ধিং দলবদ্ধ ধৰ্ষণৰ ঘটনাটোত ২০২৪ চনৰ ২২ আগষ্টত অসমৰ নগাঁও জিলাত অৱস্থিত ধিঙত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে সন্ধিয়া প্ৰায় ৭ বজাত টিউচনৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে ধিং চহৰৰ ওচৰত তিনিজনে তাইক আক্ৰমণ কৰিছিল। ছোৱালীজনীক প্ৰায় এঘণ্টা পিছত এখন পুখুৰীৰ ওচৰত অৰ্ধ-সচেতন অৱস্থাত পৰি থকা অৱস্থাত পোৱা গৈছিল আৰু লগে লগে চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।[1]

ধিং দলবদ্ধ ধৰ্ষণ
স্থান ধিং, নগাঁও জিলা,
অসম, ভাৰত
তাৰিখ আগষ্ট ২২, ২০২৪
আক্ৰমণৰ প্ৰকাৰ শিশু অপহৰণ
আহত যৌন আক্ৰমণ (দলবদ্ধ ধৰ্ষণ)
ঘাতক তাফজুল ইছলাম, ফৰিদুল ইছলাম, গোলাপ উদ্দিন

প্ৰতিবাদ

সম্পাদনা কৰক

ঘটনাটোৱে ৰাজ্যত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। কেৱল ধিঙতে নহয়, অসমৰ বিভিন্ন প্ৰান্ততো প্ৰতিবাদৰ সূত্ৰপাত হয়, স্থানীয় লোক তথা সংগঠনসমূহ যেনে: সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এজেৱাইচিপি) ইত্যাদিয়ে প্ৰদৰ্শনৰ নেতৃত্ব দিছিল।[2] ঘটনাটোৰ প্ৰতিক্ৰিয়াস্বৰূপে, ধিঙৰ বজাৰসমূহ বন্ধ কৰি দিয়া হৈছিল, আৰু প্ৰতিবাদকাৰীসকলে কেইবাঘণ্টাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ অৱৰোধ কৰিছিল, যাৰ ফলত যান-বাহন চলাচলত গুৰুত্বপূৰ্ণ ব্যাঘাত ঘটে। ইফালে, ছ'চিয়েল মিডিয়াত অভিযুক্তজনৰ বিৰুদ্ধে ক্ষোভৰ বহিৰ্প্ৰকাশ হৈছিল। তেওঁলোকৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল।[3]

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত এক প্ৰতিবাদী সমদলৰো আয়োজন কৰা হয়, লগতে শিৱসাগৰতো প্ৰদৰ্শন কৰা হয়।[4]

অনুসন্ধান আৰু গ্ৰেপ্তাৰ

সম্পাদনা কৰক

নগাঁও জিলা আৰক্ষীয়ে জনোৱা অনুসৰি, ২০২৪ চনৰ ২৪ আগষ্টত ধিং দলবদ্ধ ধৰ্ষণৰ গোচৰত তাফাজুল ইছলাম নামৰ মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, তদন্তৰ বাবে অপৰাধস্থলীলৈ লৈ যোৱাৰ সময়ত, তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল, আৰু ওচৰৰ পুখুৰীত জঁপিয়াই পৰিছিল আৰু ডুবি গৈ মৃত্যুবৰণ কৰিছিল।[5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক