বিদুৰভাই (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ

বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত চুমকি কছাৰী, ত্ৰৈলোক্য বৰুৱা, বলিন বৰা, উদ্দীপনা বৰা, হীৰক জ্যোতি বৰদলৈ, শৰ্মিষ্ঠা দাস, পংকজ মহন্তকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনত ২০২১ চনত মুক্তিলাভ কৰা একেনামৰ ৱেব ছিৰিজৰেই পৰিৱৰ্ধিত এক নতুন কাহিনীৰ চিনেমেটিক উপস্থাপন বুলি বিবেচনা কৰিব পাৰি ৷ ছবিখনে মুক্তিৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ৫ কোটিতকৈ অধিক ব্যৱসায় কৰে ৷ [2] [3]

বিদুৰভাই
পৰিচালক সুব্ৰত কাকতি
ৰচনা
  • সুব্ৰত কাকতি
  • জ্যোতিষ্মান চেতিয়া
প্ৰযোজক
  • মনোজ বৰাইক
  • আচুৰ্য বৰপাত্ৰ
  • দীক্ষু শৰ্মা
  • অৰ্ণৱ হাজৰিকা
  • ভাৰ্গৱ খাউণ্ড
অভিনয়ত চুমকি কছাৰী
ত্ৰৈলোক্য বৰুৱা
বলিন বৰা
উদ্দীপনা বৰা
হীৰক জ্যোতি বৰদলৈ
শৰ্মিষ্ঠা দাস
পংকজ মহন্ত
চিত্ৰগ্ৰহণকাৰী বিতুল দাস আৰু উত্তম কলিতা (সহকাৰী চিনেমেটোগ্ৰাফাৰ)
সম্পাদনা সুব্ৰত কাকতি[1]
সংগীত পৰিচালক প্ৰণয় দত্ত
মুক্তি
১৯ জুলাই, ২০২৪
দৈৰ্ঘ্য
১৪৮ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ৫.১০ কোটি[2] (৩১ জুলাই, ২০২৪ পৰ্যন্ত)

'বিদুৰভাই'ৰ চলচ্চিত্ৰৰ কাহিনীয়ে ২০২১ চনত মুক্তিলাভ কৰা একে নামৰ ৱেব ছিৰিজৰ পৰৱৰ্তী পৰ্যায়ৰ কাহিনীটোকে অনুসৰণ কৰে৷ সাঁচি গছ বিক্ৰী কৰি সহজলভ্য ধন ঘটা চাৰিজন বন্ধু ক্ৰমে দীপ, বলিন, নিতু আৰু উজ্জ্বলৰ পৰৱৰ্তী সময়ৰ জীৱনক কাহিনীটোত দেখুওৱা হৈছে৷ সঠিক জীৱিকাৰ সন্ধান আৰু পৰ্যাপ্ত পৰিমাণৰ ধন আহৰণ-এই দুটা উদ্দেশ্য লৈয়েই চাৰিওজন বন্ধুৱে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা এটা প্ৰস্তুত কৰে৷ এই পৰিকল্পনাৰ ফলস্বৰূপে তেওঁলোকে স্থানীয় বিধায়কৰ কাষ চাপে৷ কাহিনীয়ে এক নতুন মোৰ লয় আৰু তেওঁলোকৰ পৰিকল্পনাও সলাবলগীয়া হয়৷ কাহিনীটোৱে চৰকাৰী স্বাস্থ্য-খণ্ডকে সাঙুৰি একাধিক খণ্ডৰ দুৰ্বল দিশ উন্মোচন কৰিবলৈ চেষ্টা কৰে৷ [4] [5]

কলা-কুশলী

সম্পাদনা কৰক
  • চুমকি কছাৰী (কুসুম)
  • ত্ৰৈলোক্য বৰুৱা (দীপ)
  • বলিন বৰা (বলিন)
  • উদ্দীপনা বৰা (পূৰ্ণিমাৰ চৰিত্ৰত)
  • হীৰক জ্যোতি বৰদলৈ(ডায়মণ্ড চলিহাৰ চৰিত্ৰত)
  • শৰ্মিষ্ঠা দাস (মিনতিৰ চৰিত্ৰত)
  • নিতু খনিকৰ (নিতুৰ চৰিত্ৰত)
  • পংকজ মহন্ত (পৱন বৰদলৈৰ চৰিত্ৰত)
  • স্নিগ্ধা ফুকন (গীতালিৰ চৰিত্ৰত)
  • উজ্জ্বল ৰাজখোৱা (উজ্জ্বলৰ চৰিত্ৰত)

আন কুশলীসকল

সম্পাদনা কৰক
  • কলা-নিৰ্দেশনা : মণ্টু গোঁহাই
  • সাজ-সজ্জা ; জুৰি কলিতা
  • ৰূপসজ্জা : ৰূপজ্যোতি দত্ত আৰু বিজিয়েতা পাটগিৰি
  • ভিজুৱেল এফেক্টছ : মুকথাং মাছাহাৰী

'বিদুৰভাই' ছবিখনে ২০২৪ চনৰ ১৯ জুলাই তাৰিখে অসমৰ অধিকাংশ ছবিগৃহতে মুক্তি লাভ কৰে আৰু মুক্তিৰ প্ৰথম দিনটোত মুঠ ১৭৯ টা দৰ্শনী (Show) লাভ কৰে ৷ প্ৰথম তিনিটা দিনত ছবিখনে ১.২৪ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ [6] পৰৱৰ্তী সময়ত ছবিখনে বৰ্হিৰাজ্যৰ বেংগালুৰুকে ধৰি কেইখনমান চহৰত মুক্তি লাভ কৰে আৰু ইয়াৰ ফলত ছবিখনে দেশৰ ২৪৯ টা দৰ্শনী (Show) লাভ কৰে ৷[2]

ছবিখনৰ সংগীত পৰিচালক আৰু সুৰকাৰ হৈছে প্ৰণয় দত্ত ৷ গীতসমূহ গাইছে আচুৰ্য বৰপাত্ৰ আৰু দীক্ষুৱে ৷

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "দে ভগৱান"  সুব্ৰত কাকতিদীক্ষু ০৩:৪৫
2. "পে পে পে পে"  সুব্ৰত কাকতিআচুৰ্য বৰপাত্ৰ ৪:০৭
3. "কণমানি পৃথিৱী"  সমীৰ শেখৰপ্ৰণয় দত্ত  

চলচ্চিত্ৰখনৰ কিছু সংলাপৰ বিৰুদ্ধে ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড, অসমৰ সহযোগী উপাধ্যক্ষই আপত্তি দৰ্শায়।[7][8]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ডিজিটেল সংবাদ গোলাঘাট (৫ জুলাই ২০২৪). "১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ মুহিছে দৰ্শকক...". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/entertainment/bidurbhai-movie-trailer। আহৰণ কৰা হৈছে: 24 August 2024. 
  2. 2.0 2.1 2.2 "অভিলেখ গঢ়াৰ দিশে বিদুৰভাই". ETV. Jul 31, 2024,. https://www.etvbharat.com/as/!entertainment/assamese-film-bidurbhai-breaks-records-with-5-dot-10-crores-its-still-running-successfully-ass24073101605। আহৰণ কৰা হৈছে: 2 August 2024. 
  3. মিশ্ৰ, বৰষা (৩১ জুলাই ২০২৪). "Bidurbhai Box Office Collection: চৰ্চাত ‘বিদুৰভাই’! বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে". অসম টিভি. https://www.assamtv9.com/entertainment/assamese-movie-bidurbhai-box-office-collection-2054046.html। আহৰণ কৰা হৈছে: 2 August 2024. 
  4. Bhuyan, Kalpajyoti (July 22, 2024). "“Bidurbhai”: A Hilarious Social Commentary with Uneven Humor". Northeast Now. https://nenow.in/entertainment/bidurbhai-a-hilarious-social-commentary-with-uneven-humor.html। আহৰণ কৰা হৈছে: 2 August 2024. 
  5. "Bidurbhai". IMDB. https://www.imdb.com/title/tt32904232/?ref_=ttfc_fc_tt। আহৰণ কৰা হৈছে: 2 August 2024. 
  6. "Assamese Film 'Bidurbhai' Sets New Record with Rs 1.24 Crore Opening Weekend Collection". Sentinal. Sentinal (Guwahati). 24 july 2024. https://www.sentinelassam.com/more-news/entertainment/assamese-film-bidurbhai-sets-new-record-with-rs-124-crore-opening-weekend-collection#:~:text=During%20its%20opening%20weekend%2C%20%E2%80%9CBidurbhai,the%20shows%20selling%20out%20immediately.&text=GUWAHATI%3A%20The%20new%20Assamese%20film,just%20its%20first%20three%20days.। আহৰণ কৰা হৈছে: 2 August 2024. 
  7. "Assam queer activist criticizes offensive dialogues in satirical comedy 'Bidurbhai" - India Today NE
  8. Kalita himadree 2024 "Portraying pain with care: The importance of sensitive storytelling" - The Assam tribune

বাহ্যিক সংযোগ

সম্পাদনা কৰক