পুৰী(এই শব্দটোৰ বিষয়ে listen ) হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।

পুৰী
ପୁରୀ
পুৰীৰ মনোমোহা দৃশ্যাংশ
পুৰীৰ মনোমোহা দৃশ্যাংশ
দেশ  ভাৰত
ৰাজ্য উৰিষ্যা
জিলা পুৰী
চৰকাৰ
 • পৰিচালনা পুৰী পৌৰসভা
কালি
 • মুঠ 16.3268 km2 (6.3038 sq mi)
উচ্চতা
0 m (0 ft)
জনসংখ্যা
 (2011)
 • মুঠ 2,01,026
 • ঘনত্ব 12,000/km2 (32,000/sq mi)

ৰেল সংযোগ

সম্পাদনা কৰক

অসমৰ পৰা পুৰীলৈ পোনপতীয়া ৰেলসেৱা

সম্পাদনা কৰক
  • গুৱাহাটী-পুৰী এক্সপ্ৰেছ/ পুৰী-গুৱাহাটী এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪০) গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰত্যেক দেওবাৰে ৬.৩৫ত ৰাওনা হৈ মঙলবাৰে পুৱা পুৰীত গৈ উপস্থিত হয় ।[1] মঙলবাৰে দুপৰীয়া ২ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৩৯) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা ১০.২০ত আহি গুৱাহাটীত উপস্থিত হয় ।[2] উক্ত ট্ৰেইন খন ৰঙিয়া, কোচবেহাৰ, দুৰ্গাপুৰ, আছানছল, বালাচ'ৰ হৈ পুৰীলৈ যায় ।
  • কামাখ্যা-পুৰী এক্সপ্ৰেছ/ পুৰী-কামাখ্যা এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪৪) গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে নিশা ১১.৪৫ত ৰাওনা হৈ শনিবাৰে পুৱা ৭.৪০ত পুৰীত গৈ উপস্থিত হয় ।[3] শনিবাৰে নিশা ১০.১৫ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৪৩) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি সোমবাৰে সন্ধ্যা ৬.১০ত আহি কামাখ্যাত উপস্থিত হয় ।[4] উক্ত ট্ৰেইন খন গোৱালপাৰা, শিলিগুৰি, হাওড়া, খড়গপুৰ হৈ পুৰীলৈ যায় ।

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক