বসন্ত কুমাৰ গোস্বামী
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
বসন্ত কুমাৰ গোস্বামী (ইংৰাজী: Basanta Kumar Goswami) এগৰাকী অসমীয়া সাহিত্যিক তথা গৱেষক। তেওঁ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি।[1]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰক১৯৪২ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে গোলাঘাট জিলাৰ ঢেকিয়ালত জন্মগ্ৰহণ বসন্ত কুমাৰ গোস্বামীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘থিয়ৰী অৱ আছামিজ ডিছনাৰী’ বিষয়ত ডক্টৰেট লাভ কৰিছিল।[2]
কৰ্মজীৱন
সম্পাদনা কৰকড০ গোস্বামী কৰ্মময়ী জীৱন অধ্যাপনাৰ মাজেৰেই পাৰ হৈছিল। গোলাঘাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ত ১৯৬৩ চনৰ পৰা ৪বছৰৰ বাবে তেওঁ শিক্ষকতা কৰিছিল। ১৯৭০চনত ড০ গোস্বামীয়ে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাটত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৮চনত তেওঁ এই বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল।[2]
তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ অতিথি অধ্যাপকো আছিল। বিভিন্ন গৱেষণামূলক কামৰ সৈতে জড়িত ড০ গোস্বামী যোৰহাট সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক আৰু দুটা কাৰ্যকালৰ প্ৰধান সম্পাদকো আছিল।[2]
সাহিত্য চৰ্চা
সম্পাদনা কৰকবহু সন্মানেৰে সন্মানিত ড০ গোস্বামীৰ গ্ৰন্থপঞ্জীৰ সংখ্যা প্ৰায় ৪৪খন। ইয়াৰ ভিতৰত ২৫খন সম্পাদিত গ্ৰন্থও আছে। অভিধান প্ৰণেতা হিচাপেও তেওঁ সুপ্ৰতিষ্ঠিত।
হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত ড০ বসন্ত কুমাৰ গোস্বামী প্ৰধান সম্পাদক আছিল। সেই কাৰ্যকালতে অসমীয়া বিশ্বকোষৰ প্ৰকল্প হাতত লোৱা হৈছিল আৰু ইয়াৰ ৫টা খণ্ড প্ৰকাশ কৰিছিল। বৰগোহাঁঞিয়ে তেওঁৰ লেখাত বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ ইতিহাসৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰধান সম্পাদক বুলিও আখ্যা দিছিল।[2]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Asam Sahitya Sabha Poll Results : Dr Basanta Goswami Elected President". Pratidin Times. Pratidin Times. 29 December 2024. https://www.pratidintime.com/top-stories/asam-sahitya-sabha-poll-results-dr-basanta-goswami-elected-president-8576073। আহৰণ কৰা হৈছে: 30 December 2024.
- ↑ 2.0 2.1 2.2 2.3 "সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি জন...". অসমীয়া প্ৰতিদিন. অসমীয়া প্ৰতিদিন. 11 November 2024. https://www.asomiyapratidin.in/editorial-desk/special-writing/spcl-writing-about-asom-sahittya-sabha-mridul-kumar-handique-7609888। আহৰণ কৰা হৈছে: 30 December 2024.