2,590 ft)
জনসংখ্যা
 (2011)
 • মুঠ 4,20,517
 • ঘনত্ব 820/km2 (2,100/sq mi)

১৯৮৩ চনত পূৰ্বৰ মণিপুৰ কেন্দ্ৰীয় জিলাৰ থৌবাল মহকুমাক পৃথক কৰি স্বকীয় জিলা হিচাপে স্বীকৃতি দিয়া হয়। তেতিয়া এই জিলা তিনিটা মহকুমাৰে গঠিত হৈছিল: থৌবাল (Thoubal), লিলং (Lilong) আৰু কাকচিং (Kakching)।

ভৌগোলিক অৱস্থান

সম্পাদনা কৰক

থৌবাল জিলাখনে মণিপুৰ উপত্যকাৰ পূবৰ প্ৰায় অৰ্ধাংশ জুৰি আছে। জিলাখনৰ সীমা ত্ৰিভুজাকাৰ। এই জিলা ২৩° ৪৫' – ২৪° ৪৫' উত্তৰ অক্ষাংশ আৰু ৯৩° ৪৫' – ৯৪° ১৫' পূব দ্ৰাঘিমাংশত অৱস্থিত। থৌবাল জিলাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৭৯০ মিটাৰ।

থৌবাল জিলাৰ দক্ষিণ-পশ্চিম অংশত মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ অৱস্থিত। এই অঞ্চলত থকা অন্যান্য হ্ৰদবোৰ হৈছে খাৰুং (Kharung), ইক’প (Ikop), পুমলেন (Pumlen), লৌছি (Lousi) আৰু গাংগু (Ngangou)।

অৰ্থনীতি

সম্পাদনা কৰক

কৃষি থৌবাল জিলাৰ মূল আৰ্থিক অৱলম্বন। জিলাখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিৰ লগত জড়িত। এই জিলাৰ উপত্যকা সাৰুৱা আৰু জলসিঞ্চনৰ বাবে উপযোগী। জিলাখনত উৎপাদিত মূল শস্য হৈছে ধান। ইয়াত উৎপাদিত অন্যান্য শস্যবোৰ হৈছে কুঁহিয়াৰ, গোমধান, মাহ, আলু, জলকীয়া ইত্যাদি। থৌবাল জিলাত মণিপুৰৰ ভিতৰতে সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়।[2]

জনসংখ্যা

সম্পাদনা কৰক
থৌবাল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৬৩.২৮%
ইছলাম ধৰ্ম‎
  
২৫.৪২%
অন্য
  
১০.০৩%
খ্ৰীষ্টান ধৰ্ম‎
  
১.০২%
তথ্য নাই
  
০.১৯%
শিখ ধৰ্ম‎
  
০.০৩%
বৌদ্ধ ধৰ্ম‎
  
০.০৩%
জৈন ধৰ্ম‎
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি থৌবাল জিলাৰ মুঠ জনসংখ্যা ৪,২০,৫১৭ জন।[3] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৫৫।[3] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৮১৮ জন।[3] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৪৮%।[3] থৌবাল জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৬ গৰাকী[3] আৰু সাক্ষৰতাৰ হাৰ ৭৬.৬৬%। .[3]

থৌবাল জিলাৰ যাতায়ত ব্যৱস্থা যথেষ্ট কাৰ্যকৰী। প্ৰায়বোৰ নগৰ আৰু গাওঁ জিলাখনৰ সদৰঠাইৰ সৈতে সংযুক্ত। প্ৰথম এছিয় ৰাষ্ট্ৰীয় ঘাইপথ (AH-1) জিলাখনৰ মাজেদি পাৰ হৈ হৈছে।

 
থৌবাল মহাবিদ্যালয়

থৌবাল আৰু কাকচিং জিলাখনৰ শিক্ষাৰ মূল কেন্দ্ৰ। জিলাখনত অৱস্থিত উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে থৌবাল মহাবিদ্যালয়, খা-মণিপুৰ মহাবিদ্যালয় ইত্যাদি। থৌবাল জিলা চিকিৎসালয়ত এখন নাৰ্ছিং মহাবিদ্যালয়ৰো নিৰ্মাণ হৈ আছে। অন্যান্য বিদ্যালয়সমূহ হছে জৱাহৰ নবোদয় বিদ্যালয়, পদ্ম ৰত্ন বিদ্যালয়, এভআৰগ্ৰীণ ফ্লাৱাৰ ইংলিছ স্কুল ইত্যাদি।

থৌবাল জিলাৰ মহকুমা দুটা:

  • থৌবাল
  • লিলং ( Lilong)

শেহতীয়াকৈ কাকচিং মহকুমাক এই জিলাৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্যদ্যা দিয়া হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Ranking of Districts by Population Size, 2001 and 2011" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010–2011. http://censusindia.gov.in/2011-prov-results/data_files/Manipur/statement1.xls। আহৰণ কৰা হৈছে: 2011-09-18. 
  2. http://www.ias.ac.in/currsci/sep252005/1018.pdf
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক