পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা

মেঘালয়ৰ জিলা

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা (ইংৰাজী: West Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ জ'ৱাইত অৱস্থিত।

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
জয়ন্তীয়া
মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ অৱস্থান।
মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ অৱস্থান।
দেশ ভাৰত
ৰাজ্য মেঘালয়
মুখ্যালয় জ'ৱাই
চৰকাৰ
 • Vidhan Sabha constituencies 4
কালি
 • মুঠ 1,693 km2 (654 sq mi)
জনসংখ্যা
 (2011)
 • মুঠ 2,70,352
 • ঘনত্ব 160/km2 (410/sq mi)

জয়ন্তীয়া পাৰ্বত্য জিলা (সংযুক্ত জিলা)খন ১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰীত গঠিত হৈছিল। তেতিয়া ইয়াৰ আয়তন আছিল ৩,৮১৯ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল অনুসাৰি এই জিলাখনৰ জনসংখ্যা আছিল ২,৭০,৩৫২ জন। ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাখন ভাঙি পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা আৰু পূব জয়ন্তীয়া পাৰ্বত্য জিলা নামেৰে দুখন পৃথক জিলা গঠন কৰা হয়। বৰ্তমানৰ জ'ৱাই হৈছে পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান, হস্পিতাল, ব্যাংকিং প্ৰতিষ্ঠান ইত্যাদিৰ সদৰদপ্তৰ।[1]

জিলাখনৰ মুঠ এলেকা হৈছে ১৬৯৩ বৰ্গ কিঃমিঃ। জিলাখনত আমলাৰেম অসামৰিক উপ-বিভাগ (Amlarem Civil Sub-Division) নামেৰে এটা অসামৰিক উপ-বিভাগ আছে আৰু তিনিটা Community & Rural Development Block আছে, সেইবোৰ হ’ল- Amlarem C&RD Block, Laskein C&RD Block আৰু Thadlaskein C&RD Block। জিলাখনৰ চাৰিসীমা-

জনগাঁথনি

সম্পাদনা কৰক

জিলাখনৰ মুঠ জনসংখ্যা ২৭০,৩৫২জন যাৰ ভিতৰত পুৰুষ ১৩৪,৪০৬জন আৰু মহিলা ১৩৫,৯৪৬জন। জনসংখ্যাৰ ঘনত্ব প্ৰতি কিঃমিঃত ১৫৯.৬৯জন।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "About District | West Jaintia Hills District | India" (en-US ভাষাত). https://westjaintiahills.gov.in/about-district/। আহৰণ কৰা হৈছে: 2020-07-14. 


এই প্ৰবন্ধটো এই মেঘালয়ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।