দিলাৰা বেগম জলী (ইংৰাজী: Dilara Begum Jolly)এগৰাকী বাংলাদেশী ছপা শিল্পী, ভাস্কৰ্য্য শিল্পী, প্ৰতিষ্ঠাপন শিল্পী আৰু চিত্ৰশিল্পী। নাৰীৰ বিৰুদ্ধে দেখা পোৱা বৈষম্যক সমাজৰ সমুখলৈ লৈ অহাৰ বাবে আৰু নিজৰ কৰ্মত নাৰীবাদী দৃষ্টিভংগী স্পষ্টভাৱে উপস্থাপন কৰা বাবে তেওঁ পৰিচিত।[1]

দিলাৰা বেগম জলী
Dilara Begum Jolly
জন্ম ১৯৬০
চিটাগং, বাংলাদেশ
পেচা চিত্ৰশিল্পী
দাম্পত্যসঙ্গী ধালি আল মামুন

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

দিলাৰা বেগমক তেওঁৰ পেছাগত নামতকৈ জলী ছদ্মনামেৰে বেছিকৈ জনা যায়।[2]

তেওঁ চট্টগ্ৰামৰ চৰকাৰী কলা মহাবিদ্যালয়ত চিত্ৰকলা আৰু প্ৰিন্টমেকিং অধ্যয়ন কৰিছিল (চাৰুকলাৰ স্নাতক, ১৯৮১)৷ তাৰ পিছত ১৯৮৪ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ফাইন আৰ্টছত সূক্ষ্ম কলা, চিত্ৰকলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] ইয়াৰ পিছত ১৯৯১ চনত ভাৰত চৰকাৰৰ পৰা বৃত্তি লাভ কৰি তেওঁ পশ্চিম বংগশান্তিনিকেতনত প্ৰিন্ট মেকিঙত পোষ্ট ডিপ্লমা লাভ কৰে।[4]

জলীয়ে এটা সাক্ষাৎকাৰত কয় যে তেওঁৰ বাবে সামাজিক বাধাসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত তেওঁৰ মাক প্ৰথম প্ৰেৰণা আছিল৷ তেওঁৰ মাকে কৈছিল "মহিলাসকল শিক্ষিত হ'ব লাগে, আৰু নিজৰ কণ্ঠ লাভ কৰিবলৈ তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো প্ৰয়োজন৷"[5]

২০১১ চনত জলী আৰু তেওঁৰ স্বামী বাছ দুৰ্ঘটনাত পতিত হয় আৰু ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা তাৰেক মাছুদ, এ টি এন নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া মিছুক মুনিয়েৰ আৰু আন তিনিজন লোকৰ মৃত্যু হয়। তেওঁলোকে শিবালায়া উপজিলাৰ এটা দৃশ্যগ্ৰহণৰ স্থান পৰিদৰ্শন কৰাৰ পিছত টাৰেকেৰ শেহতীয়া ছবি কাগজেৰ ফুলৰ দৃশ্যগ্ৰহণৰ অনুমতি বিচাৰি উপ-আয়ুক্তক সাক্ষাৎ কৰিবলৈ মাণিকগঞ্জ চহৰ অভিমুখী মাইক্ৰ'বাছত যাত্ৰা কৰি আছিল।[6] যাত্ৰাপথত মাণিকগঞ্জৰ ঘিঅ'ৰত ঢাকা-আৰিচা ঘাইপথত এখন যাত্ৰীবাহী বাছৰ সৈতে তেওঁলোকৰ মাইক্ৰ'বাছখন মুখামুখি সংঘৰ্ষত লিপ্ত হয়।[7]আৰু দুৰ্ঘটনাত জলীৰ এখন হাত ভাঙে।[8]

কৰ্মজীৱন

সম্পাদনা কৰক

জলীয়ে প্ৰিণ্টমেকাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০১৪ চনত তেওঁ ঢাকাৰ বেংগেল আৰ্ট লাউঞ্জত বাংলাদেশৰ কাপোৰ উদ্যোগৰ মহিলাসকলৰ অৱস্থাৰ আধাৰত "থ্ৰেডছ অৱ টেষ্টিমোনি" শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰে।[1]

মুখ্য বিষয়বস্তু

সম্পাদনা কৰক

দিলাৰা বেগম জলীৰ ৰচনাসমূহে নাৰী জীৱনৰ আভ্যন্তৰীণ যাত্ৰাৰ লগতে কঠোৰ বাস্তৱতাক তুলি ধৰিছে। চৈয়দ ৱালি উল্লাহৰ উপন্যাস ‘লালছালু’ৰ জামিলাৰ দৰে বিভিন্ন শক্তিশালী নাৰী চৰিত্ৰই তেওঁক প্ৰভাৱিত কৰিছে। তেওঁৰ ধাৰাবাহিক ৰচনা Embryo Withdrawn-য়ে সমাজৰ পিতৃতন্ত্ৰৰ বলি হোৱা কিশোৰী কন্যাক নিজৰ ভ্ৰুণতে লুকুৱাই ৰখাৰ এগৰাকী মাতৃৰ আগ্ৰহক উপস্থাপন কৰিছে। এই প্ৰসংগত জলীয়ে কয়- 'এয়া মোৰ এজন আত্মীয়ৰ সঁচা কাহিনী৷ ছোৱালীজনীক শান্তিত ৰাখিবলৈ সেই চৰম আৰু অবাস্তৱ সমাধান প্ৰকাশ কৰাৰ পিছতে মাতৃগৰাকীৰ মৃত্যু হয়। স্মৃতিটোৱে মোক এতিয়াও খেদি ফুৰে৷'[9]

বাংলাদেশৰ লগতে বিশ্বজুৰি গুৰুত্ব থকা কেইবাটাও সামাজিক বিষয়ত জলীয়ে আলোকপাত কৰিছে ৷ ইয়াৰ আৰম্ভণি হৈছিল ১৯৮৫ চনত লালছালুৰ পৰা৷ ১৯৯৬ চনত তেওঁ ‘ফটোৱা’ৰ বলি হোৱা নুৰজাহানৰ ট্ৰেজেডিক চিত্ৰিত কৰিছিল যি ব্যভিচাৰৰ দোষত গাঁও পৰিষদৰ দ্বাৰা দোষী সাব্যস্ত হৈছিল৷ ৰাজহুৱা শিলবৰ্ষণৰ সমুখীন হৈ শেষত তেওঁ নিজৰ প্ৰাণ লৈছিল৷ জলীয়ে ইয়াৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰুমানা মনজুৰৰ কাহিনী কৈছে৷ তেওঁ বিদেশত পঢ়া-শুনা অব্যাহত ৰাখিব বিচাৰিছিল; কিন্তু স্বামীয়ে ২০১১ চনত তেওঁৰ দৃষ্টি কাঢ়ি নিছিল৷ ইয়াৰ পিছত জলীয়ে ২০১২ চনত টাজনীন ফেশ্বনৰ কাৰখানাৰ অগ্নিদগ্ধ হোৱা মহিলা কৰ্মীসকলৰ ঘটনাটো উপস্থাপন কৰিছে৷[10]

জলীয়ে তেওঁৰ চিত্ৰসমূহত পুৰুষপ্ৰধান সমাজত নাৰীৰ অৱস্থাৰ বাস্তৱ দিশটোত গুৰুত্ব আৰোপ কৰিছে৷  তেওঁৰ প্ৰতিবাদৰ শৈলীত প্ৰত্যক্ষ বক্তব্যতকৈ ব্যংগ, উপহাস আৰু তীক্ষ্ণ বিদ্ৰুপ অধিক পৰিলক্ষিত হয়।[11]

৯/১১ ঘটনাৰ পিছত বিশ্ব ৰাজনীতিৰ পৰিৱৰ্তিত দৃষ্টিভংগী, অনৈতিক ইৰাক যুদ্ধৰ হিংসা আৰু মাতৃসকল যুদ্ধৰ মূল বলি হোৱা বুলি উপলব্ধি কৰি জলীয়ে নাৰীৰ প্ৰজনন ব্যৱস্থা আৰু মাতৃত্বৰ বিষয়ত কাম কৰিছিল৷ [10]

  • ১৯৮০ : অল মিডিয়া বেষ্ট এৱাৰ্ড, চৰকাৰী কলা মহাবিদ্যালয়, চিটাগং
  • ১৯৮০ : শ্ৰেষ্ঠ বঁটা এক্সপ’; ল’ এলায়েন্স ফ্ৰান্সেইজ ডি চিট্টাগঙৰ উদ্যোগত, চিটাগং
  • ১৯৮১ : জয়নুল আবেদিন বঁটা, চৰকাৰী কলা মহাবিদ্যালয়, চিটাগং
  • ১৯৯৬ : ঢাকাৰ বাংলাদেশ শিল্পকলা একাডেমীৰ দ্বাদশ ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত সন্মানজনক উল্লেখ
  • ২০০২ : বংগ ফাউণ্ডেশ্যন বঁটা, ১৫ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনী, বাংলাদেশ শিল্পকলা একাডেমী, ঢাকা[4]

নিৰ্বাচিত প্ৰদৰ্শনী

সম্পাদনা কৰক

বাংলাদেশ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত জলীৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে৷ ইয়াৰ লগতে বাংলাদেশৰ শিল্পকলা একাডেমী নেচনেল আৰ্ট গেলেৰী আৰু আৰু দেশ-বিদেশৰ আন বহুতো ব্যক্তিগত সংগ্ৰহত জলীৰ কৰ্মৰাজি উপস্থাপিত হৈছে।[4]

নিৰ্বাচিত একক প্ৰদৰ্শনী

সম্পাদনা কৰক
  • ১৯৮৪: জাৰ্মান সাংস্কৃতিক কেন্দ্ৰ, ঢাকা।
  • ১৯৯২: ল এলায়েন্স ফ্ৰান্সেইজ ডি চিটাগং।
  • ১৯৯৪: জোজান আৰ্ট গেলেৰী, ঢাকা।
  • ২০০১: গেলেৰী ২১, ঢাকা।
  • ২০০৬: বেংগল গেলেৰী অৱ ফাইন আৰ্টছ, ঢাকা।
  • ২০০৮: এলায়েন্স ফ্ৰান্সেইজ অৱ চিট্টাগঙৰ, বাংলাদেশ

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "Jolly's artworks focus on garment workers". Dhaka Tribune. 21 August 2014. http://www.dhakatribune.com/entertainment/2014/aug/21/jolly%E2%80%99s-artworks-focus-garment-workers। আহৰণ কৰা হৈছে: 8 March 2015. 
  2. Ahmed, Rahnuma. "The present as history. Life and death in Dilara Begum Jolly's work". ShahidulNews. https://shahidul.wordpress.com/tag/dilara-begum-jolly/। আহৰণ কৰা হৈছে: 8 March 2015. 
  3. "Threads of Testimony". Observer BD. 16 August 2014. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402165007/http://www.observerbd.com/2014/08/16/37436.php। আহৰণ কৰা হৈছে: 8 March 2015. 
  4. 4.0 4.1 4.2 "Dilara Begum Jolly: biography". Dhaka Art Center Artist Directory. http://www.dhakaartcenter.org/artist_directory/dilara_begum_jolly.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  5. Zaman, Mustafa. "Performing the self". Depart Mag. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402102807/http://www.departmag.com/article.php?sl=184। আহৰণ কৰা হৈছে: 8 March 2015. 
  6. "Road Crash: Manikganj tragedy driver held in Meherpur". Priyo News. 15 August 2011. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402143550/http://news.priyo.com/law-and-order/2011/08/15/road-crash-manikganj-tragedy-d-34724.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  7. "Tareque Masud laid to rest". Sheershasangbad blogspot. http://sheershasangbad.blogspot.de/2011/08/tareque-masud-laid-to-rest.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  8. "Survivor blames bus driver". New Age. 15 August 2011. Archived from the original on 20 January 2019. https://web.archive.org/web/20190120093453/http://newagebd.com/newspaper1/archive_details.php?date=2011-08-15&nid=30114। আহৰণ কৰা হৈছে: 8 March 2015. 
  9. "Women artists interpret women's issues". Priyo News. Archived from the original on 3 April 2015. https://web.archive.org/web/20150403000315/http://news.priyo.com/art/2011/03/08/women-artists-interpret-women-21453.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  10. 10.0 10.1 Selim, Lala Rukh (7 February 2015). "Magic for change". Dilara Begum Jolly's blog. http://dilarajolly.blogspot.de/2015/02/normal-0-false-false-false-en-us-x-none.html। আহৰণ কৰা হৈছে: 8 March 2015. 
  11. "Dilara Begum Jolly". Bangladesh Art Info. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304063210/http://bangladeshart.info/Dilara%20Begum%20Jolly.html। আহৰণ কৰা হৈছে: 8 March 2015.