পাঁচালি সাহিত্য হৈছে ষোড়শ শতাব্দীৰ সময়ছোৱাত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবিসকলে ৰচনা কৰা সাহিত্য। সত্যেন্দ্ৰনাথ শৰ্মাই এই সাহিত্যক পাঁচালি সাহিত্য বা ওজাপালি সাহিত্য হিচাপে নামকৰণ কৰিছে। এই সাহিত্যৰ দুটা ভাগ দেখা যায়। এটা মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য প্ৰকাশক আৰু আনটো ৰামায়ণ, মহাভাৰত আদি পুৰাণৰ কাহিনী সম্বলিত। বিষয়বস্তুৰ পাৰ্থক্য থাকিলেও, ৰচনা-ৰীতি দুই বিধৰে একে। দুয়োভাগ ওজাপালি অনুষ্ঠানৰ উদ্দেশ্যে ৰচিত। পৌৰাণিক কাহিনী, বিশেষকৈ মহাভাৰতৰ কাহিনীক লৈ ওজাপালিৰ উদ্দেশ্যে ৰচনা কৰা গীত আৰু কাব্যক বিয়াহৰ গীত আৰু মনসাৰ মহাত্ম্যসূচক ৰচনাসমূহক বিষহৰীৰ গীত বোলা হয়। ওজাই কেইজনমান পালিৰ সহায়ত নৃত্য-গীত, হাতৰ মুদ্ৰা, আবৃত্তি আৰু অঙ্গী-ভঙ্গীৰ যোগেদি কাব্যবৰ্ণিত কাহিনী দৰ্শকৰ আগত ৰূপায়িত কৰে। পালি কেইজনে ভৰিৰে তাল ধৰে আৰু গীতৰ দোহাৰ অংশ ( refrain) মঞ্জীবাসহ গাই যায়। পালি কেইজনৰ ভিতৰত যিজনে ওজাৰ লগত সংলাপ আদিৰে বৰ্ণনীয় বিষয় ৰসাল কৰি তোলে তেওঁক দাইনা (দক্ষিণ, সোঁ) পালি বোলা হয়। এই শ্ৰেণীৰ ৰচনাক কবিসকলে নিজে পাঁচালি বুলিছে। [1] শঙ্কৰদেৱে এই পাঁচালি সাহিত্য ৰচনা কৰা কবিসকলক ‘শাক্ত তামসিক কবি’ বুলি উল্লেখ কৰিছে৷[2]

পাঁচালি সাহিত্য

সম্পাদনা কৰক

'পাঁচালি' শব্দৰ মূল সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা (পুতলা) শব্দৰ পৰা আহিছে।[2] ওজাপালিত সাধাৰণতে পাঁচজন গায়ক-বাদক থাকে। ইয়াৰ গীত-পদৰো পাঁচটা অঙ্গ থাকে, যেনে -মালিতা, ৰাগ, দিহা, বাণা আৰু থোকা। এই কাৰণে কোনো কোনোবে পঞ্চ শব্দৰ লগত পাঁচালি শব্দ জড়িত কৰিব খোজে। পুতলা নাচৰ সূত্ৰধাৰৰ আদৰ্শতে বোধকৰো কথক বা ওজাই কোনো পৌৰাণিক কাহিনীযুক্ত গীত বা কাব্য নাচ-গান আৰু অঙ্গী-ভঙ্গীৰ যোগেদি সামাজিকৰ আগত ৰূপায়িত কৰিছিল কাৰণেই হয়তো সেই শ্ৰেণীৰ কাব্যই পাঁচালি নাম পালে।[1]

কোনো কোনো বঙ্গদেশীয় পণ্ডিতে মত প্ৰকাশ কৰিছে যে পাঞ্চাল দেশত এক প্ৰকাৰ গীত পদ্ধতি প্ৰচলিত আছিল, যিবোৰক পাঞ্চালি বুলিছিল। সেই আদৰ্শতে ৰচিত গীত-পদক পাঞ্চালি বা পাঁচালি বোলা হয়। কিন্তু উত্তৰ প্ৰদেশত এনে গীত থকাৰ কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাযায়। গৌড়ীয় বৈষ্ণৱ সঙ্গীতশাস্ত্ৰকাৰ নৰহৰি চক্ৰৱৰ্তীয়ে (১৮ শ শতিকাৰ লোক ) তেওঁৰ 'সঙ্গীত সাৰসংগ্ৰহ' নামৰ গ্ৰন্থত অতি বিস্তীৰ্ণ ধ্ৰুবাপদ বা ধাৱাৰহিত পদযুক্ত গানক পাচলি গীত বুলি সংজ্ঞা দিছে। পাঁচালি কাব্যত এবা পদ বা ধূৰা এটা প্ৰধান অঙ্গ। কিন্তু চক্ৰৱৰ্তীয়ে তেওঁৰ দিনৰ অৰ্থাৎ ১৮শ শতিকাৰ পাঁচালিৰ বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখিহে এই সংজ্ঞা দাঙি ধৰিছে, পাঁচালি উৎপত্তি সম্পৰ্কে তেওঁৰ সংজ্ঞাই একো সহায় নকৰে। সম্ভৱতঃ জয়দেৱৰ ‘গীত-গোবিন্দ' কাব্যই পাঁচালি কাব্যৰ উৎপত্তিত কিছু বৰঙণি যোগায় বুলি অনুমান কৰিব পাৰি; জয়দেৱৰ কাব্য গীতৰ মাধ্যমেদি প্ৰকাশ পাইছে। পাঁচালি কাব্যও সম্ভৱত:প্ৰথম স্তৰত গীতৰ মাধ্যমেদিয়েই ওজাই কাহিনী ৰূপায়িত কৰিছিল আৰু তাকে কৰোঁতে বহু সময়ত ব্যাখ্যা প্ৰসঙ্গত কথা বহলাই বৰ্ণনা কৰিব লগা হৈছিল। গীতবোৰৰ মাজত থকা সুৰুঙাখিনি পূৰাবৰ কাৰণে ওজাই বৰ্ণনাত্মক পদ সংযোগ কৰি যোৱাৰ ৰীতি ক্ৰমে প্ৰৱৰ্তন কৰে। ফলত প্ৰত্যেক গীতৰ পাছত কিছু বৰ্ণনাত্মক পদ অন্তৰ্ভুক্ত কৰি পাঁচালি কাব্যৰীতি এইদৰেই প্ৰবৰ্তন কৰে। বঙ্গদেশত কথকতাৰ উপযোগী কৰি যিবোৰ গীত পদ ৰচনা কৰিছিল সেইবোৰক পাঁচালি বুলিছিল। কৃত্তিবাসৰ ৰামায়ণক সেই কাৰণে পাঁচালি বুলিছে।[1]

ওজাপালি কাব্যত ৰাগসঙ্গীতৰ প্ৰয়োগ মন কৰিবলগীয়া বিশেষত্ব। দুৰ্গাবৰ, পীতাম্বৰ, সুকবি নাৰায়ণদেৱ আদিৰ কাব্যত বিভিন্ন ৰাগ বান্ধি দিয়া আছে। মহাপুৰুষ শঙ্কৰদেৱৰ আৱিৰ্ভাৱৰ আগৰে পৰা যে ৰাগসঙ্গীতযুক্ত ওজাপালি অনুষ্ঠানৰ প্ৰচলন আছিল তাৰ প্ৰমাণ দিয়ে দৈত্যাৰি ঠাকুৰ আদিয়ে ৰচনা কৰা গুৰুচৰিত পুথিয়ে। ওজা পৰম্পৰাৰ মাজেদি প্ৰৱাহিত হৈ অহা এই ৰাগসঙ্গীত স্থানবিশেষে বিকৃতভাৱে হ'লেও এতিয়াও প্ৰচলিত হৈ আছে।[1]

বিশেষত্ব

সম্পাদনা কৰক

পাঁচালি কাব্যৰ মন কৰিবলগীয়া বিশেষেত্ব হ'ল ইয়াৰ লৌকিকতা। ইয়াত চিত্ৰিত কৰা চৰিত্ৰবোৰক বৈষ্ণৱ কবিৰ দৰে আদৰ্শাত্মক স্তৰত নাৰাখি সাধাৰণ মানৱীয় স্তৰলৈ নমাই অনাৰ প্ৰৱণতা দেখা যায়। মানৱীয় শক্তি সামৰ্থ্য, ঈৰ্ষা, দুৰ্বলতা যৌন আৱেগ— এই সকলোবোৰ চৰিত্ৰবোৰত লক্ষ্য কৰা যায়। স্থানবিশেষে বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠতা বা ভক্তিসূচক উপদেশৰ আভাস থাকিলেও বৈষ্ণৱ কবিৰ দৰে ভক্তিৰ প্ৰতি এঢলীয়া টান নাই। হৰিনাম-ৰসৰ প্ৰেম প্ৰৱাহত আত্মনিমজ্জন কৰি থকা নিস্পৃহ ভকতৰ জাগতিক আসক্তিৰ প্ৰতি উদাস বা বিৰক্তি ভাবো পোৱা নাযায়। সামাজিক আচাৰ-ব্যৱহাৰ, গ্ৰাম্য কথা আদিৰ দ্বাৰা ৰচনাৱলী গ্ৰাম্যসমাজৰ প্ৰিয় কৰাৰ চেষ্টা দেখা যায়। ভাষাৰ ক্ষেত্ৰত কৃত্ৰিমতা কিছু কম, কথিত ভাষাৰ বেছি ওচৰ চপা।[1]

পাঁচালি কবিসকল

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৯৮. 
  2. 2.0 2.1 মহেশ্বৰ নেওগ (২০১৩). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১০৪.