দিলীপ চৌধুৰী (ইংৰাজী: Dilip Choudhuri) হৈছে এগৰাকী অসমীযা সংগীতৰ একান্ত সাধক।

দিলীপ চৌধুৰী
জন্ম তেজপুৰ জিলাত।
অসম
মৃত্যু ২০০৬ চনত ২১ জানুৱাৰীত।
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয়

সম্পাদনা কৰক

১৯৪৪ চনৰ ১৭ অক্টোবৰত তেজপুৰ চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ দিপোটা অঞ্চলৰ এটি অতি সম্ভ্ৰান্ত মৌজাদাৰৰ ঘৰত তেখেতৰ জন্ম হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯৫৯ চনত তেজপুৰ চৰকাৰী হায়াৰ চেকেণ্ডেৰী স্কুল পৰা মেট্ৰিক,১৯৬১ চনত গুৱাহাটী বি .বৰুৱা কলেজৰ পৰা আই.এছ আৰু ১৯৬৩ চনত দৰং কলজৰ পৰা বি.এ পাছ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্ম জীৱন আৰু সাহিত্যৰাজী

সম্পাদনা কৰক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ এম. এ. শ্ৰেণীত এবছৰ মান পঢ়ি সামৰি চৌধুৰদেৱে কলেজ আৰু বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে। ১৯৬৮ চনত 'এই পৃথিৱীৰ নাটঘৰ মই ভাৱৰীয়া' শীৰ্ষক গীতটি আকাশ বাণী গুৱাহাটী কেন্দ্ৰত গীত গাবলৈ লোৱা চৌধুৰী দেৱৰ বহু কেইটা স্মৰণীয় গীতৰ সুৰকাৰ তথা গায়ক। ১৯৮০ চনত তেওঁ সাংস্কৃতিক সঞ্চালকৰ অধীনৰ 'জ্যোতি-ভাৰতী'ত প্ৰযোজনা সহায়ক হিচাপে যোগদান কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

২০০৬ চনৰ ২১ জানুৱাৰীত দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

সম্পাদনা কৰক