পিটাৰ মাৰ্ক ৰ'জে LRCP FRS FRCP FGS FRAS (UK /ˈrɒʒ/ US /rˈʒ/;[1][2] ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ববিদ, শব্দবিজ্ঞানী আৰু প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।[3] ১৮৫২ চনত প্ৰকাশ পোৱা ইংৰাজী ভাষা মিল থকা শব্দবোৰৰ শ্ৰেণীবিভাজিত সংকলন ৰ'জেছ থেছৰাছ তেওঁৰ কীৰ্তিস্তম্ভ। ১৮২৪ চনত তেওঁ ৰয়েল ছচাইটিত এটা বিশেষ আলোকীয় বিভ্ৰম বিষয়ে এখন গৱেষণা পত্ৰ পঢ়িছিল যিটো বিভ্ৰমক প্ৰায়ে (ভুলকৈ) দৃষ্টি বিদ্যমানতাৰ পুৰণি তত্বৰ উৎপত্তি বুলি গণ্য কৰা হয়, যাক পাছত ভুলকৈ চলচ্চিত্ৰ আৰু এনিমেচনত আপাত গতি ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[4]

পিটাৰ মাৰ্ক ৰ'জে (Peter Mark Roget)
থমাছ পেটিগ্ৰ'ৰ Medical Portrait Galleryত থকা ৰ'জেৰ পট্ৰেইটৰ প্ৰিণ্ট
Roget প্ৰায় 1865
জন্ম ১৮ জানুৱাৰী, ১৭৭৯
ছ'হ', লণ্ডন, ইংলেণ্ড
মৃত্যু ১২ ছেপ্টেম্বৰ, ১৮৬৯ (৯০ বছৰ)
ৱে'ষ্ট মেলভাৰ্ন, ইংলেণ্ড
শিক্ষানুষ্ঠান এডিনবৰা বিশ্ববিদ্যালয়
জনা যায় ৰ'জেছ থেছৰাছ
দাম্পত্যসঙ্গী মেৰী টেইলৰ হব্‌ছন (বি. ১৮২৪; মৃ. ১৮৩৩)
সতি-সন্ততি

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক
 
ৰ'জে ফলক, জৰ্জ স্কুৱাৰ, এডিনবৰা

১৭৭৯ চনত লণ্ডনৰ ছ'হ'ৰ ব্ৰড ষ্ট্ৰীটত পিটাৰ মাৰ্ক ৰ'জেৰ জন্ম হয়। তেওঁৰ দেউতাক জিন (জন) ৰ'জে (১৭৫১–১৭৮৩), আৰু মাক কেথেৰীন ৰ'মিলী। মাক ব্ৰিটিছ ৰাজনীতিবিদ ছাৰ ছেমুৱেল ৰ'মিলীৰ ভগ্নী আছিল। মাক-দেউতাক দুয়োজনেই আছিল ফৰাছী হিউগনট (এক খ্ৰীষ্টিয় প্ৰটেষ্টাণ্ট গোট)।[5][6] দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালটো ১৭৮৩ চনত এডিনবৰালৈ যায় আৰু ৰ'জেই পাছলৈ এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসা বিদ্যা পঢ়ি ১৭৯৮ চনত উত্তীৰ্ণ হয়।[5] ছেমুৱেল ৰ'মিলীয়ে তেওঁৰ ভতিজাকৰ প্ৰতিপালক পিতৃৰ দায়িত্ব লৈ শিক্ষাৰ খৰছ বহন কৰিছিল আৰু তেওঁক ব্ৰিটিছ ৰাজনৈতিক দল হুইগৰ কৰ্মকৰ্তাসকলৰ লগত চিনাকি কৰাইছিল।[7]

ইয়াৰ পিছত ৰ'জেই লণ্ডনৰ চিকিৎসা বিদ্যালয়ৰ বক্তৃতাৰ পাঠগ্ৰহণ কৰে।[5] ১৭৯৮ চনৰ পৰা ১৭৯৯ চনলৈকে ব্ৰিষ্টলৰ ক্লিফটনত বাস কৰি তেওঁ থমাছ বেড'ছ আৰু হামফ্ৰে ডেভিক চিনি পাইছিল আৰু নিউমেটিক ইনষ্টিটিউটলৈ সঘনাই গৈছিল।[8]

চিকিৎসক জীৱনৰ পাতনি নেমেলি ১৮০২ চনত ৰ'জেই উদ্যোগী জন লেই ফিলিপ্‌ছৰ পুত্ৰসকলৰ শিক্ষক হিচাপে নিযুক্তি লয়। জন আৰু বন্ধু লৱেল এ'জ্‌ৱৰ্থৰ লগত তেওঁ এমিয়েন্‌ছ চুক্তিৰ সময়তে ইউৰোপ যাত্ৰাত ৰাওনা হয়। হঠাৎ এই সন্ধি ভঙাত তেওঁ জেনেভাত বন্ধী হয়। ১৮০৩ চনত তেওঁ ছাত্ৰসকলৰ লগত ইংলেণ্ডলৈ আহিবলৈ সক্ষম হয়, কিন্তু ১৮১৪ চনৰ ৬ এপ্ৰিলত নেপোলিয়নৰ পতন নোহোৱা পৰ্যন্ত এ'জ্‌ৱৰ্থ বন্ধী হৈয়েই থাকে।[5]

চিকিৎসক জীৱন

সম্পাদনা কৰক

ছেমুৱেল ৰ'মিলীৰ সহায়ত ৰ'জে ৰাজনীতিবিদ ৱিলিয়াম পেটীৰ ব্যক্তিগত চিকিৎসক হিচাপে নিযুক্তি পায়। ১৮০৫ চনত পেটীৰ মৃত্যুৰ পাছত ৰ'জেই মান্‌চেষ্টাৰ চিকিৎসালয়ত যোগদান কৰে আৰু শৰীৰতত্ত্বৰ বিষয়ে পঢ়াবলৈ লয়। ১৮০৮ চনত লণ্ডনলৈ আহি তেওঁ ১৮০৯ চনত ৰয়েল কলেজ অৱ ফিজিচিয়ানৰ অনুজ্ঞাপত্ৰ লাভ কৰে। বহুবছৰ ধৰি ৰছেল ইন্‌ষ্টিটিউচন আৰু ৰয়েল ইন্‌ষ্টিটিউচনত ৰোগীৰ চিকিৎসা আৰু শিক্ষাদান কৰাৰ পাছত তেওঁ ১৮১৭ চনত কুইন চাৰ্লট চিকিৎসালয়ত নিযুক্তি লাভ কৰে।[5][7] তেওঁ লণ্ডন ইন্‌ষ্টিটিউচন আৰু ৱিণ্ডমিল ষ্ট্ৰীট স্কুলতো পাঠদান কৰিছিল।[9]

১৮২৩ চনত ৰ'জে আৰু পিটাৰ মেয়াৰ লাথামক মিল্‌বেংক কাৰাগাৰত ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে অনুসন্ধান কৰিবলৈ নিয়া হয়।[9] ১৮২৮ চনত ৰ'জেই ৱিলিয়াম থমাছ ব্ৰণ্ড আৰু থমাছ টেলফৰ্ডৰ লগত মিলি লণ্ডনৰ পানী যোগান সম্পৰ্কে এখন প্ৰতিবেদন জমা দিয়ে। ১৮৩৪ চনত তেওঁ ৰয়েল ইন্‌ষ্টিটিউচনৰ প্ৰথম ফুলেৰিয়ান অধ্যাপক হিচাপে পৰিগণিত হয়। ১৮৩৭ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতো আগভাগ লোৱা ৰ'জেই তাত শৰীৰতত্বৰ পৰীক্ষা লওঁতা আছিল। ১৮৪০ চনত তেওঁ চিকিৎসা বিদ্যাৰ পৰা অৱসৰ লয়।[5]

অৱসৰৰ পাছত ১৮৪৬ চনমানত ৰ'জেই তেওঁৰ কীৰ্তিস্তম্ভ গ্ৰন্থখনৰ কাম কৰিবলৈ লয়।[5] কোৱা হয় যে ৰ'জেই প্ৰায় গোটেই জীৱন বিষণ্ণতাত ভুগিছিল আৰু থেছৰাছৰ কামেৰেই তেওঁ নিজকে সুস্থ কৰিবলৈ চেষ্টা কৰিছিল।[10] এজন জীৱনীকাৰে কোৱা মতে আঠবছৰ বয়সতে ৰ'জেই তালিকা সজা কামত সন্তুষ্টি লাভ কৰিছিল।[11] ১৮০৫ চনত তেওঁ শব্দবোৰৰ অৰ্থ হিচাপে শ্ৰেণীকৰণৰ এখন টোকাবহী ৰাখিবলৈ লয়।[5] সেই সময়তে তেওঁ মানচেষ্টাৰলৈ গৈ প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদকো হয়।[12]

১৮৫২ চনত শব্দৰ সংকলনখন Thesaurus of English Words and Phrases Classified and Arranged so as to Facilitate the Expression of Ideas and Assist in Literary Composition নামেৰে প্ৰকাশ পায়। ৰ'জেৰ জীৱনকালত এই কিতাপখন আঠাইছবাৰ ছপা হৈছিল। তেওঁৰ মৃত্যুৰ পাছত পুত্ৰ জন লিৱিছ ৰ'জেই (১৮২৮–১৯০৮) এই কাম কৰিবলৈ লয় আৰু তাৰ পাছত জনৰ পুত্ৰ ছেমুৱেল ৰ'মিলী ৰ'জেই (১৮৭৫–১৯৫৩) কামটোৰ ভাৰ লয়।[5][13]

অন্য আকৰ্ষণ

সম্পাদনা কৰক
 
থমাছ পেটিগ্ৰ'ই অঁকা আনুষ্ঠানিক পট্ৰেইট

১৮১৫ চনত ৰ'জেক লগলগ স্কেলৰ সৈতে স্লাইড নিয়মৰ ওপৰত লিখা এখন গৱেষণা পত্ৰৰ স্বীকৃতি স্বৰূপে ৰয়েল ছ’চাইটিৰ ফেল' নিৰ্বাচিত কৰা হয়। ১৮২৭ চনৰ পৰা ১৮৪৮ চনলৈকে তেওঁ ছ'চাইটিৰ সম্পাদক আছিল[5]১৮২৪ চনৰ ৯ ডিচেম্বৰত ৰ'জেই এক অদ্ভুত আলোকীয় ভ্ৰমৰ বিষয়ে ফিল’চফিকেল ট্ৰেন্সজেকচনছলৈ পঠিওৱা এখন গৱেষণা পত্ৰ ১৮২৫ চনত প্ৰকাশ পায় য'ত উলম্ব ছিদ্ৰৰ মাজেৰে দেখা চকাৰ স্প’কৰ আকৃতিৰ আলোকীয় প্ৰতাৰণাৰ ব্যাখ্যা কৰা হৈছিল।[14][15] এই গৱেষণা পত্ৰখন মাইকেল ফেৰাডে আৰু জোচেফ প্লেট’ৱে পঢ়ি দুয়োজনে নিজৰ প্ৰবন্ধত ইয়াৰ কথা উল্লেখ কৰিছিল য'ত আপাত গতিৰে নতুন ভ্ৰমৰ উপস্থাপন কৰিছিল।[16][17] ইয়াক প্ৰায়ে দৃষ্টি বিদ্যমানতাৰ পুৰণি তত্বৰ উৎপত্তি বুলি গণ্য কৰা হয়, যাক পাছত ভুলকৈ চলচ্চিত্ৰ আৰু এনিমেচনত আপাত গতি ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[18] ১৮৩৪ চনত ৰ'জেই ফেনাকিষ্টিস্ক'প উদ্ভাৱনৰ দাবী কৰিছিল।I[19]

১৮২৯ চনত তেওঁ "মেডিকেল এণ্ড চিৰুল'জিকেল ছ'চাইটী অৱ লণ্ডন"ৰ সভাপতি হয় যি অনুষ্ঠান পাছলৈ "ৰয়েল ছ'চাইটী অৱ মেডিচিন" হৈ পৰে। তেওঁ "ছ'চাইটী ফ'ৰ দা ডিফিউজন অৱ ইউজফুল ন'লেজ"ৰো প্ৰতিষ্ঠাপক আছিল।[7] তেওঁ শৰীৰতত্ত্ব আৰু স্বাস্থ্যৰো অগণন প্ৰবন্ধ লিখিছিল। তাৰ ভিতৰত পঞ্চম Bridgewater Treatise, Animal and Vegetable Physiology considered with reference to Natural Theology (১৮৩৪), আৰু এন্‌চাইক্ল'পেডিয়া ব্ৰিটানিকাৰ বাবে প্ৰবন্ধ অন্যতম। তেওঁ ফ্ৰেন'ল'জীৰ ঘোৰ বিৰোধী আছিল আৰু ব্ৰিটানিকাৰ পৰিপূৰকত এই বিষয়ে লিখাৰ লগতে ১৮৩৮ চনত এই বিষয়ে দুটা খণ্ডৰ কিতাপ লিখিছিল।[20]

দবা খেলত ৰাপ থকা ৰ'জেই এটা প্ৰবন্ধত সাধাৰণ মুকলি নাইট্‌ছ ট্যুৰ সমস্যাৰ সমাধান কৰিছিল। তেওঁ দবা নানা সমস্যা উপস্থাপন কৰাৰ লগতে এখন সস্তীয়া পকেট দবাবোৰ্ড উলিয়াইছিল।[5][21]

নিৰ্বাচিত প্ৰকাশন

সম্পাদনা কৰক

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৮১৮ চনত ৰ'জেক ছেমুৱেল ৰ'মিলীয়ে তেওঁৰ পত্নীৰ মৃত্যুৰ পাছত ঘৰলৈ মাতি পঠিয়ায়। তাৰ পাছত ৰ'জেৰ খুড়াক আৰু প্ৰতিপালক পিতৃ ছেমুৱেলে ৰ'জেৰ সন্মুখতে ডিঙি কাটি আত্মহত্যা কৰে।[5]

১৮২৪ চনত ৰ'জেই মেৰী টেইলৰক বিয়া কৰায়। তেওঁলোকৰ এজন পুত্ৰ জন লিৱিছ (১৮২৮–১৯০৮), আৰু এগৰাকী কন্যা কে'টৰ জন্ম হয়।[5]

পাছৰ জীৱন

সম্পাদনা কৰক

পাছবয়সত ৰ'জে কলা হৈ পৰে আৰু জীয়েকে তেওঁৰ প্ৰতিপালন কৰে।[5] ৯০ বছৰ বয়সত ৱৰ্চেষ্টাৰশ্বায়াৰৰ মেলভাৰ্নত তেওঁৰ মৃত্যু হয়।[22][23][24]


তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Wells, John C. (2008). Longman Pronunciation Dictionary (3তম সম্পাদনা). Longman. ISBN 978-1-4058-8118-0. 
  2. Jones, Daniel (2011), Cambridge English Pronouncing Dictionary (18তম সম্পাদনা), Cambridge University Press, ISBN 978-0-521-15255-6 
  3. "THE PORTICO LIBRARY AND THE BANK PUBLIC HOUSE, Manchester - 1197930 | Historic England" (en ভাষাত). historicengland.org.uk. https://historicengland.org.uk/listing/the-list/list-entry/1197930। আহৰণ কৰা হৈছে: 2020-05-17. 
  4. Anderson, John; Anderson, Barbara (1993). "The Myth of Persistence of Vision Revisited". Journal of Film and Video খণ্ড 45 (1): 2–12. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 5.12 5.13 সাঁচ:Cite ODNB
  6. (en ভাষাত) Proceedings of the Huguenot Society of London. 9. Huguenot Society of London.. 1911. পৃষ্ঠা. 546. https://books.google.com/books?id=NUhNAQAAMAAJ&pg=PA546. 
  7. 7.0 7.1 7.2 Desmond, Adrian (1992) (en ভাষাত). The Politics of Evolution: Morphology, Medicine, and Reform in Radical London. University of Chicago Press. পৃষ্ঠা. 222–3. ISBN 9780226143743. https://books.google.com/books?id=-fkLzEwjWycC&pg=PA222. 
  8. Fullmer, June Z. (2000) (en ভাষাত). Young Humphry Davy: The Making of an Experimental Chemist. American Philosophical Society. পৃষ্ঠা. 131. ISBN 9780871692375. https://archive.org/details/younghumphrydavy0000full. 
  9. 9.0 9.1 "Munks Roll Details for Peter Mark Roget". munksroll.rcplondon.ac.uk. Archived from the original on 16 November 2023. https://web.archive.org/web/20231116060211/http://munksroll.rcplondon.ac.uk/Biography/Details/3839। আহৰণ কৰা হৈছে: 16 May 2019. 
  10. Spiegelman, Arthur (28 March 2008). "The man who made lists to fend off depression". Reuters. Archived from the original on 9 April 2008. https://web.archive.org/web/20080409173544/http://ca.reuters.com/article/oddlyEnoughNews/idCAN2628269520080328. 
  11. Mallon, Thomas (16 March 2008). "Obsessed (Agog, Beset, Consumed, Driven, etc.)". The New York Times. https://www.nytimes.com/2008/03/16/books/review/Mallon-t.html. 
  12. Rennison, Nick (2015) (en ভাষাত). Peter Mark Roget: The Man Who Became The Thesaurus - A Biography. Oldcastle Books. পৃষ্ঠা. 30. ISBN 9781843447931. https://books.google.com/books?id=dQpOCgAAQBAJ&pg=PT30. 
  13. Lemco, I. (August 1999). "Roget's Engineering Successor [i.e. S. R. Roget"]. Engineering Science and Education Journal খণ্ড 8 (4): 177–183. doi:10.1049/esej:19990409. https://ieeexplore.ieee.org/document/796030। আহৰণ কৰা হৈছে: 18 October 2009. [সংযোগবিহীন উৎস]
  14. Roget, Peter Mark (1824). "Explanation of an optical deception in the appearance of the spokes of a wheel when seen through vertical apertures". Philosophical Transactions of the Royal Society of London খণ্ড 115: 131–140. doi:10.1098/rstl.1825.0007. http://rstl.royalsocietypublishing.org/content/115/131.full.pdf+html. 
  15. Crary, Jonathan (1992) (en ভাষাত). Techniques of the Observer: On Vision and Modernity in the Nineteenth Century. MIT Press. পৃষ্ঠা. 106 note 19. ISBN 9780262531078. https://archive.org/details/techniquesofobse0000crar. 
  16. Garnier, Jean Guillaume (1828). "Correspondance mathématique et physique, publ. Par mm. Garnier et Quetelet. (Royaume des Pays-bas)". https://books.google.com/books?id=ezcDAAAAQAAJ&pg=PA394. 
  17. "Journal of the Royal Institution of Great Britain". 1831. https://archive.org/stream/journalofroyalin01roya#page/204/mode/2up. 
  18. Dwyer, Tessa; Perkins, Claire; Redmond, Sean; Sita, Jodi (25 January 2018). Seeing into Screens: Eye Tracking and the Moving Image. Bloomsbury Publishing USA. ISBN 9781501328992. https://books.google.com/books?id=u1BDDwAAQBAJ&q=roget+%22persistence+of+vision%22&pg=PA19. 
  19. "Bridgewater treatises on the power, wisdom, and goodness of God, as manifested in the creation". 1834. https://books.google.com/books?id=pP1LAAAAYAAJ&pg=PA524. 
  20. Haskins, Roswell Willson (1839) (en ভাষাত). History and Progress of Phrenology: (Read Before the Western Phrenological Society, at Buffalo,). Steele & Peck. পৃষ্ঠা. 181–3 note. https://archive.org/details/2556039R.nlm.nih.gov. 
  21. Mason, Adair Stuart (2004) (en ভাষাত). 'Wasn't it Exciting!': A Compilation of the Work of A. Stuart Mason. Royal College of Physicians. পৃষ্ঠা. 73. ISBN 9781860162060. https://books.google.com/books?id=urKT4s0qP88C&pg=PA73. 
  22. Deaths England and Wales 1837–1983 – lists place of death as Ledbury, and expands "The district Ledbury spans the boundaries of the counties of Herefordshire, Hereford and Worcester and Worcestershire"
  23. "Obituary – Dr. Roget, F.R.S". Medical Times and Gazette (London: John Churchill and Sons): 395. 25 September 1869. https://books.google.com/books?id=kB0CAAAAYAAJ&pg=PA395. 
  24. Kendall, J. (2008). The Man Who Made Lists. G.P. Putnam's Sons. ISBN 9780399154621. https://books.google.com/books?id=9jSDwo4KupEC&pg=PA279. 

অতিৰিক্ত পঠন

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক