প্ৰথম খবৰ ‍(ইংৰাজী: Pratham Khabar) [1] অসমীয়া ভাষাৰ এটা নিউজ পোৰ্টেল। ২০১৭ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই নিউজ পোৰ্টেলটোৱে ৰাজ্যখনৰ বিভিন্ন খবৰ প্ৰকাশ কৰি আহিছে। স্থানীয় সংবাদৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক খবৰলৈ প্ৰখম খবৰত প্ৰকাশ হৈ আহিছে। নিউজ পোৰ্টেলটোৰ সম্পাদক হৈছে ৰুবুল দাস

প্ৰথম খবৰ
ইউ আৰ এল prathamkhabar.com
শ্লোগান প্ৰথম খবৰ, সকলো খবৰ
বাণিজ্যক Yes
ভাষা অসমীয়া
বৰ্তমান স্থিতি Online

প্ৰথম খবৰে সময়ে সময়ে বিভিন্ন সমীক্ষা চলাই আহিছে। এই পৰ্যন্ত আটাইতকৈ জনপ্ৰিয় হোৱা সমীক্ষাটো হৈছে অসমীয়া টেলিভিচনৰ জনপ্ৰিয় এংকৰৰ সমীক্ষা। ১৮জন এংকৰক লৈ চলোৱা সমীক্ষাটোত ঋতুস্মিন শৰ্মাই শ্ৰেষ্ঠ এংকৰৰ সন্মান লাভ কৰে।

সাহিত্যৰ ক্ষেত্ৰতো প্ৰথম খবৰৰ নাম উল্লেখনীয়। ৱেব পোৰ্টেলটোত নিৰ্মালি সন্দিকৈৰ কলমত চলি আছে 'আৰ্লেং' [2] শীৰ্ষক ধাৰাবাহিকখন। আনহাতে নিয়মীয়াভাৱে অন্য মননশীল গল্প-কবিতা আদিও ছাইটটোত প্ৰকাশ পায়। প্ৰথম খবৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে কবি নবকান্ত বৰুৱাৰ জন্মদিন ২৯ ডিচেম্বৰত কবিতাৰ দিন উদযাপন কৰাৰ কথা ঘোষণা কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা নবীন-প্ৰবীণ কবিসকলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।

  1. [1]
  2. http://prathamkhabar.com/2017/09/aarleng_1/