ধৰ্মবীৰ নৈন

ভাৰতীয় পেৰা-এথলীট আৰু পেৰালিম্পিক পদক বিজয়ী

ধৰ্মবীৰ নৈন (ইংৰাজী: Dharambir Nain; জন্ম: ১৮ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় পেৰা-এথলীট। তেওঁ ক্লাৱ থ্ৰো বা গদা দলিওৱা খেলৰ লগত জড়িত। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ শাখাৰ প্ৰতিযোগিতাত তেওঁ স্বৰ্ণ পদক লাভ কৰে।[1] এই প্ৰতিযোগিতাত তেওঁ ৩৪.৯২ মিটাৰ নিক্ষেপ কৰি এছিয়ান অভিলেখ গঢ়ে।

ধৰ্মবীৰ নৈন
ব্যক্তিগত তথ্যাৱলী
জন্ম ১৮ জানুৱাৰী, ১৯৮৯ (৩৫ বছৰ)
ৰোহটক, হাৰিয়ানা, ভাৰত
সক্ৰিয় হৈ থকা সময় ২০১৬–বৰ্তমান
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া পেৰা-এথলেটিক্স
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল ২০২৪ পেৰিছ 1

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৮৯ চনৰ ১৮ জানুৱাৰী তাৰিখে হাৰিয়ানাৰ ৰোহটকৰ জাট পৰিয়ালত ধৰ্মবীৰ নৈনৰ জন্ম হৈছিল।[1] তেওঁ চনিপতৰৰ চি আৰ জেড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। সাঁতুৰি থাকোঁতে ডাইভিং দুৰ্ঘটনাত তেওঁ পানীৰ তলৰ শিলত খুন্দা খাইছিল। ফলত তেওঁৰ কঁকালৰ তলৰ অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰে।

খেলুৱৈ জীৱন

সম্পাদনা কৰক

২০১৪ চনত তেওঁ পেৰা এথলেটিক্সত অংশগ্ৰহণ কৰিছিল। প্ৰথমে তেওঁ ডিস্কাছ থ্ৰো খেলত অংশগ্ৰহণ কৰিছিল আৰু অমিত কুমাৰ সৰোহায়ে তেওঁক প্ৰশিক্ষণ প্ৰদান কৰিছিল। তেওঁ চনিপটৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়া প্ৰকল্পত তেওঁ খেলৰ অনুশীলন আৰু প্ৰশিক্ষণ গ্ৰহণ কৰে।[1]

২০১৬ চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ধৰ্মবীৰে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ৯ম স্থান দখল কৰিছিল।[2] ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে লণ্ডন বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে।[1] ২০১৮ চনৰ ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান পেৰা গেমছত তেওঁ ৰূপৰ পদক লাভ কৰে।[3][4]

২০১৯ চনত ডুবাই আৰু ২০২৩ চনত পেৰিছত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০২০ চনত টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ নিজৰ ইভেণ্টত ৮ম স্থান লাভ কৰে।[3]

২০২২ চনত তেওঁ ত্ৰয়োদশ ফাজ্জা আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত ক্লাব থ্ৰ' আৰু ডিস্কাছ থ্ৰ'ত দুটা ৰূপৰ পদক আৰু ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ক্লাৱ থ্ৰো এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে। সেই বছৰ তেওঁ ভাৰতৰ হাৰিয়ানা ৰাজ্য চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ ক্ৰীড়া সন্মান ভীম বঁটাও লাভ কৰে।[5]

২০২৪ চনত জাপানৰ কোবেত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।[6] ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ক্লাৱ থ্ৰো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে।