বিশ্বনাথ মহাবিদ্যালয়

অসমৰ মহাবিদ্যালয়

বিশ্বনাথ মহাবিদ্যালয় বিশ্বনাথ জিলাৰ লগতে উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৷ ২০১০ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনে সমগ্ৰ বিশ্বনাথ জিলাৰ লগতে দাঁতিকাষৰীয়া শোণিতপুৰ আৰু লক্ষীমপুৰ জিলাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷

বিশ্বনাথ মহাবিদ্যালয়

ইউনিফৰ্ম পিন্ধা ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখভাগ
স্থাপিত ৭ ছেপ্তেম্বৰ, ১৯৬০ চন
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড° চিন্তা মনি শৰ্মা[1]
শিক্ষাৰ্থী ১৭০৩
স্থান শোণিতপুৰ, অসম, ভাৰত
ৱেবছাইট www.biswanathcollege.in

অন্যান্য তথ্য

সম্পাদনা কৰক

১৯৬০ চনৰ ৭ ছেপ্তেম্বৰত বিশ্বনাথ মহাবিদ্যালয় স্থাপন কৰা হয়৷ বৰ্তমান মহাবিদ্যালয়খনত ১৭০৩ জন ছাত্ৰ-ছাত্ৰী, ৬৭ গৰাকী শিক্ষক আৰু ৫২ গৰাকী অন্যান্য কৰ্মচাৰী আছে৷

মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:

  • উচ্চতৰ মাধ্যমিক কলা শাখা
  • উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা
  • স্নাতক কলা শাখা
  • স্নাতক বিজ্ঞান শাখা
  • স্নাতক বাণিজ্য শাখা (বৰ্তমানলৈকে অপ্ৰাদেশীকৃত)

মহাবিদ্যালয়ৰ সুবিধাসমূহ

সম্পাদনা কৰক

গ্ৰন্থাগাৰ

সম্পাদনা কৰক

১৯৬০ চনত প্ৰতিষ্ঠা হোৱা গ্ৰন্থাগাৰটোত বৰ্তমান ২০ হাজাৰৰো অধিক কিতাপ-আলোচনী আছে৷

অধ্যক্ষসকল

সম্পাদনা কৰক
  • ড° কমল নাৰায়ণ দাস (১৭.১১.১৯৬০-২২.১০.১৯৬৩) (প্ৰতিষ্ঠাপক অধ্যক্ষ)
  • ললিত চন্দ্ৰ বৰা (২৩.১০.১৯৬৩-১৫.০১.১৯৬৪) পুনৰ ১৯৮৬-১৯৮৭
  • সদানন্দ চলিহা (১৬.০১.১৯৬৪-৩০.০৩.১৯৮৬)
  • ভূবন চন্দ্ৰ চুতিয়া (৩১.০৩.১৯৮৬-১০.০৮.১৯৮৬ পুনৰ ১৯৮৭-১৯৯০ পুনৰ ১৯৯০-১৯৯৫)
  • মাধৱ চন্দ্ৰ তালুকদাৰ (০১.০৩.১৯৯৫-৩০.০৯.১৯৯৬)
  • ৰাজেন্দ্ৰ নাথ বৰঠাকুৰ (০১.১০.১৯৯৬-২৮.০২.১৯৯৭)
  • প্ৰভাত চন্দ্ৰ গগৈ (০১.০৩.১৯৯৭-৩১.০৫.১৯৯৯) পুনৰ (০১.০৬.১৯৯৯-৩১.০৩.২০০০)
  • পূৰ্ণ হাজৰিকা (০১.০৪.২০০০-৩০.১১.২০০৩)
  • ৰাজাবালা দাস (২০০৩-২০০৫ পুনৰ ২০০৬-২০০৭)
  • ড° যতীন বৰুৱা (২০০৫-২০০৬)
  • মেহ্তাব উদ্দিন আহমেদ (২০০৭-২০০৭)
  • ড° নিত্যানন্দ গগৈ (২০০৭-২০১০)
  • মহেশ চন্দ্ৰ শৰ্ম্মা (২০১০-২০১১)
  • ড°বলীন হাজৰিকা (২০১২-২০১৪)
  • মীৰা মুদৈ বৰা (২০১৪-২০১৬ পুনৰ ২০১৯-২০১৯)
  • কুলেন্দ্ৰ চন্দ্ৰ শৰ্মা (২০১৬-২০১৬)
  • অমৰজ্যোতি বৰঠাকুৰ (২০১৭-২০১৭)
  • ড°মৃণাল কুমাৰ বৰা(২০১৭-২০১৯)


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "principals Msg". Biswanathcollege.in. Archived from the original on 19 July 2020. https://web.archive.org/web/20200719063514/https://www.biswanathcollege.in/principalsMsg.php। আহৰণ কৰা হৈছে: 19 July 2020. 


বাহ্যিক সংযোগ

সম্পাদনা কৰক