বাগদাদ

ইৰাকৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ

বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক (কাইৰো আৰু ইজিপ্তৰ পিছত) আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱস্থিত। ই ইছলামিক বিশ্বৰ এখন অতি সাংস্কৃতিক, ব্যৱসায়িক আৰু শৈক্ষিকভাৱে গুৰুত্বপূৰ্ণ কেন্দ্ৰ। হাউছ অৱ ৱিজড'ম (House of Wisdom) ৰ দৰে বহুকেইখন উন্নত শিক্ষা প্ৰতিষ্ঠানেৰে সৈতে বিশ্বজুৰি "শিক্ষাৰ কেন্দ্ৰ" হিচাপে বাগদাদৰ এটা ভাল নাম আছে। আনুমানিক প্ৰায় ১২ লাখ জনসংখ্যাৰে সৈতে নগৰ খনক মধ্য যুগৰ পৃথিৱীৰ আটাইতকৈ জনবহুল নগৰ বুলি বিবেচনা কৰা হৈছিল। ১২৫৮ চনত মোগল সাম্ৰাজ্যৰ দ্বাৰা নগৰ খন ধংশ কৰা হৈছিল।

বাগদাদ
بغداد
বাগ়দাদ
Country  ইৰাক
Governorate Baghdad
Established 762 AD
প্ৰতিস্থাপক আবু যাফাৰ আল-মানচুৰ
চৰকাৰ
 • ধৰণ Mayor–council
 • পৰিচালনা Baghad City Advisory Council
 • Mayor জেৰক্ৰা আলৱাচ্ছ
কালি
 • মুঠ 204.2 km2 (78.8 sq mi)
উচ্চতা
34 m (112 ft)
জনসংখ্যা
 • Estimate 
(2011)
72,16,040
 • স্থান 1

বাগদাদ চহৰখন শিক্ষাৰ ক্ষেত্ৰত অতি আগবঢ়া। ১২২৭ চনত আব্বাছিদ কেলিফ আল-মুস্তানছিৰে মুস্তানছিৰিয়া মাদ্ৰাছা (Mustansiriya Madrasah) নামেৰে প্ৰতিস্থা কৰা মাদ্ৰাছখনৰ নাম ১৯৬৩ চনত মুস্তানছিৰিয়া বিশ্ববিদ্যালয় হিচাপে পুনৰ্নামকৰণ কৰা হয়। ইয়াৰ বাগদাদ বিশ্ববিদ্যালয় খন হৈছে ইৰাকৰ আটাইতকৈ বৃহৎ আৰু আৰৱ বিশ্বৰ দ্বিতীয় বৃহত্তম বিশ্ববিদ্যালয়।

বিশ্বিদ্যালয়সমূহ

সম্পাদনা কৰক

সংস্কৃতি

সম্পাদনা কৰক
 
১৯৫৯ চনত প্ৰতিস্থা কৰা ইৰাকী নেচনেল ছিম্ফনী অৰ্কেষ্ট্ৰাই ২০০৭ চনৰ জুলাইত ইৰাকত এক কনচাৰ্ট পৰিবেশন কৰা অৱস্থাত।

আৰৱৰ বৃহত্তৰ সংস্কৃতিৰ পথাৰ খনত বহু বিখ্যাত লিখক, সংগীত শিল্পী তথা অভিনেতাৰ অৱদানেৰে বাগদাদে অতীজৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে কেইজনমান উল্লেখযোগ্য কবি আৰু গায়ক হৈছে, নিজাৰ কুব্বানি, ওম কুলথুম, ফিৰোজ, ছালাহ আল-হামদানী, ইলাম আল-মাডফি আদি।

বাগদাদ হৈছে ইৰাকৰ বহুকেইটা সফল ফুটবল দলৰ গৃহচহৰ, যেনে- আল-ছ'ৰটা (পুলিচ), আল-কুৱা আল-জাৱিয়া (বায়ু সেনা), আল জাৱা, আৰু টালাবা (শিক্ষাৰ্থী) আদি। ১৯৬৬ চনত মুকলি কৰা আল-ছাব ষ্টেডিয়াম হৈছে বাগদাদৰ আটাইতকৈ ডাঙৰ ক্ৰীড়াংগন। ইয়াৰোপৰি অন্য এখন বৃহৎ ক্ৰীড়াংগন নিৰ্মানৰত অৱস্থাত আছে।

প্ৰথম বিশ্বযুদ্ধৰ সময়ৰে পৰা বাগদাদত এক পৰম্পৰাগত ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুস্থিত হৈ আহিছে। বাগদাদীসকলে ইয়াক সৰলভাৱে "ৰেচেছ" বুলিয়ে কয়। এই খেলখনৰ লগত জুৱাখেল জড়িত থকা বাবে খেলখন বন্ধ কৰিবলৈ কিছু ইছলামিয়ে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি অভিযোগ কৰা দেখা যায়।

প্ৰধান পথসমূহ

সম্পাদনা কৰক
 
টাইগ্ৰীছ নদীৰ ওপৰেদি মেডিকেল চিটি চিকিৎসালয়ৰ পৰা হাইফা পথ।

ভগ্নী চহৰসমূহ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক