ফিডেল কাষ্ট্ৰ'

ফিডেল আলেসাণ্ড্ৰ' কাষ্ট্ৰ' ৰুছ[1], যি ফিডেল কাষ্ট্ৰ' (ইংৰাজী: Fidel Castro; আগষ্ট ১৩, ১৯২৬[2] - নৱেম্বৰ ২৫, ২০১৬) নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবান জাতীয়তাবাদী। তেখেত কমিউনিষ্ট পাৰ্টি অৱ কিউবাৰ প্ৰথম চেক্ৰেটেৰী আছিল ১৯৬১ৰপৰা ২০১১লৈ। তেখেতৰ শাসনত কিউবা এক-পাৰ্টি সমাজবাদী ৰাজ্য হ'ল, উদ্যোগ আৰু বাণিজ্য ৰাষ্ট্ৰীয়কৃত কৰা হ'ল, আৰু সমাজত ৰাজ্য সমাজবাদী সংস্কাৰ অনা হ'ল।

ফিডেল কাষ্ট্ৰ'

১৯৫৯ চনত আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত কাষ্ট্ৰ'
কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথম নিৰ্দেশক
কাৰ্যকাল
২৪ জুন ১৯৬১ – ১৯ এপ্ৰিল ২০১১
সহকাৰী ৰাউল কাষ্ট্ৰ
পূৰ্বসূৰী বলাছ ৰকা কালদেৰিও
উত্তৰসূৰী ৰাউল কাষ্ট্ৰ
কিউবাৰ ১৫তম ৰাষ্ট্ৰপতি
কাৰ্যকাল
২ ডিচেম্বৰ ১৯৭৬ – ২৪ ফেব্ৰুৱাৰী ২০০৮[টোকা 1]
প্ৰধানমন্ত্ৰী তেওঁ নিজে (মন্ত্ৰীপৰিষদৰ সভাপতি)
উপ ৰাষ্ট্ৰপতি ৰাউল কাষ্ট্ৰ
পূৰ্বসূৰী অসভাল্ড' ড্ৰটিক্স ত'ৰাদ'
উত্তৰসূৰী ৰাউল কাষ্ট্ৰ
কিউবাৰ ১৬তম প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৬ ফেব্ৰুৱাৰী ১৯৫৯ – ২ ডিচেম্বৰ ১৯৭৬
ৰাষ্ট্ৰপতি মেনুৱেল উৰুছিয়া ললিও
অসভাল্ড' ড্ৰটিক্স ত'ৰাদ'
পূৰ্বসূৰী জোছ মিৰ' কাৰ্ডোনা
উত্তৰসূৰী তেওঁ নিজে
নন এলাইণ্ট মুভমেণ্টৰ ৭ম আৰু ২৩তম সচিব
কাৰ্যকাল
১৬ ছেপ্টেম্বৰ ২০০৬ – ২৪ ফেব্ৰুৱাৰী ২০০৮
পূৰ্বসূৰী আব্দুল্লা আহমেদ বাদায়ি
উত্তৰসূৰী ৰাউল কাষ্ট্ৰ
কাৰ্যকাল
১০ ছেপ্টেম্বৰ ১৯৭৯ – ৬ মাৰ্চ ১৯৮৩
পূৰ্বসূৰী জুনিয়াছ ৰিচাৰ্ড জোৱাৰদেনে
উত্তৰসূৰী নীলম সঞ্জীৱ ৰেড্ডী
ব্যক্তিগত তথ্য
জন্ম
Fidel Alejandro Castro Ruz

১৩ আগষ্ট, ১৯২৬
বিৰান, কিউবা
মৃত্যু ২৫ নৱেম্বৰ, ২০১৬ (৯০ বছৰ)
হাভানা, কিউবা
সমাধিস্থল ছাণ্টাটা ইফীজানিয়া সমাধিক্ষেত্ৰ
ৰাজনৈতিক দল অৰ্থ'ডক্স পাৰ্টি
(১৯৪৭-১৯৫২)
২৬তম জুলাই সংগ্ৰাম
(১৯৫৫-১৯৬৫)
কমিউনিষ্ট পাৰ্টি অফ কিউবা
(১৯৬৫-২০১৬)
দাম্পত্যসঙ্গী মিৰটা ডিয়াজ বালাৰ্ট (বি. ১৯৪৮; বিবি. ১৯৫৫)
ডালিয়া ছট' ডেল ভেলে (বি. ১৯৮০)
সন্তান ১১ গৰাকী
পিতৃ-মাতৃ এঞ্জেল কাষ্ট্ৰ আৰ্জিজ
লীনা ৰুজ গঞ্জলেজ
সম্বন্ধীয় ৰাউল কাষ্ট্ৰ(ভাতৃ)
ৰেমন কাষ্ট্ৰ (ভাতৃ)
জনিতা কাষ্ট্ৰ (ভগ্নী)
বাসস্থান ছাণ্টিএগ' ডে কিউবা
শিক্ষানুষ্ঠান হাভানা বিশ্ববিদ্যালয়
জীৱিকা অধিবক্তা, ৰাজনৈতিক নেতা
স্বাক্ষৰ
*Presidential powers were transferred to Raúl Castro from July 31, 2006.

জীৱন আৰু শাসন

সম্পাদনা কৰক

বিৰাণত এগৰাকী ধনী কৃষকৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰা ফিডেলে হাভানা বিশ্ববিদ্যালয়ত আইনী শিক্ষা গ্ৰহণ কৰাৰ পাছত বাম্পন্থী সাম্ৰাজ্যবাদ-বিৰোধী ৰাজনীতিলৈ মন মেলিলে। ডমিনিকান গণৰাজ্য আৰু কলোম্বিয়াত সোপন্থী চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত অংশ লোৱাৰ[3] পাছত তেও কিউবাৰ ৰাষ্ট্ৰপতি ফুলগেনকিঅ' বাটিষ্টাক ক্ষমতাৰপৰা নমোৱাৰ প্ৰয়াস কৰিলে। পিচে ১৯৫৩ত মনকাডা বাৰাক্সত সংঘটিত এই আক্ৰমণ বিফল হ'ল। এবছৰ কাৰাবাস খাটি তেও মেক্সিক' গ'ল আৰু তাত নিজৰ ভাতৃ ৰাউল কাষ্ট্ৰ' আৰু চে গেভাৰাৰ সৈতে টুৱেণ্টি চিক্সথ অৱ জুলাই মুভমেণ্ট নামৰ এক বিপ্লৱী গোট গঠন কৰিলে। কিউবালৈ উভতি আহি কাষ্ট্ৰ'ই কিউবান বিপ্লৱত গেৰিলা যুদ্ধৰ নেতৃত্ব বহন কৰি অগ্ৰণী ভূমিকা পালন কৰিলে। চিয়েৰা মেষ্ট্ৰাৰ বাটিষ্টাৰ বাহিনীক পৰাস্ত কৰি কাষ্ট্ৰ' কিউবাৰ প্ৰধানমন্ত্ৰী হৈ কিউবাৰ ৰাজনৈতিক আৰু সামৰিক শক্তিৰ গৰাকী হ'ল।[4] আমেৰিকা যুক্তৰাষ্ট্ৰই কাষ্ট্ৰ'ৰ ছ'ভিয়েট সংঘৰ সৈতে ভাল সম্পৰ্কৰ বিৰোধিতা কৰি অসফলভাৱে কাষ্ট্ৰ'ক হত্যা কৰি, অৰ্থনৈতিক বাধা আৰোপ কৰি আৰু বিপৰীত বিপ্লৱেৰে ১৯৬১ৰ বে' অৱ পিগছ দখলৰ দৰে কাণ্ডৰে ফিডেলক ক্ষমতাৰ পৰা অপসাৰিত কৰিব বিচাৰিলে।[5][6][7] এই প্ৰচেষ্টাসমূহৰ বিৰোধ কৰি কাষ্ট্ৰ'ই ছ'ভিয়েট সংঘৰ লগত সম্পৰ্ক ভাল ৰাখি ছ'ভিয়েট সংঘক ১৯৬২ত কিউবাত পৰমাণৱিক অস্ত্ৰ স্থাপন কৰাৰ অনুমতি প্ৰদান কৰিলে। ই কিউবান মিছাইল ক্ৰাইছিছত ৰূপান্তৰিত হ'ল, যি শীতল যুদ্ধৰ এক অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ঘটনা।[8][9]

আন্তৰ্জাতিক ৰাজনীতিত

সম্পাদনা কৰক

মাৰ্ক্সবাদী-লেনিনবাদী চিন্তাধাৰাত বিশ্বাসী কাষ্ট্ৰ'ই কিউবাক এক এক-দলীয় সমাজবাদী ৰাজ্যলৈ ৰূপান্তৰিত কৰিলে, যি পশ্চিমীয়া গোলকাৰ্দ্ধত এনে প্ৰথম ৰাজ্য হ'ল। কেন্দ্ৰীয় অৰ্থনৈতিক পৰিকল্পনা, স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ দৰে কেইবাটাও সংস্কাৰ অনা হ'ল। পিচে সংবাদ মাধ্যমত বাধা আহি পৰিল আৰু আন্তৰিক বিৰোধ দমাই দিয়া হ'ল। বিদেশত, কাষ্ট্ৰ'ই সাম্ৰাজ্যবাদ-বিৰোধী বিপ্লৱী দলসমূহক সমৰ্থন কৰিছিল, সহায় কৰিছিল ছিলি, নিকাৰাগুৱা আৰু গ্ৰেণাডাত মাৰ্ক্সবাদী চৰকাৰ গঠন কৰিবলৈ আৰু বন্ধু ৰাষ্ট্ৰসমূহক য়ম কিপ্পুৰ যুদ্ধ, এথিয়'-চ'মালি যুদ্ধ আৰু এংগ'লান যুদ্ধত সহায় কৰিছিল। এই কৰ্মৰাজীৰ লগতে জোট-ইৰপেক্ষ আন্দোলনত ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বৰ[10] বাবে কিউবাই আৰু কিউবাৰ নেতাই বিকাশশীল বিশ্বত বিশেষ আদৰ লাভ কৰিবলৈ ধৰিলে। ১৯৯১ত ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত কাষ্ট্ৰ'ই কিউবাক নিজৰ "বিশেষ কাল" বা "স্পেচিয়েল পিৰিয়দ"লৈ নিলে, প্ৰকৃতিবাদী আৰু বিশায়ন বিৰোধী চিন্তাধাৰাৰে। ২০০০ৰ দশকত তেওঁ লেটিন আমেৰিকাত বিভিন্ন বাম্পন্থী মিত্ৰতা কৰিলে, বিশেষকৈ উল্লেখনীয় হুগ' ছেভেজৰ নেজুৱেলাৰ সৈতে, আৰু বলিভাৰিয়ান এলায়েঞ্চ ফৰ দ্য আমেৰিকাজ স্বাক্ষৰ কৰিলে।[11] কিউবা পিংক টাইদৰ সময়ত এনে মিত্ৰ হ'ল। ২০০৬ত তেওঁ নিজৰ দায়িত্ব উপ-ৰাষ্ট্ৰপতি ৰাউল কাষ্ট্ৰ'ক অৰ্পণ কৰিলে যিয়ে ২০০৮ চনত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিলে।

কাষ্ট্ৰ'ক সমৰ্থক সকলে সমাজবাদ, সাম্ৰাজ্যবাদ বিৰোধ আৰু মানৱীয়তাবাদৰ বিজেতাৰ ৰূপত চাই, যাৰ বিপ্লৱে কিউবাক আমেৰীকী সাম্ৰাজ্যবাদৰপৰা ৰক্ষা কৰিলে। তাৰ বিপৰীতে সমালোচকসকলে তেওঁক এগৰাকী একনায়ক হিচাপে চায় যাৰ শাসনে মানৱাধিকাৰ উলংঘন, দেশখনৰ অৰ্থনৈতিক পতন আৰু যি এক নিযুততকৈ অধিক কিউবানৰ দেশত্যাগৰ কাৰণ। কেইবাটাও আন্তৰ্জাতিক সন্মান, বটাৰে সন্মানিত[12] ফিডেল কাষ্ট্ৰ'ই নিজৰ লেখা আৰু কৰ্মৰে সমগ্ৰ বিশ্বতেই ৰাজনীতিক প্ৰভাৱিত কৰিলে।


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Bourne 1986, pp. 14–15; Quirk 1993, pp. 7–8; Coltman 2003, pp. 1–2; Castro & Ramonet 2009, pp. 24–29.
  2. Bourne 1986, p. 14; Coltman 2003, p. 3; Castro & Ramonet 2009, pp. 23–24.
  3. Bourne 1986, pp. 40–41; Quirk 1993, p. 23; Coltman 2003, p. 31.
  4. Bourne 1986, p. 164; Coltman 2003, p. 144.
  5. Bourne 1986, p. 173; Quirk 1993, p. 228.
  6. Bourne 1986, pp. 215–216; Quirk 1993, pp. 353–354, 365–366; Coltman 2003, p. 178.
  7. Bourne 1986, pp. 217–220; Quirk 1993, pp. 363–367; Coltman 2003, pp. 178–179.
  8. Coltman 2003, pp. 192–194.
  9. Coltman 2003, p. 194.
  10. Bourne 1986, pp. 283–284; Quirk 1993, pp. 718–719; Coltman 2003, p. 239
  11. Wilpert 2007, p. 162; Azicri 2009, p. 100.
  12. Wilpert 2007, p. 162; Azicri 2009, p. 100.

বাহ্যিক সংযোগ

সম্পাদনা কৰক


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল