বিনায়কী হৈছে হাতীৰ মস্তকযুক্ত এগৰাকী হিন্দু দেৱী।[1] তেওঁৰ আখ্যান আৰু প্ৰতীকিকৰণৰ স্পষ্টভাৱে সংজ্ঞাবদ্ধ কৰা হোৱা নাই। হিন্দু শাস্ত্ৰসমূহত তেওঁৰ বিষয়ে খুব কম কথা উল্লেখ আছে। তেওঁৰ বৰ কমসংখ্যক চিত্ৰহে বিদ্যমান।[2]

বিনায়কী
আৰম্ভণিৰ অধিষ্ঠাত্ৰী দেৱী

খ্ৰীষ্টীয় দশম শতিকাৰ বিনায়কীৰ প্ৰতিমূৰ্তি, বিহাৰ
সম্পৰ্ক গণেশৰ শক্তি, মাতৃকা, যোগিনী
প্ৰতীক মোদক
সঙ্গী গণেশ
বাহন নিগনি

হাতীৰ মস্তকধাৰী হোৱাৰ বাবে দেৱীগৰাকী সাধাৰণতে জ্ঞানৰ দেৱতা গজানন গণেশৰ সৈতে সম্পৰ্কিত। তেওঁৰ কোনো সুনিৰ্দিষ্ট নাম নাই আৰু তেওঁ বিভিন্ন নামেৰে জনাজাত। ইয়াৰ ভিতৰত স্ত্ৰী গণেশ, বৈনায়কী, গজাননা, বিঘ্নেশ্বৰী আৰু গণেশনী আদি নামসমূহৰ সকলোবোৰেই গণেশৰ বিনায়ক, গজানন, বিঘ্নেশ্বৰ আদি সত্বাৰ নাৰী ৰূপ।[3] এই চিনাক্তকৰণসমূহে তেওঁক গণেশৰ শক্তি অৰ্থাৎ নাৰী ৰূপ হিচাপে গ্ৰহণ কৰিছে।[2]

বিনায়কীক কেতিয়াবা ৬৪ গৰাকী যোগিনী বা মাতৃকা দেৱীসকলৰ অংশ হিচাপেও দেখা যায়। অৱশ্যে, পণ্ডিত কৃষণে বিশ্বাস কৰে যে প্ৰাৰম্ভিক কালৰ মাতৃকাসকলৰ হাতীৰ মস্তকধাৰী বিনায়কী, গণেশৰ ব্ৰহ্ম শক্তি আৰু তান্ত্ৰিক যোগিনী তিনিগৰাকী পৃথক দেৱী।[4]

জৈন আৰু বৌদ্ধ পৰম্পৰাত, বিনায়কী এগৰাকী স্বতন্ত্ৰ দেৱী। বৌদ্ধ ধৰ্মত তেওঁক গণপতিহৃদয়ী (গণেশৰ হৃদয়) বুলি কোৱা হয়।[5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক