নৰেন্দ্ৰ চন্দ্ৰ হাজং

অসমৰ কণ্ঠশিল্পী

নৰেন্দ্ৰ চন্দ্ৰ হাজং (ইংৰাজী: Narendra Chandra Hajong): এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক আছিল। তাৰ উপৰিও তেওঁ সমাজৰ সেৱা কৰিছিল। তেওঁৰ হাজং ভাষাৰ "জিলমিল জিলমিল চাৰিৰৗ সোনা পানী লাগা ৰা" গীতটোৰ বাবে অতি জনপ্ৰিয় হৈছিল। অল ইণ্ডিয়া ৰেডিঅ’ তুৰা কেন্দ্ৰত নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সংগীত পৰিৱেশন হিচাপে কৰ্মৰত কৰিছিল।

নৰেন্দ্ৰ চন্দ্ৰ হাজং
জন্ম ০১ জানুৱাৰী ১৯৬০ চনত
২নং মাটিয়া, গোৱালপাৰা, অসম, ভাৰত
মৃত্যু ১৯ মাৰ্চ ২০০৫ (৪৫ বছৰ)
বোন্দা (গুৱাহাটী)
পেচা অনাতাঁৰ শিল্পী, সমাজ সেৱক
ভাষা অসমীয়া, হাজং
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
দাম্পত্যসংগী শিবানী হাজং
পিতৃ-মাতৃ পিতৃ - হেমেন চন্দ্ৰ হাজং মাতৃ - ৰাম বালি হাজং

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৬০ চনত গোৱালপাৰা জিলাৰ ২নং মাটিয়াত নৰেন্দ্ৰ চন্দ্ৰ হাজং জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল হেমেন চন্দ্ৰ হাজং আৰু মাতৃৰ নাম ৰাম বালি হাজং। নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে গোৱালপাৰা মাটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহন কৰিছিল। এইখিনি সময়ৰ পৰাই তেওঁ গানৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰে।

কৰ্মজীৱন

সম্পাদনা কৰক

নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সমাজ সেৱা কৰাৰ লগতে গীতৰ প্ৰতি অতি আগ্ৰহ আহিল। ১৯৮৫ চনত গুৱাহাটী আমগাঁও বহাগী উৎসৱত গীত গাইছিল। ১৯৯৪ চনত জুন মাহৰ ৯ তাৰিখে তেওঁ অল ইণ্ডিয়া ৰেডিঅ' যোকদান কৰে। ১ নবেম্বৰ ১৯৯৪ চনত আকাশবাণী তুৰা কেন্দ্ৰত হাজং আধুনিক সংগীতৰ বাবে সজুক লাভ কৰে।

নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সৰুৰে পৰাই গীতৰ সৈতে জড়িত হৈ আছিল। বিভিন্ন সময়ত বিভিন্ন মঞ্চত গীত গাইছিল। হাজং ভাষাৰ লগতে গোৱালপৰিয়া লোকগীতটো গাইছিল। গীত সমূহ-

  • জিলমিল জিলমিল চাৰিৰৗ
  • নিৰ পানী পুৰিলে চৰ'খেলা আহিলে
  • পূক ভাৰতলা আদিবাসী অৗমৰৗ হাজং জাতি

এই গীতসমূহ দিজেন্দ্ৰ নাথ হাজঙে লিখিছিল আৰু তেৱেঁ সুৰ দিছিল আৰু গাইছিল।

২০০৫ চনত ১৯ মাৰ্চ তাৰিখে বোন্দা (গুৱাহাটী) নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।