নাথান ব্ৰাউন (ইংৰাজী: Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক আছিল।[1] তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান। তেখেতে অসমীয়া ভাষা, অসমীয়া ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি গৈছে। ১৮৩৬ চনত অসমলৈ আহি পৰৱৰ্তী সময়ত শিৱসাগৰত অৱস্থান কৰি তেখেতে 'খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাৰ্তা', খ্ৰীষ্টিয়ান প্ৰাৰ্থনা আদি গ্ৰন্থ প্ৰকাশ কৰিছিল। তেখেতে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ তৰফৰ পৰা ১৮৪৮ চনত 'Grammatical Notices of Assamese Language' বুলি প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ পুথিখন লিখিছিল আৰু প্ৰকাশ কৰিছিল।[2] এইখন পুথিকে পৰৱৰ্তী ১৮৯৩ চনত পি.এইচ. ম’ৰে সামান্য সম্পাদনা কৰি পুনৰ প্ৰকাশ কৰে।[3] অসমীয়া প্ৰথম সংবাদ আলোচনী 'অৰুণোদই' প্ৰকাশত তেখেতে আগভাগ লৈছিল, আৰু কিছুদিন সম্পাদক হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেখেতে শিৱসাৰৰ মিশ্যন প্ৰেছৰ পৰা বিভিন্ন অসমীয়া লিখকৰ কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰে ভিতৰত কাশীনাথ দ্বিজ তামুলী ফুকনৰ ‘আসাম বুৰণ্‌জি পুথি’ (১৮৪৪), দুই খণ্ডত প্ৰকাশিত বকুল কায়স্থৰ 'Mathematics'(১৮৪৫), 'চুতিয়া বুৰঞ্জী'(১৮৫০) আদি অন্যতম। সেই সময়ত ভুল ধাৰণাৰ বশবৰ্তী হৈ ব্ৰিটিছ প্ৰশাসনে অসমীয়া ভাষাক বঙালী ভাষাৰ এক উপভাষা বুলি গণ্য কৰি বঙালীক চৰকাৰী ভাষা কৰি লৈছিল।[1] এই ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাউনৰ কৰ্মৰাজিৰ ভূমিকা অসামান্য আছিল।[4] তেখেতৰ সহযোগী সকলৰ ভিতৰত এলিজা ব্ৰাউন, অলিভাৰ কট্টৰ, মাইলছ ব্ৰনছন, এ কে গাৰ্নি আদি অন্যতম। ব্ৰাউনে ১৮৫৫ চনত অসম এৰি পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি যায়৷[1]

ৰেভাৰেণ্ড নাথান ব্ৰাউন
জন্ম ২২ জুন, ১৮০৭
নিউ ইচ্ছৱিচ্ছ, নিউ হেম্পশ্বায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১ জানুৱাৰী, ১৮৮৬ (৭৮ বছৰ)
য়ক'হামা, জাপান
ৰাষ্ট্ৰীয়তা আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা আমেৰিকান বেপ্তিষ্ট মিছনেৰীৰূপে ভাৰত আৰু জাপান যাত্ৰা
জনা যায় অসমীয়া ভাষা, ব্যাকৰণ আৰু লিপিৰ বাবে কাম, বাইবেল অনুবাদ
দাম্পত্যসঙ্গী ইলাইজা হুইট্‌নী ব্ৰাউন

তেখেতৰ জন্ম হয় আমেৰিকাৰ ইন্সউইচ্চ নগৰত, ১৮০৭ খ্ৰীষ্টাব্দৰ ২২ জুন তাৰিখে। ৯ বছৰ বয়সত তেওঁ খ্ৰীষ্ট ধৰ্মত নিউটন থিয়ল জিকেল ইন্সটিটিউটৰ পৰা শিক্ষা লৈ সেই খ্ৰী.ৰে. ১৫ আগষ্টত মিছনৰ কামত নিযুক্ত হৈ পত্নী এলিজা ব্ৰাউনকলৈ ব্ৰহ্মদেশ পায়হি। ১৮৩৩ৰ পৰা ১৮৩৫ লৈ দুবছৰ ব্ৰহ্মহ্মদেশৰ মৌলমেনত থকাৰ পিছত, অসমত মিছনৰ কামৰ বাবে ব্ৰহ্মদেশৰ মিছনে ব্ৰাওনক পঠিয়াই। লগত আহে ছপাশালৰ মুদ্ৰক তথা পত্নী অলিভাৰ টি. কট্টৰ[1] তেওঁবিলাকে লগত এটা ছপাশাল লৈ কলিকতাইদি নাৱেৰে অসমলৈ আহে আৰু ১৮৩৬ খ্ৰী.ৰ ২৩ মাৰ্চত শদিয়া পায়হি।[3]

সামাজিক অৱদান

সম্পাদনা কৰক

নাথান ব্ৰাওন আছিল এজন ভাষাতত্ত্ববিদ মিছনেৰি। তেওঁ নাৱেৰে আহি থাকোঁতেই ভোট ব্ৰহ্মভাষা ঠালৰ শ্যান ভাষা শিকি আহিছিল। কিন্তু শদিয়া পোৱাৰ পিছত তেওঁ দেখে যে সেই ভাষাৰে অসমত কাম নহ'ব আৰু ব্ৰহ্ম মিছনে আশা কৰাৰ দৰে শ্যানভাষা শিকি তেওঁবিলাক মধ্য এছিয়ালৈ সোমোৱাটোও অসম্ভৱ হ’ব, তদুপৰি সেই সময়ৰ জনজাতীয় মানুহবোৰে অসমীয়া ভাষাহে বুজি পায়, তেতিয়াই ব্ৰাওনে অসমীয়া ভাষা শিকাত নতুনকৈ মনোনিৱেশ কৰিলে আৰু পৰৱৰ্তী কালত তেওঁ আধুনিক অসমীয়া ভাষাৰ অন্যতম প্ৰতিষ্ঠাপক আৰু অন্যতম প্ৰধান বিশেষজ্ঞ স্বৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। ১৮৩৭ চনৰ শেহলৈ তেওঁ অসমীয়াত ক'ব আৰু লিখিব পৰা হৈছিল।
১৮৩৮ চনত তেওঁ মেথিউৰ শুভাবাৰ্তাৰ অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে শদিয়াত তেওঁবিলাকে পঢ়াশালি আৰম্ভ কৰিলে। স্বামী-স্ত্ৰী দুয়ো পঢ়াশালি চলোৱা, পঢ়াশালিৰ বাবে পুথি লিখা, মিছন চলোৱা আৰু ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিলে।[1] ১৮৪৩ খ্ৰী.ত তেওঁবিলাক শিৱসাগৰলৈ উঠি আহে আৰু দিখৌৰ পাৰত শিৱসাগ মিছন আৰম্ভ কৰে।[3]
ব্ৰাওনে ১৮৪৩ খ্ৰী.ৰ পৰা ১৮৫৫ খ্ৰী.লৈকে সুদীৰ্ঘ বাৰ বছৰ কাল শিৱসাগৰত আছিল আৰু এই সময়ছোৱাতে তেওঁ অসমীয়া ভাষা আৰু সাহিত্যলৈ যুগমীয়া বৰঙণি যোগাই থৈ গৈছে। মেথিউ, মাৰ্ক, লুক, য়োহানৰ বাৰ্তাৰ অনুবাদ, নিউ টেষ্টামেণ্টৰ সম্পূৰ্ণ অনুবাদ, ষাঠিটা স্তুতি গীতৰ অনুবাদৰ উপৰি তেওঁ ১৮৪৬ খ্ৰীব্দৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ কৰা 'অৰুণোদই' কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ইয়াৰ উপৰি তেওঁ অসমৰ বুৰঞ্জী সংগ্ৰহ কৰি প্ৰকাশ কৰাত আগভাগ লৈছিল। ব্ৰাওনে বুৰঞ্জী বিষয়ক প্ৰায় চল্লিছখনমান পুথি গোটায় আৰু 'অৰুণোদই'ত কামৰূপৰ বুৰঞ্জী, চুতিয়া বুৰঞ্জী আদি ধাৰাবাহিকভাবে প্ৰকাশ কৰে। তেওঁৰ যত্নতে কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰণ্‌জি পুথি’ (১৮৪৪) মিছনৰ পৰা ছপা হৈ ওলায়।[3]
নাথান ব্ৰাওনৰ অন্য এটি উল্লেযোগ্য অবদান হ'ল ১৮৪৮ খ্ৰীতে প্ৰকাশ কৰা Grammatical Notices of the Assamese Language নামৰ অসমীয়া ভাষাৰ দ্বিতীয়খনি কিন্তু অধিক প্ৰণিধানযোগ্য ব্যাকৰণ। এই ব্যাকৰণখনি পিছত ১৮৯৩ খ্ৰী.ত P.H. Moore এ সামান্য সম্পাদনা কৰি প্ৰকাশ কৰে আৰু কিতাপখনৰ নাম ৰখা হয় Grammatical Notes on the Assamese Language.[3]

প্ৰকাশিত সাহিত্যৰাজি

সম্পাদনা কৰক
  • নিউ টেষ্টামেণ্টৰ অসমীয়া ভাঙনি ‘আমাৰ ত্ৰানকৰ্তা যিচুখ্ৰীষ্ট্ৰৰ নতুন নিয়ম’ (১৮৪৮)
  • বাইবেলৰ মাথি, মাৰ্ক, লুক, য়ুহান আদি চাৰিটা খণ্ড অনুবাদ কৰি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাত্ৰা’ (বাৰ্তা) (১৮৫৪)
  • Grammatical Notices of the Assamese Language (১৮৪৮)
  • যাত্ৰিকৰ যাত্ৰা (অনুবাদ, ১৮৫১, অৰুণোদই কাকতত ধাৰাবাহিকভাৱে প্ৰকাশিত)
  • যোচেফৰ কাহিনী
  • যিশুখ্ৰীষ্টৰ জীৱনী


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ২৫২. 
  2. মহেশ্বৰ নেওগ (২০১৩). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২২৮. 
  3. 3.0 3.1 3.2 3.3 3.4 নগেন শইকীয়া (২০১৪). ঊনবিংশ শতিকাৰ পোহৰত অসমীয়া সাহিত্য. কৌস্তুভ প্ৰকাশন. পৃষ্ঠা. ৪১. 
  4. http://onlinesivasagar.com/literature/nathan-brown.htm

বাহ্যিক সাংযোগ

সম্পাদনা কৰক