প্ৰতিদিন টাইম (ইংৰাজী: Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মুলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।

প্ৰতিদিন টাইম
প্ৰতিদিন টাইমৰ ল'গ'
উদ্বোধন ২৫ ডিচেম্বৰ ২০১০
গৰাকী সাদিন প্ৰতিদিন গোষ্ঠী
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ৱেবছাইট pratidintime.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল নং ৬১৯
ডিছ টিভি (ভাৰত) চেনেল নং ৭৮৩
ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) চেনেল নং ৭৮৮
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭৪
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল নং ৮৪৭
কেবল টিভি
এচিচি চেনেল নং ০০৪

প্ৰতিদিন টাইম চেনেলটো ২০১০ চনৰ ২৫ ডিচেম্বৰত নিউজ টাইম অসম হিচাপে উন্মোচন হৈছিল। এই চেনেলটোৰ গৰাকী আছিল কলকাতা স্থিত ৰ'জ ভেলী গ্ৰুপ।[1] ২০১৫ চনত সেই চেনেলটো অসমৰ বৃহত্তম সংবাদ প্ৰতিষ্ঠান সাদিন প্ৰতিদিন গোষ্ঠীৰ অধীনলৈ আহে আৰু চেনেলটোৰ নাম প্ৰতিদিন টাইমলৈ সলনি হয়। প্ৰতিদিন টাইমৰ বৰ্তমানৰ মুখ্য সম্পাদক হৈছে নিতুমণি শইকীয়া।

মুখ্য ব্যক্তি

সম্পাদনা কৰক
  • নিতুমণি শইকীয়া, মুখ্য সম্পাদক
  • শোণিত কুমাৰ ভূঞা, কাৰ্যবাহী সম্পাদক
  • মৃণাল তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক

উল্লেখযোগ্য অনুষ্ঠান

সম্পাদনা কৰক
  • প্ৰাতঃ সংবাদ
  • অভিমত
  • ইত্যাদি
  • বিশ্লেষণ
  • গীত Unplugged
  • দিহিঙে দিপাঙে

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Thakuria, Nava (28 December 2010). "Satellite News Channel launched in Northeast India". ModernGhana.com. http://www.modernghana.com/news/310114/1/satellite-news-channel-launched-in-northeast-india.html। আহৰণ কৰা হৈছে: 21 August 2015. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক