বনঘোষা

(বনগীতৰ পৰা পুনঃনিৰ্দেশিত)

বনঘোষা উন্মাদ যৌৱনৰ গীতিব্যঞ্জক অভিব্যক্তি।[1] বনঘোষা পুৰণি কালৰে পৰা অসমত চলি অহা গীত। বিহুগীত আৰু বনঘোষা এই গীত দুটিৰ মাজত পাৰ্থক্য আছে। য’ত বনৰীয়া প্ৰকৃতিৰ প্ৰেমৰ সোৱাদ আছে; যত আছে হাবিয়লীয়া গাঁৱলীয়া ডেকাৰ গাভৰুৰ প্ৰতি ভালপোৱাৰ সংবেদন আৰু মিলনৰ আকাংক্ষা। বনঘোষা মাত্ৰেই অনুসন্ধিৎসুমুলক; যৌৱনে যৌৱনক বিচাৰি ফুৰাৰ আশা আকাংক্ষাৰ ভাবব্যঞ্জক। বিশ্বাস আৰু সংশয়ৰ মাজেৰেহে পবিত্ৰ প্ৰেমৰ সূচনা; এই কথা প্ৰতিশাৰী বনগীততেই নিহিত হৈ আছে। মুক্ত পৰিবেশ, উমুক্ত আবেগ আৰু উৰুঙা পথাৰখনৰ প্ৰতিধ্বনিবোৰতেই বন-ঘোষাৰ জন্ম। অযুত আশাৰ নিযুত বাসনাই ভূমুকি মাৰে যৌৱনৰ দুৱাৰডলিত। জীৱনৰ নতুন সোৱাদ বিচাৰি বাউল হোৱা মনটোৱে সৃষ্টিৰ নিয়ম মানিয়েই উকি মাৰে-লগৰীয়া বিচাৰি। যৌন-পিপাসাৰ পৰশত প্ৰাণৰ পথাৰত পলস পৰে। পথাৰৰ পলসত গজি উঠে সেউজীয়া আশা-আকাংক্ষা। মিলনৰ দুৰ্বাৰ বাসনাৰে ডেকা- গাভৰুৰ মন ওচৰ চাপি যায়। এই সময়ত ভাৱে ভাষাই মুক্তি বিচাৰে; মুক্তি বিচাৰে সৃষ্টিৰ আদিম সত্যটোৱে।[1]

ফাগুনৰ ফাগুনী পছোৱাই শীতৰ শেতেলিত শুই থকা প্ৰকৃতিক জগাই দিয়ে; লগে লগে সাৰ পাই উঠে জন-জীৱনৰ আদিম প্ৰবৃত্তিটো। পছোৱাৰ পৰশত সাৰ পাই উঠে মানুহৰ যৌৱন। সেই সময়ত কমোৱা তুলাৰ দৰে উৰি ফুৰা মনটোৱে মেলি দিয়ে গীতৰ পোহৰ। নৈ-বিল, পৰ্বত-পাহাৰ, ইকৰাণি-বিৰিণানিৰ বুকু ৰজনজনাই যায়। যৌৱনৰ জোঁৱাৰত উটি অহা বনৰীয়া ভাব ভাষাৰ এই গীতবোৰক মানুহে বন-ঘোষা বোলে। বন-ঘোষাবোৰ বনৰীয়া নাম বা গৰখীয়াৰ নাম বুলিয়েই সাধাৰণতে জনাজাত। বনঘোষাৰ-সংজ্ঞাটো নতুন; গীতবোৰ বহুত পুৰণি।[2]

বন-ঘোষাবোৰ যৌৱনৰ গীত; ই পীৰিতিৰো গীত। যৌৱন জীৱনৰ অনাহূত অতিথি। জীৱনলৈ অনাগত যৌবন আহে অনাহূত হৈ। অনাহূত যৌৱনৰ লগতে পীৰিতি আহে হাততধৰী লিগিৰী হৈ। পীৰিতি মানুহৰ ব্যতিক্ৰম নহয়। বন-ঘোষাবোৰ 'বতৰৰ গীত'। মানুহৰ জীৱনৰ জীৱনৰো বতৰ; প্ৰকৃতিৰো বতৰ। পৰিৱেশ আৰু প্ৰকৃতিয়ে যেতিয়া সন্ধান দিয়ে এখন নতুন পৃথিৱীৰ, মিলন যেতিয়া মানুহৰ জীৱনত অপৰিহাৰ্য্য হৈ উঠে, তেতিয়া পীৰিতিৰ পাতনি মেল খায়[2]-

প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে
তাৰ পিছত স্ৰজিলে জীব;
সেইনোজন ঈশ্বৰে পীৰিতি কৰিলে
আমিনো নকৰিম কিয়?

সৃষ্টিৰ আদিম পীৰিতি প্ৰকৃতি আৰু পুৰুষৰ পীৰিতি। আদম-ইভ, কৃষ্ণ-ৰাধা হৰ-গৌৰী আৰু ঊষা-অনিৰুদ্ধৰ পীৰিতিও প্ৰকৃতি আৰু পুৰুষৰে পীৰিতি অভেদ্য- অচ্ছেদ্য। ঈশ্বৰ আৰু মানুহ, মানুহ আৰু যৌবন, যৌৱন আৰু যৌনাসত্তি-সেয়ে পীৰিতি, ইহঁতৰ সম্পৰ্ক অনবদ্য। পীৰিতিৰ আৱেগত উথলি উঠা মনত আঁৰ নেথাকে। নিজান পৰিৱেশৰ সুবিধা লৈ মনৰ তলিৰ গোপন কথাবোৰ হিয়া উবুৰিয়াই কৈ দিব খোজে। তাকে কৰোঁতে ভাষাই পাৰ ভাঙি যায়, শব্দই মুক্তি বিচাৰে, কথাবোৰ কবিতা হৈ যায়। কবিতাবোৰ পমি গীত হৈ সিৰে সিৰে সোমাই যায়।

চৰাই হৈ চৰিমগৈ ছঅ'ৰা পুখুৰীত
লাও হৈ লাগিমগৈ চালত;
মাখিৰূপে ধৰি চুমা খাই আহিমগৈ
তোমাৰ কুমলীয়া গালত।

গীত ফাকিত আছে উৰণীয়া মনৰ অসীম কল্পনা আৰু কাব্যিক অভিব্যক্তি, লগতে আছে দুৰ্বাৰ যৌনাকাংক্ষা। সময়ৰ চকৰী ঘূৰে, সমাজৰ পৰিৱেশো সলনি হয়। এশ বছৰ বা তাতোকৈ আগৰ সমাজত শিক্ষাৰ ঢকাচ'ন্দা পোহৰ পোৱা আভিজাত্য বা আঁৰ-বেৰ নাছিল। চ'ত গ'ল, জীয়ৰী মুকলি হ'ল। বছৰেকৰ বিহুত শালৰ হাতীও মুকলি হয়। ডেকা- গাভৰুৰ কথাই নাই। যৌৱনৰ বিহু আছিল চিৰজীৱনৰ বাবে লগৰী বিচাৰি লোৱাৰ উপযুক্ত সময়।

তোমাৰে বাৰীতে বিহুৰেতলীতে
কলাপাত কাটিলোঁ
আগলি আগলি চাই: তোমাক বাছি ললোঁ
কঁকাল খামুচীয়া পাই।

যৌৱন আৰু বিহুৰ সমন্বয়ে ডেকা-গাভৰুৰ জীৱনত পূৰ্বৰাগ, অনুৰাগ, প্ৰেম, প্ৰীতি, প্ৰণয় আৰু মিলনৰ মাধুৰিমা বাকি দিছিল। কোনোবাই প্ৰণয়ৰ পূৰ্ণতাৰে দাম্পত্য জীৱনৰ পাতনি তৰিছিল; কিন্তু কোনোবাই পাইছিল বিচ্ছেদ-বিৰহৰ দোকোল টকা বান, আমঠু ক'লা পৰি যোৱা শোক আৰু বুকুত সৰিয়হ ফুটা একুৰা জুই। তেতিয়াও মনৰ অঠাইসাগৰত গুজৰি-গুমৰি থকা ভাববোৰ অবিৰত গতিৰে ওলাই আহে -

ভেটিলে ঐ চেনাইকণ ভেটিলে ঐ সমাজে
লোহাৰ ঐ শলখা মাৰি;
ধনশিৰী দলংখন তোমাকে ঐ আমাকে
দুটি দেহা দুফালে কৰি।

বিচ্ছেদৰ দোকোল টকা বানত মনৰ সেউজীয়া আশা-আকাংক্ষাবোৰ উটি যাব খোজে, বিৰহৰ প্লাৱনত মন বুৰ যায়। তথাপি মনে নেমানে, মন অবুজন, মনে ওৰালৰ ডোল ছিঙি লৰ মাৰিব খোজে। পুৰণি পীৰিতিৰ স্মৃতিত নতুন সজীৱতাই মাথোঁন দেখা দিয়ে, সেয়েহে আকৌ এবাৰ গাই-

বৰঘৰৰ মূধতে ভঁৰালৰ টুপতে
চৰাই ফুটুকলা খায়;
মোৰ জানো মনতে পৰে ঘনে ঘনে
তোৰ জানো মনতে নাই।

অতি পুৰণি বনগীতবোৰত প্ৰায়ই অদৃষ্টক ধিয়াই হা হুমুনিয়াহ কাঢ়ি গীত পৰিৱেশন কৰা দেখা যায়। নোপোৱাৰ বেদনা, বিহৰ আকুল আহ্বানে বনগীতবোৰ অতি শ্ৰুতিমধুৰ কৰি তুলে। [2]

 কেলৈ স্ৰজিলা সৰজন ঐ দেৱতা,
 উৰনীয়া চৰাইয়েযোৰ পাতি উৰি যায়,
 আমাৰযোৰ পাঁতোতা নাই।
 বনৰ বনে পখী উৰে যোৰে পাতি
 পৃথিবীত পৰিলে ছায়া;
 সপোন সামাজিকত ফুঁৰো একেলগে,
 কোনজন ঈশ্বৰৰ মায়া।
 
 কাকে কৈয়ে যামে মোৰে দুখৰ কথা,
 কোনে পাতি শুনে কান,
 চেনেহীৰ কথাকে ভাবোঁতে চিন্তোতে,
 দেহালৈ পৰিছে টান।
 বোকাৰে গৰৈ মাছ বোকাতে ঘূৰিলে,
 পথাৰত ঘূৰিলে বগ,
 মনৰ কথাষাৰি মনতে বহিলে,
 কবলৈ নেপালো লগ।

ড° লীলা গগৈৰ ‘বিহুগীত আৰু বনঘোষা”সংজ্ঞাত বনঘোষাক গৰখীয়া নাম বোলা হৈছে। বনঘোষা শব্দটো নতুন। সমালোচক সকলে অতীতৰ বিহুনাম,গৰখীয়া নাম কেই বনঘোষা বুলি কৈছে। আগৰ দিনত ডেকা সকলৰ কোনোবা ম’হ ৰখীয়া কোনোবা গৰু ৰখীয়া আছিল। এনে পৰিবেশতেই এই নাম বিলকৰ চৰ্চা হৈছিল বাবে এইগীত সমূহক গৰখীয়া গীত ৰূপে জনা গৈছিল। বনৰ বৰ্ননা থকা গীত সমূক বনগীত বা বনঘোষা বোলে। যি বিলাক গীত গালে শ্ৰোতাৰ মনচক্ষুত মোহনীয় প্ৰকৃতিৰ চিত্ৰখন ভাহি উঠে,যিবোৰ গীত গালে এক তীব্ৰ আৱেগে হৃদয় স্পৰ্শ কৰি যায় তেনেবোৰ গীতই বনঘোষাৰ শাৰীত পৰে। গাঁৱৰ গৰখীয়া লৰাই নিজানত ঢোপটং,টেংটং,সুতুলী লুহুৰী আদি ব্যৱহাৰ কৰে। [3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 অসমীয়া লোকসাহিত্য ৰূপৰেখা, ড° লীলা গগৈ, পৃ. ১৩৪
  2. 2.0 2.1 2.2 অসমীয়া লোকসাহিত্য ৰূপৰেখা, ড° লীলা গগৈ, পৃ. ১৩৫
  3. ১৬-৩০ এপ্ৰিল ১৯৯৪ চনৰ ‘প্ৰান্তিক’ত প্ৰকাশিত প্ৰতাপ হাজৰিকাৰ প্ৰবন্ধ "বিহুগীত আৰু বনঘোষা"